সমললৈ যাওক

মোথে বেদকুমাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোথে বেদকুমাৰী
మోతే వేదకుమారి
সাংসদ
কাৰ্যকাল
১৯৫৭–১৯৬২
উত্তৰসূৰী বি বিমলা দেৱী
সমষ্টি এলুৰু
ব্যক্তিগত তথ্য
জন্ম ২৪ ছেপ্টেম্বৰ, ১৯৩১
এলুৰু, অন্ধ্ৰপ্ৰদেশ
মৃত্যু ১৯৭৭ (৪৫-৪৬)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ

মোথে বেদাকুমাৰী (ইংৰাজী: Mothey Vedakumari; ২৪ ছেপ্টেম্বৰ ১৯৩১ – ১৯৭৭) এগৰাকী ভাৰতীয় সংসদ সদস্য[1] তেওঁ এগৰাকী গায়কো আছিল।

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৩১ চনৰ ২৪ ছেপ্টেম্বৰত অন্ধ্ৰ প্ৰদেশৰ এলুৰুত জন্মগ্ৰহণ কৰা মোথে বেদাকুমাৰীৰ পিতৃৰ নাম মোথেই নাৰায়ণ ৰাও।

বেদাকুমাৰী এলুৰুৰ ছাত্ৰ কংগ্ৰেছৰ সম্পাদক আছিল। তেওঁ আছিল সৰ্বভাৰতীয় মহিলা সন্মিলনৰ পশ্চিম গোদাবৰী শাখাৰ সম্পাদিকা। হিন্দী, টেইলাৰিং, টাইপৰাইটিং ইত্যাদিত মহিলাক বিনামূলীয়া কোচিং দিয়াৰ বাবে তেওঁ এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল।

বেদাকুমাৰীয়ে অল ইণ্ডিয়া ৰেডিঅ’ই প্ৰথম শ্ৰেণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু নিয়মিতভাৱে কৰ্ণাটকী সংগীত সম্প্ৰচাৰ কৰিছিল।

বেদাকুমাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ১৯৫৭ চনত এলুৰু সমষ্টিৰ পৰা ২য় লোকসভালৈ নিৰ্বাচিত হয়।

১৯৭৭ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ বেদাকুমাৰীৰ মৃত্যু হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Biodata of Vedakumari Mothey at Parliament of India.". http://164.100.47.132/LssNew/biodata_1_12/1407.htm। আহৰণ কৰা হৈছে: 28 February 2013. 
  2. "Kumari Mothey Vedakumari: One Of The First Women MPs Of Andhra Pradesh". Feminism in India. 22 March 2019. https://feminisminindia.com/2019/03/22/kumari-mothey-veda-kumari-mp-andhra/। আহৰণ কৰা হৈছে: 24 December 2023.