সমললৈ যাওক

মৰিন চাৰুণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰিন চাৰুণী
স্থানীয় নাম මොරින් චාරුනී
জন্ম কুৰুকুলাসূৰ্য মৰিন অ’হাৰা পেৰা
ছেপ্টেম্বৰ ১৯ , ১৯৬৩ (৬২ বছৰ)
কুৰুণেগালা, শ্ৰীলংকা
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৪–বৰ্তমান
দাম্পত্যসঙ্গী গিহান ৰঞ্জিত ইম্বুলানা[1]
সন্তান জননী চতুৰিকা[2]

মৰিন চাৰুণী (ইংৰাজী: Maureen Charuni; জন্ম: ১৯ ছেপ্টেম্বৰ, ১৯৬৩), সম্পূৰ্ণ নাম কুৰুকুলাসূৰ্য মৰিন অ’হাৰা পেৰা, শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।[3] দূৰদৰ্শনৰ নাটকসমূহত আধিপত্য বিস্তাৰ কৰা এইগৰাকী বহুমুখী অভিনেত্ৰীয়ে সাধাৰণতে বহুতো ধাৰাবাহিক আৰু চলচ্চিত্ৰত এগৰাকী যুৱতী মাতৃৰ চৰিত্ৰত অভিনয় কৰে।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬৩ চনৰ ১৯ ছেপ্টেম্বৰত কুৰুণেগালাৰ ৱাদাকাদৰ এমিবিলাৱাট্টা গাঁৱত পৰিয়ালটোৰ জ্যেষ্ঠ সন্তান হিচাপে তেওঁৰ জন্ম হৈছিল। পাশ্চাত্য চলচ্চিত্ৰৰ প্ৰতি অতি অনুৰাগী তেওঁৰ দেউতাকে আমেৰিকান অভিনেত্ৰী মৰিন অ’হাৰাৰ নামেৰে তেওঁৰ নাম ৰাখিছিল। তেওঁৰ এজন ভায়েক জনকা আৰু দুজনী ভনীয়েক মালা আৰু মীনা আছে। দেউতাকে তিনিওগৰাকী ছোৱালীক ছোৱালী বিদ্যালয়ত পঢ়ুৱাব বিচৰা বাবে পৰিয়ালটো ৱেন্নাপ্পুৱালৈ স্থানান্তৰিত হয়। তাত তেওঁ ৱেন্নাপ্পুৱাৰ হোলী ফেমিলি গাৰ্লছ স্কুলত অধ্যয়ন কৰিছিল।[5]

তেওঁ বাণিজ্য শাখাত সন্মানসহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ মাজতে তেওঁ শিক্ষয়িত্ৰী থাৰ্চি ৱৰ্ণাকুলাসূৰ্যৰ তত্ত্বাৱধানত চিতাৰ অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁ শ্ৰীলংকাত পৰীক্ষাসমূহ সম্পূৰ্ণ কৰে আৰু ভাৰতত বিশাৰদৰ প্ৰথম ভাগ সম্পূৰ্ণ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কেইবছৰমান শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল আৰু ইংৰাজী ভাষা, ইংৰাজী সাহিত্য আৰু চিতাৰ বজোৱা শিকাইছিল।[5]

পৰ্যটন উদ্যোগৰ সৈতে জড়িত গিহান ৰঞ্জিত ইম্বুলানাৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। এই দম্পতীটিৰ এগৰাকী কন্যা সন্তান আছে।[5]

অভিনয় জীৱন

[সম্পাদনা কৰক]

আৰম্ভণিতে তেওঁৰ দেউতাকে তেওঁৰ অভিনেত্ৰী হোৱাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। বন্ধু দীপ্তি আৰু মোমায়েক পিয়াল কুমাৰতুংগাৰ সৈতে তেওঁ হঠাতে কলম্বোলৈ গৈছিল যাতে কাৰাডিয়া কুৰাল্লা বোলছবিখনত কাম কৰাৰ সুযোগ পায়।[5] অৱশ্যে অৱশেষত তেওঁ ছবিখনৰ বাবে নিৰ্বাচিত হয় আৰু চিৰিল ৱিক্ৰমেগৰ নিৰ্দেশনাত নিৰ্মিত কাৰাডিয়া ৱালালাৰ জৰিয়তে তেওঁৰ প্ৰথম চিনেমাৰ অভিজ্ঞতা লাভ কৰে।[4] কিন্তু ৰণমালিগে ৱাচানাৱা বোলছবিখন কাৰাডিয়া ৱালালাৰ আগতে প্ৰদৰ্শিত হৈছিল।[6][7]

তেতিয়াৰে পৰা বাৰ্ট্ৰম নিহালৰ ব্লকবাষ্টাৰ ধাৰাবাহিক গাম্পেৰালিয়াত "নন্দা"ৰ চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ বিশেষ চৰ্চিত হয়। ইয়াৰ উপৰিও তিষা আবেচেকেৰাৰ থুনকাল চিহিনায়া আৰু মায়াতো তেওঁ অভিনয় কৰে। পৰৱৰ্তী সময়ত তেওঁ বহুতো জনপ্ৰিয় ধাৰাবাহিক আৰু চলচ্চিত্ৰত মাতৃৰ চৰিত্ৰত অভিনয় কৰে, যেনে: চাৰা, পাবা, সন্দাগালাথেন্না, চাণ্ডিংগেথ চাণ্ডিয়া, গোলু মুহুদে কুনাতুৱাক, ত্ৰিশূলয়া, অঞ্জলিকা, পানামানক্কাদা, টিচাৰ আম্মা আৰু আলিয়া[5]

তেওঁ ২০০০ চনত হংস বিলাপায়া নামৰ ছবিখন পৰিচালনা কৰিছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "I acted again due to my sister". Divaina. http://www.divaina.com/2010/07/25/meewitha06.html আহৰণ কৰা হৈছে: 16 August 2016.
  2. "Maureen Charuni back to school". Divaina. http://www.divaina.com/2013/05/12/cineart01.html আহৰণ কৰা হৈছে: 16 August 2016.
  3. "Happy birthday actors". suratha. Archived from the original on 24 September 2016. https://web.archive.org/web/20160924031016/http://suratha.lk/sinhala/%E0%B6%9A%E0%B6%BD%E0%B7%8F%E0%B6%9A%E0%B6%BB%E0%B7%94%E0%B7%80%E0%B6%B1%E0%B7%8A-%E0%B7%83%E0%B7%90%E0%B6%B8%E0%B6%A7-%E0%B7%83%E0%B7%94%E0%B6%B6-%E0%B6%8B%E0%B6%B4%E0%B6%B1%E0%B7%8A%E0%B6%AF-712/ আহৰণ কৰা হৈছে: 16 August 2016.
  4. 1 2 "Acting should be competitive". lakhirulk. http://www.lakhirulk.info/cinema/show.php?id=1949&page=19 আহৰণ কৰা হৈছে: 16 August 2016.[সংযোগবিহীন উৎস]
  5. 1 2 3 4 5 "මම කවදාවත් ගෙදරදි නිළියක් වුණේ නැහැ: මොරින් චාරුනී". silumina.lk. 12 January 2025. https://www.silumina.lk/2024/12/28/rasanduna/32224/මම-කවදාවත්-ගෙදරදි-නිළියක/ আহৰণ কৰা হৈছে: 12 January 2025.
  6. "Maureen Charuni filmography". Sinhala Cinema Database. Archived from the original on 10 September 2017. https://web.archive.org/web/20170910012608/http://www.films.lk/sinhala-cinema-artist-maurine-charuni-467.html আহৰণ কৰা হৈছে: 16 August 2016.
  7. "Maureen Charuni filmography". IMDb. https://www.imdb.com/name/nm6019782/ আহৰণ কৰা হৈছে: 16 August 2016.
  8. "Chat with Maureen Charuni". lankahitgossip. http://sinhala.lankahitgossip.com/2017/12/20/gossip-chat-with-morin-charuni/ আহৰণ কৰা হৈছে: 16 August 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]