মৰাণ (নগৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মৰাণ(নগৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
মৰাণ
Moran Town
—  নগৰ  —
মৰাণ is located in Assam
মৰাণ
ভাৰতঅসমত মৰাণৰ অৱস্থান
ভৌগোলিক স্থানাংক: 27°11′N 94°56′E / 27.18°N 94.93°E / 27.18; 94.93স্থানাংক: 27°11′N 94°56′E / 27.18°N 94.93°E / 27.18; 94.93
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
উচ্চতা ৯৭ মিটাৰ (৩১৮.২৪১৪৬৯৮১৬২৭ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ৬,৭৮৪ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)

মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ । নগৰ খন ঔদ্যোগিক ভাৱে উন্নত । এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল । অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছ ।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

মৰাণৰ ভৌগোলিক অৱস্থান হ'ল- 27°11′N 94°56′E / 27.18°N 94.93°E / 27.18; 94.93[1] সাগৰ পৃষ্ঠৰ পৰা উচ্চতা 97 মিটাৰs (318 ফুট)। ইয়াৰ পশ্চিমে ডুলিয়াজান নগৰ,পূৱে টেঙাখাট আৰু টিংখং, উত্তৰে মোহনবাৰী আৰু শলগুৰি, দক্ষিণে মৰাণহাট আৰু সোণাৰি । জিলাৰ প্ৰধান কাৰ্যালয় ডিব্ৰুগড়, ইয়াৰ পৰা 40 kilometres (25 মাইল) আঁতৰত অৱস্থিত ।

জনসাংখ্যিকীয়[সম্পাদনা কৰক]

ভাৰতীয় লোকপিয়ল-২০০১ মতে,[2] মৰাণৰ জনসংখ্য মাত্ৰ ৬,৭৮৪ জন । তাৰে, ৫৩% পুৰুষ আৰু বাকী ৪৭% মহিলা । এই নগৰখনৰ ১০% জনসংখ্যাৰ ৬ বছৰ বয়সতকৈ সৰু ।

ৰাজনৈতিক[সম্পাদনা কৰক]

মৰাণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত [3] আৰু বিধানসভা সমষ্টি হ'ল মৰাণ বিধানসভা সমষ্টি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]