সমললৈ যাওক

ম’য়া কেনন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ম’য়া কেনন

আইৰিছ কবি ম’য়া কেনন, ২০১৫ চনত
জন্ম ১৯৫৬
আয়াৰলেণ্ড
পেচা কবি, সাহিত্যিক
ৱেবছাইট www.moyacannon.ie

ম’য়া কেনন (ইংৰাজী: Moya Cannon ; জন্ম: ১৯৫৬) এগৰাকী আইৰিছ লেখিকা আৰু কবি আৰু তেওঁৰ সাতখন প্ৰকাশিত সংকলন আছে, শেহতীয়াকৈ মানচেষ্টাৰৰ Carcanet Pressৰ পৰা ২০২১ চনত কবিতা সংকলন প্ৰকাশ পায়।

আয়াৰলেণ্ডৰ কাউন্টি ডনেগালৰ ডানফানাঘীত জন্মগ্ৰহণ কৰা ম’য়া কেননে ইউনিভাৰ্চিটি কলেজ ডাবলিন আৰু কেম্ব্ৰিজৰ কৰ্পাছ ক্ৰীষ্টি কলেজত ইতিহাস আৰু ৰাজনীতি বিষয় অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ গলৱেলৈ গুচি যায় আৰু তাতেই তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম আৰম্ভ কৰে। কেইবাবছৰ ধৰি তেওঁ খীলঞ্জীয়া আইৰিছ কিশোৰৰ বাবে গঠিত বিশেষ বিদ্যালয়ত শিক্ষকতা কৰিছিল। ইয়াৰ উপৰিও তেওঁ গলৱেৰ নেচনেল ইউনিভাৰ্চিটি অৱ আয়াৰলেণ্ডত সৃষ্টিশীল লেখাৰ পাঠ্যক্ৰম অধ্যাপনা কৰিছিল আৰু এন ইউ আই জিৰ দ্য ইণ্টাৰনেশ্যনেল ৰাইটাৰ্ছ’ পাঠ্যক্ৰমৰ সহ-পৰিচালক আছিল।

তেওঁৰ সংকলিত কবিতাসমূহ মানচেষ্টাৰৰ কাৰ্কানেট প্ৰেছৰ দ্বাৰা প্ৰকাশ পাইছে (২০২১)। তেওঁৰ ষষ্ঠ সংকলন ডনেগাল টাৰাণ্টেলা ২০১৯ চনত কাৰ্কানেট প্ৰেছে প্ৰকাশ কৰিছিল।

তেওঁৰ কবিতাত ইতিহাস, পুৰাতত্ত্ব, প্ৰাগঐতিহাসিক শিল্প, ভূতত্ত্ব আৰু সংগীতে স্থান পাইছে আৰু ইবোৰৰ পৃথিৱীৰ সৈতে আৰু আমাৰ অতীতৰ সৈতে আমাৰ সম্পৰ্কৰ গভীৰ বুজাবুজিৰ দুৱাৰমুখ হিচাপে স্থান লাভ কৰিছে। তেওঁৰ লেখাৰ প্ৰব্ৰজন এটা মূল বিষয়বস্তু; চৰাইৰ, মানুহৰ, সংস্কৃতিৰ প্ৰব্ৰজন।

তেওঁৰ প্ৰথম প্ৰকাশিত সংকলন অৰ (ছালমন পয়েট্ৰি, ১৯৯০, পুলবেগ প্ৰেছ, ১৯৯৪, আৰু গেলেৰী প্ৰেছ, ২০০০) ১৯৯১ চনৰ ব্ৰেণ্ডন বেহান স্মৃতি বঁটা লাভ কৰে।

আয়াৰলেণ্ড, ইউৰোপ, আমেৰিকা(উত্তৰ আৰু দক্ষিণ), জাপান আৰু ভাৰতত পঢ়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। তেওঁৰ ৰচনাৰ দ্বিভাষিক নিৰ্বাচন স্পেনিছ, পৰ্তুগীজ আৰু জাৰ্মান ভাষাত প্ৰকাশ পাইছে।

২০০১ চনত মিনেছ'টাৰ ছেইণ্ট পলৰ ছেইণ্ট থমাছ বিশ্ববিদ্যালয়ৰ পৰা অ'শ্ব'নেচি বঁটা[1] লাভ কৰা ব্যক্তি; তেখেতে ২০১১ চনত ভিলানোভা বিশ্ববিদ্যালয়ৰ আইৰিছ অধ্যয়নৰ হাইমবল্ড অধ্যাপিকা আছিল। তেওঁ পয়েট্ৰি আয়াৰলেণ্ড ৰিভিউৰ সম্পাদিকা আৰু আওছডানাৰ সদস্য।[2]

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]
  • ম’য়া কেননৰ প্ৰকাশিত গ্ৰন্থসমূহৰ তালিকা তলত দিয়া হ’ল:

স্ব-লিখিত

[সম্পাদনা কৰক]
  • ডনেগাল টাৰাণ্টেলা (২০১৯)
  • কীটছ লাইভছ (২০১৫)
  • হেণ্ড (২০১১)
  • কেৰীং দ্যা চং (২০০৭)
  • উইণ্টাৰ বাৰ্ড (২০০৫)
  • দ্যা পাৰ্চমেণ্ট ব'ট (১৯৯৭)
  • অ'ৰ (১৯৯০)
  • এৱেছ ডে ইণভাৰ্ণো পয়েমাছ (২০১৫)
  • ডছ পয়েটাছ ইৰলেণ্ডেছাছ (২০১৮)
  • এইন প্ৰাইভেটচ লেণ্ড (২০১৭)
  • মেলোডিয়াছ মাইগ্ৰেটৰিয়াছ (২০১৭)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Gillespie, Michael Patrick (2001-06-01). "The Lawrence O'Shaughnessy Award for Poetry: Moya Cannon" (en ভাষাত). New Hibernia Review খণ্ড 5 (2): 160. doi:10.1353/nhr.2001.0026. ISSN 1534-5815. https://muse.jhu.edu/article/23987.
  2. "RTÉ News". RTÉ.ie. 2004-03-23. http://www.rte.ie/arts/2004/0323/aosdana.html.