মৰুতীৰ্থ হিংলাজ
অৱয়ব
মৰুতীৰ্থ হিংলাজ | |
---|---|
![]() | |
পৰিচালক | বিকাশ ৰায় |
ৰচনা | কালিকানন্দ অৱধূত |
চিত্ৰনাট্য | বিকাশ ৰায় (সংলাপ) |
ভিত্তি | মৰুতীৰ্থ (উপন্যাস) |
প্ৰযোজক | বিকাশ ৰায় |
অভিনয়ত | উত্তম কুমাৰ, সাবিত্ৰী চেটাৰ্জী, অনিল চেটাৰ্জী, বিকাশ ৰায় |
চিত্ৰগ্ৰহণকাৰী | অনিল গুপ্তা |
সম্পাদনা | কমল গাংগুলী |
সংগীত পৰিচালক | হেমন্ত মুখাৰ্জী |
প্ৰযোজনা কোম্পানী |
বিকাশ ৰায় প্ৰডাকচনচ্ |
পৰিবেশক | জনতা পিকচাৰ্ছ এণ্ড থিয়েটাৰ লিমিটেড |
মুক্তি |
১২ ফেব্ৰুৱাৰী ১৯৫৯ |
দেশ | India |
ভাষা | বঙালী |
মৰুতীৰ্থ হিংলাজ (ইংৰাজী: Marutirtha Hinglaj) ১৯৫৯ চনৰ বিকাশ ৰায় পৰিচালিত আৰু প্ৰযোজিত এখন ভাৰতীয় বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি।[1] এই ছবিখন হিংলাজ তীৰ্থক মহিমামণ্ডিত কৰি বঙালী ঔপন্যাসিক কালিকানন্দ অৱধূতে ৰচনা কৰা একে নামৰ ভ্ৰমণ কাহিনীৰ ওপৰত ভিত্তি ৰচনা কৰা হৈছিল।[2][3][4] মুখ্য অভিনেতা আছিল উত্তম কুমাৰ, সাবিত্ৰী চেটাৰ্জী, আৰু অনিল চেটাৰ্জী। সংগীত হেমন্ত মুখাৰ্জীৰ।
নিৰ্মাণ
[সম্পাদনা কৰক]ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু চিত্ৰনাট্য ৰচনা বিকাশ ৰায়ৰ। তেওঁ ছবিখনত অভিনয়ো কৰিছিল। প্ৰথমে দীঘাত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। দীঘাৰ সমীপৰ সমুদ্ৰৰ উপকূলত বেলুচিস্তানৰ মৰুভূমিৰ সৃষ্টি কৰা হৈছিল। বিকাশ ৰায়ে ছবিখনত ব্যৱহাৰৰ বাবে দুটা উট আনিছিল। চাকুলীয়াতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল, দুদিন হৈছিল ঘাটশিলাত।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Marutirtha Hinglaj (1959)". Indiancine.ma. https://indiancine.ma/JES। আহৰণ কৰা হৈছে: 2021-09-04.
- ↑ Ranabir Samaddar (July 2004). Peace Studies: An Introduction To the Concept, Scope, and Themes. SAGE Publications India. ISBN 9788132102878. https://books.google.com/books?id=aciGAwAAQBAJ&q=Marutirtha+Hinglaj&pg=PA215.
- ↑ "Marutirtha Hinglaj Ed. 2nd". archive.org. https://archive.org/details/in.ernet.dli.2015.355415। আহৰণ কৰা হৈছে: 8 April 2018.
- ↑ Swarupa Gupta (30 October 2017). Cultural Constellations, Place-Making and Ethnicity in Eastern India. BRILL. ISBN 9789004349766. https://books.google.com/books?id=jjE9DwAAQBAJ&q=Marutirtha+Hinglaj&pg=PA351। আহৰণ কৰা হৈছে: 8 April 2018.
- ↑ এখনখবৰ (2020-05-16). "তিনি বিকাশ ৰায়-ৰানা চক্ৰবৰ্তী - এখনখবৰ". https://ekhonkhobor.com/2020/05/16/tini-bikash-ray-rana-chakraborty/। আহৰণ কৰা হৈছে: 2022-11-13.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মৰুতীৰ্থ হিংলাজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।