মোহনকৃষ্ণ মিশ্ৰ
| মোহনকৃষ্ণ মিশ্ৰ | |
|---|---|
| জন্ম | ১৯৪৭ বৃন্দাবনহাটী, বৰপেটা |
| মৃত্যু | ১৯৯১ মাদ্ৰাজ |
| পেচা | কবি |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| উল্লেখনীয় কৰ্মৰাজি | সমদল শাওনৰ শীতল বৃষ্টি |
মোহনকৃষ্ণ মিশ্ৰ ( ইংৰাজী: Mohankrishna Mishra) অসমৰ এজন কবি। তেওঁ 'সমদল ' আৰু শাওনৰ শীতল বৃষ্টি নামৰ দুখন কবিতা সংকলনৰে অসমীয়া সাহিত্য জগতত চিনাকি লাভ কৰে। সত্তৰ দশকত জন্ম লাভ কৰা মোহনকৃষ্ণ মিশ্ৰ বাঁওপন্থী মতাদশৰ্ত বিশ্বাসী এগৰাকী প্ৰগতিশীল কবি।[1] মিশ্ৰক সমদল কাব্য সংকলনে এনে এটা সুকীয়া পৰিচয় দিছিল যে প্ৰগতিশীল মহলত তেওঁক ‘সমদলৰ কবি’ হিচাপেও অভিহিত কৰা হৈছিল। ১৯৯১ চনত, ৪৪ বছৰ বয়সতে মৃত্যু বৰণ কৰা মিশ্ৰৰ প্ৰায়খিনি কবিতাৰ এটি সংকলন মই অনন্তকাল মানুহৰ সৈতে তেওঁৰ বিয়োগৰ ত্ৰিছ বছৰৰ পাছত ২০২১ চনত প্ৰকাশিত হয়৷
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]মোহনকৃষ্ণ মিশ্ৰৰ জন্ম হৈছিল বৰপেটা জিলাৰ বৃন্দাবনহাটীত ১৯৪৭ চনত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯১ চনত চেন্নাইত তেওঁৰ মৃত্যু হয়।
কৰ্মজীৱন
[সম্পাদনা কৰক]মোহনকৃষ্ণ মিশ্ৰই প্ৰথমে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে। তাৰপাছত সৰভোগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে।
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]- কবিতা সংকলন:
- সমদল (১৯৮৬)
- শাওনৰ শীতল বৃষ্টি (১৯৯২)
তেওঁ এগৰাকী প্ৰগতিশীল কবি। তেওঁৰ কবিতাত সমাজ পৰিৱৰ্তনৰ আকাংক্ষাৰ লগতে মানুহৰ মুকুতিৰ ধ্বনি শুনিবলৈ পোৱা যায়। মিশ্ৰৰ কবিতাত সংবেদনশীলতাৰ অন্য এখন জগত অনুভৱ কৰিব পাৰি। তেওঁৰ কবিতাত সমাজ আৰু মানুহৰ ৰূপান্তৰৰ কথা আছে যদিও সত্তৰ দশকৰ ভাবালুতা তথা তৰল উচ্ছ্বাসৰপৰা সেয়া ভালেখিনি মুক্ত। নতুন সাহিত্য পৰিষদৰ নলবাৰী অধিৱেশনত মিশ্ৰই দিয়া ভাষণত প্ৰগতিশীল সাহিত্যৰ সমাজমনষ্ক গভীৰ চৰিত্ৰৰ কথা প্ৰকাশ পাইছে। তেওঁ জাপানী কবিতাৰ আৰ্হিত সৰু সৰু স্তৱকৰে কাব্যসৃষ্টি কৰিছিল। ১৯৬৬ চনত ৰচিত ‘মনস্তত্ত্ব’ শীৰ্ষক কবিতাটো উল্লেখযোগ্য। কবিতাটোত তেওঁ লিখিছিল,
“এতিয়া, এই অন্ধকাৰ কোঠালিৰ, খিৰিকীৰ
কৰুণ ছায়াৰে একাঁজলি পোহৰ নামিছে।
তথাপিতো মৃত্যুৰ নৰক যাত্ৰাৰ এই অন্ধকাৰ
সিয়ো সত্য — সিয়ো সাৰে আছে সত্য হৈ।”[2]
জীৱনত অন্ধকাৰৰ অস্তিত্ব মানি লৈয়ো ইয়াত কবিয়ে পোহৰৰ সম্ভাৱনাক নস্যাৎ কৰা নাই; কিন্তু মৃত্যুকো জীৱনৰ এটা সত্য হিচাপেই গ্ৰহণ কৰাৰ মাজেৰে কবিয়ে এক কাৰুণ্যভৰা জীৱনবোধৰ প্ৰতি ইংগিত দিছে, যাক আমি নব্বৈৰ দশকৰ আৰম্ভণিৰ কিছু কবিতাতো দেখিবলৈ পাওঁ।
তেনেদৰে ‘সকলো হেৰুৱায়ো মানুহ জীয়াই থাকে’ কবিতাটোত এক প্ৰতিকূল সামাজিক পৰিৱেশৰ মাজতো তেওঁৰ আশাবাদ প্ৰকাশিত হৈছিল যদিও সাধাৰণ মানুহৰ প্ৰতি থকা কবিৰ আস্থাৰ ভিত্তিত গঢ়ি উঠা এই আশাবাদত কিছু অসম্পূৰ্ণতাও নথকাকৈ নাছিল।
“গোটেই ৰাস্তাৰ বতাহ
ধূলিৰে ভৰি আছিল
বুকুখন খামুচি ধৰি ভাবিছিলোঁ
সকলোবিলাক হেৰুৱায়ো মানুহবোৰ যে
কিদৰে জীয়াই থাকে।”
মোহনকৃষ্ণ মিশ্ৰৰ কবিতাৰ বিষয় কেৱল অসম তথা ভাৰতৰ সীমাৰ ভিতৰতেই আৱদ্ধ নাছিল; সেই সময়ৰ আন সাম্যবাদী কবিসকলৰ দৰেই মোহনকৃষ্ণ মিশ্ৰয়ো আন্তৰ্জাতিক ঘটনাপ্ৰৱাহৰ ওপৰত সততে দৃষ্টি ৰাখি সেই প্ৰসংগত নিজৰ সচেতনতা কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিল। ‘ভিয়েটনামী গাভৰুৰ প্ৰতি’ কবিতাটোত কবিয়ে ব্যঞ্জনাত্মক ভাষা আৰু চিত্ৰকল্পৰ জৰিয়তে এটা বৈপ্লৱিক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল, যিটো কেৱল ভিয়েটনামীৰ প্ৰতিয়েই নাছিল, আছিল বিশ্বৰ প্ৰতিগৰাকী নিপীড়িত মানুহৰ প্ৰতি। কবিতাটোত ব্যঞ্জনাত্মক প্ৰকাশভংগী, চিত্ৰকল্পৰ সুচিন্তিত প্ৰয়োগ আৰু ভাবৰ ঘনীভূত প্ৰকাশে ইয়াক এটা উচ্চ স্তৰৰ কবিতা হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ হাইকু আৰ্হিৰ দুটামান কবিতাও ৰচনা কৰিছে, য’ত তেওঁৰ ব্যক্তিগত জীৱনবোধৰ সৈতে সাধাৰণ মানুহৰ সংগ্ৰামী সত্তাক একাকাৰ কৰিবলৈ যত্ন কৰিছে। উদাহৰণ স্বৰূপে, তেওঁ লিখিছে,
"আহিব নোৱাৰোঁ বাবেই মই নাহোঁ
উঠিব নোৱাৰোঁ বাবেই মই
আকণ্ঠ ডুব গৈ থাকোঁ।"
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ কথা বৰেণ্য ১০০, সম্পাদক- শোণিত বিজয় দাস, মুনীন বায়ন, ২০০৬, গুৱাহাটী
- ↑ দাস, বিৰিঞ্চি কুমাৰ. "মোহনকৃষ্ণ মিশ্ৰৰ কবিতা". Poetry Without Fear. https://poetrywithoutfear.com/mohan-krishna-mishrar-kabita-by-birinchi-kumar-das/। আহৰণ কৰা হৈছে: ১২ মে' ২০২৫.
| |||||||||||||