সমললৈ যাওক

মোহনা ভোগাৰাজু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোহনা ভোগাৰাজু
২০১৮ চনত মোহনা
২০১৮ চনত মোহনা
পৃষ্ঠভূমি
জন্ম এলুৰু, অন্ধ্ৰপ্ৰদেশ, ভাৰত
পেচা নেপথ্য গায়িকা
বাদ্যযন্ত্ৰ
  • Vocals
সক্ৰিয়তাৰ বছৰ ২০১৩– বৰ্তমানলৈ

মোহনা ভোগাৰাজু (ইংৰাজী: Mohona Bhogaraju) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। [1][2][3][4]তেওঁ তেলেগু ভাষাৰ চলচ্চিত্ৰৰ গান গোৱাৰ বাবে বিখ্যাত। [5][6] তেওঁ বাহুবলী: দ্য বিগিনিং চলচ্চিত্ৰৰ "মনোহৰী" গানটোৰ জৰিয়তে স্বীকৃতি লাভ কৰিছে যাৰ বাবে তেওঁ তেলেগু চলচ্চিত্ৰত ৰেডিঅ' মিৰ্চি-মিৰ্চি মিউজিকৰ মহিলা কণ্ঠশিল্পী ২০১৫ বঁটা লাভ কৰে।


প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভোগাৰাজুৰ জন্ম অন্ধ্ৰপ্ৰদেশৰ এলুৰুত হৈছিল। যদিও তেওঁলোকৰ পৰিয়ালটো পাছলৈ হায়দৰাবাদত বসতি স্থাপন কৰিবলৈ লয়। [7]তেওঁ ভোজৰেড্ডী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী সম্পূৰ্ণ কৰে। সৰুৰে পৰা ভোগাৰাজুৰ সংগীতৰ প্ৰতি সদায় আকৰ্ষণ আছিল আৰু বিদ্যালয়ত আৰু বিভিন্ন জাতিগত প্ৰেক্ষাগৃহ যেনে ৰবীন্দ্ৰ ভাৰতী, থায়াগাৰাজা ঘানা সভাত অনুষ্ঠিত বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ অতি কম বয়সতে অৰ্থাৎ ৬ বছৰ বয়সত গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁ ৮ বছৰ বয়সত বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ডি শ্ৰীপদ ৰাওৰ পৰা প্ৰথম বঁটা লাভ কৰিছিল।

সংগীতৰ কৰ্মজীৱন

[সম্পাদনা কৰক]

ভোগাৰাজুৱে ২০১৩ চনত নিজৰ সংগীতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ ২০১৩ চনৰ তেলেগু চলচ্চিত্ৰ 'জয় শ্ৰীৰাম'ত তেওঁৰ প্ৰথম গান "সায়ামা মাচাম" গীতটো গাইছিল। তেওঁ 'বাহুবলী: দ্য বিগিনিং'ত "মনোহৰী" গাই স্বীকৃতি লাভ কৰিছিল। [8][9]'ভালে ভালে মাগাদিভয়' চলচ্চিত্ৰখনৰ তাইৰ গান "ভালে ভালে মাগাদিভয়" ৰেডিঅ মিৰ্চীত তালিকাভুক্ত কৰা হৈছিল। তেওঁ ১০০ খনতকৈও অধিক তেলেগু চলচ্চিত্ৰত কণ্ঠদান কৰিছে।[10]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Mohana Bhogaraju : బుల్లెట్టు బండి పాట పాడిన అమ్మాయి ఎవరో తెలుసా..". News18. 4 August 2021. https://telugu.news18.com/photogallery/movies/who-is-the-singer-for-bullettu-bandi-here-are-the-details-sr-981950.html.
  2. "'బుల్లెట్టు బండి'కి అసలు సెలబ్రిటీ ఈ ఆంధ్రా పిల్లే..!". TV5 (India). 20 August 2021. Archived from the original on 12 February 2025. https://web.archive.org/web/20250212135625/https://www.tv5news.in/tollywood/hatsoff-to-singer-mohana-bhogaraju-for-bullettu-bandi-song-769122.
  3. "'మోహన' గానానికి క్రేజ్‌ పెరిగిన వేళ". Eenadu. 18 April 2021. https://www.eenadu.net/telugu-news/movies/intersting-facts-about-celebrity-singer-mohana-bhogaraju/0201/121079862.
  4. "A bride's impromptu dance goes viral, scores a hit for a new song". Business Line. 29 August 2021. https://www.thehindubusinessline.com/news/variety/a-brides-impromptu-dance-goes-viral-scores-a-hit-for-a-new-song/article36168133.ece.
  5. "Mohana Bhogaraju looks forward to a longer innings". telanganatoday.com. https://telanganatoday.com/mohana-bhogaraju-looks-forward-to-a-longer-innings আহৰণ কৰা হৈছে: 2018-10-03.
  6. "Mohana Bhogaraju hits all the right notes!". Deccan Chronicle. 28 June 2018. https://www.deccanchronicle.com/entertainment/tollywood/280618/mohana-bhogaraju-hits-all-the-right-notes.html আহৰণ কৰা হৈছে: 2018-10-03.
  7. "కొత్తకోకిలలు [New nightingales]" (te ভাষাত). Sakshi. 2016-04-16. https://www.sakshi.com/news/funday/new-telugu-young-singers-2016-333202.
  8. "Latest Telugu Songs 2018: Top 20 Telugu Songs, New Telugu Hit Music & Best Telugu Songs". radiomirchi.com. http://www.radiomirchi.com/more/telugu-top-20/277 আহৰণ কৰা হৈছে: 2018-10-03.
  9. "Express Publications The New Indian Express-Hyderabad, Thu, 21 Jun 18". epaper.newindianexpress.com. https://epaper.newindianexpress.com/1705259/The-New-Indian-Express-Hyderabad/21-06-2018#issue/19/1 আহৰণ কৰা হৈছে: 2018-10-03.
  10. "Music Review: Shailaja Reddy Alludu | Telugu Movie News". 16 September 2018. https://timesofindia.indiatimes.com/entertainment/telugu/music/music-review-shailaja-reddy-alludu/articleshow/65827875.cms আহৰণ কৰা হৈছে: 2018-10-03.