মোগলাই পৰঠা
কৰ্ণাটক, ভাৰতত নিৰ্মিত মোগলাই পৰঠা | |
| প্ৰকাৰ | পৰঠা |
|---|---|
| প্ৰকাৰ | লঘু আহাৰ |
| উৎপত্তিৰ স্থান | বংগ চুবাহ |
| অঞ্চল | বংগ |
| সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | বাংলাদেশ, ভাৰত |
| মুখ্য উপাদান | পৰঠা, কীমা (কিমা মাংস), কণী, ঘিউ, পিঁয়াজ, মচলা, নিমখ আৰু জলকীয়া |
মোগলাই পৰঠা (ইংৰাজী: Mughlai paratha; বঙালী: মোগলাই পৰোটা, romanized: Moglai pôroṭa) হৈছে এবিধ জনপ্ৰিয় বঙালী পথৰ খাদ্য (Street food)। এটা ফ্লেটব্ৰেড (পৰঠা)ৰ ভিতৰত কীমা (মচলাযুক্ত কীমা মাংস) বা কণীৰে পূৰ্ণ কৰি বা মেৰিয়াই এই খাদ্যবিধ প্ৰস্তুত কৰা হয়।[1][2] মোগল সাম্ৰাজ্যৰ সময়ত বংগ চুবাহত তুৰ্কী গʼজলেমে বা য়েমেনৰ মতাব্বাকৰ ব্যুৎপত্তি হিচাপে ইয়াৰ উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয়।[3][4] এই খাদ্যবিধ মোগল সম্ৰাট জাহাংগীৰৰ ৰাজদৰবাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল বুলিও ধাৰণা কৰা হয়।[5][6][7]
মোগলাই পৰোঠা এবিধ জনপ্ৰিয় বঙালী খাদ্য। বাংলাদেশৰ পুৰণি ঢাকাত এই খাদ্যবস্তুবিধ উৎপন্ন হোৱা বুলি কোৱা হয়। ই মুঘলীয় ৰন্ধনশৈলীৰ এবিধ খাদ্য আৰু ভাৰতৰ পশ্চিমবঙ্গতো খুবেই জনপ্ৰিয়।[6] মোগলাই পৰোঠা শাহী পৰোটা, পাৰাটায়ে কিমা তকমা নামেৰেও পৰিচিত। ই নৰম ৰুটিজাতীয় খাদ্য যাৰ ভিতৰত মাংসৰ কিমা, কণী, পিঁয়াজ আৰু জলকীয়া ইত্যাদিৰে পূৰ্ণ হৈ থাকে।[8][9]
ইতিহাস
[সম্পাদনা কৰক]মোগল সাম্ৰাজ্যৰ সময়ত বঙালী ৰন্ধনশৈলীত প্ৰৱেশ কৰা মোগল ব্যঞ্জনসমূহৰ ভিতৰতমোগলাই পৰঠা অন্যতম। মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্বকালত মোগলাই পৰঠাৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয় আৰু তুৰ্কীসকলেই বাঙালীসকলক গʼজলেমে নামৰ এবিধ সুস্বাদু পৰম্পৰাগত তুৰ্কী জলপানৰ সৈতে পৰিচয় কৰাই দিছিল। গʼজলেমে হʼল মচলাযুক্ত আৰু কুটি লোৱা মাংস ভৰাই থোৱা এবিধ ফ্লেটব্ৰেডৰ ব্যঞ্জন। ইয়াৰ মোগলাই পৰঠাৰ লগত কিছু মিল আছে আৰু ইয়াক মোগলাই পৰঠাৰ পূৰ্বসূৰী বুলি ক’ব পাৰি। মোগল শাসনে বংগৰ গ্ৰাম্য অংশতকৈ বংগৰ প্ৰশাসনিক ৰাজধানী, যেনে ঢাকা আৰু মুৰ্ছিদাবাদৰ ৰন্ধনশৈলীৰ ওপৰত প্ৰভাৱ পেলাইছিল।[6] এই অঞ্চলৰ ৰান্ধনী পৰম্পৰাৰ ওপৰত মোগল সাম্ৰাজ্যৰ প্ৰভাৱৰ বাবে বাংলাদেশৰ বিশেষকৈ ঢাকাৰ অন্যতম বিখ্যাত খাদ্য।[10] ব্ৰিটিছ ৰাজৰ অধীনত কলকাতা নতুনকৈ গঠিত বংগ ৰাষ্ট্ৰপতিৰ ৰাজধানী হোৱাৰ পিছত ঢাকা আৰু মুৰ্ছিদাবাদৰ দৰে বংগৰ পুৰণি ৰাজধানী ঢাকা আৰু মুৰ্ছিদাবাদৰপৰা পশ্চিম বংগৰ কলকাতালৈ এই খাদ্য যাত্ৰা কৰিছিল আৰু এই খাদ্য কলকাতাত অতি সাধাৰণ আৰু জনপ্ৰিয় ৰাজপথৰ জলপান হৈ পৰিছিল।[4][11]
উপকৰণ
[সম্পাদনা কৰক]মোগলাই পৰঠা প্ৰস্তুতৰ উপকৰণৰ ভিতৰত- গোটা ঘেঁহুৰ আটা, ঘিউ, কণী, মিহিকৈ কটা পিঁয়াজ, কটা সেউজীয়া জলকীয়া আৰু কটা ধনিয়া পাত আদি অন্তৰ্ভুক্ত থাকে।[12]
কেতিয়াবা কিছুমান ভিন্নতাত কুকুৰা বা মাটন কিমাও ব্যৱহাৰ কৰা হয়। ষ্টাফিঙৰ বাবে মাংস নোহোৱাকৈও পৰিৱেশন কৰিব পাৰি।[উদ্ধৃতিৰ প্ৰয়োজন]
লগতে চাওক
[সম্পাদনা কৰক]- বাংলাদেশী খাদ্য
- বাংলাদেশী খাদ্যৰ তালিকা
- ভাৰতীয় খাদ্য
- ভাৰতীয় খাদ্যৰ তালিকা
- ৰাজপথৰ খাদ্যৰ তালিকা
- মুৰ্তাবাক
- মাহজৌবা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ahmad, F. (2013). "Bangladesh". In Kraig, Bruce; Sen, Colleen Taylor. Street Food around the World: An Encyclopedia of Food and Culture. ABC-CLIO. p. 43. ISBN 978-1-59884-955-4.
- ↑ Sen, Colleen Taylor (2013). "India". In Kraig, Bruce; Sen, Colleen Taylor. Street Food around the World: An Encyclopedia of Food and Culture. ABC-CLIO. p. 180. ISBN 978-1-59884-955-4.
- ↑ Bora, Anirban. "From crispy 'parathas' to flavourful 'qormas': Debunking the many myths of Mughlai cuisine". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/from-crispy-parathas-to-flavourful-qormas-debunking-the-many-myths-of-mughlai-cuisine/articleshow/69999426.cms.
- ↑ 4.0 4.1 "Was it the British who named Kolkata's favourite Mughlai paratha?". Get Bengal. https://www.getbengal.com/details/was-it-the-british-who-named-kolkatas-favourite-mughlai-paratha। আহৰণ কৰা হৈছে: 2020-09-24. "The Turks introduced Indians to Gözleme, a delicious traditional Turkish savoury. It is a flatbread recipe stuffed with spiced and minced lamb or beef filling. It is somewhat similar to Mughlai paratha and can be called the precursor of Mughlai Parantha itself."
- ↑ "Mughlai Paratha: We Bet You Can't Resist This Meat Filled Deep-Fried Egg Paratha from Bengal". NDTV Food. 7 July 2017. https://food.ndtv.com/food-drinks/mughlai-paratha-we-bet-you-cant-resist-this-meat-filled-deep-fried-egg-paratha-from-bengal-1727173। আহৰণ কৰা হৈছে: 2020-09-24. "Food Critic Bikramjeet Ray sees a lot of similarities between the Mughlai paratha and the Arabic or Lebanese breads, where you find a square-shaped and deep fried bread or wrap stuffed with meat."
- ↑ 6.0 6.1 6.2 Food Consumption in Global Perspective. Palgrave Macmillan. 23 July 2014. পৃষ্ঠা. 172. ISBN 9781137326416. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>tag; name "Mughlai" defined multiple times with different content - ↑ "Try Kolkata street food this Durga Puja". The Times of India. http://timesofindia.indiatimes.com/life-style/food/food-reviews/Try-Kolkata-street-food-this-Durga-Puja/articleshow/43979749.cms.
- ↑ New York Magazine.
- ↑ . ISBN 9781598849554.
- ↑ "Royal member of the paratha family". The Daily Star. 2017-09-26. https://www.thedailystar.net/lifestyle/food/royal-member-the-paratha-family-1467541। আহৰণ কৰা হৈছে: 2024-09-24.
- ↑ Bora, Anirban. "From crispy 'parathas' to flavourful 'qormas': Debunking the many myths of Mughlai cuisine". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/from-crispy-parathas-to-flavourful-qormas-debunking-the-many-myths-of-mughlai-cuisine/articleshow/69999426.cms?from=mdr.
- ↑ "Mughlai Paratha". NDTV Food. Archived from the original on 2016-11-25. https://web.archive.org/web/20161125065824/http://food.ndtv.com/recipe-mughlai-paratha-98844। আহৰণ কৰা হৈছে: 2025-12-13.