মৰিয়ম উৱাইছ
মৰিয়ম উৱাইছ (ইংৰাজী: Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ সামাজিক বিনিয়োগৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2] তেওঁ কানো ৰাজ্যৰ উদ্যোগ মন্ত্ৰালয়, নাইজেৰিয়াৰ কেন্দ্ৰীয় বেংক আৰু নাইজেৰিয়াৰ আইন সংস্কাৰ আয়োগত কাম কৰিছিল।[3]
বিশেষ উপদেষ্টা হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে উৱাইছ আছিল দৰিদ্ৰতাৰ বিৰোধী এগৰাকী কৰ্মী। তেওঁ এন-পাৱাৰত কাম কৰিছিল।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮১ চনত আহমদু বেলো বিশ্ববিদ্যালয়ত পঢ়ি উৱাইছে ১৯৮৫ চনত এল এল এম লাভ কৰে।[5] নাইজেৰিয়া ইনষ্টিটিউট অৱ এডভান্সড লিগেল ষ্টাডিজে সেই বছৰতে তেওঁক এডভান্সড প্ৰেকটিছ এণ্ড প্ৰচিডিৰত সন্মানৰ প্ৰমাণপত্ৰ আৰু ১৯৮৯ চনত লিগেল ড্ৰাফটিং প্ৰদান কৰে।[6]
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰিষদৰ শিশু অধিকাৰৰ বিশেষ প্ৰতিবেদক হিচাপে তেওঁ কাম কৰিছিল। ২০০৯ চনত তেওঁ ইছা ৱালি সৱলীকৰণ পদক্ষেপ প্ৰতিষ্ঠা কৰে।তেওঁ ষ্টেনবিক আইবিটিচি হোল্ডিংছৰ অকাৰ্যবাহী সঞ্চালক আৰু পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাম কৰি আহিছে।[7]
সক্ৰিয়তা
[সম্পাদনা কৰক]লিংগ সম্পৰ্কীয় বিষয় আৰু নাৰীবাদৰ ওপৰত তেওঁৰ পোষকতা কৰি আহিছে।[8]
উৱাইছ নাইজেৰিয়াৰ ফেডাৰেল চৰকাৰৰ পৃষ্ঠপোষকতা আৰু মালিকানাধীন এট-ৰিস্ক-চাইল্ডেন প্ৰগ্ৰেমৰ ৰাষ্ট্ৰীয় সমন্বয়ক আছিল।[9]
বঁটা-সন্মান
[সম্পাদনা কৰক]২০১১ চনত গুডলাক জোনাথানে মৰিয়াম, সৌদাতু মাহদী আৰু অন্যান্যসকলক ফেডাৰেল ৰিপাব্লিকৰ অৰ্ডাৰৰ সদস্যৰ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে।[10] আন্তৰ্জাতিক মহিলা সংস্থাই সেই বছৰতে তেওঁক বছৰৰ মানৱীয় বঁটা প্ৰদান কৰে।[11] ২০১২ চনত নাইজেৰিয়াত সেৱা আগবঢ়োৱা মহিলাসকলৰ বাবে এই ডে বঁটা লাভ কৰে।[12]নাইজেৰিয়াত মহিলা আৰু শিশুৰ অধিকাৰ উন্নীতকৰণত অসাধাৰণ অৱদানৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বঁটা লাভ কৰিছিল।[13]
২০১৮ চনত শ্বৱাব ফাউণ্ডেশ্যন ফৰ ছ’চিয়েল এণ্টাৰপ্ৰেনিউৰশ্বিপৰ দ্বাৰা উৱাইছক ‘ৰাজহুৱা সামাজিক উদ্যোগী’ বঁটাৰে সন্মানিত কৰা হয়।[14][15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Maryam Uwais, MFR is the current Special Advisor to President Muhammadu Buhari". United Nations Office on Drugs and Crime. https://www.unodc.org/res/commissions/CCPCJ/session/30_Session_2021/thematic-sessions-kyoto_html/Maryam_Uwais-bio.pdf। আহৰণ কৰা হৈছে: 29 January 2024.
- ↑ "Things You Need to Know About Buhari's Special Adviser on Social Protection, Maryam Uwais". Nigerian Bulletin. https://nigerianbulletin.com/threads/7-things-you-need-to-know-about-buharis-special-adviser-on-social-protection-maryam-uwais.166977/7। আহৰণ কৰা হৈছে: 30 December 2023.[সংযোগবিহীন উৎস]
- ↑ "Maryam Uwais - Lagos Business School". Lagos Business School - Pan-Atlantic University. 2019-04-16. Archived from the original on 2024-04-18. https://web.archive.org/web/20240418063934/https://www.lbs.edu.ng/lbs_leadership/maryam-uwais-mfr/। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ "How FG is eradicating poverty in Nigeria – Uwais". Daily Sun. 27 July 2018. https://sunnewsonline.com/eradicating-poverty-maryam-uwais/। আহৰণ কৰা হৈছে: 30 January 2024.
- ↑ "Nigeria: Spotlighting the Presidential Aides (I)". All Africa via Leadership News. প্ৰকাশক Abuja). 4 September 2019. https://allafrica.com/stories/201909040091.html। আহৰণ কৰা হৈছে: 30 January 2024.
- ↑ "Maryam Uwais - Lagos Business School". Lagos Business School - Pan-Atlantic University. 2019-04-16. Archived from the original on 2024-04-18. https://web.archive.org/web/20240418063934/https://www.lbs.edu.ng/lbs_leadership/maryam-uwais-mfr/। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ "Maryam Uwais | CHAIRPERSON & FOUNDER ISA WALI EMPOWERMENT INITIATIVE (IWEI)". Those Who Inspire. https://www.thosewhoinspire.com/meet-the-ip/maryam-uwais/। আহৰণ কৰা হৈছে: 2024-01-29.
- ↑ "Child marriage worst form of violence against the girl child – Uwais". The Nation. https://thenationonlineng.net/child-marriage-worst-form-of-violence-against-the-girl-child-uwais/। আহৰণ কৰা হৈছে: 2024-01-30.
- ↑ "Over 41,000 vulnerable Children to benefit from FG's ARC-P in Borno". Vanguard News. https://www.vanguardngr.com/2022/12/over-41000-vulnerable-children-to-benefit-from-fgs-arc-p-in-borno/। আহৰণ কৰা হৈছে: 2024-01-30.
- ↑ "Dangote, Jacobs, Genevieve, Yobo, Osita Iheme, 359 others make national honours lists". Vanguard Nigeria. https://www.vanguardngr.com/2011/10/dangote-jacobs-genevieve-yobo-osita-iheme-359-others-make-national-honours-lists/। আহৰণ কৰা হৈছে: 2024-01-29.
- ↑ Ajumobi, Kemi (6 December 2019). "Women in Business- Maryam Uwais". Business Day. https://businessday.ng/interview/women-in-business/article/women-in-business-maryam-uwais/.
- ↑ "3 NLI Fellows and 1 Associate Honoured at the ThisDay Annual Awards for Excellence". Nigeria Leadership Initiative. https://www.nli-global.org/3-nli-fellows-and-1-associate-honoured-at-the-thisday-annual-awards-for-excellence/। আহৰণ কৰা হৈছে: 2024-01-29.
- ↑ Adelanwa Bamgboye (21 December 2015). "NHRC at 20 - Receives 308,000 Complaint". All Africa via Daily Trust. https://allafrica.com/stories/201512220249.html। আহৰণ কৰা হৈছে: 29 January 2024.
- ↑ "Mrs. (Barr.) Maryam Uwais OON". sydani group. https://sydani.org/about/team-member/Mrs.%20(Barr.)%20Maryam%20%20Uwais%20OON..[সংযোগবিহীন উৎস]
- ↑ "World Economic Forum Lauds President Buhari's Social Investment Programme". Nigerian Television Authority. September 23, 2019. https://nta.ng/2019/09/23/world-economic-forum-thumps-up-president-buharis-sip/.[সংযোগবিহীন উৎস]