সমললৈ যাওক

যমদূত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যমদূত (সংস্কৃত- यमदूत) হিন্দু ধৰ্মমতে মৃত্যুৰ দূত। পাতালৰ দেৱতা যমৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ ভূমিকা হ'ল মোক্ষ লাভ নকৰা মৃতকৰ বিদেহ আত্মাক যমলোকলৈ লৈ যোৱা।[1]

বিষ্ণুদূতে যমদূতৰ হাতৰ পৰা অজামিলক ৰক্ষা কৰে(সোঁফালে).

অজামিলৰ কাহিনী

[সম্পাদনা কৰক]

অজামিল আছিল ব্ৰাহ্মণ, পুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰা ব্যক্তি। এদিন হাবিৰ পৰা ধৰ্মীয় কামৰ বাবে বস্তু সংগ্ৰহ কৰি থাকোঁতে এগৰাকী মহিলাক দেখা পাই প্ৰেমত পৰিল। তেওঁ শূদ্ৰ আছিল যদিও অজামিলে নাৰীগৰাকীক বিয়া কৰাই ধৰ্ম-কৰ্মলৈ পিঠি দিলে তাৰপিছত তেওঁলোকৰ দহটা সন্তান জন্ম হৈছিল। তেওঁৰ সৰু পুত্ৰৰ নাম আছিল নাৰায়ণ, যিটো ভগৱান বিষ্ণুৰো আন এটা নাম।

বহুবছৰ পিছত যেতিয়া অজামিল বুঢ়া হৈ মৃত্যুমুখত পৰিল, তেতিয়া তেওঁ মৰমেৰে নিজৰ পুত্ৰৰ নাম — “নাৰায়ণ” বুলি মাতিলে। সেই মুহূৰ্তত যমদুতসকলে তেওঁৰ আত্মাক নৰকলৈ নিবলৈ আহিছিল কাৰণ তেওঁ জীৱনত বহু পাপ কৰিছিল। কিন্তু হঠাৎ বিষ্ণুদূত (ভগৱান বিষ্ণুৰ দূত) আবিৰ্ভাৱ হৈ তেওঁলোকক বাধা দিলে।

যমদূতসকলে বিভ্ৰান্ত হৈ মৃত্যুৰ দেৱতা যমৰ ওচৰলৈ গোচৰটো লৈ গ’ল। বিষ্ণুদূতসকলে ব্যাখ্যা কৰিছিল যে, পৱিত্ৰ গ্ৰন্থ অনুসৰি, কেৱল বিষ্ণুৰ নাম কোৱাটোৱেই মুক্তিৰ বাবে যথেষ্ট — আনকি আকস্মিকভাৱে, ধেমালিতে বা আন কাৰোবাক মাতি থাকোঁতে হ’লেও — সকলো পাপ দূৰ কৰিব পৰাকৈ ই শক্তিশালী। যমে এই কথাত সন্মতি দি তেওঁৰ দূতসকলক বিষ্ণুদূতসকলৰ কথা শুদ্ধ বুলি ক’লে।

ইয়াৰ বাবেই ভগৱান বিষ্ণুৰ নাম লোৱাসকলে অজানিতেও নৰকৰ পৰা সুৰক্ষিত হয় বুলি বিশ্বাস কৰা হয়। যমদূতসকলে বৈষ্ণৱৰ ক্ষতি নকৰে আৰু এনে লোকক যমলোক (মৃতকৰ দেশ)ৰ পৰিৱৰ্তে বৈকুণ্ঠ (বিষ্ণুৰ স্বৰ্গবাস)লৈ লৈ যোৱা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2010-12-19). "Yamaduta, Yama-duta, Yamadūta, Yāmadūta: 15 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/yamaduta আহৰণ কৰা হৈছে: 2022-09-04.