সমললৈ যাওক

যমুনা শৰণ সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যমুনা শৰণ সিং
জন্ম ২৬ ডিচেম্বৰ, ১৯৪১ (৮৪ বছৰ)
এলাহাবাদ, উত্তৰ প্ৰদেশ, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ
কৰ্মস্থান
শিক্ষানুষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা ৰামদেউ মিশ্ৰ
কৈলাশ চি মিশ্ৰ
জনা যায়
উল্লেখনীয় বঁটা ১৯৯৯ আই বি এছ ড° বীৰবল সাহনী স্বৰ্ণ পদক
১৯৯৯ ইনছা অধ্যাপক এছ বি সাক্ষেনা স্মৃতি পদক
১৯৮০ শান্তি স্বৰূপ ভটনগৰ বঁটা
১৯৮৪ পিতা পন্ত বঁটা
১৯৮৫ ইউজিচি প্ৰণৱনন্দ বঁটা
২০০৫ এৱা লাইফ টাইম এচিভমেণ্ট বঁটা

যমুনা শৰণ সিং (ইংৰাজী: Jamuna Sharan Singh; জন্ম ১৯৪১) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী, শিক্ষাবিদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ প্ৰাক্তন প্ৰাধ্যাপক। তেওঁ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত কৰা অধ্যয়নৰ বাবে পৰিচিত আৰু তেওঁৰ অধ্যয়নে গ্ৰীষ্মমণ্ডলীয় ঘাঁহনিৰ উন্নত ব্যৱস্থাপনাত সহায়ক হৈছিল বুলি জনা যায়।[1] তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতীয় বিজ্ঞান একাডেমী, বিশ্ব বিজ্ঞান একাডেমী আৰু ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেলো।[2] ভাৰত চৰকাৰৰ বৈজ্ঞানিক গৱেষণাৰ শীৰ্ষ সংস্থা কাউন্সিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চে ১৯৮০ চনত তেখেতক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে শান্তি স্বৰূপ ভটনগৰ বঁটা প্ৰদান কৰে, ই হ'ল জীৱ বিজ্ঞানলৈ তেওঁৰ অৱদানৰ বাবে ভাৰতীয় বিজ্ঞানৰ অন্যতম বঁটা।[3]

১৯৪১ চনৰ বক্সিং ডে’ৰদিনা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদত বিশ্বম্ভৰ শৰণ সিং -চন্দ্ৰকালি দেৱীৰ ঘৰত যমুনা শৰণ সিঙৰ জন্ম হৈছিল, যমুনা শৰণ সিঙে ১৯৫৭ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু একেখন প্ৰতিষ্ঠানতে ১৯৫৯ চনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি দুয়োটা পৰীক্ষাতে বিশ্ববিদ্যালয়ত প্ৰথম স্থান লাভ কৰে।[4] পৰৱৰ্তী সময়ত তেওঁ ঘাঁহনিৰ গছ-গছনিৰ গতিশীলতা বিষয়ত বিখ্যাত পৰিৱেশবিদ ৰামদেও মিশ্ৰ আৰু কৈলাস চি মিশ্ৰৰ তত্ত্বাৱধানত গৱেষণা কৰি ১৯৬৭ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী (পি এইচ ডি) লাভ কৰে।[5] ১৯৬৮ চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰা সিঙে‍ ১৯৭৫ চনলৈকে বিশ্ববিদ্যালয়খনত অব্যাহত ৰাখে‍। কিন্তু ১৯৭১–৭৪ চনলৈকে‍ ক'লৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ নেচাৰেল ৰিচ'ৰ্চ ইক'লজি লেবৰেটৰীত অতিথি বিজ্ঞানী হিচাপে কাম কৰিবলৈ বিৰতি লৈছিল।[2]

১৯৭৪ চনত আমেৰিকাৰপৰা উভতি অহাৰ লগে লগে সিঙে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত পুনৰ সেৱা আৰম্ভ কৰে কিন্তু এবছৰৰ পাছত লেণ্ডস্কেপ আৰ্কিটেকচাৰ বিভাগৰ ৰিডাৰ হিচাপে নতুন দিল্লীৰ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰলৈ গুচি যায় আৰু এবছৰীয়া সেৱাৰ অন্তত ১৯৭৬ চনত তেওঁ নাইনিতালৰ কুমাওন বিশ্ববিদ্যালয়লৈ ৰিডাৰ হিচাপে যোগদান কৰে‍।[6] নাইনিতালত তেওঁৰ কাৰ্যকাল ১৯৮৬ চনলৈকে চলিছিল আৰু এই সময়ছোৱাত তেওঁ ১৯৮১ চনৰপৰা ১৯৮২ চনলৈকে ক’লৰাডো ষ্টেট ইউনিভাৰ্চিটিত দ্বিতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ প্ৰাধ্যাপক হিচাপে স্থানান্তৰিত হয় আৰু তাত তেওঁ ১৯৯১ চনৰপৰা ১৯৯৩ চনলৈকে বিভাগৰ মুৰব্বী হিচাপে অধিষ্ঠিত হয় আৰু ১৯৯৭ চনৰপৰা ২০০৩ চনত সেৱাৰপৰা অব্যাহতি লোৱালৈকে‍ উদ্ভিদ বিজ্ঞানৰ উন্নত অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ মাজতে তেওঁ ১৯৯৩–৯৪ চনৰ ভিতৰত ক’লৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ ৰেঞ্জলেণ্ড পৰিৱেশ তন্ত্ৰ বিজ্ঞান বিভাগত অতিথি প্ৰাধ্যাপক হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে। অৱসৰৰ পাছতো তেওঁ বিশ্ববিদ্যালয়খনৰ সৈতে এমেৰিটাছ অধ্যাপক হিচাপে সম্পৰ্ক অব্যাহত ৰাখে।[4]

সিঙ বিবাহ পাশত আবদ্ধ হয় ত্ৰিপুৰাত আৰু দুজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে। পৰিয়ালটো বাৰাণসীত থাকে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Brief Profile of the Awardee". Shanti Swarup Bhatnagar Prize. 2016. http://ssbprize.gov.in/Content/Detail.aspx?AID=58। আহৰণ কৰা হৈছে: 19 September 2016. 
  2. 2.0 2.1 "Indian Fellow - J. S. Singh". Indian National Science Academy. 2016. Archived from the original on 27 September 2016. https://web.archive.org/web/20160927205137/http://insaindia.res.in/detail.php?id=N84-0770। আহৰণ কৰা হৈছে: 24 September 2016. 
  3. "View Bhatnagar Awardees". Shanti Swarup Bhatnagar Prize. 2016. http://ssbprize.gov.in/Content/AwardeeList.aspx। আহৰণ কৰা হৈছে: 19 September 2016. 
  4. 4.0 4.1 "Biodata of Jamuna Sharan Singh". The World Academy of Sciences. 2016. Archived from the original on 11 May 2017. https://web.archive.org/web/20170511105947/https://twas.org/sites/default/files/member/detailed_biodata_jss.pdf। আহৰণ কৰা হৈছে: 25 September 2016. 
  5. "Ecology in India". Indian Institute of Science. 2016. http://www.iisc.ernet.in/currsci/aug25/articles10.htm। আহৰণ কৰা হৈছে: 25 September 2016. 
  6. "About the Department; DSB Campus, Nainital". Kumaon University. 2016. http://www.kunainital.ac.in/aboutus-Botany.html। আহৰণ কৰা হৈছে: 25 September 2016.