মৌনী ৰায়
| মৌনী ৰায় | |
|---|---|
![]() ২০২৪ চনত ৰায় | |
| জন্ম | ২৮ ছেপ্টেম্বৰ, ১৯৮৫ (৪০ বছৰ) কোচবিহাৰ, পশ্চিম বংগ, ভাৰত |
| শিক্ষানুষ্ঠান | মিাণ্ডা হাউচ জামিয়া মিলিয়া ইছলামিয়া |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৬–বৰ্তমান |
| দাম্পত্যসঙ্গী | সুৰজ নাম্বিয়াৰ (বি. ২০২২) |
মৌনী ৰায় (ইংৰাজী: Mouni Roy; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৫) — এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছন আৰু চলচ্চিত্ৰত কাম কৰে। ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা টেলিভিছন অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ৰায় নাগিন (২০১৫–২০১৬) আৰু ইয়াৰ পৰৱৰ্তী ধাৰাবাহিক নাগিন ২ (২০১৬–২০১৭)ত এজনী ইচ্ছাৰূপী নাগিনীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ব্যাপকভাৱে পৰিচিত।[1][2] তেওঁ এটা আইফা বঁটা আৰু দুটা ইণ্ডিয়ান টেলিভিছন একাডেমী বঁটাৰ লগতে দুটা ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে।
ৰায়ে ২০০৬ চনত টেলিভিছন শ্ব’ কিউকি চাশ্ব ভী কভী বহু থীৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।[3] ইয়াৰ পিছত তেওঁ দেৱোঁ কে দেৱ... মহাদেৱত সতী আৰু জুনুন – ঐচী নফৰত তো কৈচা ইষ্কত মীৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰায়ে হিৰো হিটলাৰ ইন লাভ (২০১১)ৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁ গোল্ড (২০১৮) ছবিৰ জৰিয়তে বলিউডত খোজ পেলায় আৰু ইয়াৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে। ২০২২ চনত ৰায়ে ফেণ্টাচী ছবি ব্ৰহ্মাস্ত্ৰ: পাৰ্ট ৱান – শিৱৰ বাবে প্ৰশংসা লাভ কৰে, যাৰ বাবে তেওঁ আইফা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা আৰু ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়।[4]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৮৫ চনৰ ২৮ ছেপ্টেম্বৰত পশ্চিম বংগৰ কোচবিহাৰত এটা বঙালী ভাষী ৰাজবংশী পৰিয়ালত ৰায়ৰ জন্ম হৈছিল।[5][6][7][8][9][10] তেওঁৰ ককাক শেখৰ চন্দ্ৰ ৰায় এগৰাকী প্ৰখ্যাত যাত্ৰা শিল্পী আছিল।[11] তেওঁৰ মাতৃ মুক্তি আছিল এগৰাকী থিয়েটাৰ শিল্পী আৰু পিতৃ অনিল ৰায় কোচবিহাৰ জিলা পৰিষদৰ এজন অফিচ ছুপাৰিণ্টেডেণ্ট আছিল।[5] তেওঁ বাবুৰহাটৰ কেন্দ্ৰীয় বিদ্যালয়ত দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিল আৰু তাৰ পিছত দিল্লীলৈ গৈছিল।[5][12]
তেওঁ মিাণ্ডা হাউচৰপৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু পিতৃ-মাতৃৰ জেদত জামিয়া মিলিয়া ইছলামিয়াত গণসংযোগ (mass communication) অধ্যয়ন কৰিছিল। কিন্তু আধাতে পাঠ্যক্ৰম এৰি দি তেওঁ হিন্দী চলচ্চিত্ৰ জগতত ভাগ্য পৰীক্ষা কৰিবলৈ মুম্বাইলৈ গুচি যায়।[13] তেওঁ পাৰ্ট ১ পৰীক্ষা দি উঠিছিল আৰু তাৰ পিছত পুনৰ দিল্লীলৈ উভতি যোৱা নাছিল। মৌনী সৰুৰেপৰাই অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল আৰু অভিনেত্ৰী মধুবালা, মাধুৰী দীক্ষিত আৰু ৱাহিদা ৰহমানক নিজৰ অভিনয়ৰ আদৰ্শ বুলি গণ্য কৰে।[14][15]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সংযুক্ত আৰৱ এমিৰেটছলৈ (UAE) সঘনাই কৰা ভ্ৰমণৰ বাবে মৌনী ৰায়ক দেশখনৰ গল্ডেন ভিছা প্ৰদান কৰা হৈছে।[16] তিনিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০২২ চনৰ ২৭ জানুৱাৰীত তেওঁ ডুবাইত কৰ্মৰত মালয়ালী ব্যৱসায়ী সুৰজ নাম্বিয়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। গোৱাৰ পানাজীত বঙালী আৰু মালয়ালী—উভয় পৰম্পৰাগত ৰীতি-নীতিৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল।[17][18]
অন্যান্য কাম আৰু মাধ্যমৰ ছবি
[সম্পাদনা কৰক]
ৰায়ে ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত টেলিভিছন অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।[19][20] টাইমছ অৱ ইণ্ডিয়াই নাগিন ধাৰাবাহিকখনক ৰায়ৰ কেৰিয়াৰৰ বাবে এক টাৰ্ণিং পইণ্ট বা "গেম-চেঞ্জাৰ" বুলি অভিহিত কৰিছে।[21] ব্ৰহ্মাস্ত্ৰ: পাৰ্ট ৱান – শিৱ মুক্তি পোৱাৰ পিছত ফিল্মফেয়াৰৰ ময়ূখ মজুমদাৰে তেওঁক "ছবিখনৰ নিৰ্বিবাদ তাৰকা" বুলি আখ্যা দিছিল।[22] ফাইনেন্সিয়েল এক্সপ্ৰেছ-এ উল্লেখ কৰিছিল যে ৰায়ে অভিনয় কৰা 'জুনুন' চৰিত্ৰটো শেহতীয়া সময়ছোৱাত বলিউডে দেখা "শ্ৰেষ্ঠ খলনায়ক" হিচাপে বিবেচিত হ'ব।[23] ৰায়ে প্ৰায়ে টাইমছ অৱ ইণ্ডিয়াৰ "৫০ গৰাকী আটাইতকেই কাংক্ষিত মহিলা"ৰ তালিকাত স্থান লাভ কৰি আহিছে। তেওঁ ২০১৭ চনত ৩৫তম, ২০১৮ চনত ৩২তম,[24] ২০১৯ চনত ৪১তম আৰু ২০২০ চনত ৪৪তম স্থান লাভ কৰিছিল।[25] একেখন প্ৰকাশনৰ ২০১৭ চনৰ "টেলিভিছনৰ ২০ গৰাকী আটাইতকেই কাংক্ষিত মহিলা"ৰ তালিকাত তেওঁ ৩য় স্থান লাভ কৰিছিল।[26] ২০১৮ চনত টেলিভিছনৰ "শীৰ্ষ ১০ জনপ্ৰিয় অভিনেত্ৰী"ৰ তালিকাত তেওঁক ৪ৰ্থ স্থান দিয়া হৈছিল।[27] ২০২৩ চনত টাইমছ নাওৰ "জনপ্ৰিয় অভিনেত্ৰী"ৰ তালিকাত তেওঁ অষ্টম স্থানত আছিল।[28]
ৰায় ব্ৰায়ান এণ্ড কেণ্ডি, জয় আৰু স্পাৱেক আদিকে ধৰি বিভিন্ন ব্ৰেণ্ড আৰু সামগ্ৰীৰ এজন বিশিষ্ট চেলিব্ৰিটি এণ্ডোৰ্চাৰ।[29][30][31] ২০২৩ চনৰ মাৰ্চ মাহত ৰায়ে অক্ষয় কুমাৰ, দিশা পাটানী, নোৰা ফটেহী, সোণম বাজৱা, অপৰশক্তি খুৰানা আৰু জহৰাহ এছ খানৰ সৈতে আমেৰিকাৰ বিভিন্ন চহৰত "দ্য এণ্টাৰটেইনাৰ্ছ" ভ্ৰমণত অংশগ্ৰহণ কৰিছিল।[32][33] ৰায়ে কেইবাটাও সামাজিক কাৰ্যৰ সৈতেও জড়িত। ক’ভিড-১৯ সংকটৰ সময়ত তেওঁ আৰ্তজনৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছিল।[34] ২০২০ চনত আমফান ঘূৰ্ণিবতাহৰ পিছত তেওঁ এটা বেচৰকাৰী সংস্থাৰ সৈতে লগ লাগি ভুক্তভোগীসকলৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে নিজৰ চিত্ৰশিল্পসমূহ নিলাম কৰিছিল।[35] ২০২১ চনত মায়াপুৰত চিকিৎসা সুবিধাৰ বাবে তেওঁ ইস্কন ফাউণ্ডেশ্যনলৈ অনুদান আগবঢ়ায়।[36] ৰায় আৰু তেওঁৰ স্বামী সুৰজ নাম্বিয়াৰে ২০২২ চনত "আল্টিমেট গুৰুজ" নামৰ এটা গোলকীয় শিক্ষা মঞ্চ মুকলি কৰে।[37] ২০২৩ চনৰ মে' মাহত ৰায়ে মুম্বাইত "বদমাচ" নামৰ এখন ৰেষ্টুৰেণ্ট মুকলি কৰে।[38]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Most Popular Television Actresses". The Times of India. 8 March 2019. https://photogallery.indiatimes.com/tv/stars/most-popular-television-actresses/articleshow/68315264.cms। আহৰণ কৰা হৈছে: 29 September 2021.
- ↑ "Mouni Roy, Tejasswi Prakash and others: Know whopping fees the lead actresses of Naagin charged per episode". Pinkvilla. 13 July 2024. https://www.pinkvilla.com/tv/news/mouni-roy-tejasswi-prakash-and-others-know-whopping-fees-the-lead-actresses-of-naagin-charged-per-episode-1327589। আহৰণ কৰা হৈছে: 21 October 2024.
- ↑ "Mouni Roy's Insane Net Worth Is Making Us Scream 'Naagin Paise Gin Gin Gin Gin Gin Mar Gai'". MensXP. 29 January 2020. https://www.mensxp.com/entertainment/celebrities/72411-mouni-roys-insane-net-worth-is-making-us-scream-naagin-paise-gin-gin-gin-gin-gin-mar-gai.html। আহৰণ কৰা হৈছে: 20 February 2021.
- ↑ "Brahmastra: Part One – Shiva Review: Ranbir Kapoor, Alia Bhatt and Mouni Roy's Ayan Mukerji film is a visual spectacle". Pinkvilla. Archived from the original on 10 September 2022. https://web.archive.org/web/20220910010120/https://www.pinkvilla.com/entertainment/movie-review/brahmastra-part-one-shiva-review-ranbir-kapoor-and-alia-bhatts-ayan-mukerji-film-is-a-visual-spectacle-1189273?amp। আহৰণ কৰা হৈছে: 12 September 2022.
- 1 2 3 "A star in her own right". The Telegraph (India). 14 June 2006. https://www.telegraphindia.com/west-bengal/a-star-in-her-own-right/cid/800283। আহৰণ কৰা হৈছে: 20 October 2020.
- ↑ "Actress Mouni Roy's birthday celebration". Lehren. 29 September 2015. https://timesofindia.indiatimes.com/videos/tv/hindi/pics-mouni-roys-birthday-celebration/videoshow/49153854.cms। আহৰণ কৰা হৈছে: 29 September 2017.
- ↑ "WATCH: Mouni Roy celebrates birthday with boyfriend Mohit Raina and Naagin co-actors". The Times of India. 28 September 2016. https://timesofindia.indiatimes.com/tv/news/hindi/WATCH-Mouni-Roy-celebrates-birthday-with-boyfriend-Raina-and-Naagin-co-actors/articleshow/54560033.cms। আহৰণ কৰা হৈছে: 2 July 2017.
- ↑ "Mouni Roy in strapless white mini dress celebrates birthday with hubby Suraj Nambiar". India Today. https://www.indiatoday.in/lifestyle/fashion/story/mouni-roy-in-strapless-white-mini-dress-celebrates-birthday-with-hubby-suraj-nambiar-2006176-2022-09-29.
- ↑ "Mouni Roy says being a Bengali, she grew up around football; reveals watching a FIFA match live with husband Suraj Nambiar was 'surreal'". The Times of India. 16 December 2022. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/mouni-roy-says-being-a-bengali-she-grew-up-around-football-reveals-watching-a-fifa-match-live-with-husband-suraj-nambiar-was-surreal/articleshow/96273239.cms.
- ↑ "সাদা লালপেড়ে শাড়িতে দক্ষিণী ৰীতি মেনে গাঁটছড়া বাঁধলেন মৌনী-সুৰজ" (bn ভাষাত). Uttarbanga Sambad. 27 January 2022. https://uttarbangasambad.com/actress-mouni-roy-wedding/.
- ↑ "Happy Birthday, Mouni Roy: Golden Era Starts @32". NDTV. 28 September 2017. https://www.ndtv.com/photos/entertainment/happy-birthday-mouni-roy-golden-era-starts-32-35005.
- ↑ "Mouni Roy is a true Bengali beauty in Akshay Kumar starrer 'Gold', see pics of her look in the film" (en ভাষাত). The Times of India. 20 July 2017. https://timesofindia.indiatimes.com/tv/news/hindi/mouni-roy-is-a-true-bengali-beauty-in-akshay-kumar-starrer-gold-see-pics-of-her-look-in-the-film/articleshow/59681727.cms.
- ↑ Chakrabarti, Srabanti (2 August 2006). "Komolika returns!". Rediff. https://www.rediff.com/movies/report/tv/20060802.htm.
- ↑ "मौनी रॉय: मैं जो हूं, टीवी की वजह से हूं" (en ভাষাত). femina.in. https://www.femina.in/hindi/meri-udaan/achievers/i-am-here-because-of-tv-says-mouni-roy-in-exclusive-intervie-2729.html। আহৰণ কৰা হৈছে: 29 May 2021.
- ↑ "12 photos that will take you inside TV actress Mouni Roy's modern Mumbai home" (en ভাষাত). Times Now News. 28 September 2021. https://www.timesnownews.com/entertainment-news/article/12-photos-that-will-take-you-inside-tv-actress-mouni-roys-modern-mumbai-home/817452। আহৰণ কৰা হৈছে: 28 September 2021.
- ↑ "Indian actress Mouni Roy receives UAE golden visa" (en ভাষাত). 29 November 2021. Archived from the original on 4 October 2022. https://web.archive.org/web/20221004223350/https://www.connectedtoindia.com/indian-actress-mouni-roy-receives-uae-golden-visa-9600.html.
- ↑ "Mouni Roy Ties the knot with businessman Suraj Nambiar in a Kerala-style wedding in Goa" (en ভাষাত). https://economictimes.indiatimes.com/magazines/panache/mouni-roy-ties-the-knot-with-businessman-suraj-nambiar-in-a-kerala-style-wedding-in-goa/articleshow/89149261.cms.
- ↑ "Mouni Roy ties the knot with Suraj Nambiar, glows in white at Goa wedding. See first pics of bride and groom" (en ভাষাত). Hindustan Times. 27 January 2022. https://www.hindustantimes.com/entertainment/bollywood/mouni-roy-ties-the-knot-with-suraj-nambiar-bride-glows-in-white-at-goa-wedding-see-first-pic-101643261416521.html। আহৰণ কৰা হৈছে: 27 January 2022.
- ↑ "Rs 40 crore net worth! All EXPENSIVE things owned by Television's Naagin Mouni Roy". Zoom TV. 9 December 2022. https://www.zoomtventertainment.com/celebrity/rs-40-crore-net-worth-all-expensive-things-owned-by-mouni-roy-bollywood-new-entertainment-news-article-96112883/amp। আহৰণ কৰা হৈছে: 19 December 2022.
- ↑ "This is the amount Mouni Roy earned while being Hindi television's Naagin!". Amar Ujala. https://www.amarujala.com/photo-gallery/entertainment/bollywood/naagin-2-actress-mouni-roy-fees-worked-with-abhishek-bachchan-in-run। আহৰণ কৰা হৈছে: 18 November 2020.
- ↑ "From being a background dancer in Abhishek Bachchan's film to shining in Bollywood: A look at Mouni Roy's journey". Times of India. 18 June 2022. https://timesofindia.indiatimes.com/tv/news/hindi/from-being-a-background-dancer-in-abhishek-bachchans-film-to-shining-in-bollywood-a-look-at-mouni-roys-journey/etphotostory/92298008.cms। আহৰণ কৰা হৈছে: 19 July 2022.
- ↑ Mayukh Majumdar. "Mouni Roy on Junoon, Brahmastra and the magic of India". Filmfare. https://m.filmfare.com/interviews/mouni-roy-on-junoon-brahmastra-and-the-magic-of-india-55506.amp। আহৰণ কৰা হৈছে: 24 September 2022.
- ↑ "Brahmastra: Here's why Mouni Roy as Junoon will be the best antagonist Bollywood has seen in a while". Financial Express. 6 September 2022. https://www.financialexpress.com/entertainment/brahmastra-heres-why-mouni-roy-as-junoon-will-be-the-best-antagonist-bollywood-has-seen-in-a-while/2657114/lite/। আহৰণ কৰা হৈছে: 16 September 2022.
- ↑ "Disha Patani Tops The Times 50 Most Desirable Women 2019 List". BW businessworld. https://www.businessworld.in/article/Disha-Patani-tops-The-Times-50-Most-Desirable-Women-2019-list/29-08-2020-314286/। আহৰণ কৰা হৈছে: 29 August 2020.
- ↑ "Rhea Chakraborty tops The Times 50 Most Desirable Women 2020 list". Times of India. 8 June 2021. https://timesofindia.indiatimes.com/life-style/fashion/buzz/rhea-chakraborty-tops-the-times-50-most-desirable-women-2020-list/articleshow/83338122.cms.
- ↑ "Meet The Times 20 Most Desirable Women on TV: Jennifer Winget tops the list". Times of India. 20 May 2018. https://timesofindia.indiatimes.com/tv/news/hindi/meet-the-times-20-most-desirable-women-on-tv/articleshow/64234804.cms.
- ↑ "Top 10 TV Actress". The Times of India. 2 March 2018. https://timesofindia.indiatimes.com/tv/news/hindi/top-10-indian-tv-actresses-who-are-more-famous-than-their-bollywood-counterparts/articleshow/62754988.cms.
- ↑ "9 Indian TV actresses who are more famous than Bollywood Stars". Times Now. 23 May 2023. https://www.timesnownews.com/web-stories/entertainment/9-indian-tv-actresses-who-are-more-famous-than-bollywood-stars/photostory/100432740.cms.
- ↑ "Mouni Roy becomes brand ambassador for Bryan & Candy". Economics Times. https://brandequity.economictimes.indiatimes.com/news/industry/mouni-roy-becomes-brand-ambassador-for-bryan-candy/92534858। আহৰণ কৰা হৈছে: 26 February 2023.
- ↑ "Beauty brand Joy signs Mouni Roy as brand ambassador". Fashion Network. 20 November 2018. https://in.fashionnetwork.com/news/Beauty-brand-joy-signs-mouni-roy-as-brand-ambassador,1037116.html। আহৰণ কৰা হৈছে: 26 December 2022.
- ↑ "Mouni Roy becomes the new brand ambassador of Spawake". Economics Times. https://brandequity.economictimes.indiatimes.com/news/marketing/mouni-roy-becomes-the-new-brand-ambassador-of-spawake/91486688। আহৰণ কৰা হৈছে: 27 November 2022.
- ↑ "Akshay Kumar hangs from harness, holds Mouni Roy's hands to lift her up during Orlando show. Watch". Hindustan Times. 12 March 2023. https://www.hindustantimes.com/entertainment/bollywood/akshay-kumar-hangs-from-harness-holds-mouni-roy-s-hands-to-lift-her-up-during-orlando-show-watch-101678611236461-amp.html। আহৰণ কৰা হৈছে: 12 March 2023.
- ↑ "Inside Akshay Kumar-led The Entertainers tour with Mouni Roy, Disha Patani and Sonam Bajwa". Indian Express. 5 March 2023. https://indianexpress.com/photos/entertainment-gallery/inside-akshay-kumar-led-the-entertainers-tour-with-mouni-roy-disha-patani-and-sonam-bajwa-8480502/। আহৰণ কৰা হৈছে: 10 March 2023.
- ↑ "Mouni Roy donates and lends her support amid Covid-19; ask fans to do the same". Bollywood Hungama. 5 May 2021. https://www.bollywoodhungama.com/news/bollywood/mouni-roy-donates-and-lends-her-support-amid-covid-19/। আহৰণ কৰা হৈছে: 27 September 2022.
- ↑ "Exclusive - Mouni Roy to auction her paintings for charity!". Times of India. 8 June 2020. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/mouni-roy-to-auction-her-paintings-for-charity/articleshow/76268425.cms.
- ↑ "Mouni Roy contributes to Iskcon Foundation for medical facilities". Tribune India. https://m.tribuneindia.com/news/lifestyle/mouni-roy-contributes-to-iskcon-foundation-for-medical-facilities-256654। আহৰণ কৰা হৈছে: 28 December 2021.
- ↑ "Exclusive: Suraj Nambiar and Mouni Roy's global ed-tech, Ultimate Gurus, goes live". Hindustan Times. 24 February 2022. https://www.hindustantimes.com/lifestyle/fashion/suraj-nambiar-mouni-roy-s-global-ed-tech-ultimate-gurus-goes-live-101645707115325-amp.html। আহৰণ কৰা হৈছে: 28 February 2022.
- ↑ "Step inside Mouni Roy's new restaurant Badmaash, 'a tropical oasis in the middle Mumbai' with eye-catching decor". Hindustan Times. 5 June 2023. https://www.hindustantimes.com/entertainment/bollywood/step-inside-mouni-roy-new-mumbai-restaurant-badmaash-pics-101685950277249.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Mouni Roy at IMDb
- মৌনী ৰায় সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
