যকৃতৰ কৰ্কট ৰোগ
| যকৃতৰ কৰ্কট ৰোগ | |
|---|---|
| অন্য নাম | হেপাটিক কেন্সাৰ, প্ৰাথমিক হেপাটিক মেলিগ্নেন্সি, প্ৰাথমিক যকৃতৰ কৰ্কট ৰোগ |
| কোলাঞ্জিঅ’কাৰ্চিনোমা যুক্ত এটা যকৃতৰ চিটি স্কেন | |
| বিভাগ | গেষ্ট্ৰ’এণ্টেৰ’লজী (পাকস্থলী আৰু অন্ত্ৰ ৰোগ বিজ্ঞান), হেপাট’লজী (যকৃৎ ৰোগ বিজ্ঞান), অনক’লজী (কৰ্কট ৰোগ বিজ্ঞান) |
| লক্ষণ | কামিহাড়ৰ তলৰ সোঁফালে টেমুনা বা বিষ হোৱা, পেট ফুলি উঠা, হালধীয়া ছাল (জণ্ডিচ), সহজে ছালত ক’লা দাগ পৰা বা তেজ গোট মৰা, ওজন হ্ৰাস পোৱা, দুৰ্বলতা[1] |
| আৰম্ভণি | ৬৫ ৰপৰা ৭৪ বছৰ বয়সত[2] |
| কাৰণ | হেপাটাইটিছ বি, হেপাটাইটিছ চি, অত্যধিক সুৰাপান, এফলাটক্সিন (aflatoxin), অনা-এলকোহলযুক্ত ফেটি লিভাৰ ৰোগ, লিভাৰ ফ্লুক (যকৃতৰ কৃমি)[3][4] |
| ৰোগ নিৰূপণ | ৰক্ত পৰীক্ষা, চিকিৎসা প্ৰতিচ্ছবি, কলা বায়’প্সি[1] |
| প্ৰতিৰোধ | হেপাটাইটিছ বি-ৰ বিৰুদ্ধে টিকাকৰণ, হেপাটাইটিছ বি বা চি-ত আক্ৰান্তসকলৰ চিকিৎসা,[3] এফলাটক্সিনৰ সংস্পৰ্শলৈ অহা হাস কৰা, অত্যধিক সুৰাপান হ্ৰাস কৰা |
| চিকিৎসা | অস্ত্ৰোপচাৰ, টাৰ্গেটেড থেৰাপী (লক্ষ্যভিত্তিক চিকিৎসা), ৰেডিয়েচন থেৰাপী (বিকিৰণ চিকিৎসা)[1] |
| আৰোগ্য সম্ভাৱনা | পাঁচবছৰীয়া জীয়াই থকাৰ হাৰ ~২২% (আমেৰিকা যুক্তৰাষ্ট্ৰ, ২০১৫-২০২১); [2] ৪০% (জাপান)[5] |
| পুনৰাবৃত্তি | ৬১৮,৭০০ (২০১৫ বৰ্ষৰ এক নিৰ্দিষ্ট সময়ত),[6] ৮৪১,০০০ (২০১৮ বৰ্ষত) |
| মৃত্যু | ৭৮১,৬৩১ (২০১৮ বৰ্ষত)[7] |
যকৃতৰ কৰ্কট ৰোগ (ইংৰাজী: Liver cancer) (যাক হেপাটিক কেন্সাৰ, প্ৰাথমিক হেপাটিক কেন্সাৰ, বা প্ৰাথমিক হেপাটিক মেলিগ্নেন্সি বুলিও জনা যায়) হৈছে যকৃতত আৰম্ভ হোৱা এবিধ কৰ্কট ৰোগ।[1] যকৃতৰ কৰ্কট ৰোগ প্ৰাথমিক হ’ব পাৰে, য’ত কৰ্কট ৰোগ যকৃততে আৰম্ভ হয়; অথবা ই যকৃতৰ মেটাষ্টেচিছ বা গৌণ হ’ব পাৰে, য’ত শৰীৰৰ আন অংশৰপৰা কৰ্কট ৰোগ যকৃতলৈ বিয়পি পৰে। এই দুইপ্ৰকাৰৰ যকৃতৰ কৰ্কট ৰোগৰ ভিতৰত যকৃতৰ মেটাষ্টেচিছ অধিক সচৰাচৰ দেখা যায়।[3] সাম্প্ৰতিক বিশ্লেষণ অনুসৰি, বিপাকীয় নিষ্ক্ৰিয়তা-জনিত চৰ্বিযুক্ত যকৃৎ ৰোগ (metabolic dysfunction–associated steatotic liver disease - MASLD), যাক আগতে অনা-এলকোহলযুক্ত ফেটি লিভাৰ ৰোগ (NAFLD) বুলি জনা গৈছিল, বৰ্তমান বিশ্বজুৰি, বিশেষকৈ উন্নত দেশবোৰত, মেদবহুলতা আৰু টাইপ ২ ডায়েবেটিছৰ ক্ৰমবৰ্ধমান প্ৰাদুৰ্ভাৱৰ বাবে হেপাটোচেলুলাৰ কাৰ্চিনোমা (hepatocellular carcinoma - HCC)-ৰ অন্যতম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে।[8][9]
বিশ্বজুৰি প্ৰাথমিক যকৃতৰ কৰ্কট ৰোগ হৈছে সপ্তম সবাতোকৈ সঘনাই হোৱা কৰ্কট ৰোগ আৰু কৰ্কট ৰোগজনিত মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ।[7][10] ২০১৮ চনত, বিশ্বজুৰি ৮৬৬,১৩৬ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াৰ ফলত ৭৫৮,৭২৫ গৰাকী লোকৰ মৃত্যু হৈছিল।[11] এছিয়া আৰু উপ-চাহাৰা আফ্ৰিকাকে ধৰি যিবোৰ অঞ্চলত হেপাটাইটিছ বি আৰু চি সচৰাচৰ দেখা যায়, সেইবোৰ ঠাইত যকৃতৰ কৰ্কট ৰোগৰ হাৰ অধিক।[3] মহিলাৰ তুলনাত পুৰুষসকল হেপাটোচেলুলাৰ কাৰ্চিনোমা (HCC)দ্বাৰা অধিক আক্ৰান্ত হয়।[3] ৬৫ ৰপৰা ৭৪ বছৰ বয়সৰ লোকসকলৰ ভিতৰত এই ৰোগৰ নিৰ্ণয় সবাটোকৈ বেছি হয়।[2]
যকৃতৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ হৈছে হেপাটাইটিছ বি, হেপাটাইটিছ চি, বা সুৰাপানৰ বাবে হোৱা চিৰ’ছিছ।[4] অন্যান্য কাৰণসমূহৰ ভিতৰত এফলাটক্সিন, বিপাকীয় নিষ্ক্ৰিয়তা-জনিত চৰ্বিযুক্ত যকৃৎ ৰোগ (MASLD; পূৰ্বৰ NAFLD)[8] আৰু লিভাৰ ফ্লুক অন্যতম।[3] ইয়াৰ সবাটোকৈ সচৰাচৰ দেখা পোৱা প্ৰকাৰসমূহ হৈছে HCC (যিটো মুঠ আক্ৰান্তৰ ৮০% অংশ) আৰু ইণ্ট্ৰাহেপটিক কোলাঞ্জিঅ’কাৰ্চিনোমা (intrahepatic cholangiocarcinoma)।[3] ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত ৰক্ত পৰীক্ষা আৰু চিকিৎসা প্ৰতিচ্ছবি (medical imaging) ব্যৱহাৰ কৰা হয়, আৰু কলা বায়’প্সিৰ (tissue biopsy)দ্বাৰা ইয়াক নিশ্চিত কৰা হয়।[1]
যিহেতু যকৃতৰ কৰ্কট ৰোগৰ বহু ভিন্ন কাৰণ আছে, সেয়েহে ইয়াৰ প্ৰতিৰোধৰ বাবেও বহুতো পদ্ধতি আছে। এই প্ৰচেষ্টাসমূহৰ ভিতৰত হেপাটাইটিছ বি-ৰ বিৰুদ্ধে টিকাকৰণ,[3] হেপাটাইটিছ বি-ৰ চিকিৎসা, হেপাটাইটিছ চি-ৰ চিকিৎসা, সুৰাৰ ব্যৱহাৰ হ্ৰাস কৰা,[12] কৃষিকাৰ্যত এফলাটক্সিনৰ সংস্পৰ্শলৈ অহা হ্ৰাস কৰা, আৰু মেদবহুলতা তথা ডায়েবেটিছৰ নিয়ন্ত্ৰণ অন্তৰ্ভুক্ত।[13] MASLD-ৰ সৈতে জড়িত হেপাটোচেলুলাৰ কাৰ্চিনোমা (HCC) চিৰ’ছিছ নোহোৱাকৈও বিকশিত হ’ব পাৰে, আৰু ভাইৰাছ-জনিত যকৃতৰ কৰ্কট ৰোগতকৈ ই অধিক সঘনাই ঘটে, যদিও সামগ্ৰিকভাৱে চিৰ’ছিছ এতিয়াও এক অন্যতম প্ৰধান বিপদাশংকাৰ কাৰক হিচাপে চিহ্নিত হৈ আছে।[14][15]
দীৰ্ঘদিনীয়া বা ক্ৰনিক যকৃতৰ ৰোগত ভুগি থকা লোকসকলৰ বাবে স্ক্ৰীনিং বা নিয়মীয়া পৰীক্ষাৰ পৰামৰ্শ দিয়া হয়।[3] উদাহৰণস্বৰূপ, হেপাটোচেলুলাৰ কাৰ্চিনোমাৰ বিপদাশংকা থকা দীৰ্ঘদিনীয়া যকৃতৰ ৰোগত আক্ৰান্ত লোকসকলক আলট্ৰাচাউণ্ড ইমেজিং ব্যৱহাৰ কৰি প্ৰতি ৬ মাহৰ মূৰে মূৰে পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয়।[12] ২০২৬ চনৰ স্থিতি অনুসৰি, ক্লিনিকেল নিৰ্দেশনাসমূহে যকৃতৰ ৰোগৰ ক্ষেত্ৰত বিপদাশংকা-স্তৰীকৃত নিৰীক্ষণৰ (risk-stratified surveillance) পৰামৰ্শ ক্ৰমান্বয়ে বৃদ্ধি কৰিছে, য’ত নিৰীক্ষণৰ ৰণনীতি নিৰ্ধাৰণ কৰোঁতে ৰোগৰ কাৰণ, ফাইব্ৰ’ছিছৰ স্তৰ, বয়স আৰু সহ-অসুস্থতা (comorbidities) আদি কাৰকসমূহ অন্তৰ্ভুক্ত কৰা হয়।[16]
যিহেতু যকৃতৰ কৰ্কট ৰোগটো বহু ধৰণৰ কৰ্কট ৰোগৰ এটা সামগ্ৰিক নাম (umbrella term), সেয়েহে ইয়াৰ লক্ষণ আৰু উপসৰ্গসমূহ কৰ্কট ৰোগৰপ্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। লক্ষণসমূহ অস্পষ্ট আৰু ব্যাপক হ’ব পাৰে। কোলাঞ্জিঅ’কাৰ্চিনোমা অত্যধিক ঘাম ওলোৱা, জণ্ডিচ, পেটৰ বিষ, ওজন হ্ৰাস পোৱা আৰু যকৃৎ ডাঙৰ হোৱাৰ সৈতে জড়িত।[17] আনহাতে হেপাটোচেলুলাৰ কাৰ্চিনোমা পেটত মাংসপিণ্ড বা টেমুনা হোৱা, পেটৰ বিষ, বমি হোৱা, ৰক্তহীনতা, পিঠিৰ বিষ, জণ্ডিচ, খজুৱতি, ওজন হ্ৰাস পোৱা আৰু জ্বৰৰ সৈতে জড়িত।[18]
চিকিৎসাৰ বিকল্পসমূহৰ ভিতৰত অস্ত্ৰোপচাৰ, টাৰ্গেটেড থেৰাপী আৰু ৰেডিয়েচন থেৰাপী অন্তৰ্ভুক্ত হ’ব পাৰে।[1] কিছুমান বিশেষ ক্ষেত্ৰত এবলেচন থেৰাপী, এম্বলাইজেচন থেৰাপী বা যকৃৎ সংৰোপণ ব্যৱহাৰ কৰিব পাৰি।[1]
তথ্য উৎস
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 "Adult Primary Liver Cancer Treatment (PDQ®)–Patient Version". NCI. 6 July 2016. https://www.cancer.gov/types/liver/patient/adult-liver-treatment-pdq#section/all। আহৰণ কৰা হৈছে: 29 September 2016.
- 1 2 3 "SEER Stat Fact Sheets: Liver and Intrahepatic Bile Duct Cancer". NCI. http://seer.cancer.gov/statfacts/html/livibd.html। আহৰণ কৰা হৈছে: 7 January 2026.
- 1 2 3 4 5 6 7 8 9 World Cancer Report 2014. World Health Organization. 2014. পৃষ্ঠা. Chapter 5.6. ISBN 978-92-832-0429-9. https://archive.org/details/worldcancerrepor0000unse_p0u5.
- 1 2 "Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013". Lancet খণ্ড 385 (9963): 117–171. January 2015. doi:10.1016/S0140-6736(14)61682-2. PMID 25530442.
- ↑ "がん診療連携拠点病院等院内がん登録生存率集計:[国立がん研究センター がん登録・統計"]. ganjoho.jp. https://ganjoho.jp/reg_stat/statistics/brochure/hosp_c_reg_surv.html। আহৰণ কৰা হৈছে: 2 February 2020.
- ↑ "Global, regional, and national incidence, prevalence, and years lived with disability for 310 diseases and injuries, 1990-2015: a systematic analysis for the Global Burden of Disease Study 2015". Lancet খণ্ড 388 (10053): 1545–1602. October 2016. doi:10.1016/S0140-6736(16)31678-6. PMID 27733282.
- 1 2 "Global cancer statistics 2024: GLOBOCAN estimates ofincidence and mortality worldwide for 34 cancers in 186countries". CA খণ্ড 76 (4). July 2026. doi:10.3322/caac.70090. PMID 42417444. https://doi.org/10.3322/caac.70090.
- 1 2 "ScienceDirect.com" (en-us ভাষাত). www.sciencedirect.com. https://www.sciencedirect.com/। আহৰণ কৰা হৈছে: 2026-07-01.
- ↑ "PubMed" (en ভাষাত). PubMed. https://pubmed.ncbi.nlm.nih.gov/। আহৰণ কৰা হৈছে: 2026-07-01.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; ":13" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Liver cancer statistics" (en-GB ভাষাত). World Cancer Research Fund. https://www.wcrf.org/preventing-cancer/cancer-statistics/liver-cancer-statistics/। আহৰণ কৰা হৈছে: 2026-03-21.
- 1 2 "Liver cancer: Approaching a personalized care". Journal of Hepatology খণ্ড 62 (1 Suppl): S144–S156. April 2015. doi:10.1016/j.jhep.2015.02.007. PMID 25920083.
- ↑ "Type 2 diabetes mellitus and risk of hepatocellular carcinoma: spotlight on nonalcoholic fatty liver disease". Annals of Translational Medicine খণ্ড 5 (13): 270. July 2017. doi:10.21037/atm.2017.04.41. PMID 28758096.
- ↑ Chan, Landon L.; Chan, Kallista O. K.; Chan, Stephen L. (May 2026). "Systemic Therapy for Advanced Hepatocellular Carcinoma in 2026: Current Standard-of-Care and Emerging Therapeutic Strategies". Journal of Gastroenterology and Hepatology খণ্ড 41 (5): 1436–1445. doi:10.1111/jgh.70354. ISSN 1440-1746. PMID 41883115.
- ↑ Sangro, Bruno; Argemi, Josepmaria; Ronot, Maxime; Paradis, Valerie; Meyer, Tim; Mazzaferro, Vincenzo; Jepsen, Peter; Golfieri, Rita et al. (2025-02-01). "EASL Clinical Practice Guidelines on the management of hepatocellular carcinoma" (English ভাষাত). Journal of Hepatology খণ্ড 82 (2): 315–374. doi:10.1016/j.jhep.2024.08.028. ISSN 0168-8278. PMID 39690085. https://www.journal-of-hepatology.eu/article/S0168-8278(24)02508-X/fulltext.
- ↑ Sangro, Bruno; Argemi, Josepmaria; Ronot, Maxime; Paradis, Valerie; Meyer, Tim; Mazzaferro, Vincenzo; Jepsen, Peter; Golfieri, Rita et al. (2025-02-01). "EASL Clinical Practice Guidelines on the management of hepatocellular carcinoma" (English ভাষাত). Journal of Hepatology খণ্ড 82 (2): 315–374. doi:10.1016/j.jhep.2024.08.028. ISSN 0168-8278. PMID 39690085. https://www.journal-of-hepatology.eu/article/S0168-8278(24)02508-X/fulltext.
- ↑ Cholangiocarcinoma at eMedicine
- ↑ "Liver tumors in Children". Boston Children's Hospital. http://www.childrenshospital.org/az/Site1015/mainpageS1015P0.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত যকৃতৰ কৰ্কট ৰোগ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| বৰ্গীকৰণ | |
|---|---|
| বাহ্যিক সমল |