মৰূদ্যান
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ভূগোলৰ মতে মৰুদ্যান (ইংৰাজী: oasis) হৈছে মৰুভূমি বা অৰ্ধ-মৰুভূমিৰ পৰিৱেশত থকা এক উৰ্ব্বৰ এলেকা (প্ৰায়ে খেজুৰৰ দৰে উদ্ভিদ গজে)।[1] মৰুদ্যানে জন্তু আৰু উদ্ভিদক বাসস্থানো প্ৰদান কৰে। মৰুভূমিত বতাহৰ অবনমন (Deflation) কাৰ্যৰ ফলত মৰুপৃষ্ঠৰ একো-একোটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ (Groundwater) জলৰাশিৰ সংস্পৰ্শত আহি তেনে অবনমিত অংশত পানী জমা হয়। কালক্ৰমত তেনে পানী জমা হোৱা অবনমিত অংশৰ চাৰিওকাষে সেউজ আৱৰণৰ সৃষ্টি হয়। মৰুভূমিৰ এনে পানী থকা সেউজ আৱৰণযুক্ত অৱনমিত অংশকে মৰুদ্যান বোলা হয়।