মোহিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মোহিনী
মায়াৰ দেৱী
Mohini on a swing.jpg
ৰাজা ৰবি বৰ্মাৰ দ্বাৰা অংকিত মোহিনীৰ চিত্ৰ (১৮৯৪)
দেৱনাগৰী मोहिनी
সম্পৰ্ক বিষ্ণুৰ অৱতাৰ , দেৱী
অস্ত্ৰ মোহিনী-অস্ত্ৰ (মোহিণীবাণ), সুদৰ্শন চক্ৰ
সন্তান শাস্তা

মোহিনী (সংস্কৃত: मोहिनी) এগৰাকী হিন্দু দেৱী। তেওঁ হিন্দু দেৱতা, ত্ৰিমূৰ্তিৰ অন্যতম বিষ্ণুৰ একমাত্ৰ নাৰী অৱতাৰ। তেওঁক ফেম ফেটাল (ছলনাময়ী নাৰী) হিচাপে চিত্ৰিত কৰা হৈছে যি নিজৰ কমনীয়তাৰে প্ৰেমিকসকলক উন্মত্ত কৰে আৰু কেতিয়াবা তেওঁলোকক তেওঁলোকৰ ধ্বংসৰ গৰাহলৈ লৈ যায়। ভাৰতীয় মহাকাব্য মহাভাৰতৰ জৰিয়তে হিন্দু পৌৰাণিক আখ্যানলৈ মোহিনীৰ আগমণ ঘটে। ইয়াত তেওঁক বিষ্ণুৰ এক অৱতাৰ হিচাপে দেখা যায় যি অসুৰসকলৰ (ৰাক্ষস) পৰা অমৃতৰ পাত্ৰ হস্তগত কৰি দেৱতাসকলক ঘূৰাই দিয়ে আৰু তেওঁলোকক নিজৰ অমৰত্ব বজাই ৰখাত সহায় কৰে।

বিভিন্ন আখ্যানত মোহিনীৰ বিভিন্ন কাৰ্য্যকলাপ আৰু বিবাহৰ বিষয়ে উল্লেখ আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে শিৱৰ সৈতে মিলন। এই আখানসমূহ অন্যান্য বিষয়ৰ লগতে শাস্তা দেৱতাৰ জন্ম আৰু ভস্মাসুৰৰ ধ্বংসৰ বিষয়ে সম্পৰ্কিত। মোহিনীৰ মুখ্য কাৰ্যই হ'ল তেওঁৰ মুখামুখি হোৱা লোকসকলক প্ৰতাৰণা কৰা বা প্ৰৱঞ্চনা কৰা। তেওঁক সমগ্ৰ ভাৰতীয় সংস্কৃতিত, মুলতঃ পশ্চিম ভাৰতত উপাসনা কৰা হয়। পশ্চিম ভাৰতত মোহিনীৰ প্ৰতি সমৰ্পিত মন্দিৰ আছে। ইয়াত মোহিনীক শিৱৰ এক আঞ্চলিক অৱতাৰ খাণ্ডোবাৰ সহধৰ্মিনী মহালাচা হিচাপে চিত্ৰিত কৰা হয়।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

মোহিনী নামটো ক্ৰিয়া মূল মোহাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে "মোহিত কৰা, বিভ্ৰান্ত কৰা, বা মোহভঙ্গ কৰা।" [1][2] আক্ষৰিক অৰ্থত মোহাৰ অৰ্থ হৈছে "ভ্ৰমি ৰখা।" মধ্য ভাৰতৰ বাইগা সংস্কৃতিত মোহিনী শব্দটোৰ অৰ্থ হৈছে "কামোদ্দীপক যাদু বা মন্ত্ৰ।" [3] এই নামটোত "নাৰীৰ সৌন্দৰ্য আৰু প্ৰলোভনৰ সাৰাংশ"ৰ এক অন্তৰ্নিহিত অৰ্থ আছে। [4]

আখ্যান[সম্পাদনা কৰক]

খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ হিন্দু মহাকাব্য মহাভাৰতৰ সমুদ্ৰ মন্থন খণ্ডত মোহিনীৰ প্ৰাচীনতম উল্লেখ পোৱা যায়। [5] এই আখ্যান অনুসৰি ক্ষীৰ সাগৰৰ মন্থনৰ দ্বাৰা অমৃত উৎপন্ন হয়। দেৱতা আৰু অসুৰসকলে ইয়াৰ অধিকাৰক লৈ যুদ্ধত লিপ্ত হয়।[6] অসুৰসকলে অমৃতক নিজৰ বাবে হস্তগত কৰাৰ পৰিকল্পনা কৰে আৰু ইয়াৰ ফলত দেৱতাসকল ক্ৰোধান্বিত হয়। বিষ্ণুয়ে তেওঁলোকৰ পৰিকল্পনা অনুসৰি, এক মনোমোহা যুৱতীৰ ৰূপ ধাৰণ কৰে। তেওঁ অসুৰাসকলক প্ৰৱঞ্চনা কৰি তাইক অমৃতৰ পাত্ৰটো হাত কৰে আৰু ইয়াক দেৱতাসকলৰ মাজত বিতৰণ কৰে। স্বৰভানু নামৰ এজন অসুৰে দেৱতাৰ ছদ্মবেশ ধৰে আৰু নিজে অমৃত পান কৰিবলৈ চেষ্টা কৰে। সূৰ্য আৰু চন্দ্ৰই এই কথা ততালিকে বিষ্ণুক অৱগত কৰে, আৰু তেওঁ সুদৰ্শন চক্ৰৰে স্বৰভানুৰ শিৰশ্ছেদ কৰে। কিন্তু অমৃত গলাধকৰণ কৰাৰ ফলত স্বৰভানুৰ দ্বিখণ্ডিত শৰীৰটো অমৰ হৈ পৰে।[7]

নৃত্য আৰু নাট্যকলাত মোহিনী[সম্পাদনা কৰক]

যক্ষগণ আৰু কথাকলিৰ দৰে দক্ষিণ ভাৰতীয় নাট্যশিল্পত মোহিনীৰ এক গুৰুত্বপূৰ্ণ তথা নাটকীয় ভূমিকা আছে। কেৰালাত মোহিনীৰ পুত্ৰ আয়াপ্পা জনপ্ৰিয় আৰু মোহিনীঅট্টমক ("মোহিনীৰ নৃত্য") এক স্বতন্ত্ৰ নৃত্যৰ মৰ্যাদা দিয়া হয়।[8] এই নৃত্যক মোহিনীৰ নামেৰে নামাকৰণ কৰা হৈছে। ই হৈছে এনে এক নৃত্য যি কেৱল মহিলাসকলৰ বাবেহে আৰু ই "কামুক ৰূপৰ এক আদৰ্শ উদাহৰণ।" মোহিনীঅট্টমৰ উৎপত্তি সম্পৰ্কে জ্ঞাত নহয় যদিও ইয়াক ১৮৫০ৰ দশকত জনপ্ৰিয় কৰা হৈছিল। কিন্তু গ্ৰাহকসকলক আকৰ্ষিত কৰিবলৈ ইয়াক "চৰিত্ৰহীনা নাৰী"ৰ দ্বাৰা ব্যৱহাৰ কৰাৰ অভিযোগত পিছত ইয়াক নিষিদ্ধ কৰা হৈছিল। ১৯৫০ চনত এই নিষেধাজ্ঞা উঠাই লোৱা হয় আৰু ইয়াৰ পিছত মোহিনীঅট্টমৰ নৱীকৰণ হোৱা দেখা যায়।[4][8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pattanaik (2001), p. 70
  2. [1] Monier Williams, Sanskrit-English Dictionary. (1899).
  3. Goudriaan p. 44
  4. 4.0 4.1 Reginald Massey (1 January 2004). India's dances: their history, technique, and repertoire. Abhinav Publications. পৃষ্ঠা. 131–2, 152. ISBN 978-81-7017-434-9. https://books.google.com/books?id=Lif-Ct05aVgC&q=mohini+Vishnu&pg=PA132. 
  5. Goudriaan, p. 44, Adi Parva (chapter 17, stanzas 38–40)
  6. Mahabharata, Adi Parva, Astika Parva, Section 18.
  7. Mahabharata, Adi Parva, Section 19.
  8. 8.0 8.1 Ragini Devi (2002). "The Dance of Mohini". Dance dialects of India. Motilal Banarsidass. পৃষ্ঠা. 116–9, 96. ISBN 978-81-208-0674-0. https://books.google.com/books?id=KRz5ykKRVAEC&q=mohini&pg=PA116.