যমুনালাল বাজাজ
| যমুনালাল বাজাজ | |
|---|---|
Bajaj on a 1970 Stamp of India | |
| জন্ম | যমুনালাল কানিৰাম বাজাজ ০৪ নৱেম্বৰ, ১৮৮৯ কাশী কা বাস, চিকৰ, ৰাজপুতনা এজেঞ্চী, ভাৰত |
| মৃত্যু | ১১ ফেব্ৰুৱাৰী, ১৯৪২ (৫২ বছৰ) ৱাৰ্ধা, মধ্য প্ৰদেশ আৰু বেৰাৰ, ভাৰত |
| পেচা |
|
| দাম্পত্যসঙ্গী | জানকী দেৱী বাজাজ (বি. ১৯০২) |
| সন্তান | 5 (including কমলনয়ন বাজাজ) |
যমুনালাল কানিৰাম বাজাজ ইংৰাজী: Jamnalal Kaniram Bajaj জন্ম হৈছিল ৪ নৱেম্বৰ ১৮৮৯ চনত –মৃত্যু ১১ ফেব্ৰুৱাৰী ১৯৪২ চন। যমুনালাল বাজাজ আছিল এজন ভাৰতীয় ব্যৱসায়ী আৰু ৰাজনীতিবিদ। [1] ১৯২০ চনত তেওঁ বাজাজ গ্ৰুপ অৱ কোম্পানী প্ৰতিষ্ঠা কৰে আৰু বৰ্তমান এই গোটৰ ২৪টা কোম্পানী আছে। ইয়াৰে ছটা কোম্পানী বৰ্চত তালিকাভুক্ত কৰা হৈছে। [2]
তেওঁ মহাত্মা গান্ধীৰ ঘনিষ্ঠ আৰু প্ৰিয় সহযোগীও আছিল। গান্ধীয়ে যমুনালালক তেওঁৰ পঞ্চম পুত্ৰ বুলি প্ৰায়ে ঘোষণা কৰছিল।
[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]যমুনালাল বাজাজে ৰাজস্থান ৰাজ্যৰ ছিকাৰৰ সমীপৰ কাশী কা বাছ নামৰ গাঁৱত কনিৰাম আৰু বীৰদিবাইৰ ঘৰত ১৮৮৯ চনত কৃষকৰ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। ১৮৯৪ চনত ছেঠ বচৰাজ বাজাজ নামৰ এজন ধনী ৱৰ্ধাৰ ব্যৱসায়ী আৰু তেওঁৰ পৰিয়াল কাশী কা বাস গাঁৱৰ মন্দিৰলৈ আহিছিল। ঘৰৰ বাহিৰত খেলি থকা ডেকা জামনালালক দেখি তেওঁলোকে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। বহু বুজা-বুজিৰ অন্তত জামনালালক ছেঠ বাজাজৰ নাতি হিচাপে দত্তক লোৱা হ’ল। বিনিময়ত বাজাজে গাঁওখনক সহায় কৰাৰ উদ্দেশ্যে এটা কুঁৱা স্থাপন কৰিলে। [4]
ছেঠ বচৰাজ ব্ৰিটিছ ৰাজৰ এজন সুপৰিচিত আৰু সন্মানীয় ব্যৱসায়ী আছিল।
বয়স বঢ়াৰ লগে লগে ছেঠ বচৰাজৰ তত্ত্বাৱধানত জামনালালে নিজৰ দত্তক পৰিয়ালৰ পাৰিবাৰিক ব্যৱসায়ত জড়িত হৈ পৰে। এই সময়ছোৱাত তেওঁ ব্যৱসায়ী হোৱাৰ দক্ষতা, কঠোৰ বহী ৰখা আৰু সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ দক্ষতা আহৰণ কৰে। ছেঠ বচৰাজৰ মৃত্যুৰ সময়লৈকে তেওঁ নিজৰ কামত পাৰদৰ্শিতা দেখুৱাইছিল। ১৯২৬ চনত জামনালালে বাজাজ গোট প্ৰতিষ্ঠা কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]জামনালালে বাৰ বছৰ বয়সত প্ৰায় ন বছৰ বয়সৰ জানকী দেৱী বাজাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। [5] তেওঁলোকৰ পুত্ৰ আছিল ব্যৱসায়ী আৰু ৰাজনীতিবিদ কমলনয়ন বাজাজ।
সন্মানীয় দণ্ডাধীশ
[সম্পাদনা কৰক]প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰে থলুৱা ব্যৱসায়ীসকলক সন্তুষ্ট কৰিবলৈ সন্মান জনাইছিল আৰু ধন বিচাৰিছিল। যমুনালালক সন্মানীয় দণ্ডাধীশ নিযুক্তি দিলে। যুদ্ধ পুঁজিৰ বাবে ধন যোগান ধৰাৰ সময়ত বৃটিছে তেওঁক ৰায় বাহাদুৰ উপাধি প্ৰদান কৰে, যিটো উপাধি তেওঁ পিছলৈ ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত আত্মসমৰ্পণ কৰে।[6]
গান্ধীৰ অনুগামী
[সম্পাদনা কৰক]দক্ষিণ আফ্ৰিকাৰপৰা মহাত্মা গান্ধী উভতি অহাৰ লগে লগে যমুনালালে গান্ধীৰ জীৱন-শৈলী, তেওঁৰ নীতি যেনে অহিংসা আৰু দুখীয়াৰ প্ৰতি তেওঁৰ সমৰ্পণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেওঁ গান্ধীৰ দৃষ্টিভংগী বুজিব পাৰিছিল যে ঘৰতে তৈয়াৰী সামগ্ৰীয়েই ভাৰতৰ দৰিদ্ৰতাৰ উত্তৰ। তেওঁ বিবেচনা কৰিছিল যে কিছুমান ব্ৰিটিছ কোম্পানীয়ে ভাৰতৰপৰা সস্তীয়া, কেঁচা কপাহ আমদানি কৰি সম্পূৰ্ণ কাপোৰ ঘূৰাই পঠিয়াইছে। সবৰমতী আশ্ৰমত গান্ধীয়ে যি সহজ-সৰল জীৱন-যাপন কৰি আছিল, সেই ধাৰণাই তেওঁক নম্ৰ কৰি তুলিছিল। আশ্ৰমৰ প্ৰাৰ্থনা আৰু শাৰীৰিক কামৰ ৰুটিনত তেওঁ আপ্লুত হৈছিল। তেওঁ পত্নী জানকী দেৱী বাজাজ আৰু সন্তানক আশ্ৰমত থাকিবলৈ আনিছিল। কিন্তু এই ঘনিষ্ঠ সম্পৰ্ক আৰু স্বাধীনতা আন্দোলনৰ সৈতে তেওঁ গভীৰভাৱে জড়িত হোৱাৰ বাবে যমুনালাল বাজাজৰ নতুনকৈ আৰম্ভ কৰা ব্যাৱসায়িক উদ্যোগত ব্যয় কৰিবলৈ বিশেষ সময় নাপালে।[7]
স্বাধীনতা সংগ্ৰাম
[সম্পাদনা কৰক]১৯২০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ হিচাপে যমুনালাল নিৰ্বাচিত হয়। ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ৰায় বাহাদূৰ উপাধি ত্যাগ কৰি ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰে। পিছলৈ ১৯২৩ চনত নাগপুৰত জাতীয় পতাকা উৰুৱাই নিষেধাজ্ঞা আৰোপ কৰি পতাকা সত্যাগ্ৰহত অংশগ্ৰহণ কৰি ব্ৰিটিছ বাহিনীয়ে আটক কৰে। ইয়াৰ ফলত তেওঁ ৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছিল।
যমুনালালে বিচাৰিছিল যে গান্ধীয়ে ৱৰ্ধালৈ গুচি যাওক আৰু ৱৰ্ধাক গান্ধীজীৰ কাম-কাজৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলক। ১৯৩০ চনৰ এপ্ৰিল মাহত দাণ্ডী যাত্ৰাৰ পিছত গান্ধীয়ে গ্ৰাম্য জনসাধাৰণৰ ওচৰত থাকিব বিচৰাৰ বাবে ৱৰ্ধাৰ ওচৰৰ এখন সৰু গাঁও সেৱাগ্ৰামলৈ গুচি যায়। স্বাধীনতা লাভ নোহোৱালৈকে সবৰমতী আশ্ৰমলৈ ঘূৰি নাযায় বুলি প্ৰতিজ্ঞা কৰিছিল গান্ধীয়ে।
গঠনমূলক কামত সময় উছৰ্গা কৰা শ্ৰমিকৰ দল গান্ধী সেৱা সংঘৰ সভাপতি হিচাপে যমুনালালক নিযুক্তি দিয়া হয়। পিছলৈ তেওঁ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য আৰু ১৯৩৩ চনত কংগ্ৰেছৰ কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
সামাজিক পদক্ষেপ
[সম্পাদনা কৰক]যমুনালাল বাজাজে অস্পৃশ্যতা দূৰ কৰা, হিন্দী ভাষা প্ৰচাৰ, আৰু খাদী আৰু গাঁও উদ্যোগৰ দৰে পদক্ষেপৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ খাদী সামগ্ৰীৰ প্ৰচাৰৰ বাবে সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল। ১৯২৫ চনত অল ইণ্ডিয়া স্পিনাৰ্ছ এছ’চিয়েশ্যনৰ কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ সৰ্বভাৰতীয়ক একত্ৰিত কৰিবলৈ হিন্দীক একক ভাষা হিচাপে প্ৰচাৰ কৰা সৰ্বভাৰতীয় হিন্দী সাহিত্য সন্মিলন (সাহিত্য সন্মিলন)ৰ সভাপতিও আছিল। হিন্দী আলোচনী আৰু গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল যথেষ্ট। তেওঁ বোম্বাইত গান্ধী হিন্দী পুস্তক ভাণ্ডাৰ (গ্ৰন্থৰ দোকান) আৰম্ভ কৰি সস্তা সাহিত্য মণ্ডল (প্ৰকাশন গৃহ) আৰম্ভ কৰে।
তেওঁ চি ৰাজগোপালাচাৰীৰ সৈতে দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভা প্ৰতিষ্ঠা কৰিছিল হিন্দী শিক্ষণ সমগ্ৰ দেশতে বিয়পি পৰাৰ আশা কৰিছিল।
১৯২৭ চনৰপৰা তেওঁ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰিচালনা সমিতিৰ প্ৰথম কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। পিছলৈ ১৯২৮ চনত তেওঁ বিশ্ববিদ্যালয়খনৰ আজীৱন সদস্য হয়, তথাপি কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকে।
অস্পৃশ্যতা নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে তেওঁ নিজৰ গৃহ চহৰ ৱৰ্ধাত হৰিজনক হিন্দু মন্দিৰত প্ৰৱেশ নকৰাৰ বিৰুদ্ধে যুঁজিছিল। গতানুগতিক হিন্দু পুৰোহিত আৰু ব্ৰাহ্মণসকলে আপত্তি কৰাৰ লগে লগে তেওঁ ১৯২৮ চনত হৰিজনসকলৰ বাবে ৱৰ্ধাত নিজাকৈ পৰিয়ালৰ মন্দিৰ লক্ষ্মী নাৰায়ণ মন্দিৰ খুলি দিয়ে। হৰিজনসকলৰ সৈতে এসাঁজ খাই আৰু তেওঁলোকৰ বাবে ৰাজহুৱা কুঁৱা খোলাৰ জৰিয়তে তেওঁ অভিযান আৰম্ভ কৰে। নিজৰ পথাৰ আৰু বাৰীত কেইবাটাও কুঁৱা খুলিলে।
তেওঁৰ ভক্তিৰ বাবে ১৯৩৮ চনত জয়পুৰ ৰাজ্য প্ৰজা মণ্ডলৰ মুৰব্বী নিৰ্বাচিত হয়। মুখ্য হৈ থকাৰ সময়ত তেওঁ ছিকাৰ আৰু জয়পুৰৰ মহাৰাজৰ মাজত যুদ্ধবিৰতিৰ আলোচনা কৰে।
তেওঁৰ সামাজিক পদক্ষেপৰ সন্মানত বাজাজ ফাউণ্ডেচনে যমুনালাল বাজাজ বঁটা স্থাপন কৰিছে। [8] পূৰ্বৰ বঁটা বিজয়ীসকলৰ ভিতৰত আছে নেলছন মেণ্ডেলা আৰু ডেচমুণ্ড টুটু।
ব্যাৱসায়িক দিশ
[সম্পাদনা কৰক]বাজাজ অটো লিমিটেডৰ উপৰি গোটটোৰ আন প্ৰধান কোম্পানীসমূহৰ ভিতৰত মুকান্দ লিমিটেড, বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড আৰু বাজাজ হিন্দুঃস্থান লিমিটেড। তেওঁৰ দুই পুত্ৰ কমলনয়ন বাজাজ আৰু ৰামকৃষ্ণ বাজাজে তেওঁৰ ব্যৱসায় আগুৱাই লৈ যায়। তেওঁৰ এজন নাতি ৰাহুল বাজাজে পৰিয়ালৰ ফ্লেগশ্বিপ কোম্পানী বাজাজ অটো চলাইছিল।
উত্তৰাধিকাৰী আৰু স্মৃতিসৌধ
[সম্পাদনা কৰক]যমুনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজকে ধৰি ভাৰতৰ কেইবাখনো প্ৰতিষ্ঠান যমুনালাল বাজাজৰ নামেৰে নামকৰণ কৰা হৈছে। মুম্বাইৰ উপনগৰ আন্ধেৰীৰ জে বি নগৰ নামৰ এটা স্থানীয় অঞ্চলো বাজাজৰ নামত ৰখা হৈছে। ১৯৭৮ চনত যমুনালাল বাজাজ ফাউণ্ডেচনে স্থাপন কৰা জামনালাল বাজাজ বঁটা প্ৰতি বছৰে তেওঁৰ জন্ম বাৰ্ষিকীত প্ৰদান কৰা হয়। [9]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Tikoo, Rajiv (2 January 2000). "The Gandhian spirit". Financial Express (Indian Express Group). http://www.financialexpress.com/old/fe/daily/20000102/fex02044.html.
- ↑ Kalesh, Baiju (6 April 2012). "In Bajaj family, business sense over-rules ties". Financial Express (Indian Express Group). http://www.financialexpress.com/news/in-bajaj-family-business-sense-overrules-ties/933331/.
- ↑ Weber, Thomas (2004). Gandhi as Disciple and Mentor. প্ৰকাশক United Kingdom: Cambridge University Press. পৃষ্ঠা. 104–105. ISBN 9781139456579.
- ↑ Weber, Thomas (2004). Gandhi as Disciple and Mentor. প্ৰকাশক United Kingdom: Cambridge University Press. পৃষ্ঠা. 104–105. ISBN 9781139456579.
- ↑ Nanda, Bal Ram (1990). In Gandhi's Footsteps The Life and Times of Jamnalal Bajaj. Oxford University Press. পৃষ্ঠা. 9.
- ↑ "About Jamnalal Bajaj | Jamnalal Bajaj Wardha". Jamnalal Bajaj Foundation. https://www.jamnalalbajajfoundation.org/jamnalal-bajaj/about। আহৰণ কৰা হৈছে: 2023-02-27.
- ↑ "History of Bajaj Auto". https://www.bajajauto.com/about-us/the-company.
- ↑ "Innovations of India ::: Bajaj Foundation". Archived from the original on 6 May 2009. https://web.archive.org/web/20090506004521/http://www.innovationsofindia.com/index.htm। আহৰণ কৰা হৈছে: 23 April 2009.
- ↑ "Jamnalal Bajaj Award". Jamnalal Bajaj Foundation. Archived from the original on 29 March 2012. https://web.archive.org/web/20120329004951/http://www.jamnalalbajajfoundation.org/the_foundation/about_jbf। আহৰণ কৰা হৈছে: 20 October 2025.