মোপিন উত্‍সৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোপিন উত্‍সৱত কৰা নৃত্য

মোপিন বা মপিন হৈছে অৰুণাচল প্ৰদেশত গালো জনজাতিসকলে অনুষ্ঠিত কৰা কৃষিসম্বন্ধীয় এটা উত্‍সৱ। গালো লোকসকল হৈছে পূৱ চিয়াং আৰু পশ্চিম চিয়াংত বসবাস কৰা এটা জনজাতি।[1]এই উত্‍সৱটো গালো মাহৰ "লুমি" আৰু "লুকি"(মাৰ্চ আৰু এপ্ৰিল)ৰ সময়ত শস্য কটাৰ সময়ত অনুষ্ঠিত কৰা হয়, যিটো গালো জনজাতিসকলৰ নতুন বছৰৰ আৰম্ভণি।[2]গালো জনজাতিসকলে ডনি-পোলো নামৰ এক সৰ্বপ্ৰাণবাদ ধৰ্ম অনুসৰণ কৰে। আনুষ্ঠানিকভাৱে মপিন উৎসৱটোৰ তাৰিখ ৫ এপ্ৰিলত নিৰ্ধাৰণ কৰা হয়, কিন্তু উদযাপনৰ প্ৰস্তুতি ২ এপ্ৰিলৰ পৰাই আৰম্ভ হয় আৰু সেয়েহে মুল উত্‍সৱটো হৈ যোৱাৰ পিছতো (৫ এপ্ৰিল) ক্ষেত্ৰখনলৈ মানুহৰ আহ-যাহ ৭-৮ এপ্ৰিললৈকে চলি থাকে, যাক ৰিগা এলো বুলি কোৱা হয়। গাওঁবোৰত উদযাপনৰ প্ৰস্তুতি এমাহ আগতে আৰম্ভ হয়। মপিন উৎসৱে সকলো পৰিয়াল আৰু সমগ্ৰ সমাজলৈ সুখ আৰু সমৃদ্ধি আনে বুলি বিশ্বাস কৰা হয়। এই উৎসৱ উদযাপনৰ তাত্‍পৰ্য এয়ে যে ই অশুভ ছাঁ আঁতৰাই মানৱ সমাজৰ বাবে আশীৰ্বাদ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে।[1] এই উৎসৱত মপিন এনে নামৰ দেৱীগৰাকীক পূজা কৰা হয়। তেওঁ গালোসকলৰ প্ৰধান পূজ্য দেৱী আৰু গালোসকলে, দেৱীয়ে তেওঁলোকক উদ্যম আৰু বিকাশ প্ৰদান কৰিব বুলি বিশ্বাস কৰে।

গালো লোকসকলে এই উৎসৱটোত তেওঁলোকৰ উৎকৃষ্ট বগা পৰম্পৰাগত পোছাক পিন্ধে। 'আপং/পোকা' নামৰ স্থানীয়ভাৱে তৈয়াৰী পানীয়(চাউল কিণ্বন পদ্ধতিৰে পচাই প্ৰস্তুত কৰা এক সুৰাযুক্ত পানীয়) সাধাৰণতে বাঁহৰ কাপত লোকসকলৰ মাজত বিতৰণ কৰা হয় আৰু চাউলেৰে তৈয়াৰী বিভিন্ন ধৰণৰ আহাৰ পৰিবেশন কৰা হয়, যাক 'আমিন' বুলি কোৱা হয়, য'ত মাংস আৰু বাঁহৰ গাঁজো থাকে।[3]

উদযাপন[সম্পাদনা কৰক]

মাৰ্চ-এপ্ৰিল মাহত ছিয়াং সীমান্তৰ গালংসকলে এন্দিশ্বিকা গছত ফুলে বসন্তৰ পোহাৰ মেলাৰ লগে লগে এই কৃষি উৎসৱ মপিন পালন কৰে। এই উৎসৱ পাঁচ-ছয় দিন জুৰি চলে। অৱশ্যে উৎসৱৰ যোগাৰ এপষমান আগতে আৰম্ভ হয়। সাধাৰণতে সপোন আৰু মঙল চোৱাৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱ পালন কৰা দেখা যায়। মপিনদেৱী গাঁৱলৈ আহিব নে নাহে তাক মাইকী মানুহে সপোনত দেখে। সপোনৰ কথাৰ সত্যাসত্য নিৰূপনৰ অৰ্থে গাঁৱৰ ডেকা-বুঢ়া নিৰ্বিশেষে গোট খাই কুকুৰা আৰু কুকুৰাৰ কণীৰে মঙল চায়। এই সমস্ত কাৰ্য সম্পাদিত হয় ৰাজহুৱা ঘৰ ডেৰেত। মঙলৰ ফলাফলৰ ওপৰত(মপিন কক্ নাম)মপিনৰ নহ'লেবা মাৰি উৎসৱ পতা হয়। উৎসৱৰ বাবে গাঁৱৰ তিৰোতাসকলে অপ বা আপ্ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে। পুৰুষসকল ব্যস্ত হৈ পৰে -মাইকী মেথোন, কুকুৰা, গাহৰি আদি সংগ্ৰহত। ডেকাহঁতে মপিন আৰু তেওঁৰ লগৰীয়া দেৱ-দেৱীসকলৰ মূৰ্তি গঢ়িবলৈ বাঁহ,কাঠ আৰু গছৰ পাত গোটায়। ইয়াত চলতি ভাষাত কোৱা হয় মপিন ডিগে গেনাম। সাধাৰণতে ডেৰেৰ সমুখত মপিনদেৱীক এন্দিশ্বিকা গছৰ পাতেৰে ড'লিক তাপিয়েৰে আৰু ডনিক কৌপাতৰে সজায়। [1] মূৰ্তি সাজি থাকোঁতে গাঁৱৰ প্ৰতিগৰাকী গৃহিনীয়ে মপিনদেৱীৰ নামত কাৰিকৰলৈ খাদ্য যোগান কৰে আৰু এই প্ৰক্ৰিয়াক শ্বিকানাম বোলে। মপিন দেৱ-দেৱীৰ মূৰ্তি সজা আৰম্ভৰ লগে লগে দণ্ডায়ে (পুৰোহিতে) মন্ত্ৰৰ সুৰত মপিনৰ ইতিবৃত্ত গায় আৰু দণ্ডায়ে মূৰ্তিৰ বেদী পৰিষ্কাৰ কৰায়,পিঠাগুড়ি চটিয়াই আৰু মাটিত খুচি মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰে। মূৰ্তি প্ৰতিষ্ঠাৰ পিছত মাইকী মেথোন এজনী দেৱীৰ আগত কাঠ পুতি বান্ধে আৰু আন আন গাহৰি,কুকুৰা আদিও মেথোনৰ দুইফালে বান্ধে। জয়জয়তে সোঁফালৰ পৰা আহুতি দি আহি মপিনদেৱীৰ সমুখৰ মেথোনত আহুতি বন্ধ কৰি আকৌ বাওঁফালৰ পৰা আহুতি দি আহে আৰু অৱশেষত মেথোনজনী কাটে। লগে লগে নাৰীসকলে ভঁৰালৰ পৰা খাবলৈ অনা ধান(দহিগিঞ্চি)আদাৰে সৈতে মপিনদেৱীৰ সমুখত সজায়। দহিগিঞ্চি মেথোনৰ তেজেৰে বোলাই মপিনদেৱীৰ গাৰ অংশ বিশেষ এৰুৱাই দহিগিঞ্চিত সুমুৱাই কাপোৰেৰে ঢাকি ঘৰলৈ লৈ আহে। সেইদিনাই গাঁৱৰ পৰা গধূলি সকলোৱে আপং গোটায়। দ্বিতীয় দিনা ঘৰে ঘৰে পাত পিঠা কৰি ডেৰেৰে সমুখত ঢাৰি পাতি জমা কৰে। সকলোবোৰ পিঠা মিহলি কৰি ঘৰে ঘৰে তাক ভাগ কৰি বিলায় আৰু লগে লগে আৰম্ভ হয় মেথোনৰ মাংস ভাগ কৰি বিলোৱা কাম(হৰি টেঙনাম)। এই দিনা ডেকা-গাভৰুৱে গালত পিঠাগুড়ি সানি আনন্দ উপভোগ কৰে। তৃতীয়দিনাৰ পৰা পাঁচদিনলৈকে দণ্ডায়ে গাঁৱৰ প্ৰতি ঘৰতে পৰ্দাপন কৰে। অৱশ্যে কাৰোবাৰ ঘৰত যদি মানুহ মৰে নাইবা সাপে দংশন কৰে,তেনেহলে তেনে ঘৰত পদূলিৰ পৰাই দণ্ডায়ে আশীৰ্বাদ দি গুচি যায়। দণ্ডাইৰ সৈতে ডেকা-গাভৰুহঁতে ঘৰে ঘৰে নাচি বাগি যায় আৰু ইয়াক কোৱা হয় মপিন শ্বনাম। দণ্ডাই আৰু লগত যোৱা দলটোক লোকে পাৰ্যমানে অভ্যৰ্থনা কৰাৰ নিয়ম। এনেদৰে পাঁচদিন অতিবাহিত হয় আৰু দণ্ডায়ে বাঁহৰ চুঙাত অপ ভৰাই লৈ দেৱ-দেৱীৰ মূৰত ঢালি তেওঁলোকে লগত অনা সা-সম্পত্তিবোৰ গঞালৈ এৰি দিমি জামেৰলৈ উভতি যাবলৈ অনুৰোধ জনায়। লগে লগে মপিন উৎসৱৰ সামৰণি পৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]