সমললৈ যাওক

যমাই দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যমাই দেৱী

সৌন্দৰ্য আৰু সম্পদৰ দেৱী
Beautiful view of temple
পাহাৰৰ ওপৰত যমাই মন্দিৰ
আউন্ধ গাঁৱৰ দ্বিতীয় যমৈ মন্দিৰৰ বাহিৰত দীপমল
আউন্ধৰ শ্ৰী ভৱনী সংগ্ৰহালয়ৰ সংগ্ৰহত থকা শিৱাজী মহাৰাজৰ ব্ৰঞ্জৰ মূৰ্তি

যমাই দেৱী মন্দিৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ আউন্ধ চহৰৰ এটা পাহাৰীয়া কমপ্লেক্সত অৱস্থিত।

কোৱা হয় যে মহালক্ষ্মী দেৱতা, কোলহাপুৰৰ দেৱ জ্যোতিবা আৰু শ্ৰীৰাম(ভগৱান বিষ্ণু)দেৱে তেওঁক "Ye Mai" (মাৰাঠী ভাষাত) বুলি মাতিছিল যাৰ অৰ্থ অসমীয়াত “হে মা, আহা’’। সেয়েহে তেওঁক যমাই দেৱী বুলি জনা যায়। যমাই দেৱীক তুলজা ভৱানীৰ জ্যেষ্ঠ ভগ্নী বুলিও গণ্য কৰা হয়। সেয়ে বহু ভক্তই তুলজাপুৰৰ তুলজা ভৱানী দৰ্শন কৰি আজিও মূলপীঠ যমাই দেৱী মন্দিৰ ভ্ৰমণৰ পৰম্পৰা অনুসৰণ কৰে। ভক্তসকলে শুদ্ধ হৃদয়েৰে দেৱী যমাইৰ যিকোনো এটা মন্দিৰলৈ আহি তেওঁৰ আশীৰ্বাদ বিচাৰে।[1]

মন্দিৰৰ বৈশিষ্ট্য

[সম্পাদনা কৰক]

এটা সৰু পাহাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে যমাই মন্দিৰ। তালৈ হয় পাহাৰৰ তলৰ পৰা খোজ কাঢ়ি ওপৰলৈ যাব পাৰি, নহয় গাড়ীৰে। ওপৰত পাৰ্কিঙৰ ব্যৱস্থা আছে। মন্দিৰ কমপ্লেক্সত ৰাক্ষস আউন্ধাসুৰৰ এটা মূৰ, এটা নন্দীৰ ভাস্কৰ্য আৰু এটা শিৱলিংগ আছে। ক’লা শিলৰ দেৱী যমাইৰ মূৰ্তি প্ৰায় দুইমিটাৰ ওখ আৰু পদ্মাসন কৰি বহি থকাৰ অৱস্থাত আছে। এই মন্দিৰটো বৃহৎ সংখ্যক মাৰাঠী পৰিয়ালৰ বাবে পৰিয়ালৰ মন্দিৰ (কুল-দেৱতা)। মন্দিৰৰ ওপৰত বিভিন্ন হিন্দু দেৱতাৰ চিত্ৰ আৰু প্ৰতিমূৰ্তি আছে। এই চহৰ আৰু মন্দিৰ বহু শতিকাৰ পৰা পন্ত প্ৰতিনিধি পৰিয়ালৰ সৈতে জড়িত হৈ আছে।[2] পূৰ্বৰ এই শাসক পৰিয়ালটোৰ বৰ্তমানৰ মুৰব্বী গায়ত্ৰীদেৱী। পন্তপ্ৰতিনিধিয়ে পাহাৰৰ যমাই মন্দিৰৰ শিখৰত ৭ কিলোগ্ৰাম (১৫ পাউণ্ড) ওজনৰ কঠিন সোণৰ কলাশ বা মুকুট স্থাপন কৰিছে। চহৰখনত পাহাৰৰ ওপৰত থকাটোৰ বাহিৰে দেৱী যমাইৰ আন এটা মন্দিৰ অৱস্থিত। মন্দিৰত পঞ্চাশ বছৰতকৈও অধিক সময় ধৰি ধৰ্মীয় শোভাযাত্ৰা আৰু অনুষ্ঠানৰ বাবে এটা হাতী আছিল। স্বাস্থ্যজনিত সমস্যাৰ বাবে ২০১৭ চনত ইয়াক হাতী অভয়াৰণ্যলৈ লৈ যোৱা হৈছিল।[3]

শ্ৰী ভৱনী সংগ্ৰহালয়

[সম্পাদনা কৰক]

মন্দিৰ কমপ্লেক্সত আউন্ধৰ মহাৰাজৰ ব্যক্তিগত সংগ্ৰহৰ পৰা প্ৰতিষ্ঠিত শ্ৰী ভৱনী সংগ্ৰহালয়ো আছে। মন্দিৰৰ পাহাৰৰ মাজৰ অংশত সংগ্ৰহালয় ভৱনটো অৱস্থিত। দৰ্শকে খোজকাঢ়ি আৰু গাড়ী দুয়োটাৰে সংগ্ৰহালয়টো পাব পাৰে। সংগ্ৰহালয়টোত ১৯ আৰু ২০ শতিকাৰ বিখ্যাত ভাৰতীয় শিল্পী যেনে এম ভি ধুৰন্ধৰ,[4] বাবুৰাও চিত্ৰকৰ, মাধৱ সাতৱালেকাৰ[5] আৰু ৰাজা ৰবি বৰ্মাৰ চিত্ৰৰ লগতে ব্ৰিটিছ শিল্পী হেনৰী মুৰৰ বিখ্যাত মাদাৰ এণ্ড চিল্ড শিলৰ গঠন আছে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Yamai Devi: Legend behind the goddess and her temple in Aundh!". Zee Media. Apr 17, 2017. https://zeenews.india.com/spirituality/yamai-devi-legend-behind-the-goddess-and-her-temple-in-aundh-1996837.html. 
  2. Pant, Apa (1974). A moment in time. প্ৰকাশক Bombay Calcutta Madras New Delhi: Orient Longman. পৃষ্ঠা. 20. ISBN 9780340147900. https://books.google.com/books?id=BpqYPSwKD2gC&q=temple&pg=PA7। আহৰণ কৰা হৈছে: 20 November 2015. 
  3. Varma, S., Sujata, S.R. and Bhanage, N., Captive Elephants of Maharashtra.[1]
  4. Bhagwat., Nalini. "M. V. Dhurandhar". indiaart.com. http://www.indiaart.com/Articles-and-Features/Articles-on-M-V-Dhurandhar-by-Nalini-Bhagwat/Articles-on-M-V-Dhurandhar-by-Nalini-Bhagwat.asp। আহৰণ কৰা হৈছে: 23 December 2014. 
  5. Chaitanya, Krishna (1994). A History of Indian Painting: The modern period. প্ৰকাশক New Delhi: Abhinav Publications. পৃষ্ঠা. 273–274. ISBN 81-7017-310-8. https://books.google.com/books?id=McSbSMhArFgC&q=Madhav+Satwalekar&pg=PA1. 
  6. "Shivaji designs for stained-glass windows: the art of Ervin Bossanyi. - Free Online Library". Thefreelibrary.com. http://www.thefreelibrary.com/Shivaji+designs+for+stained-glass+windows%3A+the+art+of+Ervin+Bossanyi.-a0253862098। আহৰণ কৰা হৈছে: 2013-05-09.