মোৱামৰীয়া বিদ্ৰোহ আঁৰৰ কাহিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


১৭৬৯-১৮০৬ চন পৰ্যন্ত মোৱামৰীয়া বিদ্ৰোহে আহোম সাম্ৰাজ্য কঁপাই তুলিছিল। ষোল্ল শতিকাৰ শেহৰফালে অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মোৱামৰীয়া সত্ৰৰ শিষ্যসকলক মোৱামৰীয়া বোলা হয়। শাক্তধৰ্মী গদাধৰ সিংহই বৈষ্ণৱধৰ্মী। মোৱামৰীয়া বৈকুণ্ঠ দেৱক বধ কৰে। আনহাতে ৰুদ্ৰ সিংহই চতুৰ্ভুজদেৱক ৰাজসভাত অপমান কৰিছিল। শিৱসিংহই শাক্তধৰ্মৰ প্ৰভাৱ বৃদ্ধি কৰি মোৱামৰীয়াৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰে। লক্ষ্মীসিংহৰ দিনত কীৰ্তি চন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ চলায়। মোৱামৰীয়া সত্ৰৰ শিষ্য নাহৰ আৰু ৰাঘৱ ( ঘ ) মৰাণক কীৰ্তি চন্দ্ৰই মাৰপিট কৰাত মোৱামৰীয়াসকলৰ অসন্তুষ্টি বৃদ্ধি পায়। মোৱামৰীয়া সত্ৰৰ শিষ্যৰ ভিতৰত মৰাণ, আহোম, চুতীয়া, কছাৰী, কৈৱৰ্ত, কলিতা আদি আছিল। নাহৰ আৰু ৰাঘৱক কীৰ্তিচন্দ্ৰই কৰা অপমানৰ পোটক তুলিবলৈ মোৱামৰীয়াসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। এই বিদ্ৰোহ। শাসক শ্ৰেণীৰ শোষণ আৰু শোষিত পাইকসকলৰ মুক্তিৰ বাবে কৰা সংগ্ৰাম বুলি আধুনিক ইতিহাসবিদসকলে ক'ব বিচাৰে। ১৭৬৯ চনৰ ২১ নৱেম্বৰত মোৱামৰীয়াসকলে আহোম ৰাজ্য দখল কৰে আৰু ৰজা লক্ষ্মী সিংহক বন্দী কৰি কীৰ্তি চন্দ্ৰক মৃত্যুদণ্ড দিয়ে। মোৱামৰীয়া বিদ্ৰোহীয়ে নাহৰৰ পুতেক ৰমাকান্তক ৰজা পাতে আৰু ৰাঘৱক বৰবৰুৱাৰ পদ দিয়ে। বিদ্ৰোহীয়ে। পাঁচমাহ ৰাজ্য শাসন কৰাৰ পাছত ১৭৭০ চনৰ ১১ এপ্ৰিলত ৰাজেশ্বৰ সিংহৰ পত্নী কুৰংগনয়নীৰ বুদ্ধিমতে ৰমাকান্ত আৰু ৰাঘৱক হত্যা কৰি লক্ষ্মীসিংহ পুনৰ ৰজা হয়। লক্ষ্মীসিংহৰ পাছত ৰজা হোৱা গৌৰীনাথ সিংহই মোৱামৰীয়াৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰে। এই সময়ত ৰজাৰ। পৰামৰ্শদাতা হিচাপে আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই।

মোৱামৰীয়াৰ ওপৰত ৰজাৰ অত্যাচাৰ বৃদ্ধি পোৱাত ১৭৮৩ চনৰ ২১ এপ্ৰিলত মোৱামৰীয়াসকলে পুনৰ বিদ্ৰোহ আৰম্ভ কৰে। ১৭৮৬ চনত বিদ্ৰোহীয়ে গড়গাঁও আৰু ৰংপুৰ দখল কৰি ভৰত সিংহক ৰজা পাতে। ৰজা গৌৰীনাথ সিংহই পলাই গৈ ব্ৰিটিছৰ সহায় বিচৰাত ১৭৯২ চনৰ ৮ নৱেম্বৰত ব্ৰিটিছ কেপ্টেইন ৱেছ বিদ্ৰোহ দমন কৰিবলৈ আহে। ১৭৯৪ চনৰ ১৮ মাৰ্চত ব্ৰিটিছে ৰংপুৰ দখল কৰি শাসনভাৰ গৌৰীনাথ সিংহক প্ৰদান কৰে। আহোম ৰজাই মটকসকলৰ নেতা সৰ্বানন্দক বৰসেনাপতি উপাধি প্ৰদান কৰিব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ অঞ্চলটো মটক ৰাজ্য হিচাপে ঘোষণা কৰাত মোৱামৰীয়া বিদ্ৰোহৰসমাপ্তি ঘটিছিল। মোৱামৰীয়া বিদ্ৰোহৰ ফলত পাইক ব্যৱস্থাৰ অন্ত পৰিছিল।