মৎস্যগন্ধা (উপন্যাস)
| মৎস্যগন্ধা | |
|---|---|
মৎস্যগন্ধা উপন্যাসৰ বেটুপাত | |
| লেখক | হোমেন বৰগোহাঞি |
| প্ৰচ্ছদ শিল্পী | পূৰ্ণেন্দু পত্ৰী |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| বিষয় | অসমীয়া উপন্যাস |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশক | ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ |
| প্ৰকাশ | জুলাই, ১৯৮৭ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ৮৮ |
| আই.এচ.বি.এন. | 81-7665-055-2 |
মৎস্যগন্ধা হৈছে হোমেন বৰগোহাঞিৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ পটভূমি নিৰ্মাণ হৈছে লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ ম'হঘুলি নৈৰ পাৰৰ ম'হঘুলি আৰু গৰৈমাৰী গাঁৱৰ কৈৱৰ্ত সম্প্ৰদায়ৰ প্ৰতি সমাজৰ তথাকথিত উচ্চ সম্প্ৰদায়ৰ শোষণ-অৱদমন, অস্পৃশ্য জ্ঞান, সামাজিক অৱস্থিতিক উপেক্ষা আদিৰ বিৰুদ্ধে কৈৱৰ্তসকলৰ প্ৰতিবাদ-সংগ্ৰামক কেন্দ্ৰ কৰি। উপন্যাসখন পোনপ্ৰথম প্ৰকাশ হৈছিল নৱকান্ত বৰুৱা সম্পাদিত 'সীৰলু' আলোচনীৰ পাতত।[1]
লেখক পৰিচিতি
[সম্পাদনা কৰক]হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain; ১৯৩২ – ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। 'পিতা-পুত্ৰ' গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল[2] যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে, ২০১৫ চনত, এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল।[3][4] হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। বিবাহসূত্ৰে তেওঁ অসমৰ আন এগৰাকী সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল আৰু দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ উপন্যাসখন লিখি উলিয়াইছিল। বৰগোহাঞিয়ে 'সাউদৰ পুতেকে নাও মেলি যায়', 'হালধীয়া চৰায়ে বাওধান খায়', 'অস্তৰাগ', 'পিতাপুত্ৰ', 'মৎসগন্ধা', 'তিমিৰ তীৰ্থ' আদি বহুকেইখন উপন্যাসৰ উপৰি কেইবাখনো আত্মজীৱনী, স্মৃতি-কথা, প্ৰবন্ধ-সংকলন, গল্প-সংকলনৰ উপৰি যথেষ্ট সংখ্যক কবিতা লিখিছে। তেওঁৰ এই কবিতাসমূহ 'হৈমন্তী' নামৰ কাব্যসংকলনত সন্নিৱিষ্ট হৈ আছে। ২০১৫ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ নীলাচল, সাতসৰী, আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ আদিকে ধৰি ভালেকেইখন কাকত-আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[5]
কাহিনীভাগ
[সম্পাদনা কৰক]গৰৈমাৰী গাঁৱৰ দৰিদ্ৰ মাছমৰীয়াসকলৰ ভিতৰত কিছু অৱস্থাপন্ন দুৰ্যোধন অতি পৰিশ্ৰমী আৰু কৰ্মপটু আছিল। ঘৈণীয়েক মেমেৰী আৰু দুজনী জীয়েক,দুজন পুতেকৰ সৈতে দুৰ্যোধনৰ সংসাৰখন সুখকৰ আছিল। হঠাতে গৰৈমাৰী গাঁৱত উদ্ভৱ হোৱা হাইজা মহামাৰীৰ সন্ত্ৰাসে দুৰ্যোধনৰ সংসাৰখন উচ্ছন্ন কৰে। গাঁৱৰ ২২৬জন মানুহৰ ৭২ জনেই মৃত্যুমুখত পৰে। হাইজাৰ এনে সংহাৰৰ কবলত পৰি দুৰ্যোধন আৰু তাৰ পুতেক দুটাৰো মৃত্যু হয়। ৰৈ যায় মাথোঁ মেমেৰী আৰু তাইৰ জীয়েক বেউলা আৰু মেনকা। বিধৱা মেমেৰিয়ে বহু কষ্টেৰে দুই কন্যা বেউলা আৰু মেনকাক ডাঙৰ-দীঘল কৰিছিল। পেটৰ অসুখত ভুগা মেমেৰিয়ে গাঁৱৰে গগনৰ পৰা কানি অকণ খাই অসুখৰ পৰা পৰিত্ৰাণ পাইছিল। আগলৈ মেনকায়ো মাকৰ নিচিনাকৈ কানি খাই যদিও এটা সময়ত কানি পান কৰাটো মেনকাৰ নিচাত পৰিণত হৈছিল। নিজৰ ৰূপৰ গুণত বেউলা আৰু মেনকাই কৈৱৰ্ত গাঁৱৰ আটাইতকৈ ধনী ব্যক্তি দিগম্বৰৰ দুই পুত্ৰ জয়হৰি আৰু পূৰ্ণৰ লগত বিয়া হৈছিল। পিতাক দিগম্বৰৰ দৰে জয়হৰিও কৰ্মী আৰু ধীৰ-স্থিৰ স্বভাৱৰ আছিল। আনহাতে, পূৰ্ণ জয়হৰিৰ বিপৰীত স্বভাৱৰ আছিল। দিগম্বৰৰ এগৰাকী মাথোঁন কন্যা কমলা। কমলা ৰূপহী ছোৱালী হোৱাৰ লগতে বিদ্যা লাভৰ প্ৰতিও আগৰণুৱা আছিল। পিছে নিজৰ ৰূপ সম্পৰ্কে থকা গৰ্ববোধৰ বাবে কমলাই তাইৰ লগ-সমনীয়াবোৰৰ লগত সহজভাৱে মিলি যাব পৰা নাছিল। এবাৰ দিগম্বৰে তেওঁৰ কুঁহিয়াৰতলী ৰখিবলৈ পূৰ্ণক দায়িত্ব দিছিল যদিও তাৰ অৱহেলাৰ বাবেই ভালুকে গোটেই কুঁহিয়াৰডৰা তহিলং কৰিছিল আৰু তাৰ শাস্তি স্বৰূপেই দেউতাকে অকামিলা পূৰ্ণ আৰু মেনকাক বেলেগ কৰি দিছিল। তেতিয়াৰ পৰাই মেনকাহঁতৰ সংসাৰলৈ দুৰ্যোগ নামি আহিছিল। মেনকাই অৱশ্যে ইয়াৰ আঁৰত বায়েক বেউলাৰহে চক্ৰান্ত আছিল বুলি ভাবি মনে মনে বায়েকৰ প্ৰতি হিংসাভাব পোষণ কৰিছিল। অভাৱ-অনাটনে জুৰুলা কৰা মেনকা স্বভাৱতে খিংখিঙীয়া হৈ পৰিছিল। 'ডোম'শব্দটো শুনিলেই তাই খঙত ক’ব নোৱাৰা হৈ পৰিছিল। কিয়নো সেই তথাকথিত নীচ জাতৰ হোৱাৰ বাবেই তাই সৰুতে মাকৰ সৈতে এঘৰ মানুহৰ ঘৰলৈ ধান খুজিবলৈ যাওঁতে চোতালতে মেলি থোৱা উখুৱা ধানত কেনেবাকৈ তাইৰ ছাঁটো পৰাত সেই ধান অখাদ্য হৈ পৰা বুলি জ্ঞান কৰি গিৰিহঁতনীয়ে তাইৰ গালত পূৰ্ণহতীয়া চৰ এটা সোধাইছিল। শিশু মেনকাক এই ঘটনাই বাৰুকৈয়ে আঘাত দিছিল আৰু পিছলৈ সেয়ে তাই তথাকথিত নীচকুলীয়া শব্দবোৰ শুনিলেই ক্ৰোধান্বিত হৈ পৰিছিল আৰু অশ্ৰাৱ্য গালি-গালাজেৰে তাৰ অভিব্যক্তি ঘটাইছিল। ঘটনাক্ৰমে এদিন নিশা কানি খাবলৈ নাপাই অতিষ্ঠ হৈ পাইচাৰি কৰি থাকোঁতে তাই এটি ৰহস্য উদঘাটন কৰে যে তাইৰ নন্দেক কমলাই সিহঁতৰ ঘৰৰ ওচৰৰ গছ এজোপাত আত্মহত্যা কৰিবলৈ ওলাইছে। তাইৰ মুখে মেনকাই গম পালে যে– কমলাৰ সেই অৱস্থাৰ বাবে দায়ী ম'হঘুলি গাঁৱৰ মণিৰাম, যি তেওঁলোকৰ জাতিৰ ল'ৰা নহয়। এনে স্থলত তিনি মাহৰ গৰ্ভৱতী কমলাই বৌৱেক মেনকাৰ পৰা গৰ্ভনাশৰ উপায় বিচৰাৰ বাদে আন গতি নাছিল। তাই তাকে কৰিব খুজিছিল যদিও মেনকা সম্মত নহ'ল। তাই কমলাক সাৱধানে থাকিবলৈ দি মণিৰামক লগ ধৰিবলৈ গ'ল। গোঁসাইৰ শপত দিয়া সত্ত্বেও মণিৰামে জাত্যভিমান আৰু সামাজিক সংস্কাৰৰ দ্বন্দ্বত পৰি এই কথা মানি ল’বলৈ সৈমান হোৱা নাছিল যদিও মেনকাই মণিৰামৰ আগত আন এটা চৰম সত্য উদঘাটন কৰে যে- মেনকাৰ মাক মেমেৰীয়ে জীৱনকালত যিকেইগৰাকী অবিবাহিতাৰ গোপনে গৰ্ভপাত কৰাইছিল তাৰ ভিতৰত এগৰাকী আছিল মণিৰামৰ মাক। এনেবোৰ দ্বন্দ্বাত্মক পৰিস্থিতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি অৱশেষত জাত্যভিমান, সংস্কাৰৰ ৰোষ সকলো বিসৰ্জন দি মণিৰাম মেনকাৰ ভৰিত দীঘল দি পৰিল আৰু তাক উদ্ধাৰ কৰিবলৈ কাকূতি কৰিলে। অৱশেষত মেনকাৰ মধ্যস্থতাত মণিৰাম দিগম্বৰৰ ঘৰলৈ জোঁৱাই খাটিবলৈ আহিল। উপন্যাসখনৰ সামৰণিত দেখুওৱা হৈছে যে– ডোমৰ গোসাঁয়ে মণিৰামক 'ডোমৰ জাতত তুলি'বলৈকে কৈৱৰ্ত গাঁৱলৈ আহিছে। তাকে বাটৰুৱা কেইগৰাকীমানে আলচ কৰি থাকোঁতে এজনে তীব্ৰ অসন্তুষ্টিৰে ভাব ব্যক্ত কৰি কৈছিল—- "আপুনি ভাল মানুহ হেৰি! কি ক'লে? জাতত তুলিব? হেৰি, জাতত তুলিব নে ডোমৰ জাতলৈ নমাব?”[6] মধু পাচনি নামৰ সেই ব্যক্তিজনে তেওঁৰ প্ৰশ্নটোৰ উত্তৰ লগে লগে পালে। মেনকাহঁতৰ ঘৰৰ চোতালৰ অন্ধকাৰখিনিত ৰৈ মেনকাই ৰাও ৰাওকৈ চিঞৰি ক'বলৈ ধৰিলে- “ঐ মুখত পোক-লগা, ঐ খোকাৰ-খোৱা, ঐ মেখেলা-তলীয়া, কাক 'ডোম, ডোম' কৰিছ? থিয়ে নাঙঠ কৰি মেখেলাৰে কোবাম, চিনি পোৱা নাই। জাতলৈ নমোৱা নাই, আজি তহঁতৰ এটাক জাতলৈ তুলিলোঁ। ভয় নকৰিবি, তহঁতৰো আৰু বেছি দিন নাই। এটা এটাকৈ তহঁত গোটেইবোৰকে জাতত নোতোলালৈকে মোৰ শান্তি নাই...।” [7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ বৰগোহাঞি,হোমেন। মৎস্যগন্ধা। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, ২০২৪.
- ↑ Assamese Awards 1955–2007 Archived 2003-04-16 at the Wayback Machine Sahitya Akademi Official website.
- ↑ "Assam's Homen Borgohain to Return Sahitya Akademi Award". NDTV.com. http://www.ndtv.com/india-news/assams-homen-borgohain-to-return-sahitya-akademi-award-1231607। আহৰণ কৰা হৈছে: 13 October 2015.
- ↑ "Punjab to Assam: Writer returns her Padma Shri, another his Akademi". The Indian Express. 13 October 2015. http://indianexpress.com/article/india/india-news-india/punjabi-author-dalip-kaur-tiwana-to-return-padma-shri-more-writers-protest/। আহৰণ কৰা হৈছে: 13 October 2015.
- ↑ https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A7%87%E0%A6%A8_%E0%A6%AC%E0%A7%B0%E0%A6%97%E0%A7%8B%E0%A6%B9%E0%A6%BE%E0%A6%9E%E0%A6%BF
- ↑ পৃ. ৮৮, বৰগোহাঞি,হোমেন। মৎস্যগন্ধা। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, ২০২৪.
- ↑ পৃ. ৮৮, বৰগোহাঞি,হোমেন। মৎস্যগন্ধা। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, ২০২৪.