মৰিয়ম ঘনী
| মৰিয়ম ঘনী | |
|---|---|
| স্থানীয় নাম | مریم غنی |
| জন্ম | ১৯৭৮ (বয়স ৪৭–৪৮)
নিউয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | দৃশ্য শিল্পী, ফটোগ্ৰাফাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সমাজকৰ্মী |
| সক্ৰিয় হৈ থকা সময় | ২০০০–বৰ্তমান |
| পিতৃ-মাতৃ | আশ্ৰফ ঘনী ৰুলা ছাডে |
মৰিয়ম ঘনী (পশতু/দাৰি: مریم غنی; জন্ম: ১৯৭৮) এগৰাকী আমেৰিকান দৃশ্য শিল্পী, ফটোগ্ৰাফাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজকৰ্মী। বেনিংটন কলেজৰ ভিজুৱেল আৰ্টছ ফেকাল্টিৰ এগৰাকী সদস্য ঘনী হ’ল চিত্ৰা গণেশৰ সহযোগী তথা অংশীদাৰ আৰু ৰিয়ান লী গেলেৰীয়ে তেওঁক প্ৰতিনিধিত্ব কৰে।[1] তেওঁৰ কৰ্মৰাজি টেট মডাৰ্ন আৰু নেশ্যনেল গেলেৰী অফ আৰ্টৰ দৰে স্থানত প্ৰদৰ্শিত হৈছে। তেওঁ ইনডেস্ক অফ দ্য ডিছএপিয়াৰ্ডৰ দৰে কেইবাটাও প্ৰকল্পৰ লগতে লাইক ৱাটাৰ ফ্ৰম এ ষ্টোন আৰু ৱাট উই লেফ্ট আনফিনিছডৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মৰিয়ম ঘনীৰ জন্ম ১৯৭৮ চনত নিউয়ৰ্কৰ ব্ৰুকলিনত এজন আফগান পিতৃ আৰু এগৰাকী লেবাণীজ মাতৃৰ গৰ্ভত হৈছিল।[2] তেওঁৰ পিতৃ মহম্মদ আশ্ৰফ ঘনীয়ে ২০১৪ চনৰপৰা ২০২১ চনলৈ আফগানিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] তেওঁৰ মাতৃ ৰুলা ছাডে এগৰাকী লেবাণীজ নাগৰিক।[4] মেৰিলেণ্ডৰ উপনগৰত বাস কৰা ঘনী নিৰ্বাসনত ডাঙৰ-দীঘল হৈছিল আৰু ২০০২ চনত ২৪ বছৰ বয়স নোহোৱালৈকে তেওঁ আফগানিস্তান ভ্ৰমণ কৰিব পৰা নাছিল।[4]
২০০০ চনত ঘনীয়ে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰপৰা তুলনামূলক সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ২০০২ চনত স্কুল অফ ভিজুৱেল আৰ্টছৰপৰা ভিডিঅ' ফটোগ্ৰাফী আৰু ইনষ্টলেচন আৰ্টত স্নাতকোত্তৰ ডিগ্ৰী (এম.এফ.এ.) অৰ্জন কৰে।[5]
কেৰিয়াৰ
[সম্পাদনা কৰক]ঘনীয়ে ডিজিটেল মিডিয়া আৰু প্ৰযুক্তিক তেওঁৰ শিল্পকৰ্ম সৃষ্টিৰ এক সঁজুলি হিচাপে গণ্য কৰে।[6] তেওঁৰ বেছিভাগ কামৰে একোটা ৰাজনৈতিক উপাদান থাকে আৰু সামাজিক তথা অৰ্থনৈতিক ব্যৱস্থাত থকা বৈষম্যৰ কথা কয়। তেওঁ নিজকে এগৰাকী মহিলাৰ অধিকাৰ আৰু মানৱ অধিকাৰ কৰ্মী হিচাপে গণ্য কৰে।[2] তেওঁ ট্ৰান্সমেডিয়েলে (২০০৩), লিভাৰপুল (২০০৪), ই.এম.এ.পি. চিউল (২০০৫), টেট মডাৰ্ন (২০০৭), নেশ্যনেল গেলেৰী অফ আৰ্ট (২০০৮), বেইজিং (২০০৯) আৰু শ্বাৰজাহত (২০০৯, ২০১১) তেওঁৰ প্ৰদৰ্শনীসমূহ উপস্থাপন কৰিছে।[7] ২০০৪–২০০৫ চনত তেওঁ আইবিমৰ (Eyebeam) আৱাসিক শিল্পী আছিল।[8] ২০১৮ চনৰপৰা ঘনী বেনিংটন কলেজৰ ভিজুৱেল আৰ্টছ ফেকাল্টিৰ সদস্য হিচাপে আছে।[1][7]
২০০৪ চনৰপৰা ঘনীয়ে তেওঁৰ দীৰ্ঘদিনীয়া সহযোগী তথা অংশীদাৰ চিত্ৰা গণেশৰ সৈতে ইনডেস্ক অফ দ্য ডিছএপিয়াৰ্ড শীৰ্ষক এটা মাল্টিমিডিয়া প্ৰকল্পত কাম কৰি আছে।[9] ই আমেৰিকা যুক্তৰাষ্ট্ৰত ৯/১১-ৰ পৰৱৰ্তী সময়ত অনুপ্ৰৱেশকাৰীক আটক কৰা আৰু তাৰ প্ৰতি আমেৰিকাৰ জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ এক নথি-পত্ৰ হিচাপে কাম কৰে। সময়ৰ লগে লগে এই প্ৰকল্পটো বিকশিত হৈছে আৰু ইয়াৰ ফলস্বৰূপে হাউ ডু ইউ চি দ্য ডিছএপিয়াৰ্ড? নামৰ এখন চুটি ছবিৰ লগতে এটা ৱেব প্ৰকল্পও নিৰ্মাণ কৰা হৈছে। অন্যান্য সামগ্ৰীৰ ভিতৰত ট্ৰান্সক্ৰিপ্ট, ভিডিঅ'ৰ টুকুৰা আৰু ৰেডিঅ' ক্লিপ অন্তৰ্ভুক্ত কৰা হৈছে।[2]
ইয়াৰ উপৰি ঘনীয়ে কেইবাটাও চলচ্চিত্ৰ প্ৰকল্প নিৰ্মাণ কৰিছে। ২০১৩ চনত তেওঁ নৰৱেৰ ষ্টেভেঞ্জাৰত লাইক ৱাটাৰ ফ্ৰম এ ষ্টোন নামৰ এটা প্ৰকল্পৰ দৃশ্যগ্ৰহণ কৰিছিল। ইয়াত ১৯৬৯ চনত দেশখনত তেল আৱিষ্কাৰ হোৱাৰ পিছত অহা পৰিৱৰ্তনৰ বিষয়ে দেখুওৱা হৈছে। ২০১৬ চনত তেওঁ মিছৌৰীৰ ছেইণ্ট লুইত নিৰ্মিত দ্য চিটি এণ্ড দ্য চিটি নামৰ এখন চুটি ছবিৰ জৰিয়তে আমেৰিকাত প্ৰতিষ্ঠানগত অসমতাৰ ফলত হোৱা সামাজিক উত্থান-পতনৰ দিশসমূহ পৰ্যবেক্ষণ কৰিছিল।[3] ২০১৪ চনত লছ এঞ্জেলছ মিউনিচিপাল আৰ্ট গেলেৰীত প্ৰদৰ্শিত দ্য ট্ৰেচপাছাৰ্ছৰ দৰে আন আন চলচ্চিত্ৰসমূহে ভাষা অনুবাদৰ অন্তৰ্নিহিত সমস্যাসমূহ পৰীক্ষা কৰিবলৈ চেষ্টা কৰে।[10]
দৃশ্য শিল্পৰ কামৰ উপৰি ঘনীয়ে এগৰাকী সাংবাদিক হিচাপে কাম কৰে। তেওঁ বিশেষকৈ আফগান প্ৰবাসীসকলক প্ৰভাবিত কৰা বিষয়সমূহৰ ওপৰত লেখা-মেলা আৰু বক্তৃতা প্ৰদান কৰে।[7] ইয়াৰ উপৰি তেওঁ গালফ লেবাৰ ৱৰ্কিং গ্ৰুপৰ সদস্য। এই গোটটোৱে আবুধাবিত সংগ্ৰহালয় নিৰ্মাণ কৰা শ্ৰমিকসকলৰ অধিকাৰৰ হকে মাত মাতে।[11] তেওঁ এগৰাকী আৰ্কাইভলজিষ্টও। তেওঁ ১৯৭৮–১৯৯১ চনলৈ দেশখনৰ কমিউনিষ্ট শাসনকালত আফগান চৰকাৰী চলচ্চিত্ৰ নিৰ্মাতাসকলে নিৰ্মাণ কৰা কৰ্মসমূহ ডিজিটেল ৰূপ দিয়া আৰু পুনৰ্নিৰ্মাণ কৰাৰ বাবে কাম কৰিছে।[2] ঘনীৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ৱাট উই লেফ্ট আনফিনিছড এই আধৰুৱা আফগান ছবিসমূহৰ এক তথ্যচিত্ৰ। ২০২১ চনত 'আৰ্ট ফৰাম'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঘনীয়ে এই ছবিখনক আফগানিস্তানৰ অস্থিৰ কমিউনিষ্ট শাসনকালৰ এক প্ৰতিফলন বুলি অভিহিত কৰিছিল।[12] ইয়াৰ উপৰি তেওঁ মন্তব্য কৰে যে ৰেডিঅ' টেলিভিছন আফগানিস্তানৰ ওচৰত এক "অসাধাৰণ সমৃদ্ধ অডিঅ’ভিজুৱেল আৰ্কাইভ আছে যি অধিক দৃষ্টি আকৰ্ষণৰ যোগ্য।" [13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Mariam Ghani". https://www.bennington.edu/academics/faculty/mariam-ghani.
- 1 2 3 4 Liz, Robbins (20 February 2015). "Mariam Ghani, a Brooklyn Artist Whose Father Leads Afghanistan". The New York Times (New York, New York). https://www.nytimes.com/2015/02/22/nyregion/mariam-ghani-a-brooklyn-artist-whose-father-leads-afghanistan.html?_r=1.
- 1 2 Pilgrim, Sophie (15 March 2015). "What links Kabul with Alaska, Norway's oil capital and St. Louis, Missouri?". প্ৰকাশক Paris, France: France 24. http://www.france24.com/en/20150312-norway-oil-kabul-ferguson-afghanistan-first-daughter-mariam-ghani-artist.
- 1 2 Goudsouzian, Tanya (1 October 2014). "Afghan first lady in shadow of 1920s queen?". প্ৰকাশক Doha, Qatar: Al Jazeera. http://www.aljazeera.com/news/asia/2014/09/afghan-first-lady-shadow-1920s-queen-2014930142515254965.html?utm=from_old_mobile.
- ↑ "Mariam Ghani | P.S.1 Studio Visit". momaps1.org. http://momaps1.org/studio-visit/artist/mariam-ghani। আহৰণ কৰা হৈছে: 2016-02-01.
- ↑ Heuer, Megan (September 2013). "Digital Effects". Art in America খণ্ড 101 (8): 96– 105. http://search.ebscohost.com/login.aspx?direct=true&db=a9h&AN=90252964&site=ehost-live। আহৰণ কৰা হৈছে: 31 July 2015.
- 1 2 3 "cv". 16 April 2015. https://www.mariamghani.com/cv। আহৰণ কৰা হৈছে: 20 December 2024.
- ↑ "Mariam Ghani | eyebeam.org". eyebeam.org. http://eyebeam.org/people/mariam-ghani। আহৰণ কৰা হৈছে: 2016-01-28.
- ↑ Ganesh, Chitra; Ghani, Mariam (2011-09-01). "Introduction to an Index" (en ভাষাত). Radical History Review খণ্ড 2011 (111): 110– 129. doi:10.1215/01636545-1268740. ISSN 0163-6545. http://rhr.dukejournals.org/content/2011/111/110.
- ↑ Miranda, Carolina A. (16 August 2014). "How L.A.'s Islamic art shows might expand our 'Middle East' vision". Los Angeles Times. ISSN 0458-3035. http://www.latimes.com/entertainment/arts/miranda/la-et-cam-islamic-arts-initiative-diversity-20140813-column.html#page=1.
- ↑ Uncommon Grounds: New Media and Critical Practices in North Africa and the Middle East. প্ৰকাশক London: I.B. Tauris & Co. Ltd.. 2014. পৃষ্ঠা. 346– 347. ISBN 9781784530358.
- ↑ "Mariam Ghani on Afghanistan's unfinished histories" (en-US ভাষাত). www.artforum.com. 22 September 2021. https://www.artforum.com/interviews/mariam-ghani-on-afghanistan-s-unfinished-histories-86692। আহৰণ কৰা হৈছে: 2021-09-28.
- ↑ Mohammad, Niala (31 October 2014). "The First Daughter of Afghanistan-Mariam Ghani". Voice of AmericaAcross the Durand. Archived from the original on 1 July 2015. https://web.archive.org/web/20150701083624/http://blogs.voanews.com/durand/2014/10/31/the-first-daughter-of-afghanistan-mariam-ghani/। আহৰণ কৰা হৈছে: 31 July 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Mariam Ghani সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।