মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ
| মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ, কলকাতা | |
|---|---|
প্ৰতিষ্ঠানখনৰ প্ৰতীকচিহ্ন | |
| প্ৰতিষ্ঠা | ৪ জানুৱাৰী ১৯৯৩ |
| ধৰণ | গৱেষণা প্ৰতিষ্ঠান |
| প্ৰধান কাৰ্যালয় | IB 166, Sector -III, Salt Lake, Kolkata-700106 |
| অঞ্চল | কলকাতা, ভাৰত |
| অধ্যক্ষ | প্ৰফেচৰ ৰাধাৰমণ চক্ৰৱৰ্তী |
| সঞ্চালক | স্বৰূপ প্ৰসাদ ঘোষ |
| ৱেবছাইট | http://www.makaias.gov.in |
মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ (ইংৰাজী: Maulana Abul Kalam Azad Institute of Asian Studies) কলকাতাত অৱস্থিত এক স্বায়ত্তশাসিত গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ধন আগবঢ়ায়। ১৯৯৩ চনৰ ৪ জানুৱাৰীত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৯৩ চনৰ ১২ মাৰ্চত এই প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰা হয়, বৰ্তমান য’ত ভৱনটো থিয় হৈ আছে। বিশিষ্ট জাতীয়তাবাদী নেতা তথা ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জীৱন আৰু কৰ্মৰাজিৰ অধ্যয়নৰ বাবে সমৰ্পিত, যাৰ নামেৰে প্ৰতিষ্ঠানখনৰ নাম ৰখা হৈছে আৰু লগতে দক্ষিণ এছিয়া আৰু পশ্চিম এছিয়া আদিৰ বিশেষ উল্লেখেৰে ক্ষেত্ৰ অধ্যয়নক আগুৱাই নিয়াৰ বাবে নিবেদিত।
ইতিহাস
[সম্পাদনা কৰক]১৯৮৯ চনত মৌলানা আবুল কালাম আজাদৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণিৰ লগে লগে তেওঁৰ জীৱন আৰু লেখাৰ অধ্যয়নৰ লগতে ক্ষেত্ৰ অধ্যয়নৰ বাবে নিয়োজিত গৱেষণা প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা, বিশেষকৈ এছিয়ান দেশসমূহৰ ধৰ্মনিৰপেক্ষ ইছলামৰ গৱেষণাৰ প্ৰতি নিয়োজিত গৱেষণা প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা পশ্চিম বংগৰ ৰাজ্যপাল অধ্যাপক নুৰুল হাছানে অনুভৱ কৰিছিল, যিয়ে কলিকতাত এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰাৰ মূল উদ্যোগ লৈছিল। নুৰুল হাছাল এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আছিল।[1] এনে পৰিকল্পনা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’বলৈ কেইবছৰমান সময় লাগিছিল, আৰু কলিকতাৰ ছল্ট লেক ষ্টেডিয়ামৰ ওচৰৰ নতুনকৈ অধিগ্ৰহণ কৰা ভূমিত ১৯৯৩ চনত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড০ শংকৰ দয়াল শৰ্মাই তেতিয়াৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰীযুত অৰ্জুন সিং, পশ্চিম বংগৰ তেতিয়াৰ মুখ্যমন্ত্ৰী জ্যোতি বসু, অধ্যাপক নুৰুল হাছান,ৰ উপস্থিতিত প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰে।[2]
শৈক্ষিক বিষয়
[সম্পাদনা কৰক]প্ৰতিষ্ঠান
[সম্পাদনা কৰক]প্ৰতিষ্ঠানটোৱে চেমিনাৰ, সন্মিলন, আলোচনা চক্ৰ, কৰ্মশালা আৰু মৌলানা আবুল কালাম আজাদ স্মৃতি বক্তৃতা আৰু বৰুণ দে স্মৃতি বক্তৃতাকে ধৰি কেইটামান বাৰ্ষিক বক্তৃতাৰ আয়োজন কৰে।[3]
সংগ্ৰহালয়
[সম্পাদনা কৰক]২০০৬ চনৰ ১১ মাৰ্চত প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ স্মৃতিত কলিকতাৰ পূৰ্বৰ বাসগৃহত মৌলানা আজাদ সংগ্ৰহালয় উদ্বোধন কৰা হয়। সংগ্ৰহালয়টোত বাৰ্ষিক বক্তৃতা আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ MAKAIAS Retrieved 2015-03-03.
- ↑ The Hindu, July 2013
- ↑ "Barun De Memorial Lecture". Archived from the original on 2024-05-16. https://web.archive.org/web/20240516134518/http://makaias.gov.in/Programme_BarunDe_Memorial_Lecture1.pdf। আহৰণ কৰা হৈছে: 2025-02-06.
- ↑ tripopola.com, Tripopola (2024-06-18) (en-US ভাষাত). Maulana Azad Museum. https://www.tripopola.com/location/kolkata/maulana-azad-museum/14468.