যমুনা (অভিনেত্ৰী)
| যমুনা | |
|---|---|
| জন্ম | ৩০ আগষ্ট, ১৯৩৬ হাম্পী, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ কৰ্ণাটক) |
| মৃত্যু | ২৭ জানুৱাৰী, ২০২৩ (৮৬ বছৰ) হায়দৰাবাদ, ভাৰত |
| অন্য নাম | এন যমুনা |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৫৩- ১৯৮৩ |
| দাম্পত্যসঙ্গী | প্ৰোফেচৰ জুলুৰী ৰামান্না ৰাও (বি. ১৯৬৫; মৃ. ২০১৪) |
| সন্তান | বামচি জুলুৰী শ্ৰাৱন্তী জুলুৰি |
যমুনা (জন্ম: নিপ্পানিচ ইংৰাজী: Jamuna; ৩০ আগষ্ট ১৯৩৬ – ২৭ জানুৱাৰী ২০২৩) এগৰাকী অভিনেত্ৰী, পৰিচালক আৰু ৰাজনীতিক, যিয়ে মূলতঃ তেলুগু ছবিত কাম কৰিছিল।[1] ১৬ বছৰ বয়সত ড° গৰিকাপতি ৰাজাৰাও পুটিল্লুত (১৯৫৩) অভিনয়ৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু এল ভি প্ৰসাদৰ মিছাম্মা (১৯৫৫) ছবিৰে তেওঁৰ সফলতা লাভ কৰে। তেওঁৰ ফিল্ম’গ্ৰাফীত তামিল, কানাড়া আৰু হিন্দী চলচ্চিত্ৰসমূহো অন্তৰ্ভুক্ত হৈছে।[2] তেওঁ বহু কেইটা ফিল্মফেয়াৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা দক্ষিণ লাভ কৰিছে। নৱম লোকসভাত (১৯৮৯–১৯৯১) এগৰাকী লোকসভাৰ সাংসদ হিচাপে জয়ী হৈছিল আৰু ৰাজামুন্দ্ৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
চলচ্চিত্ৰীয় জীৱন
[সম্পাদনা কৰক]যমুনাই স্কুলত পঢ়ি থাকোঁতে মঞ্চত অভিনয় কৰিছিল। মাকে তেওঁক কণ্ঠ সংগীত আৰু হাৰমনিয়াম শিকাইছিল। ১৯৫২ চনত ভাৰতীয় গণনাট্য সংঘৰ ড° গৰিকিপতি ৰাজা ৰাৱে তেওঁৰ মঞ্চ অনুষ্ঠান মা ভূমিক তেওঁক দেখি পুত্তিল্লু ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়ে।[3]
যমুনাই তেলেগু আৰু অন্যান্য দক্ষিণ ভাৰতীয় ভাষাৰ ১৯৮খন ছবিত অভিনয় কৰিছিল। হিন্দী ছবিতো অভিনয় কৰি মিলনৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে (১৯৬৭), মূল তেলেগু ছবি মুগা মনাছুলুত (১৯৬৪) এক ভূমিকাৰ পুনৰাবৃত্তি কৰে।
যমুনাই তেলেগু শিল্পী সংঘও প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ জৰিয়তে ২৫ বছৰ ধৰি সমাজ সেৱা আগবঢ়াইছিল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "I Love Hyderabad". archive.vn. 24 June 2007. Archived from the original on 24 June 2007. https://archive.today/20070624020543/http://ilovehyd.com/interviews/interviews-first-telugu-cinema-dream-girl-jamuna.html। আহৰণ কৰা হৈছে: 11 September 2020.
- ↑ Madhavan, Pradeep (23 January 2015). "அமுதாய்ப் பொழிந்த நிலவு -அந்தநாள் ஞாபகம் [The immortal Moon – Memories of the good old days]" (ta ভাষাত). The Hindu. Archived from the original on 11 June 2015. https://web.archive.org/web/20150611154929/http://tamil.thehindu.com/cinema/cinema-others/%E0%AE%85%E0%AE%AE%E0%AF%81%E0%AE%A4%E0%AE%BE%E0%AE%AF%E0%AF%8D%E0%AE%AA%E0%AF%8D-%E0%AE%AA%E0%AF%8A%E0%AE%B4%E0%AE%BF%E0%AE%A8%E0%AF%8D%E0%AE%A4-%E0%AE%A8%E0%AE%BF%E0%AE%B2%E0%AE%B5%E0%AF%81-%E0%AE%85%E0%AE%A8%E0%AF%8D%E0%AE%A4%E0%AE%A8%E0%AE%BE%E0%AE%B3%E0%AF%8D-%E0%AE%9E%E0%AE%BE%E0%AE%AA%E0%AE%95%E0%AE%AE%E0%AF%8D/article6812625.ece। আহৰণ কৰা হৈছে: 14 February 2016.
- ↑ Narasimham, M. L. (1 September 2013). "PUTTILLU (1953)". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/puttillu-1953/article5080178.ece। আহৰণ কৰা হৈছে: 14 February 2016.
- ↑ "Veteran Telugu actor, former parliamentarian J Jamuna passes away" (en ভাষাত). Hindustan Times. 27 January 2023. https://www.hindustantimes.com/india-news/veteran-telugu-actor-former-parliamentarian-j-jamuna-passes-away-101674795702223.html। আহৰণ কৰা হৈছে: 28 December 2023.