সমললৈ যাওক

যদুনাথ ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যদুনাথ ভট্টাচাৰ্য
জন্ম ১৮৪০
বিষ্ণুপুৰ ৰাজ্য, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ০৪ এপ্ৰিল, ১৮৮৩ (৪৩ বছৰ)
পেচা কণ্ঠশিল্পী, সংগীতজ্ঞ
সক্ৰিয় হৈ থকা সময় ১৮৬০- ১৮৮৩
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ
  • ভাৰতীয় শাস্ত্ৰীয় সংগীত
  • বংগীয় শাস্ত্ৰীয় সংগীত
বাদ্যযন্ত্ৰ সুৰবাহাৰ, চেতাৰ
মহাৰাজ শত্ৰুঘ্নাদিত্যই যদু ভট্টক প্ৰদান কৰা এখন পুৰণি প্ৰমাণপত্ৰ

যদুনাথ ভট্টাচাৰ্য বা যদু ভট্ট (ইংৰাজী: Jadunath Bhattacharya; ১৮৪০ – ৪ এপ্ৰিল ১৮৮৩) এজন ভাৰতীয় সংগীতজ্ঞ আৰু ঊনবিংশ শতিকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ।[1][2] কবিৰ ভাষাত তেওঁ " ঐশ্বৰিক হাতৰ গৰাকী" আছিল।[3] তেওঁ বিষ্ণুপুৰ ঘৰানাৰ সংগীতক নিজৰ স্বকীয়তাৰে সমৃদ্ধ কৰি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ সৌন্দৰ্য্য আৰু সোৱাদ বিয়পাই নিজৰ অতুলনীয় খ্যাতি অৰ্জন কৰিছিল আৰু বংগৰ গৌৰৱ বৃদ্ধি কৰিছিল।[4]

বংকিমচন্দ্ৰ আৰু ৰবীন্দ্ৰনাথৰ ওপৰত যদু ভট্টৰ প্ৰভাৱ

[সম্পাদনা কৰক]

ঊনবিংশ শতিকাৰ মাজভাগত ধ্ৰুপদ কিংবদন্তী যদু ভট্টই বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে দিগগজক শিক্ষাপ্ৰদানৰ সময়ত তানপুৰা সংগত কৰিছিল।[5]

বংকিম চন্দ্ৰ যদু ভট্টৰ সংগীত শিষ্য আছিল। ভট্টই নৈহাটীৰ ভাটপাৰাত থকা বংকিম চন্দ্ৰৰ ঘৰলৈ গৈছিল। তেওঁ "বংগৰ জাতীয় সংগীত" বন্দে মাতৰমৰ প্ৰথম সুৰকাৰ। তেওঁ প্ৰথমে ত্ৰিতালৰ কাফি ৰাগত এই গীতটোৰ সুৰাৰোপ কৰিছিল।[6]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

যদুনাথ ভট্টাচাৰ্যই ব্যৱহাৰ কৰা ১৭৭ বছৰীয়া তানপুৰা বৰ্তমান কলকাতা সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।[7][8] বাঁকুৰাৰ বিষ্ণুপুৰ চহৰত তেওঁৰ স্মৃতিত এটা যদুভট্ট মঞ্চ আৰু মাৰ্বলৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে।

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

ভাৰতীয় চলচ্চিত্ৰ পৰিচালক নিৰেন লাহিড়ীয়ে যদু ভট্ট (১৯৫৪) নামৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে, যিখন ছবিয়ে ২য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[9]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Jadu Bhatta's 177-year-old tanpura finds place in Indian Museum". The Times of India. 24 November 2012. https://timesofindia.indiatimes.com/city/kolkata/jadu-bhattas-177-year-old-tanpura-finds-place-in-indian-museum/articleshow/17344385.cms. 
  2. Saṃsada bāṅgālī caritābhidhāna. 1 (Saṃśodhita 5. saṃskaraṇa, 2. mudraṇa সম্পাদনা). প্ৰকাশক Kalakātā: Sāhitya Saṃsada. 2013. পৃষ্ঠা. 600. ISBN 978-81-7955-135-6. 
  3. "যদুভট্টের থেকে পালিয়ে বেড়াতেন রবীন্দ্রনাথ, স্বীকার করেছেন নিজের গানের সীমাবদ্ধতাও - Prohor" (en ভাষাত). যদুভট্টের থেকে পালিয়ে বেড়াতেন রবীন্দ্রনাথ, স্বীকার করেছেন নিজের গানের সীমাবদ্ধতাও - Prohor. https://www.prohor.in/jadunath-bhattacharya-taught-music-to-rabindranath-tagore-in-his-young-age. 
  4. Saha, Sanghamitra (1998) (en ভাষাত). A Handbook of West Bengal. International School of Dravidian Linguistics. ISBN 978-81-85692-24-1. https://books.google.com/books?id=amIwAQAAIAAJ&q=Jadunath+Bhattacharya. 
  5. "Jadu Bhatta's 177-year-old tanpura finds place in Indian Museum". The Times of India. 24 November 2012. https://timesofindia.indiatimes.com/city/kolkata/jadu-bhattas-177-year-old-tanpura-finds-place-in-indian-museum/articleshow/17344385.cms. 
  6. "স্বর্গীয় যদুনাথ ভট্টাচার্য্য (যদুভট্ট)". 5 June 2021. Archived from the original on 5 June 2021. https://web.archive.org/web/20210605124148/https://sargam93.com/2020/08/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%B0%E0%A7%8D%E0%A6%97%E0%A7%80%E0%A7%9F-%E0%A6%AF%E0%A6%A6%E0%A7%81%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%AD%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A6%B0/। আহৰণ কৰা হৈছে: 9 April 2025. 
  7. "Jadu Bhatta's 177-year-old tanpura finds place in Indian Museum". The Times of India. 24 November 2012. https://timesofindia.indiatimes.com/city/kolkata/jadu-bhattas-177-year-old-tanpura-finds-place-in-indian-museum/articleshow/17344385.cms. 
  8. "আনন্দবাজার পত্রিকা - কলকাতার কড়চা". archives.anandabazar.com. Archived from the original on 2024-12-14. https://web.archive.org/web/20241214231434/http://archives.anandabazar.com/archive/1121112/12karcha.html। আহৰণ কৰা হৈছে: 2025-04-09. 
  9. "Bilingual E-archive Digital Platform for Bengal's Cinema". Bengal Film Archive. https://www.bengalfilmarchive.com/filmography-details.php?t=NjAw. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত commons:Category: সম্পৰ্কীয় মিডিয়া ফাইল।