মোহেনা সিং
| মোহেনা কুমাৰী সিং | |
|---|---|
ষ্টাৰ পৰিয়াল বঁটা ২০১৭ত মোহন সিং | |
| জন্ম | মোহেনা কুমাৰী সিং |
| অন্য নাম | মিষ্টাৰ সিং, ম' |
| শিক্ষানুষ্ঠান | মুম্বাই বিশ্ববিদ্যালয় |
| পেচা | নৃত্য পৰিচালক • নৃত্যশিল্পী • Youtuber • প্ৰাক্তন অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১১-২০১৯ |
| জনা যায় | ডান্স ইণ্ডিয়া ডান্স য়ে ৰিস্তা ক্যা কেহলাতা হ্যায় |
| দাম্পত্যসঙ্গী | সুয়েশ ৰাৱত (বি. ২০১৯) |
| সন্তান | 2 |
| আত্মীয়-স্বজন | মাৰ্তণ্ড সিং (ককা) সতপল মহাৰাজ (শহুৰেক) |
মোহেনা সিং ইংৰাজী: :Mohena Singh, যিগৰাকীক মোহেনা কুমাৰী সিং বুলিও কোৱা হয়, এওঁ ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক, ইউটিউবাৰ আৰু প্ৰাক্তন টেলিভিছন অভিনেত্ৰী আৰু ৰেৱাৰ ৰাজপৰিয়ালৰ সদস্য।[1] ষ্টাৰ প্লাছৰ য়ে ৰিস্তা ক্যা কেহলাতা হ্যায় ছবিত কীৰ্তি গোৱেংকা সিংহানিয়াৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মোহেনা কুমাৰী সিং ৰেৱাৰ ৰাজকুমাৰী; তেওঁ ৰেৱাৰ ৰাজপৰিয়ালৰ ছোৱালী। ২০১৯ চনৰ ১৪ অক্টোবৰত [2] উত্তৰাখণ্ডৰ কেবিনেট মন্ত্ৰী সাতপল মহাৰাজৰ পুত্ৰ সুয়েশ ৰাৱটৰ সৈতে তেওঁৰ বিবাহ পাশত আৱদ্ধ হয়।[3][4][5] ২০২২ চনৰ ১৫ এপ্ৰিলত এই দম্পতীহালে এজন ল'ৰা আৰু ২০২৪ চনৰ ২ এপ্ৰিলত এগৰাকী কন্যা সন্তানক আদৰণি জনায়।[6][7]
কৰ্ম জীৱন
[সম্পাদনা কৰক]২০১২ চনত ডান্স ইণ্ডিয়া ডান্সৰ দ্বাৰা তেওঁ প্ৰথম টেলিভিছনৰ পৰ্দাত আবিৰ্ভাব হৈছিল,[8] তাৰ পিছত তেওঁ ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’, দেধ ইছকিয়া, আৰু য়েহ জাৱানী হায় দীৱানীৰ দৰে বিভিন্ন প্ৰজেক্টত ৰেমো ডি’ছৌজাৰ সহকাৰী কৰিঅ’গ্ৰাফাৰ হিচাপে কাম কৰি আহিছে। দিল দস্তী ডান্স (২০১৫) ছবিখনত ছাৰাৰ চৰিত্ৰত অভিনয় জীৱন আৰম্ভ কৰিছিল। চেলিব্ৰিটি ডান্স ৰিয়েলিটি শ্ব' ঝলক দিখলা জাৰ বহু ছিজনত কোৰিঅ'গ্ৰাফাৰ হিচাপেও কাম কৰিছিল। তেওঁ য়েহ ৰিষ্ঠা ক্যা কেহলাতা হাই ধাৰাবাহিকত অভিনয় কৰিছিল আৰু ষ্টাৰ প্লাছ (২০১৬)ৰ ছিলচিলা প্যাৰ কাতো দেখা গৈছিল।[citation needed] ডান্স ইণ্ডিয়া ডান্সত তেওঁ সামগ্ৰিকভাৱে পঞ্চম স্থান দখল কৰিছিল। ইয়াৰ উপৰিও ইউটিউব চেনেল, ‘ৰিমোৰভ ভল’গ্ছ’ৰ লগতে তেওঁৰ য়েহ ৰিষ্ঠা ক্যা কেহলাতা হাইৰ সহ অভিনেতা ঋষি দেৱ আৰু গৌৰৱ ৱাধৱাও আছিল। ইয়াত তেওঁলোকে ২ বছৰ নৌহওঁতেই ২০ লাখতকৈ অধিক গ্ৰাহক লাভ কৰিছিল। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ সৈতে বিভাজনৰ পিছত মোহেনা কুমাৰীয়ে নিজাকৈ ইউটিউব চেনেল 'MOHENA VLOGS' আৰম্ভ কৰে।
ফিল্মগ্ৰাফী
[সম্পাদনা কৰক]টেলিভিছন
[সম্পাদনা কৰক]বছৰ:- শিৰোনাম:- ভূমিকা:-
২০১১-২০১২ চনত ডান্স ইণ্ডিয়া ডান্স (চিজন ৩)- প্ৰতিযোগী- চতুৰ্থ ৰানাৰ্ছ আপ [8]
২০১৩ চনত কবুল হাই - বিশেষ উপস্থিতি
২০১৫ চনত দিল দস্তী ডান্স-ভূমিকাত- চাৰা
পিয়াৰ তুনে কিয়া ক্যা- ভূমিকাত-ঝানভি- ছিজন ৫
২০১৫-২০১৬ চনত টুইষ্ট ৱালা লাভ - সাধুকথা ৰিমিক্সড-ভূমিকাত- নাটাছা- বিশেষ উপস্থিতি
২০১৫-২০১৬ চনত গুমৰাহ:এণ্ড অব্ ইনচেন্স- ভূমিকাত-এ এছ পি সুমেধা- ছিজন ৫
২০১২-২০১৫ চনত ঝলক দিখলা জা- নৃত্য পৰিচালক- ছিজন ৫-৮
২০১৬ চনত ছিলচিলা পিয়াৰ কা-ভূমিকাত- আৰতি সিং- কেমিঅ'
-২০১৯ চনত ফিয়েৰ ফাইল-ভূমিকাত- ৰঞ্জনা
২০১৪-২০১৬ চনত নয়া আকবৰ বীৰবল- ভূমিকাত-ৰাজকুমাৰী ৰূপালী
২০১৬–২০১৯ চনত য়েহ ৰিষ্ঠা ক্যা কেহলাতা হায়- ভূমিকাত-কীৰ্তি গোৱেংকা সিংহানিয়া- পুনৰাবৃত্তিমূলক ভূমিকা [1]
২০১৭ চনত ইছকবাজ- ভূমিকাত-কীৰ্তি গোৱেংকা সিংহানিয়া- অতিথি হিচাপে উপস্থিত
চনত কিট্চেন চেম্পিয়ন -প্ৰতিযোগী [9]
চিনেমা
[সম্পাদনা কৰক]২০১৩ চনত বোলছবি এবিচিডিত নৃত্যশিল্পীৰ ভূমিকাত- গীত: "মান বসিয়ো সাৱাৰিয়ো"।
মিউজিক ভিডিঅ'
[সম্পাদনা কৰক]- মোহিত চৌহানৰ তুমহাৰী আৰজু
- জিপি গ্ৰেৱালৰ দ্বাৰা গুচি ভল্ট টাম
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]২০১৯ চনত য়েহ ৰিষ্ঠা ক্যা কেহলাতা হায় ছবিত কীৰ্তি গোৱেংকা সিংহানিয়াৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰী হয় আৰু ভাৰতীয় টেলি বঁটা লাভ কৰে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Yeh Rishta Kya Kehlata Hai's Shivangi Joshi, Mohena Singh and team turn in to fairies for a special episode". The Times of India. https://timesofindia.indiatimes.com/yeh-rishta-kya-kehlata-hais-shivangi-joshi-mohena-singh-and-team-turn-in-to-fairies-for-a-special-episode/photostory/65338488.cms.
- ↑ "Mohena Kumari reveals what made her fall for husband Suyesh Rawat". Hindustan Times. https://www.hindustantimes.com/tv/mohena-kumari-reveals-what-made-her-fall-for-husband-suyesh-rawat/story-GkJe2HHst6jt1KiDFSWRjP.html.
- ↑ "Mohena Kumari Singh gets a royal reception in Rewa after grand wedding in Haridwar. See pics, videos" (en ভাষাত). Hindustan Times. 13 November 2019. https://www.hindustantimes.com/tv/mohena-kumari-singh-gets-a-royal-reception-in-rewa-after-gran-d-wedding-in-haridwar-see-pics-videos/story-nIKAkwtyHl0h8nyjo0iyjK.html। আহৰণ কৰা হৈছে: 8 January 2020.
- ↑ "PM Modi attends Mohena Kumari Singh's royal reception in Delhi, clicks selfies". https://www.freepressjournal.in/india/pm-modi-attends-mohena-kumari-singhs-royal-reception-in-delhi-clicks-selfies.
- ↑ "PM Modi attends Mohena Kumari Singh's royal reception in Delhi, clicks selfies". https://www.freepressjournal.in/cmcm/in-pictures-is-yeh-rishta-kya-kehlata-hai-actress-mohena-singh-engaged.
- ↑ "120 साल बाद रीवा रियासत की किसी बेटी ने बेटे को दिया जन्म, उत्तराखंड से है ये खास कनेक्शन". News 18. https://hindi.news18.com/news/uttarakhand/dehradun-satpal-maharaj-younger-son-suyash-rawat-wife-mohina-singh-gave-birth-to-a-baby-boy-nodark-4196040.html.[সংযোগবিহীন উৎস]
- ↑ Yadav, Prerna (16 April 2022). "Yeh Rishta Kya Kehlata Hai fame Mohena Kumari blessed with baby boy | Tv News – India TV" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/entertainment/tv/yeh-rishta-kya-kehlata-hai-mohena-kumari-blessed-with-baby-boy-suyesh-rawat-latest-celeb-news-2022-04-16-770114। আহৰণ কৰা হৈছে: 25 May 2022.
- ↑ 8.0 8.1 Priyanka Srivastava (13 January 2012). "Rewa Princess takes part in Dance India Dance Season 3" (en ভাষাত). India Today. https://www.indiatoday.in/india/north/story/rewa-princess-mohena-singh-dance-india-dance-season-3-89493-2012-01-13। আহৰণ কৰা হৈছে: 8 January 2020.
- ↑ Team, Filmymonkey (1 April 2019). "'Yeh Rishta..' actress Mohena Kumari Singh & 'Khatron Ke Khiladi 9' winner Punit Pathak to be seen in Kitchen Champion" (en-US ভাষাত). news.abplive.com. https://news.abplive.com/entertainment/television/yeh-rishta-kya-kehlata-hai-actress-mohena-kumari-singh-to-be-seen-in-kitchen-champion-954839। আহৰণ কৰা হৈছে: 9 January 2020.