মৰাণহাট
মৰাণহাট Moranhat |
|
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 27°11′36″N 94°55′20″E / 27.193361°N 94.922132°Eস্থানাংক: 27°11′36″N 94°55′20″E / 27.193361°N 94.922132°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ |
জনসংখ্যা (২০০১) | |
- মুঠ | ৫,৭৭৯ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 785670 |
মৰাণহাট (IPA: ˈmɔːrænˌhɑːt)(ইংৰাজী: Moranhat) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন সৰু নগৰ৷ ইয়াত বাস কৰা মৰাণ গোষ্ঠীৰ লোকৰ বাবে এই অঞ্চলটোৰ এই নাম হয়৷
ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]
মৰাণহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া নগৰ। ডিব্ৰুগড় জিলাৰ মৰাণ লোকপিয়ল নগৰ আৰু শিৱসাগৰ জিলাৰ মৰাণহাট পৌৰনগৰক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে বিভাজন কৰিছে।
জনসংখ্যা[সম্পাদনা কৰক]
২০০১ চনৰ লোকপিয়ল অনুসৰি মৰাণহাটৰ জনসংখ্যা ৫৭৭৯ জন। ইয়াৰে পুৰুষ ৫৫% আৰু মহিলা ৪৫%। ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৫৯.৫%ৰ তুলনাত নগৰখনৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%। ৮০% পুৰুষ আৰু ৭৭% মহিলা সাক্ষৰ। মৰাণহাটৰ ১১% জনসংখ্যা ৬ বছৰৰ তলৰ।[1]
শিক্ষা[সম্পাদনা কৰক]
নগৰখনত বহুকেইখন অসমীয়া মাধ্যম তথা ইংৰাজী আৰু হিন্দী মাধ্যমৰ বিদ্যালয় আছে। বিদ্যালয়-
- চে'ইণ্ট যোচেফ হাইস্কুল
- মৰাণ উঃমাঃ বিদ্যালয়
- চে'ইণ্ট এণ্ড্ৰিউজ হাইস্কুল
- মৰাণ ছোৱালী উচ্চ বিদ্যালয়
- নেহৰু হিন্দী বিদ্যালয়
মহাবিদ্যালয়
- মৰাণ মহাবিদ্যালয়
- মৰাণ মহিলা মহাবিদ্যালয়
যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]
মৰাণহাট অসমৰ প্ৰধান প্ৰধান ঠাইবোৰৰ সৈতে চৰকাৰী আৰু বেচৰকাৰী বাচেৰে সু-সংযোজিত হৈ আছে। সমীপবৰ্তী ৰেলষ্টেচনটো হ'ল মৰাণহাট। এই ষ্টেচনত ৰাজধানী, যশৱন্তুপুৰ এক্সপ্ৰেছ আৰু ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ ৰয়।[2] আটাইতকৈ ওচৰত থকা বিমানবন্দৰটো মোহনবাৰী বিমানবন্দৰ। নগৰখনৰ পৰা ইয়ালৈ দূৰত্ব ৪০ কিঃমিঃ।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "মৰাণহাটেৰে চলাচল কৰা ৰেল". ভাৰতীয় ৰেল. http://enquiry.indianrail.gov.in/ntes/। আহৰণ কৰা হৈছে: 20 আগষ্ট 2014.