সমললৈ যাওক

মৰিচি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰিচি
সপ্তৰ্ষি-ৰ সদস্য
মাৰিচী
মৰিচি
সন্তান * কাশ্যপ (কলাৰ পৰা)[1]

মৰিচি বা মাৰিচি (Sanskrit: मरीचि: আভিধানিক অৰ্থ: আলোকৰ ৰশ্মি) ব্ৰহ্মাৰ মানস পুত্ৰ, আৰু হিন্দু পৌৰাণিক কাহিনীৰ সপ্তৰ্ষিসকলৰ ভিতৰত অন্যতম। তেওঁ কাশ্যপৰ পিতৃ, আৰু দেৱতা আৰু অসুৰৰ ককাক।

জৈন ধৰ্মত তেওঁক ২৪তম তীৰ্থংকৰ মহাবীৰৰ পূৰ্বৰ পুনৰ্জন্ম আৰু প্ৰথম তীৰ্থংকৰ ঋষভনাথৰ নাতি বুলি উল্লেখ কৰা হৈছে।[2]

সপ্তৰ্ষি

[সম্পাদনা কৰক]

সপ্তৰ্ষি, সংস্কৃত দ্বিগু সমাসবদ্ধ শব্দ, অৰ্থাৎ "সাতজন ঋষি" হৈছে বেদ আৰু হিন্দু সাহিত্যৰ বহু ঠাইত প্ৰশংসাৰে উল্লেখ কৰা সাতজন ঋষি। বৈদিক সংহিতাত এই ঋষিসকলৰ নামৰ কেতিয়াও গণনা কৰা হোৱা নাই যদিও পিছৰ বৈদিক গ্ৰন্থ যেনে ব্ৰাহ্মণ আৰু উপনিষদত তেনেকৈ গণনা কৰা হৈছে। পূৰ্বৰ গ্ৰন্থসমূহত মৰিচিক সাতজনৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰা হোৱা নাই যদিও মহাকাব্য মহাভাৰতত ইয়াৰ উল্লেখ পোৱা যায়। ভাৰতৰ কিছুমান অঞ্চলত মানুহে বিশ্বাস কৰে যে, এইবোৰ হৈছে মহাবিশ্বৰ সাতজন তাৰকা, যাৰ নাম বশিষ্ঠ, মৰিচি, পুলস্ত্য, পুলহা, অত্ৰি, অংগিৰস আৰু ক্ৰতু। ইয়াৰ ভিতৰত আন এটা তাৰকাও অলপ দেখা যায়, যাক "অৰুন্ধতী" বুলি জনা যায়। তেওঁক সাতজন মহান ঋষিৰ ভিতৰত এজন বুলি গণ্য কৰা হয়।[3] মৰিচিয়েও আন কিছুমান ঋষিৰ দৰে সম্পূৰ্ণ বৈৰাগ্যক নিন্দা কৰি লৌকিক কৰ্তব্যৰ পথ অনুসৰণ কৰিছিল। তেওঁৰ বহু সন্তান আছিল, উল্লেখযোগ্য সন্তান কাশ্যপ ঋষি।

ধৰ্মব্ৰতৰ শিলা অভিশাপ

[সম্পাদনা কৰক]

ঋষিৰ বহু পত্নীৰ ভিতৰত ধৰ্মব্ৰত অন্যতম আছিল। এবাৰ স্বামীয়ে তেওঁক ভৰি দুখন মালিচ কৰিবলৈ কৈছিল, সেই সময়ত তেওঁৰ টোপনি আহিছিল। এই সময়ছোৱাত ব্ৰহ্মাই তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁৰ মন দ্বিধাগ্ৰস্ত হৈ আঘাত পাইছিল যে, প্ৰথা অনুসৰি দেৱতাক উপযুক্ত সন্মানেৰে গ্ৰহণ কৰিব নে স্বামীৰ নিৰ্দেশ পালন কৰিব। তেওঁ দেৱতাক গুৰুত্ব দিয়াটো ঠিৰাং কৰি লৈছিল। মৰিচিয়ে যেতিয়া পত্নীৰ অনুপস্থিতি দেখা পাই তেওঁ তেওঁক শিল হ’বলৈ অভিশাপ দিলে। ধৰ্মব্ৰতে নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ ল’বলৈ অনুৰোধ কৰিলে, আৰু জুইৰ মাজত তপস্যা কৰি সেই কথা প্ৰমাণ কৰিলে। বিষ্ণু তেওঁৰ ভক্তিত সন্তুষ্ট হৈছিল। সেয়ে তেওঁ বিষ্ণুক অভিশাপ ঘূৰাই দিবলৈ অনুৰোধ কৰিলে, কিন্তু বিষ্ণুৱে ক’লে যে অভিশাপ ঘূৰাই দিব নোৱাৰি, কিন্তু অভিশাপৰ ফলত ধৰ্মব্ৰতক কৰি দিয়া শিলটোক দেৱশিলা বুলি গণ্য কৰাৰ বৰ দিলে, যিটো পবিত্ৰ বুলি গণ্য কৰা হ'ব আৰু ইয়াত ত্ৰিমূৰ্তি আৰু লক্ষ্মীৰ সাৰমৰ্ম থাকিব।[4][5]

প্ৰজাপতি

[সম্পাদনা কৰক]

সৃষ্টি আৰম্ভ হোৱাৰ আগতে হিন্দুৰ সৃষ্টিৰ দেৱতা ব্ৰহ্মাক বাকী থকা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বাবে দায়বদ্ধ হ’ব পৰা দুই এজন মানুহৰ প্ৰয়োজন আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] সেয়েহে তেওঁৰ মন (মন)ৰ পৰা দহজন প্ৰজাপতি (জনতাৰ শাসক) আৰু শৰীৰৰ পৰা নজন সৃষ্টি কৰা বুলি বিশ্বাস কৰা হয়। মৰিচি ব্ৰহ্মাৰ অন্যতম মানসপুত্ৰ। দহজন প্ৰজাপতি এনেধৰণৰ-[6]

মৰিচিৰ জীৱনৰ বিষয়ে তেওঁৰ বংশধৰসকলৰ বিৱৰণৰ দ্বাৰা অধিক জনা যায়, বিশেষকৈ কাশ্যপ ঋষিৰ ৰচনাৰ দ্বাৰা। তাৰ পিছত মৰিচিয়ে কলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, আৰু কাশ্যপৰ জন্ম দিয়ে (কাশ্যপক কেতিয়াবা প্ৰজাপতি হিচাপেও স্বীকৃতি দিয়া হয়, যিয়ে পিতৃৰ পৰা সৃষ্টিৰ অধিকাৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে)।[6] হিন্দু দেৱতা বিষ্ণুৰ স্থায়ী শক্তিৰ পৰাই তেওঁ গঠিত বুলি বিশ্বাস কৰা হয়। তেওঁ নাৰদৰ সৈতে মহাভাৰতৰ সময়ত শৰশয্যাত পৰি থকা ভীষ্মৰ ওচৰলৈ গৈছিল বুলি বিশ্বাস কৰা হয়। মৰিচিক ডেকা ধ্ৰুৱৰ উপদেষ্টা হিচাপেও উদ্ধৃত কৰা হৈছে, যিয়ে তেওঁক তপস্যাত সহায় কৰিছিল। ব্ৰহ্মমাণ্ড পুৰাণ আৰু বেদৰ দৰে একাধিক হিন্দু শাস্ত্ৰত তেওঁৰ নাম উল্লেখ কৰা হৈছে।[5]

কৃষ্ণই ভাগৱতত কৈছে, "আদিত্যৰ মই বিষ্ণু, পোহৰৰ মই উজ্জ্বল সূৰ্য, মৰুৎৰ মই মৰিচি আৰু তৰাৰ ভিতৰত মই চন্দ্ৰ।"[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Roshen Dalal (2010). Hinduism: An alphabetical guide. Penguin. পৃষ্ঠা. 245.
  2. Dundas 2002, পৃষ্ঠা. 21.
  3. www.wisdomlib.org (2019-01-28). "Story of Marīci" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241755.html আহৰণ কৰা হৈছে: 2022-08-04.
  4. www.wisdomlib.org (2019-01-28). "Story of Marīci" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241755.html আহৰণ কৰা হৈছে: 2022-08-04.
  5. 1 2 Sathyamayananda, Swami (2012). Ancient sages. প্ৰকাশক Mylapore, Chennai: Sri Ramakrishna Math. পৃষ্ঠা. 14–16. ISBN 978-81-7505-356-4.
  6. 1 2 Wilkins, W.J. (2003). Hindu Mythology. প্ৰকাশক New Delhi: D.K. Printworld (P) Limited. পৃষ্ঠা. 370. ISBN 81-246-0234-4.
  7. Bhagavad Gita 10.21 Archived 4 March 2007 at the Wayback Machine