মৈথেলী শিৱৰমণ
মৈথেলী শিৱৰমণ | |
|---|---|
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৪ ডিচেম্বৰ ১৯৩৯ কাকিন্দা, মাদ্ৰাছ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ৩০ মে ২০২১ চেন্নাই, তামিলনাডু |
| ৰাজনৈতিক দল | ভাৰতৰ কমিউনিষ্ট পাৰ্টি |
| শিক্ষানুষ্ঠান | ছায়ৰাকিউজ বিশ্ববিদ্যালয় |
মৈথিলী শিৱৰমণ (ইংৰাজী: Mythili Shivaraman) সৰ্বভাৰতীয় মহিলা সন্মিলন সহ-প্ৰতিষ্ঠাপক আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেত্ৰী আছিল।[1][2]
তেওঁৰ লেখা আৰু সক্ৰিয়তাৰ জৰিয়তে তেওঁ ১৯৬৮ চনৰ কীজভেনমানী হত্যাকাণ্ড আৰু ১৯৯২ চনৰ ভাচাটি গণ ধৰ্ষণৰ গোচৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।[3][4]
বিশেষকৈ বঞ্চিত সম্প্ৰদায়ৰ মহিলাসকলৰ মহিলা সবলীকৰণ, ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক সক্ৰিয়তাক আগুৱাই নিয়াৰ প্ৰচেষ্টাসমূহৰ তেওঁ নেতৃত্ব দিছিল। তেওঁ ইকনমিক এণ্ড পলিটিকেল উইকলিৰ অৱদানকাৰী আছিল, আৰু মেইনষ্ট্ৰিম আৰু ৰেডিকেল ৰিভিউকে ধৰি প্ৰকাশনসমূহৰ বাবে লিখিছিল।
১৯৩৯ চনৰ ১৪ ডিচেম্বৰত বৰ্তমান ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ কাকিনাডাত শিৱৰমনৰ জন্ম হৈছিল।[2]আমেৰিকাৰ চিৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ উচ্চ শিক্ষা সম্পূৰ্ণ কৰে।[4]তেওঁ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনত গৱেষণা সহায়িকা হিচাপে কাম কৰিছিল (১৯৬৬ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত)।[5]এই সময়ছোৱাত তেওঁ অ-স্বায়ত্ব-শাসিত ভূখণ্ডৰ সৈতে জড়িত গৱেষণাৰ সৈতে কাম কৰিছিল। তেওঁ ভিয়েটনাম বিৰোধী যুদ্ধ আন্দোলনতো অংশ লৈছিল। ৰাষ্ট্ৰসংঘত কাৰ্যকালৰ শেষত তেওঁ বাওঁপন্থীৰ সৈতে কাম কৰিবলৈ ভাৰতলৈ উভতি যায় আৰু ভাৰতৰ তামিলনাডু ৰাজ্যৰ মহিলাসকলৰ সৈতে কাম কৰা এগৰাকী ট্ৰেড ইউনিয়ন সংগঠক আৰু মহিলা অধিকাৰ কৰ্মী হয়।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]শিৱৰমণৰ কৰুণাকৰনৰ সৈতে বিবাহ হৈছিল। দম্পতীটোৰ এগৰাকী কন্যা সন্তান আছিল।[6] মৃত্যুৰ পূৰ্বে দহ বছৰতকৈও অধিক সময় তেওঁ এলঝেইমাৰ ৰোগত আক্ৰান্ত হৈছিল।[7] ২০২১ চনৰ ৩০ মে'ত ক'ভিড-১৯ত আক্ৰান্ত হৈ ৮১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "CPM leader Mythily Sivaraman dies in Chennai". Shanmughasundaram J. The Times of India. 30 May 2021. https://timesofindia.indiatimes.com/city/chennai/cpm-leader-mythily-sivaraman-dies-in-chennai/articleshow/83088375.cms। আহৰণ কৰা হৈছে: 30 May 2021.
- 1 2 Karthick. "மா.கம்யூனிஸ்ட் கட்சியின் மூத்த தலைவர் மைதிலி சிவராமன் கொரோனாவால் உயிரிழப்பு" (ta ভাষাত). http://www.puthiyathalaimurai.com/newsview/104598/Mythili-Sivaraman-one-of-the-senior-leaders-of-the-Marxist-Communist-Party-has-passed-away-.
- ↑ "Marxist leader Mythily Sivaraman passes away at 81 due to COVID-19". The Hindu. 30 May 2021. https://www.thehindu.com/news/cities/chennai/marxist-leader-mythily-sivaraman-passes-away-at-81-due-to-covid-19/article34680795.ece.
- 1 2 3 "CPI(M) Leader Mythily Sivaraman, a Crusader of Women's and Workers' Rights, Passes Away" (en ভাষাত). NewsClick. 30 May 2021. https://www.newsclick.in/cpim-leader-mythili-sivaraman-crusader-womens-and-workers-rights-passes-away। আহৰণ কৰা হৈছে: 30 May 2021.
- ↑ Daily, Keralakaumudi. "CPM leader Mythili Sivaraman passes away" (en ভাষাত). Keralakaumudi Daily. https://keralakaumudi.com/en/news/news.php?id=560339&u=cpm-leader-mythili-sivaraman-passes-away। আহৰণ কৰা হৈছে: 30 May 2021.
- ↑ "CPI(M) leader Mythili Sivaraman passes away in Chennai" (en ভাষাত). The News Minute. 30 May 2021. https://www.thenewsminute.com/article/cpim-leader-mythili-sivaraman-passes-away-chennai-149789। আহৰণ কৰা হৈছে: 30 May 2021.
- ↑ Correspondent, Special (2021-05-30). "Marxist leader Mythily Sivaraman passes away at 81 due to COVID-19" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/chennai/marxist-leader-mythily-sivaraman-passes-away-at-81-due-to-covid-19/article34680795.ece.
- ↑ "Marxist leader Mythily Sivaraman passes away at 81 due to COVID-19" (en-IN ভাষাত). The Hindu. 30 May 2021. ISSN 0971-751X. https://www.thehindu.com/news/cities/chennai/marxist-leader-mythily-sivaraman-passes-away-at-81-due-to-covid-19/article34680795.ece.