সমললৈ যাওক

মোনা ডেমাইডি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মোনা নবিল ডেমাইদি (ইংৰাজী: Mona Demaidi) এগৰাকী উদ্যোগী আৰু মহিলা অধিকাৰৰ সমৰ্থক। ১৯৮৮ চনৰ ১৪ ডিচেম্বৰত পেলেষ্টাইনৰ নাবলুছত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ ব্ৰিটেইনৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা এডভান্সড চফটৱেৰ ইঞ্জিনিয়াৰিং আৰু মেচিন লাৰ্নিঙত পি এইচ ডি আৰু চফট্ ৱেৰ ইঞ্জিনিয়াৰিং আৰু ডাটা মেনেজমেণ্টত সুখ্যাতিৰে এম এছ চি লাভ কৰে। ২০১৬ চনত আন-নাজাহ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰি ডেমাইদীয়ে পেলেষ্টাইনৰ অভিযান্ত্ৰিক আৰু তথ্য প্ৰযুক্তি অনুষদৰ পি এইচ ডি প্ৰমাণপত্ৰ লাভ কৰি আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে পৰিগণিত হয়। ২০১৪ চনত তেওঁ উইমেন ইন ইঞ্জিনিয়াৰিং আৰু আৰব উইমেন ইন কম্পিউটিঙৰ ব'ৰ্ডৰ সদস্য হয়।[1] ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ড° ডেমাইদি আৰব আমেৰিকান বিশ্ববিদ্যালয় (পেলেষ্টাইন)ৰ ডিজিটেল বিজ্ঞান অনুষদৰ ডীন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সঞ্চালক হয়।

১৯৯৩ চনত ডেমাইদীয়ে পৰিয়ালৰ সৈতে ব্ৰিটেইনৰ ডাণ্ডীলৈ গুচি যায় আৰু হকহিল স্কুল আৰু পাৰ্ক প্লেচ স্কুলত প্ৰাথমিক বিদ্যালয়ত পঢ়ে। তেওঁ পেলেষ্টাইনত হাইস্কুল শেষ কৰিছিল। মোনা ডেমাইদীয়ে পেলেষ্টাইনৰ নাবলাছত অৱস্থিত আন-নাজাহ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত কম্পিউটাৰ অভিযান্ত্ৰিকীত বিজ্ঞান স্নাতক (বি এছ চি) ডিগ্ৰী লাভ কৰে। ২০১০/১১ চনত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা এডভান্সড চফট্ ৱেৰ ইঞ্জিনিয়াৰিং আৰু ডাটা মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাত পি এইচ ডি লাভ কৰে।[2]

মোনা ডেমাইডি হৈছে STEMpire ৰ প্ৰতিষ্ঠাপক যিটো PALMEC International ৰ দ্বাৰা চালিত। STEMpire এ STEM শিক্ষা, বুটকেম্প, আৰু হেকাথনৰ জৰিয়তে ভৱিষ্যতৰ উদ্ভাৱকসকলক শক্তিশালী কৰে। ইয়াৰ উপৰিও ড° মোনা বেংক অৱ পেলেষ্টাইনৰ দ্বাৰা পৰিচালিত ইণ্টাৰচেক্ট ইনোভেচন হাবৰ অধ্যক্ষ আৰু পৰামৰ্শদাতা ব'ৰ্ডৰ সদস্য।[3] তেওঁ এবিইটি আৰু ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ দুয়োটাৰে কমিটীৰ সদস্য হোৱাৰ লগতে আন-নাজাহ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকাও। ইয়াৰ উপৰি ডেমাইডিয আই ই ই ই পেলেষ্টাইন উপখণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ তেওঁ অধ্যক্ষ,[4] ছাত্ৰ শাখাৰ পৰামৰ্শদাতা আৰু ২০১৯ চনৰ শেষৰ ফালে এগৰাকী পূৰ্বৰ বিচাৰক। ইয়াৰ উপৰিও তেওঁ হাল্ট প্ৰাইজ ফাউণ্ডেশ্যন, ফ্ল' এক্সিলেটৰ আৰু ক'ড ইউৰ ফিউচাৰকে ধৰি কেইবাটাও ফাউণ্ডেশ্যনৰ বিচাৰক আছিল বা বৰ্তমানেও সেই পদত অধিষ্ঠিত হৈ আছে। তেওঁ মোনা ভিটেক ৰোডৰ সহ-প্ৰতিষ্ঠাপক [5] আৰু গাৰ্লছ ইন টেক, ইনকৰ্পৰেটেডৰ সহ-পৰিচালন সঞ্চালক।[2] ডেমাইদী পেলেষ্টাইনৰ ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰৰ অধ্যক্ষ আৰু ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰ ইনষ্টিটিউটৰ পৰা বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা (জ্যেষ্ঠ সদস্যপদ)। পেলেষ্টাইনৰ গাৰ্লছ ইন টেকৰ সহ-পৰিচালন সঞ্চালিকাও হৈছিল। ডেমাইডি এগৰাকী গৱেষকও কাৰণ তেওঁ মেচিন লাৰ্নিং ব্যৱহাৰ কৰি অনলাইন লাৰ্নিং প্লেটফৰ্ম নিৰ্মাণৰ ওপৰত ছখন জাৰ্নেল পেপাৰ আৰু ই-লাৰ্নিঙত টাৰ্মিনোলজিকেল অণ্ট'লজি ইভেলুৱেটৰ নামৰ এখন কিতাপ প্ৰকাশ কৰিছে।[6][7][8][9] মোনা ডেমাইদীয়ে ২০২২ চনত পেলেষ্টাইনৰ বাবে ৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা কৌশল প্ৰস্তুত কৰিছিল।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mona Demaidi - Assistant Professor at An-Najah National University". May 2020. https://www.galtalkstech.com/2020/05/01/mona-demaidi-assistant-professor-at-an-najah-national-university-palestine/.[সংযোগবিহীন উৎস]
  2. 1 2 "Mona Demaidi - BuildPalestine" (en-US ভাষাত). buildpalestine.com. 2020-09-22. https://buildpalestine.com/mona-demaidi/ আহৰণ কৰা হৈছে: 2022-03-27.
  3. "الهيئة العامة لحاضنة "إنترسكت" تنتخب مجلس إدارة جديد وتناقش الخطة المستقبلية" (ar ভাষাত). www.alhadath.ps. Archived from the original on 2022-03-19. https://web.archive.org/web/20220319144617/https://www.alhadath.ps/article/151767/%D8%A7%D9%84%D9%87%D9%8A%D8%A6%D8%A9-%D8%A7%D9%84%D8%B9%D8%A7%D9%85%D8%A9-%D9%84%D8%AD%D8%A7%D8%B6%D9%86%D8%A9-%D8%A5%D9%86%D8%AA%D8%B1%D8%B3%D9%83%D8%AA-%D8%AA%D9%86%D8%AA%D8%AE%D8%A8-%D9%85%D8%AC%D9%84%D8%B3-%D8%A5%D8%AF%D8%A7%D8%B1%D8%A9-%D8%AC%D8%AF%D9%8A%D8%AF-%D9%88%D8%AA%D9%86%D8%A7%D9%82%D8%B4-%D8%A7%D9%84%D8%AE%D8%B7%D8%A9-%D8%A7%D9%84%D9%85%D8%B3%D8%AA%D9%82%D8%A8%D9%84%D9%8A%D8%A9 আহৰণ কৰা হৈছে: 2022-04-22.
  4. "IEEE Region 8 Sections and Subsections" (en-US ভাষাত). IEEE Region 8. 2011-12-19. https://ieeer8.org/sections/ieee-region-8-sections-and-subsections/ আহৰণ কৰা হৈছে: 2022-04-22.
  5. "VTech Road". vtechroad.com. Archived from the original on 2022-04-21. https://web.archive.org/web/20220421164844/https://vtechroad.com/ আহৰণ কৰা হৈছে: 2022-04-22.
  6. "Mona Demaidi". An-Najah Staff. https://staff.najah.edu/en/profiles/3132/.
  7. "MONA DEMAIDI - IATED Digital Library". https://library.iated.org/authors/Mona_Demaidi.
  8. "DBLP: Mona Nabil Demaidi". https://dblp.org/pid/222/4755.html.
  9. Mona Nabil Demaidi
  10. "The National Team for Artificial Intelligence holds its first meeting" (en-GB ভাষাত). arn. 2021-11-24. https://arn.ps/post/255349.html.