মৰিয়ম জাকাৰিয়া
| মৰিয়ম জাকাৰিয়া | |
|---|---|
২০১২ চনত জাকাৰিয়া | |
| জন্ম | তেহৰান, ইৰান |
| নাগৰিকত্ব | ছুইডেন |
| পেচা | মডেল, অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৯–বৰ্তমান |
| দাম্পত্যসঙ্গী | অৰবিন্দ ঠাকুৰ (বিবাহ ২০১২) |
| সন্তান | ১ |
মৰিয়ম জাকাৰিয়া হৈছে ইৰানত জন্মগ্ৰহণ কৰা এগৰাকী অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। তেওঁ হিন্দী, তেলেগু আৰু তামিল ভাষাৰ বোলছবিত অভিনয় কৰিছে।[1][2] তেওঁ বিশেষকৈ মদথা কাজা, এজেণ্ট বিনোদ আৰু গ্ৰেণ্ড মাষ্টি দৰে বোলছবিত কৰা অভিনয়ৰ বাবে জনাজাত।
কৰ্মজীৱন
[সম্পাদনা কৰক]চুইডেনত জাকাৰিয়ায়ে মডেল, নৃত্য শিক্ষয়িত্ৰী, কৰিঅ'গ্ৰাফাৰ হিচাপে কাম কৰিছিল আৰু এখন বলীউড নৃত্য বিদ্যালয় 'ইণ্ডিস্ক ডানচ ষ্টুডিঅ প্ৰতিষ্ঠা কৰিছিল, যিখন চুইডেনত বলীউড চিনেমাৰ নৃত্যশৈলী শিকোৱা প্ৰথমখন নৃত্য বিদ্যালয় আছিল।[3] বলীউডত কাম কৰাৰ উদ্দেশ্যে তেওঁ ২০০৯ চনত ভাৰতৰ মুম্বাইলৈ স্থানান্তৰিত হয় আৰু এগৰাকী মডেল হিচাপে কাম আৰম্ভ কৰে। তেওঁ বিভিন্ন দূৰদৰ্শন বিজ্ঞাপনত অভিনয় কৰিছিল, যাৰ ভিতৰত ছেট ৱেট, লেজ আৰু ক’কৰ বিজ্ঞাপন আছিল আটাইতকৈ উল্লেখযোগ্য।[3][4] তেওঁ ইমৰান খানৰ সৈতে এটা ককা-ক’লাৰ বিজ্ঞাপনতো অংশ লৈছিল।
তামিল চলচ্চিত্ৰ পৰিচালক সুন্দৰ চি-য়ে ইউটিউবত তেওঁৰ এটা নৃত্যৰ ভিডিঅ’ চোৱাৰ পিছত তেওঁৰ নগৰম (২০১০) বোলছবিত এটা আইটেম নম্বৰ পৰিৱেশন কৰিবলৈ তেওঁক চুক্তিবদ্ধ কৰে।[5][6] ১০০% লাভ বোলছবিৰ জনপ্ৰিয় গীত "দিয়ালো দিয়ালা"-ত কৰা অভিনয়ে তেওঁলৈ এক ডাঙৰ সফলতা কঢ়িয়াই আনে।[7] ইয়াৰ পিছত তেওঁ আন এখন তেলেগু ছবি মদথা কাজা (২০১১)-ত আল্লাৰী নৰেশ্বৰ বিপৰীতে এগৰাকী মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰে।[3] ২০১২ চনত তেওঁ মুৱাজ্জম বেগৰ চাড্ডা আড্ডা ছবিত "দিল্লী কী বিল্লী" আইটেম গীতটোত অংশ লয়।[8]
চাইফ আলী খানৰ বোলছবি এজেণ্ট বিনোদ-ত তেওঁ ফাৰাহৰ চৰিত্ৰত অভিনয় কৰে আৰু "দিল মেৰা মুফ্ট কা" গীতটোত কৰীণা কাপুৰৰ সৈতে এটা মুজৰা নৃত্য পৰিৱেশন কৰে, যিয়ে তেওঁক বলীউডত জনপ্ৰিয়তা প্ৰদান কৰে। ২০১২ চনত তেওঁ ইন্দ্ৰ কুমাৰৰ বোলছবি গ্ৰেণ্ড মাষ্টি-ৰ বাবে চুক্তিবদ্ধ হয়, য’ত তেওঁ আফতাব শিৱদাসানীৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে। এই ছবিখন ২০১৩ চনৰ ১৩ ছেপ্টেম্বৰত মুক্তি পাইছিল। কেৱল প্ৰাপ্তবয়স্কৰ প্ৰমাণ-পত্ৰ লাভ কৰা বোলছবিসমূহৰ ভিতৰত গ্ৰেণ্ড মাষ্টি ভাৰতত ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰা অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী বলীউড ছবি হিচাপে পৰিগণিত হয়। এই ছবিখনক বক্স অফিচ ইণ্ডিয়াৰদ্বাৰা ছুপাৰ হিট হিচাপে ঘোষণা কৰা হৈছিল।[9]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মৰিয়ম জাকাৰিয়াই ২০১২ চনত কৰিঅ'গ্ৰাফাৰ অৰবিন্দ ঠাকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[10] এই দম্পতীৰ ২০১৩ চনত আৰিয়ান ঠাকুৰ নামৰ এজন পুত্ৰ সন্তানৰ জন্ম হয়।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Swedish Sizzle". India Today. 30 April 2011. https://www.indiatoday.in/magazine/eyecatchers/story/20110509-model-maryam-zakaria-dance-number-dilli-ki-billi-745894-2011-04-30। আহৰণ কৰা হৈছে: 13 October 2011.
- ↑ Saxena, Kashika. "Maryam Zakaria". http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/I-fell-in-love-with-Hindi-films-Maryam-Zakaria/articleshow/36108744.cms। আহৰণ কৰা হৈছে: 4 July 2014.
- 1 2 3 "Set Wet commercial girl Mushtaq Ahmed in Tollywood". Deccan Chronicle. 29 September 2011. Archived from the original on 4 October 2011. https://web.archive.org/web/20111004154123/http://www.deccanchronicle.com/channels/showbiz/tollywood/set-wet-commercial-girl-maryam-zakaria-tollywood-010। আহৰণ কৰা হৈছে: 13 October 2011.
- ↑ Itsy bitsy – Balancing act. The Hindu. 11 February 2012
- ↑ Sizzling item number in Nagaram Archived 22 January 2014 at the Wayback Machine. Sify.com (17 November 2010). Retrieved 30 March 2012.
- ↑ Where are all the item girls? – Times Of India. The Times of India. (19 December 2010). Retrieved 30 March 2012.
- ↑ The girl who follows her dreams Archived 23 February 2012 at the Wayback Machine. Postnoon. Retrieved 30 March 2012.
- ↑ "Swedish Model Dances To Dilli Ki Bill". NDTV Movies. 20 April 2011. Archived from the original on 2 April 2012. https://web.archive.org/web/20120402013351/http://www.ndtvmovies.com/movie_story.aspx?ID=ENTEN20110173942&keyword=bollywood&subcatg=MOVIESINDIA&nid=100220। আহৰণ কৰা হৈছে: 13 October 2011.
- ↑ "Box Office Collection: 'Grand Masti' Becomes First Adult Comedy Film to Surpass ₹100 Crore Mark in India". https://www.ibtimes.co.in/box-office-collection-039grand-masti039-becomes-first-adult-comedy-film-to-surpass-100-crore-mark-in-india-511715#:~:text=Indian%20box%20office.-,The%20adult%20comedy%20film%20crossed%20the%20%E2%82%B9100%2Dcrore%20mark,it%20in%20just%2023%20days..
- ↑ "I Decided To Have A Baby After Grand Masti! – Maryam Zakaria". 7 November 2014. https://www.missmalini.com/2014/11/07/maryam-zakaria-decided-baby-grand-masti/। আহৰণ কৰা হৈছে: 7 April 2021.
- ↑ "Maryam Zakaria with son Aryan Thakur arrives at Isana Kapoor's birthday party in Mumbai on November 12, 2017 - Photogallery". The Times of India. https://photogallery.indiatimes.com/events/mumbai/celebrities-attend-isana-kapoors-birthday-party/maryam-zakaria-with-son-aryan-thakur/articleshow/61625963.cms। আহৰণ কৰা হৈছে: 4 June 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত মৰিয়ম জাকাৰিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- মৰিয়ম জাকাৰিয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- এক্সত মৰিয়ম জাকাৰিয়া
