সমললৈ যাওক

মৌচম নূৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌচম নূৰ
ৰাজ্যসভাৰ সসদ্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩ এপ্ৰিল ২০২০
ব্যক্তিগত তথ্য
জন্ম ১৫ অক্টোবৰ, ১৯৭৯ (৪৬ বছৰ)[1]
কলকাতা, পশ্চিম বংগ [1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছ (২০১৯-বৰ্তমান)
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ (২০০৯-২০১৯)
দাম্পত্যসঙ্গী মিৰ্জা কায়েছ বেগ (বি. ২০০৯)
সন্তান
মাতৃ ৰুবি নূৰ
বাসস্থান চাহজালালপুৰ, মালদা চিটি, মালদা জিলা
শিক্ষানুষ্ঠান কলকাতা বিশ্ববিদ্যালয় (LL.B.)
জীৱিকা উকীল
স্বাক্ষৰ

মৌচম বেনজিৰ নূৰ (ইংৰাজী: Mausam Noor ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে পশ্চিম বংগৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আৰু পশ্চিম বংগ মহিলা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে মালদা জিলা তৃণমূল কংগ্ৰেছৰ[3] সভানেত্ৰী আৰু মালদহ উত্তৰ লোকসভা সমষ্টিৰ সাংসদ আছিল।

নূৰ পশ্চিমবংগৰ মালদাৰ এটা ৰাজনৈতিক বঙালী মুছলমান পৰিয়ালৰ পৰা আহিছে। তেওঁৰ ককাক এ বি এ গনীখান চৌধুৰী ইন্দিৰা গান্ধীৰ তৃতীয় মন্ত্ৰীসভাৰ ৰেলমন্ত্ৰী আছিল। তেওঁ কলকাতাৰ লা মাৰ্টিনিয়েৰত পঢ়াশুনা কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ২০০৮ চনত তেওঁৰ মাতৃ ৰুবী নূৰৰ (পশ্চিম বংগ বিধানসভাৰ সুজাপুৰ সমষ্টিৰ তেতিয়াৰ বিধায়ক) মৃত্যুৰ পিছত মৌচমে ৰাজনীতিত প্ৰৱেশ কৰে। ২০০৯ চনৰ আৰম্ভণিতে একেটা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় আৰু মে’ মাহত লোকসভালৈ নিৰ্বাচিত হয়। ২০১১ চনত পশ্চিম বংগ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱা নূৰ দুবছৰৰ পিছত কংগ্ৰেছ দলৰ মালদা জিলা গোটৰ সভানেত্ৰী নিৰ্বাচিত হয়। ২০১৯ চনৰ জানুৱাৰী মাহত ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ প্ৰস্তাৱ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নাকচ কৰাৰ পিছতে তেওঁ তৃণমূল কংগ্ৰেছ দললৈ গমন কৰে।[4][5]