মৰিষ্কা পোখৰেল
মৰিষ্কা পোখৰেল | |
---|---|
![]() | |
জন্ম | ০২ আগষ্ট, ১৯৯৬ (২৮ বছৰ) চিতবন জিলা, নেপাল |
ৰাষ্ট্ৰীয়তা | নেপালী |
পেচা | অভিনেত্ৰী, মডেল, কলা শিক্ষয়িত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমান |
মৰিষ্কা পোখৰেল (নেপালী: मरिष्का पोखरेल) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল আৰু চিত্ৰশিল্পী। ‘মৰিষ্কা’ নামটো তেওঁৰ পৰিয়াল প্ৰদত্ত নাম। এই হিব্ৰু ভাষাৰ নামটোৰ অৰ্থ হৈছে জলপৰী বা সাগৰৰ দেৱী। ২০১৬ চনত, আকাশ অধিকাৰীৰ পৰিচালনাত নিৰ্মিত কে ম তিম্ৰো হৈন ৰ নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।[1] একে বছৰতে তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ চপলী হাইট ২য়ো মুক্তি পাইছিল। মনস্তাত্ত্বিক থ্ৰিলাৰধৰ্মী এই নেপালী ছবিখনৰ পৰিচালক আছিল আছিল দীপেন্দ্ৰ কে খানাল আৰু প্ৰযোজক আছিল অৰ্জুন কুমাৰ। ছবিখন ২০১২ চনৰ ছবি চপলী হাইট-ৰ ছিকুৱেল আছিল।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]পোখৰেলে, ২০২০ চনত, য়াৰা নামৰ হিন্দী চলচ্চিত্ৰ এখনত অভিনয় কৰিছিল। অলিভিয়াৰ মাৰ্চালৰ ছবি ‘এ গেং ষ্ট’ৰী’ৰ আধাৰত নিৰ্মিত, টিগমাংশু ঢুলীয়াৰ দ্বাৰা পৰিচালিত, এই ছবিখনত বিদ্যুৎ জামৱাল আৰু শ্ৰুতি হাছানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[3] কে ম তিম্ৰো হৈন ৰ (২০১৬) নামৰ ছবিখনত আৰিয়ান অধিকাৰীৰ বিপৰীতে অভিনয়েৰে তেওঁ নেপালী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[1] ইয়াৰ পিছত চপলী হাইট ২ (২০১৬), লাম্ফু (২০১৮), পণ্ডিত বাজেকো লৌৰী (২০১৮),[4] ছালি কস্কো ভেনাকো: (২০১৮) আৰু মিষ্টাৰ ভাৰ্জিন (২০১৮)ৰ দৰে ছবিসমূহত অভিনয় কৰে। মিষ্টাৰ ভাৰ্জিন (২০১৮) চলচ্চিত্ৰখনত এগৰাকী এস্কৰ্টৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ তেওঁ ‘কল গাৰ্লছ’ৰ জীৱনশৈলী আৰু দৈনন্দিন সময়সূচীৰ বিষয়ে জানিবলৈ গৱেষণা কৰিবলগীয়া হৈছিল।[5]
২০১৫ চনত, স্বৰূপ ৰাজ আচাৰ্যৰ আজা মান মা তিম্ৰো নামৰ সংগীত ভিডিঅ’ এটিত পোখাৰেলে অভিনয় কৰিছিল। তাৰ পিছৰ পৰাই ২০১৯ চনৰ মাজভাগলৈকে ইতিমধ্যে দুডজন নেপালী সংগীত ভিডিঅ’ত কাম কৰিছে। ইউটিউবত, তেওঁৰ আটাইতকৈ বেছি চোৱা সংগীত ভিডিঅ’সমূহৰ ভিতৰত শিৰফুল[6] আৰু শালকো পাত অন্যতম।[7] বিষ্ণু মাঝিৰ শালকো পাতে তেওঁলৈ খ্যাতি কঢ়িয়াই আনিছিল আৰু ইয়ে সকলো বয়সৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।[8]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]![]() |
এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে |
অভিনেত্ৰী হিচাপে
[সম্পাদনা কৰক]বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা |
---|---|---|---|
২০১৬ | কে ম তিম্ৰো হৈন ৰ[9] | শ্ৰেয়া | অভিষেক চলচ্চিত্ৰ |
চপলী হাইট ২ | আকৃতি | ||
২০১৮ | লাম্ফু | আৰতি | |
পণ্ডিত বাজেকো লৌৰী | জানকী | ||
মিষ্টাৰ ভাৰ্জিন | ৰʼজী | ||
ছালি কস্কো ভেনাকো | মণিছাৰা | ||
২০২০ | য়াৰা[10] | হিন্দী চলচ্চিত্ৰ | |
গাইড![]() |
ছাৰা | ||
পূৰ্ব পশ্চিম![]() |
চাৰু |
পৰিচালক হিচাপে
[সম্পাদনা কৰক]তলত তেওঁৰ দ্বাৰা পৰিচালিত সংগীত ভিডিঅ'সমূহ তলত উল্লেখ কৰা হ'ল:
বৰ্ষ | শিৰোনাম | টোকা |
---|---|---|
২০১৮ | তিমিলাই দুখনা | সংগীত ভিডিঅʼ |
২০১৮ | ত্যো স্বপ্না | সংগীত ভিডিঅʼ |
২০১৮ | মেৰো প্ৰাণ তিমিলাই | সংগীত ভিডিঅʼ |
সংগীত ভিডিঅʼ
[সম্পাদনা কৰক]পোখাৰেলে ইতিমধ্যে ২০১৯ চনৰ মাজভাগলৈকে প্ৰায় দুডজন সংগীত ভিডিঅ’ত কাম কৰিছে। তেওঁৰ অভিনীত কিছুমান সংগীত ভিডিঅ’ তলত দিয়া হ’ল:
বৰ্ষ | শিৰোনাম | শিল্পী |
---|---|---|
২০১৬ | ম হৰায়ে[11] | দীপক গুৰুং |
আঁখা আঁখা | উৰ্জা ব্যাণ্ড | |
২০১৭ | শিৰফুল[6] | দেৱৰাজ/তাৰা শ্ৰীজ |
জুনা জস্তো শীতল তিম্ৰো মায়া[12] | সুমন কেচি | |
2018 | জিতেৰা পনি হাৰ মা ছু | শিৱ পাৰিয়াৰ |
শালকো পাত | কুলেন্দ্ৰ বিশ্বকৰ্মা আৰু বিষ্ণু মাঝি | |
২০১৯ | সৰহাই মান অত্যুনে | বিষ্ণু মাঝি আৰু বিক্ৰম মাল্লা |
ছলটিনি জ্যু[13] | জিবিহাং ৰায় / কিশু গুৰুং | |
বনমৰা | বিষ্ণু মাঝি আৰু হেমন্ত শৰ্মা | |
২০২০ | মৌনাতা মা ধেৰাই | ৰাম কৃষ্ণ ঢাকাল |
জনহিতৈষী কাম-কাজ
[সম্পাদনা কৰক]ৰূপালী পৰ্দাৰ বাহিৰেও পোখৰেলে শিশুৰ অধিকাৰৰ বাবে কাম কৰা সংস্থাসমূহত সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু কলা তথা চিত্ৰশিল্পৰ কামসমূহত যথেষ্ট সময় কটায়। কলাৰ ক্ষেত্ৰত শৈশৱৰ পৰাই তেওঁৰ আগ্ৰহ আছিল।[14] ২০১৮ চনৰ আৰম্ভণিৰ পৰাই তেওঁ হিউমেন লাইফ প্ৰটেকচন ফ’ৰাম (অলাভজনক সংস্থা)ৰ সমন্বয়ক হিচাপে কাম কৰি আহিছে। ২০১৭ চনৰ পৰা সেৱা সংস্থা ৰটাৰীৰ সৈতে পোখৰেল জড়িত। ৰটাৰী ইণ্টাৰনেশ্যনেল এম এইচ এম হৈছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সেৱা সংস্থা যাৰ উল্লিখিত উদ্দেশ্য হৈছে মানবতাৰ সেৱাত ব্যৱসায়ী তথা পেছাদাৰী নেতৃবৃন্দক একত্ৰিত কৰা আৰু বিশ্বজুৰি শান্তিৰ বাৰ্তা কঢ়িয়াই নিয়া। তেওঁ বানেশ্বৰ ৰটাৰী ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য হোৱাৰ উপৰিও ২০১৯-২০ বৰ্ষৰ বাবে এগৰাকী সঞ্চালকো (জনসংযোগৰ অধ্যক্ষ) আছিল।[15]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Mediocre fare" (en-US ভাষাত). The Himalayan Times. 14 May 2016. Archived from the original on 9 June 2019. https://web.archive.org/web/20190609065930/https://thehimalayantimes.com/entertainment/movie-review/ke-ma-timro-hoina-ra/। আহৰণ কৰা হৈছে: 27 August 2019.
- ↑ "Chapali's clichéd height this time on" (en-US ভাষাত). The Himalayan Times. 20 August 2016. Archived from the original on 31 May 2019. https://web.archive.org/web/20190531135921/https://thehimalayantimes.com/entertainment/movie-review/chapali-height-2-cliched-height-this-time-on/। আহৰণ কৰা হৈছে: 17 June 2019.
- ↑ "Fun talk with Mariska Pokhrel & Kabir Khadka" (en ভাষাত). OSNepal.com :: Latest News,Breaking News, Latest, Politics, World, Entertainment, Sports, Technology, Interview, Nepal News. Archived from the original on 21 July 2018. https://web.archive.org/web/20180721102837/http://www.osnepal.com/573975। আহৰণ কৰা হৈছে: 10 June 2019.
- ↑ "Pandit Bajeko Lauri movie review: When good story meets natural actors – OnlineKhabar" (en-GB ভাষাত). https://english.onlinekhabar.com/pandit-bajeko-lauri-movie-review.html। আহৰণ কৰা হৈছে: 27 August 2019.
- ↑ "Marsika in Mr.Virgin". https://english.onlinekhabar.com/mr-virgin-movie-review-a-collection-of-stale-jokes.html। আহৰণ কৰা হৈছে: 8 May 2021.
- ↑ 6.0 6.1 "SHIRPHOOL TITLE SONG: ALL EYES ON MARISKA'S TRADITIONAL AVATAR" (en-US ভাষাত). Street Nepal. http://streetnepal.com/shirphool-title-song-all-eyes-on-mariskas-traditional-avatar/। আহৰণ কৰা হৈছে: 9 June 2019.
- ↑ "Salko Patko Tapari Celebration With Kedar Ghimire Magne Budo". CanadaNepal. Archived from the original on 9 June 2019. https://web.archive.org/web/20190609163107/http://www.ecanadanepal.com/2018/12/salko-patko-tapari-celebration-with.html। আহৰণ কৰা হৈছে: 9 June 2019.
- ↑ "Team Saal Ko Paat Ko Tapari Celebrates Success Party Of The Song" (en ভাষাত). OSNepal.com :: Latest News,Breaking News, Latest, Politics, World, Entertainment, Sports, Technology, Interview, Nepal News. https://www.osnepal.com/705509। আহৰণ কৰা হৈছে: 11 June 2019.[সংযোগবিহীন উৎস]
- ↑ "मरिष्का भन्छिन्-'आर्यनको छायाँमा पर्दिन, चलचित्र हेरेपछि कामको मुल्यांकन हुन्छ'" (en-US ভাষাত). Online Khabar. https://www.onlinekhabar.com/2016/05/425328। আহৰণ কৰা হৈছে: 27 August 2019.
- ↑ Yaara Movie: Showtimes, Review, Trailer, Posters, News & Videos | eTimes, https://timesofindia.indiatimes.com/entertainment/hindi/movie-details/yaara/movieshow/61965668.cms, আহৰণ কৰা হৈছে: 6 October 2020
- ↑ Nepal, Glamour (2016-09-21). "Sizzling Movements of Mariska and Suraj, a video that make you feel HOT!" (en-US ভাষাত). Glamour Nepal. https://glamournepal.com/sizzling-movements-mariska-suraj-video-make-feel-hot। আহৰণ কৰা হৈছে: 27 August 2019.
- ↑ "Watch The Latest Song 'Jun Jastai' By Suman KC" (en ভাষাত). OSNepal.com :: Latest News,Breaking News, Latest, Politics, World, Entertainment, Sports, Technology, Interview, Nepal News. https://www.osnepal.com/403893। আহৰণ কৰা হৈছে: 27 August 2019.
- ↑ Dcnepalonline. "सोल्टिनी ज्यू" (en ভাষাত). DCNepal Online - dcnepalonline.com. Archived from the original on 20 June 2019. https://web.archive.org/web/20190620010559/http://www.dcnepalonline.com/video/soltini-jyu.html। আহৰণ কৰা হৈছে: 27 August 2019.
- ↑ "5 things about Mariska Pokharel". My Republica. Archived from the original on 17 September 2021. https://web.archive.org/web/20210917030804/https://myrepublica.nagariknetwork.com/mycity/news/5-things-about-mariska-pokharel। আহৰণ কৰা হৈছে: 8 May 2021.
- ↑ "Rotary Baneshwor Board of Director 2019-20" (en-US ভাষাত). rotaryclubofbaneshwor.org.np. Archived from the original on 9 June 2019. https://web.archive.org/web/20190609080108/http://rotaryclubofbaneshwor.org.np/board_of_director। আহৰণ কৰা হৈছে: 18 June 2019.