সমললৈ যাওক

মোহিত সূৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোহিত সূৰী

২০১১ চনত সূৰী
জন্ম ১১ এপ্ৰিল, ১৯৮১ (৪৪ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • চলচ্চিত্ৰ পৰিচালক
  • চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
দাম্পত্যসঙ্গী উদিতা গোস্বামী (বি. ২০১৩)
সন্তান
আত্মীয়-স্বজন ভাট পৰিয়াল

মোহিত সূৰী (ইংৰাজী: Mohit Suri; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ মাৰ্ডাৰ ২ (২০১১),[1] মিউজিকেল ৰোমান্সধৰ্মী কথাছবি আশিকি ২ (২০১৩),[2] ৰোমাণ্টিক একশ্যন-থ্ৰিলাৰধৰ্মী কথাছবি আৱাৰাপান (২০০৭), এক ভিলেইন (২০১৪), মালাং (২০২০) আৰু ছাইয়াৰা (২০২৫) আদি পৰিচালনা কৰে। ছাইয়াৰা ছবিখন তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়। ২০১৩ চনত তেওঁ উদিতা গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটি সন্তান আছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মোহিত সূৰীৰ জন্ম হৈছিল মুম্বাই চহৰত আৰু এইখন চহৰতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ দক্ষ সূৰীয়ে চেন্নাইৰ ডানলপত কাম কৰিছিল আৰু মাতৃ হীনা এগৰাকী এয়াৰ হোষ্টেছ আছিল।[3] প্ৰাক্তন অভিনেত্ৰী স্মাইলী ছুৰী, তেওঁৰ একমাত্ৰ ভগ্নী।[4]

মহেশ ভাট, মুকেশ ভাট আৰু ৰবিন ভাট তেওঁৰ মামা। নানাভাই ভাট তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক আছিল। পূজা ভাট, ৰাহুল ভাট, বিশেষ ভাট আৰু আলিয়া ভাট তেওঁৰ প্ৰথম কাজিন আৰু ইমৰাণ হাছমী তেওঁৰ দ্বিতীয় কাজিন।

কৰ্মজীৱন

[সম্পাদনা কৰক]

টি-ছিৰিজৰ অফিচ এচিষ্টেণ্ট হিচাপে সূৰীয়ে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ বিক্ৰম ভাটৰ কাছূৰ (২০০১), আৱৰা পাগল দীৱানা (২০০২) আৰু ফুটপাথ (২০০৩) আদি ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰে। সূৰীয়ে মধ্যমীয়াভাৱে সফল হোৱা জেহেৰ (২০০৫) নামৰ ছবিখন পৰিচালনাৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত কলিযুগ (২০০৫), ৱহ লম‌্হে (২০০৬), আৱাৰাপন (২০০৭), ৰাজ: দ্য মিষ্ট্ৰী কণ্টিনিউজ (২০০৯) আৰু ক্ৰুক (২০১০) আদি বহু উল্লেখযোগ্য চলচ্চিত্ৰ পৰিচালনা কৰে।[5]

তেওঁৰ মনস্তাত্ত্বিক থ্ৰিলাৰধৰ্মী কথাছবি মাৰ্ডাৰ ২ (২০১১)ৰ অভাৱনীয় উপাৰ্জনেৰে সূৰীয়ে সফলতা লাভ কৰিছিল। ছবিখন ২০১১ চনৰ সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম আছিল। ইয়াৰ পিছত অতি সফল সংগীতধৰ্মী প্ৰেম কাহিনীমূলক কথাছবি আশিকি ২ (২০১৩) আৰু এক ভিলেইন (২০১৪), এক ভিলেইন ছবিখনো এখন প্ৰতিশোধমূলক চলচ্চিত্ৰ আছিল আৰু ই ভাৰতত ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছিল।[6]

তেওঁৰ প্ৰত্যাশিত নাট্যধৰ্মী ছবি হামাৰী আধুৰী কাহানী (২০১৫) আৰু হাফ গাৰ্লফ্ৰেণ্ড (২০১৭) মুক্তি পোৱাৰ পিছত তেওঁৰ ৰোমাণ্টিক-ছাচপেন্স-থ্ৰিলাৰধৰ্মী ছবি মালাং (২০২০) ছবিখনে সমালোচনাত্মক আৰু বাণিজ্যিক সফলতা লাভ কৰে।[7] ২০২২ চনত তেওঁ অভিনয়-শিল্পী জন আব্ৰাহাম, অৰ্জুন কাপুৰ, দিশা পাটানী, আৰু তাৰা সূতাৰিয়া অভিনীত এক ভিলেইন ৰিটাৰ্ণছ নামৰ ছবিখন মুক্তি দিয়ে। প্ৰিক্যুৱেল (এক ভিলেইন)ৰ বিপৰীতে, এই ছবিখন মিশ্ৰিত পৰ্যালোচনাৰ সন্মুখীন হৈছিল আৰু বক্স অফিচত ভাল প্ৰদৰ্শন কৰা নাছিল।

২০২৫ চনত তেওঁ য়শ ৰাজ ফিল্মছৰ প্ৰযোজনাত নিৰ্মিত, নৱাগত অভিনেতা আহান পাণ্ডে আৰু অভিনেত্ৰী অনীত পাড্ডা অভিনীত, ৰোমাণ্টিক চলচ্চিত্ৰ ছাইয়াৰা পৰিচালনা কৰে।[8] চাৰ্টবাষ্টাৰ সংগীত আৰু সুদক্ষ অভিনয়ৰ বাবে ছবিখনে বক্স অফিচত উল্লেখযোগ্য সমালোচনাত্মক আৰু বাণিজ্যিক সফলতা লাভ কৰে।[1]

অন্যান্য কৰ্মৰাজি

[সম্পাদনা কৰক]

এগৰাকী পৰিচালক হোৱাৰ উপৰিও, সূৰী ষ্টাৰ প্লাছৰ ডান্স ৰিয়েলিটি ধাৰাবাহিক নাচ বালিয়ে ৮-ৰ বিচাৰক আছিল আৰু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সংগীত মঞ্চ ইএমআই ৰেকৰ্ডছ ইণ্ডিয়া গঠন কৰিছিল, যিয়ে যশ নাৰ্ভেকাৰ, অনুষ্কা শ্বাহনেই আদি প্ৰমুখ কণ্ঠশিল্পীক মঞ্চ প্ৰদান কৰিছিল।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৩ চনত, তেওঁ ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী উদিতা গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ এজন পুত্ৰসন্তান (জন্ম ২০১৫) আৰু কন্যাসন্তান (জন্ম ২০১৮) আছে।[10]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]

পৰিচালক হিচাপে

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম পৰিচালক লেখক টোকা
২০০৫ জেহেৰ হয় হয়
কলিযুগ হয় হয়
২০০৬ ৱহ লাম‌্হে হয় নহয়
২০০৭ আৱাৰাপান হয় নহয়
২০০৯ ৰাজ: দ্য মিষ্ট্ৰী কণ্টিনিউজ হয় হয়
২০১০ ক্ৰুক হয় হয়
২০১১ মাৰ্ডাৰ ২ হয় নহয়
২০১৩ আশিকি ২ হয় নহয়
২০১৪ এক ভিলেইন হয় নহয়
২০১৫ হামাৰী আধুৰী কাহানী হয় নহয়
২০১৭ হাফ গাৰ্লফ্ৰেণ্ড হয় নহয় লগতে প্ৰযোজক
২০২০ মালাং হয় হয়
২০২২ এক ভিলেইন ৰিটাৰ্ণছ হয় হয় [11]
২০২৫ ছাইয়াৰা হয় নহয় [12]

সহকাৰী পৰিচালক হিচাপে

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম
২০০১ কাছূৰ
২০০২ আৱাৰা পাগল দীৱানা
২০০৩ ফুটপাথ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "'Murder 2' - Bollywood movies which were mired in plagiarism row". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/bollywood-movies-which-were-mired-in-plagiarism-row/murder-2/photostory/63937594.cms। আহৰণ কৰা হৈছে: 2022-05-06. 
  2. "Mohit Suri denies fallout rumours with his 'Aashiqui 2' actor Aditya Roy Kapur - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/mohit-suri-denies-fallout-rumours-with-his-aashiqui-2-actor-aditya-roy-kapur/articleshow/63856332.cms। আহৰণ কৰা হৈছে: 2022-05-06. 
  3. Gupta, Priya (28 April 2013). "I have not yet lived my married life at all: Mohit Suri - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/i-have-not-yet-lived-my-married-life-at-all-mohit-suri/articleshow/19754605.cms. 
  4. "Mohit Suri's sister Smiley Suri married off by two men closest to her - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/mohit-suris-sister-smiley-suri-married-off-by-two-men-closest-to-her/articleshow/37707138.cms। আহৰণ কৰা হৈছে: 2021-02-02. 
  5. "I have not yet lived my married life at all: Mohit Suri - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/I-have-not-yet-lived-my-married-life-at-all-Mohit-Suri/articleshow/19754605.cms. 
  6. Time: 04:33 (en ভাষাত) 한국 영화를 표절한 인도영화 19편, archived from the original on 2022-01-16, https://web.archive.org/web/20220116110136/https://www.youtube.com/watch?v=zXgrku5jLKQ, আহৰণ কৰা হৈছে: 2019-10-23 
  7. Mohit Suri talks about his sequel to Raaz Radio Sargam.
  8. "'Saiyaara' Movie Review and Box Office Collection Live Updates: The Ahaan Panday, Aneet Padda starrer makes historic Rs 20 crore debut" (en ভাষাত). The Times of India. 2025-07-19. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/saiyaara-movie-review-release-live-update-ahaan-panday-aneet-padda-saiyaara-review-and-box-office-collection/liveblog/122709565.cms। আহৰণ কৰা হৈছে: 2025-07-19. 
  9. "Nach Baliye: Mahesh Bhatt, Karan Johar are excited about Mohit Suri's TV debut". Hindustan Times. 24 March 2017. https://www.hindustantimes.com/tv/nach-baliye-mahesh-bhatt-karan-johar-are-excited-about-mohit-suri-s-tv-debut/story-9WvPBtlIO9LEXNNCLW3pJL.html. 
  10. TNN (21 November 2018). "Mohit Suri and Udita Goswami welcome a baby boy". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/mohit-suri-and-udita-goswami-welcome-a-baby-boy/articleshow/66735804.cms। আহৰণ কৰা হৈছে: 21 November 2018. 
  11. "John Abraham, Arjun Kapoor, Disha Patani, Tara Sutaria starrer Ek Villain Returns gets a new release date; to hit theatres on July 29". Bollywood Hungama. 10 May 2022. https://www.bollywoodhungama.com/news/bollywood/john-abraham-arjun-kapoor-disha-patani-tara-sutaria-starrer-ek-villain-returns-gets-new-release-date-hit-theatres-july-29/. 
  12. "Mohit Suri to helm Yash Raj Films' romantic drama" (en ভাষাত). The Indian Express. 2024-01-31. https://indianexpress.com/article/entertainment/bollywood/mohit-suri-to-helm-yash-raj-films-romantic-drama-9137149/। আহৰণ কৰা হৈছে: 2024-11-07. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]