সমললৈ যাওক

মোৱাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্বীপৰ অন্তৰ্ভাগলৈ মুখ কৰি থকা কেইটামান মোৱাই। এই মূৰ্তিকেইটা ১৯৯০ৰ দশকত চিলিৰ প্ৰত্নতাত্বিক ক্লডিঅ' ক্ৰিষ্টিয়ান'ই পুনৰ্প্ৰতিষ্ঠা কৰিছিল।

মোৱাই (/ˈmoʊ.aɪ/ MOH-eye; স্পেনিছ: moái; ৰাপা নুই: moʻai, আক্ষৰিক অৰ্থ 'মূৰ্তি') হৈছে ১২৫০ৰ পৰা ১৫০০ খ্ৰীষ্টাব্দৰ ভিতৰত পূব পলিনেছিয়াৰ ৰাপা নুইত (ঈষ্টাৰ দ্বীপ) ৰাপা নুই জনগোষ্ঠীয়ে শিলৰ পৰা কাটি উলিওৱা একশিলাৰে গঠিত মনুষ্য মূৰ্তি[1][2]। প্ৰায় আধাসংখ্যক মূৰ্তি এতিয়াও ৰানো ৰাৰাকুত আছে, যি হৈছে মূল মোৱাই খনি, কিন্তু আন কেইবাশ মূৰ্তি তাৰ পৰা স্থানান্তৰ কৰি দ্বীপটোৰ চাৰিওকাষৰ সীমাত থকা আহু নামৰ শিলৰ মঞ্চত স্থাপন কৰা হৈছিল। প্ৰায় আটাইবোৰ মোৱাইৰ মূৰ অতি ডাঙৰ, যি সমগ্ৰ মূৰ্তিৰ আকাৰৰ আঠভাগৰ তিনিভাগ। লগতে এই মূৰ্তিবোৰৰ ভৰি নাই। মোৱাইবোৰ মূলতঃ দেৱতাস্বৰূপ পূৰ্বপুৰুষৰ (আৰিঙ্গা অৰা আটা টেপুনা) জীৱন্ত মুখ (আৰিঙ্গা অৰা)।[3]

১৭২২ চনত যেতিয়া ইউৰোপীয়সকলে প্ৰথমবাৰৰ বাবে দ্বীপটোলৈ ভ্ৰমণ কৰিছিল, তেতিয়া মূৰ্তিবোৰে নিজৰ গোষ্ঠীৰ ভূমিৰ ফালে চাই থাকিছিল। কিন্তু ১৯ শতিকাৰ শেষৰ ফাললৈ আটাইবোৰ মূৰ্তি বাগৰি পৰিছিল।[4] ১৮ শতিকাৰ শেষৰভাগ আৰু ১৯ শতিকাৰ আৰম্ভণিৰ ফালে মোৱাইবোৰক পেলাই দিয়া হৈছিল, যি সম্ভৱতঃ ইউৰোপীয় সংস্পৰ্শ বা গোষ্ঠীগত অন্তৰ্বিবাদৰ ফলত হৈছিল।[5]

৯০০তকৈ অধিক মূৰ্তি নিৰ্মাণ আৰু পৰিবহণক এক অভূতপূৰ্ব সৃজনীশীল আৰু শাৰীৰিক কৃতিত্ব বুলি গণ্য কৰা হয়।[6][7] স্থাপন কৰা আটাইতকৈ ওখ মোৱাইটো, যিটো পাৰো নামেৰে খ্যাত, প্ৰায় ১০ মিটাৰ (৩৩ ফুট) ওখ আৰু ৮২ টন ওজনৰ আছিল। আটাইতকৈ গধুৰ মোৱাইটো আছিল আহু টংগাৰিকিত থকা চাপৰ কিন্তু বেচ স্থূলকায় এক মূৰ্তি, যাৰ ওজন আছিল ৮৬ টন।[8] আন এটা অসমাপ্ত শিল্পকৰ্ম যদি সমাপ্ত হ’লহেতেন, প্ৰায় ২১ মিটাৰ (৬৯ ফুট) ওখ হ’লহেতেন, আৰু ওজন হ’লহেতেন প্ৰায় ১৪৫–১৬৫ টন। ২০২৩ চনলৈকে মূৰ্তি আবিষ্কাৰৰ কাম অব্যাহত আছে।[9]

ৰানো ৰাৰাকুৰ পাহাৰৰ দাঁতিত থকা মোৱাই

মোৱাইবোৰ একশিলাৰে গঠিত মূৰ্তি, আৰু ইয়াৰ ন্যূনতম শৈলীয়ে সমগ্ৰ পলিনেছিয়াত পোৱা চানেকিসমূহক প্ৰতিফলিত কৰে। মোৱাইবোৰ এবিধ ৰন্ধ্ৰযুক্ত আগ্নেয় শিল(ঘনীভূত ছাই)ৰ পৰা কটা হয়। শিলৰ দেৱালত প্ৰথমে মানৱ আকৃতিবোৰৰ ৰূপৰেখা আঁকি, তাৰ পিছত কেৱল মূৰ্তিটোৱেই অৱশিষ্ট থাকি যোৱালৈকে শিলবোৰ চকলিয়াই কাটি এৰুওৱা হৈছিল।[10]bঅতি ডাঙৰ মূৰবোৰৰ (মূৰ আৰু ডিঙি-বুকুৰ মাজত অনুপাত তিনি:পাঁচ, যি পলিনেছিয়ানসকলে বিশ্বাস কৰা মূৰৰ পবিত্ৰতাৰ সৈতে সুসংগত এক ভাস্কৰ্য বৈশিষ্ট্য) গধুৰ ভ্ৰূ আৰু দীঘল নাক আছে, যাৰ নাকৰ ছিদ্ৰবোৰত এক সুকীয়া বৰশীৰ আকৃতিৰ পাক থাকে। ওঁঠবোৰ পাতল আৰু বাহিৰলৈ ওলোৱা ভংগীৰ। নাকৰ দৰে কাণবোৰো দীঘলীয়া। চেপেটা ডিঙিৰ বিপৰীতে দাঁত দুপাৰি ধৰি ৰখা হাড়ৰ ৰেখাবোৰ স্পষ্টভাৱে ওলাই থাকে। মুখমণ্ডলৰ তলৰ দেহাংশটো গধুৰ; কেতিয়াবা শিলতে কাচিহাড়বোৰো সূক্ষ্মভাৱে চিত্ৰিত কৰা থাকে। বাহুকেইটা খোদিত নিম্নোন্নত ভাস্কৰ্য (Bas relief) হিচাপে কটা হয় আৰু বিভিন্ন ভংগীত শৰীৰৰ বিপৰীতে অৱস্থান কৰি থাকে, হাত আৰু দীঘল সৰু আঙুলিবোৰ নিতম্বৰ শীৰ্ষৰ কাষত থাকে, হামি (কঁকালৰ কাপোৰ)ৰ ওচৰত লগ লাগে, আৰু কেতিয়াবা বুঢ়া আঙুলিবোৰ নাভিলৈ সূচায়। সাধাৰণতে পিঠিৰ শাৰীৰিক গঠনসমূহৰ বিৱৰণ দিয়া নাথাকে, কিন্তু কেতিয়াবা নিতম্ব আৰু কঁকালৰ তলত এটা বেণী আৰু কঁকালপটিৰ চিত্ৰ থাকে। এটা আঁঠু লৈ থকা মোৱাইৰ বাহিৰে, মূৰ্তিবোৰৰ স্পষ্টকৈ দৃশ্যমান ভৰি নাই।

ৰানো ৰাৰাকুত থকা মোৱাই কুৱেৰী

যদিও মোৱাইবোৰ সমগ্ৰ শৰীৰটোৰ মূৰ্তি, কিছুমান জনপ্ৰিয় সাহিত্যত ইয়াক "ইষ্টাৰ দ্বীপৰ মূৰ" বুলি কয়। ইয়াৰ এটা কাৰণ হৈছে বেছিভাগ মোৱাইৰ মূৰৰ অসামঞ্জস্যপূৰ্ণ আকাৰ, আৰু আনটো কাৰণ হৈছে দ্বীপটোৰ বহুতো ছবিত ৰানো ৰাৰাকুৰ ঢালত থিয় দি থকা মূৰ্তিবোৰ দেখুওৱা হয়, যিবোৰ প্ৰায়ে কান্ধলৈ পোত খাই থাকে। ইয়াতে এটা জনপ্ৰিয় ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হৈছে যে সিহঁতৰ শৰীৰ নাই। ৰানো ৰাৰাকুত থকা কিছু "মূৰ" খনন কৰি চোৱাত সেইবোৰৰ শৰীৰ দেখা গৈছে, আৰু দেখা গৈছে যে পোত খাই থকাৰ বাবে শৰীৰৰ কিছুমান চিহ্ন ক্ষয়ৰ পৰা ৰক্ষা পৰিছে।

মোৱাইবোৰৰ গড় উচ্চতা প্ৰায় ৪ মিটাৰ (১৩ ফুট), আৰু ভেটিৰ গড় প্ৰস্থ প্ৰায় ১.৬ মিটাৰ (৫.২ ফুট)। এই বিশিষ্ট সৃষ্টিবোৰৰ প্ৰতিটোৰ গড় ওজন প্ৰায় ১২.৫ টন (১৩.৮ টন)।

বৰ্তমানলৈকে জনা ৯০০তকৈ অধিক মোৱাইৰ ভিতৰত ৫৩ টি বাদ দি বাকী সকলোবোৰ ৰানো ৰাৰাকুৰ টাফ (এক সংকুচিত জ্বালামুখী ছাই)ৰ পৰা কটা হৈছিল। তাত আজিলৈকে বিভিন্ন অৱস্থাত থকা ৩৯৪ টি মোৱাই দেখা পোৱা যায়। ইয়াৰ উপৰিও ১৩ টি মোৱাই বেছাল্ট পাথৰৰ পৰা, ২২ টি ট্ৰেকাইট পাথৰৰ পৰা আৰু ১৭ টি ভঙ্গুৰ ৰঙা স্কোৰিয়া পাথৰৰ পৰা কটা হৈছিল। কাম শেষ হোৱাৰ পিছত, শিল্পীসকলে মূৰ্তিবোৰ পিউমিছ শিলেৰে ঘঁহি মিহি কৰিছিল।

বিশেষত্ব

[সম্পাদনা কৰক]
পুনৰুদ্ধাৰিত পুকাও টুুপী আৰু চকুৰ প্ৰতিৰূপ সংলগ্ন এটি টাফ মোৱাই আহু টাহাইত পুনৰ্সংস্থাপন কৰা দৃশ্য

ঈষ্টাৰ দ্বীপৰ মূৰ্তিবোৰ ইয়াৰ ডাঙৰ, বহল নাক আৰু ডাঙৰ থুঁতৰি, আয়তাকাৰ কাণ আৰু চকুৰ গভীৰ ছিদ্ৰৰ বাবে পৰিচিত। ইহঁতৰ শৰীৰ সাধাৰণতে আঁঠু ভাঁজ কৰি বহি থকা অৱস্থাত থাকে, বাহুবোৰ বিভিন্ন ভংগীত থাকে আৰু কোনো ভৰি নাথাকে। অধিকাংশ মোৱাই মঞ্চ সমুদ্ৰতীৰৰ কাষত দেখা যায় আৰু ই নিজ সম্প্ৰদায়ৰ ফালে মুখ কৰি থাকে। আহু আকিভিৰ দৰে কিছু মঞ্চ ভিতৰভাগতো আছে। এই মোৱাইবোৰে সম্প্ৰদায়ৰ ফালে মুখ কৰি থাকে যদিও দ্বীপখনৰ আকাৰ সৰু হোৱাৰ বাবে ই সমুদ্ৰতীৰৰ ফালেও চাই থকা যেন দেখা যায়।

১৯৭৯ চনত, ছাৰ্জিঅ' ৰাপু হাওৱা আৰু পুৰাতত্ত্ববিদসকলৰ এক দলে আৱিষ্কাৰ কৰে যে অৰ্ধগোলাকাৰ বা গভীৰ উপবৃত্তাকাৰ চকুৰ গহ্বৰবোৰ পোৱালমণিৰ চকু সুমুৱাবলৈ সজা হৈছিল, য'ত চকুৰ মণি হিচাপে আছিল ক'লা অবচিডিয়ান বা ৰঙা স্কোৰিয়াৰ পাথৰ। বিভিন্ন ঠাইত পোৱা ভগ্ন পোৱালমণিৰ টুকুৰাবোৰ সংগ্ৰহ কৰি সেইবোৰ পুনৰ সংযোজন কৰাত এই কথাটো আৱিষ্কাৰ কৰিব পৰা গৈছিল। পৰৱৰ্তী সময়ত, ঈষ্টাৰ দ্বীপৰ সংগ্ৰহালয়ত ৰখা আগতে শ্ৰেণীবদ্ধ কৰা নোহোৱা বস্তুবোৰ পুনৰ পৰীক্ষা কৰি চকুৰ টুকুৰা হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। খোদিত চকুৰ গহ্বৰযুক্ত মোৱাইবোৰ সম্ভৱতঃ আহু আৰু আনুষ্ঠানিক স্থানবোৰলৈ পঠিওৱা হৈছিল। যাৰ পৰা ইংগিত পোৱা যায় যে টাংগা মানু সম্বন্ধীয় ধৰ্মীয় উত্থান হোৱাৰ পূৰ্বতে মোৱাই মূৰ্তিৰ আৰ্হিত এক নিৰ্বাচিত পদানুক্ৰম আৰোপ কৰা হৈছিল।

প্ৰতীকীবাদ

[সম্পাদনা কৰক]

বহুতো পুৰাতত্ত্ববিৰ মতে "মূৰ্তিবোৰ আছিল ধাৰ্মিক আৰু ৰাজনৈতিক ক্ষমতা আৰু শক্তিৰ প্ৰতীক। অৱশ্যে সেইবোৰ কেৱল প্ৰতীক নাছিল। যিসকলে মূৰ্তিবোৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰিছিল, তেওঁলোকৰ বাবে এইবোৰ আছিল পৱিত্ৰ আত্মাৰ প্ৰকৃত আধাৰ। প্ৰাচীন পলিনেছিয়ান ধৰ্মত শিল আৰু কাঠৰ কটা বস্তুবোৰ যেতিয়া সঠিকভাৱে আৰু ৰীতি-নীতিৰে প্ৰস্তুত কৰা হৈছিল, তেতিয়া ইহঁত মানা নামৰ এক যাদুকৰী আধ্যাত্মিক শক্তিৰে উদ্ভাসিত হৈছিল বুলি বিশ্বাস কৰা হৈছিল।"

পুৰাতত্ত্ববিদসকলে বিশ্বাস কৰে যে মূৰ্তিবোৰ আছিল প্ৰাচীন পলিনেছিয়ানসকলৰ পূৰ্বপুৰুষক কৰা চিত্ৰণ।মোৱাই মূৰ্তিবোৰে সাগৰৰ পৰা মুখ ঘূৰাই যেন তাত থকা লোকসকলক চকু ৰাখিবলৈ গাঁৱৰ ফালে মুখ কৰি আছে। ব্যতিক্ৰম হৈছে সাতটা আহু আকিভি, যিয়ে সমুদ্ৰৰ ফালে মুখ কৰি আছে যাতে ভ্ৰমণকাৰীসকলে দ্বীপটো বিচাৰি পায়। এটা কিম্বদন্তী আছে যে সাতগৰাকী মানুহ আছিল যিয়ে তেওঁলোকৰ ৰজা অহালৈ বাট চাই আছিল। ২০১৯ চনৰ এক অধ্যয়নৰ সিদ্ধান্ত মতে প্ৰাচীন লোকসকলে বিশ্বাস কৰিছিল যে মোৱাইৰ কুৱেৰীৰ কাম মাটিৰ উৰ্বৰতা উন্নত কৰাৰ লগত জড়িত, আৰু ফলস্বৰূপে জীৱনদায়ী খাদ্য যোগানৰ সৈতে জড়িত।

ইষ্টাৰ দ্বীপৰ মানচিত্ৰখনত দ্বীপটোৰ বিভিন্ন স্থানত থকা আহু মঞ্চসমূহ মোৱাইৰ জৰিয়তে দেখুওৱা হৈছে।

মূৰ্তিবোৰ দ্বীপখনৰ আদিবাসী পলিনেছিয়ানসকলৰ দ্বাৰা প্ৰধানতঃ ১২৫০ আৰু ১৫০০ চনৰ মাজৰ সময়ছোৱাত খোদিত কৰা হৈছিল। স্বৰ্গীয় পূৰ্বপুৰুষক প্ৰতিনিধিত্ব কৰাৰ উপৰিও, মোৱাইবোৰ এবাৰ আহু (শিলৰ মঞ্চ)ত স্থাপন কৰাৰ পিছত, জীয়াই থকা বা পূৰ্বৰ সবল মুখিয়াল আৰু বংশৰ মৰ্য্যাদাৰ প্ৰতীক হিচাপেও গণ্য কৰা হ'ব পাৰে। প্ৰতিটো মোৱাইয়ে এক পদমৰ্য্যাদা প্ৰদৰ্শন কৰিছিল: "আহু এটাৰ ওপৰত স্থাপন কৰা মূৰ্তিটো যিমান ডাঙৰ, সেইটো নিৰ্মাণৰ আদেশ দিয়া মুখিয়ালজনৰ মানা (আধ্যাত্মিক শক্তি) সিমান বেছি আছিল।" আটাইতকৈ ডাঙৰ মূৰ্তিৰ বাবে প্ৰতিযোগিতা ইষ্টাৰ দ্বীপবাসীৰ সংস্কৃতিত সদায় প্ৰবল আছিল। তাৰ প্ৰমাণ মোৱাইবোৰৰ ভিন্ন আকাৰৰ পৰা পোৱা যায়।

সম্পূৰ্ণ মূৰ্তিবোৰ প্ৰায়ে উপকূলৰ কাষত থকা আহুলৈ স্থানান্তৰিত কৰা হৈছিল, তাৰ পিছত স্থাপন কৰা হৈছিল। কেতিয়াবা তেওঁলোকৰ মূৰত পুকাও (ৰঙা শিলৰ নলাকাৰ চিলিণ্ডাৰ) সংযুক্ত কৰি স্থাপন কৰা হৈছিল। মোৱাই নিৰ্মাণ আৰু পৰিবহণ বহু সময়সাপেক্ষ কাম আছিল; কেৱল প্ৰতিটো মূৰ্তি খোদাই কৰাতেই শ্ৰম আৰু সম্পদৰ প্ৰয়োজন নহয়, সমাপ্ত মূৰ্তিটো তাৰ অন্তিম স্থানলৈ টানি নিয়া আৰু স্থাপন কৰাও এটা ডাঙৰ কাম আছিল।

ইউনিক'ডৰ চৰিত্ৰ

[সম্পাদনা কৰক]

২০১০ চনত মোৱাইক ইউনিক’ড সংস্কৰণ ৬.০ ত ক'ড পইণ্ট U+1F5FFৰ সৈতে "ঈষ্টাৰ দ্বীপৰ মোৱাইৰ দৰে জাপানী শিলৰ মূৰ্তি" বুলি উল্লেখ কৰি "মোয়াই" ইম'জি (🗿) হিচাপে সংযুক্ত কৰা হৈছিল।

ইম'জিৰ আনুষ্ঠানিক ইউনিক'ড নামটো 'মোয়াই' বুলি উচ্চাৰণ কৰা হয় কাৰণ ইম'জিটোৱে প্ৰকৃততে টকিঅ'ৰ শিবুয়া ষ্টেছনৰ ওচৰত থকা মোয়াই মূৰ্তিটোক চিত্ৰিত কৰে। এই মূৰ্তিটো আছিল নি-জিমা দ্বীপৰ (টকিঅ'ৰ পৰা ১৬৩ কিলোমিটাৰ দূৰত অৱস্থিত যদিও প্ৰশাসনিকভাৱে চহৰৰ অংশ) লোকসকলৰ পৰা এক উপহাৰ, যি ঈষ্টাৰ দ্বীপৰ মোৱাইৰ পৰা অনুপ্ৰাণিত হৈছিল। মূৰ্তিটোৰ নামটো "মোৱাই" আৰু জাপানী উপভাষাৰ শব্দ মোয়াই (催合い) 'এজনে আনজনক সহায় কৰা'ৰ সংমিশ্ৰণৰ পৰা আহৰণ কৰা হৈছিল।

১৯৯০ৰ দশকত জাপানী ম'বাইল পৰিসেৱাসমূহে প্ৰথমতে ব্যৱহাৰ কৰা মালিকানাস্বত্ব ইম'জিসমূহ ইউনিক'ডে গ্ৰহণ কৰাৰ লগে লগে, বিভিন্ন কোম্পানীয়ে এই ইম'জিৰ বাবে অসংগত চিত্ৰ গ্ৰহণ কৰিছিল, যিয়ে এটা মোৱাই অথবা টকিঅ'ৰ মোয়াই মূৰ্তিক চিত্ৰিত কৰিছিল। গুগল আৰু মাইক্ৰছফ্টৰ ইম'জিৰো প্ৰথমতে টকিই'ৰ মোয়াই মূৰ্তিৰ সৈতে সাদৃশ্য আছিল; অৱশ্যে, পিছলৈ ইম'জিসমূহক মোৱাইৰ সৈতে মিল কৰিবলৈ সংশোধন কৰা হৈছিল।

ইয়াৰ উদ্দেশ্য যিয়েই নাথাকক, ইণ্টাৰনেট সংস্কৃতিত ইম'জিটো সাধাৰণতে এটা মীম হিচাপে ব্যৱহাৰ কৰা হয় যিয়ে এক নিৰ্বিকাৰ অভিব্যক্তি প্ৰতিনিধিত্ব কৰিবলৈ বা বিশেষভাৱে ব্যংগাত্মক ধৰণে কোৱা কথা বুজাবলৈ ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Steven R Fischer. The island at the end of the world. Reaktion Books 2005 আই.এচ.বি.এন. 1-86189-282-9
  2. The island at the end of the world. Reaktion Books 2005 আই.এচ.বি.এন. 1-86189-282-9
  3. Van Tilburg, Jo Anne. "Easter Island Statue Project". Eisp.org. http://www.eisp.org/। আহৰণ কৰা হৈছে: 10 March 2014. 
  4. Hunt, Terry; Lipo, Carl (2012). The Statues That Walked: Unraveling the Mystery of Easter Island. Free Press. ISBN 978-1-4391-5031-3. 
  5. Collapse: How Societies Choose to Fail or Succeed by Jared Diamond
  6. "Easter Island Statue Project". http://www.eisp.org/category/about/। আহৰণ কৰা হৈছে: 9 January 2019. 
  7. Lipo, Carl P.; Hunt, Terry L.; Haoa, Sergio Rapu (2013). "The 'Walking' Megalithic Statues (Moai) of Easter Island". J. Archaeol. Sci. খণ্ড 40 (6): 2859. doi:10.1016/j.jas.2012.09.029. 
  8. "NOVA Online | Secrets of Easter Island | Stone Giants". Pbs.org. https://www.pbs.org/wgbh/nova/easter/civilization/giants.html। আহৰণ কৰা হৈছে: 9 June 2013. 
  9. "New Easter Island moai statue discovered in volcano crater" (en-GB ভাষাত). The Guardian. 2023-03-01. https://www.theguardian.com/world/2023/mar/02/new-easter-island-moai-statue-discovered-in-volcano-crater। আহৰণ কৰা হৈছে: 2023-03-04. 
  10. "What are Moai?". Thinkquest (discontinued). Archived from the original on 25 July 2013. https://web.archive.org/web/20130725155331/http://library.thinkquest.org/06aug/02100/easterislandmoai.htm। আহৰণ কৰা হৈছে: 6 October 2018.