সমললৈ যাওক

যশপাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(যশপাল সিংৰ পৰা পুনঃনিৰ্দেশিত)
য়শপাল সিং

২০০৩ চনৰ ভাৰতৰ ডাকটিকটত যশপাল সিং
জন্ম ৩ ডিচেম্বৰ, ১৯০৩
কাংৰা জিলা, বৃটিছ ভাৰত
মৃত্যু ২৬ ডিচেম্বৰ, ১৯৭৬ (৭৩ বছৰ)
পেচা লেখক
ভাষা হিন্দী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
উল্লেখনীয় কৰ্মৰাজি
  • ঝুথা সচ্‌
  • মেৰী তেৰী উচকী বাত
  • পিঞ্জৰে কী উড়ান
উল্লেখযোগ্য বঁটা পদ্মভূষণ
১৯৭০
সাহিত্য একাডেমী বঁটা
১৯৭৬
দাম্পত্যসংগী প্ৰকাশৱতী

যশপাল সিং ইংৰাজী: Yashpal Singh আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী আদৰ্শত বিশ্বাসী লোক। যশপালৰ জন্ম হৈছিল ১৯০৩ চনৰ ৩ ডিচেম্বৰত আৰু মৃত্যু হৈছিল ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত। তেওঁ প্ৰবন্ধ, উপন্যাস আৰু চুটিগল্পৰ লগতে এখন নাটক, দুখনকৈ ভ্ৰমণ পুথি আৰু এখন আত্মজীৱনীকে ধৰি বিভিন্ন ধাৰাত ভালেখিনি কিতাপ লিখি থৈ গৈছে। ১৯৭৬ চনত মেৰী তেৰী উস্কি বাত উপন্যাসৰ বাবে হিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ লগতে পদ্মভূষণ বঁটাও লাভ কৰিছিল।


প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯০৩ চনৰ ৩ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ কংৰা পাহাৰত অৱস্থিত ভূমপাল (বৰ্তমানৰ হামিৰপুৰ জিলা) গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত যশপালৰ জন্ম হৈছিল। যশপালৰ জন্মৰ সময়ছোৱাত ভাৰতীয় স্বাধীনতা আন্দোলনৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল আৰু আৰ্য সমাজৰ তীব্ৰ সমৰ্থক মাতৃৰ সৈতে তেওঁ ডাঙৰ হৈছিল। তেওঁ পৰিয়ালটোৰ দৰিদ্ৰতাৰ বাবে হৰিদ্বাৰআৰ্য্য সমাজৰ গুৰুকুলত বিনামূলীয়াকৈ অংশগ্ৰহণ কৰিছিল। গুৰুকুলৰ এনে বিদ্যালয়ত ছাত্ৰসকলক খোৱা-বোৱাৰপৰা আৰম্ভ কৰি পিন্ধা কাপোৰলৈকে বিনামূলীয়া দিয়া হৈছিল। যশপালে পিছত কয় যে, স্কুলীয়া দিনত তেওঁ এনে এটা সময়ৰ সপোন দেখিছিল যে - ভাৰতীয়সকলে বৰ্তমানৰ পৰিস্থিতি ওলোটা কৰি ইংলেণ্ডত ব্ৰিটিছক শাসন কৰিব। দৰিদ্ৰতাৰ বাবে গুৰুকুলত সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে যশপালক হাৰাশাস্তি কৰিছিল আৰু দীৰ্ঘদিন ধৰি গ্ৰহণী ৰোগৰ আক্ৰমণত আক্ৰান্ত হৈ তেওঁ বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল।[1] যশপালে লাহোৰত মাতৃৰ সৈতে থাকি তাতে মধ্য-বিদ্যালয়ত পঢ়িছিল আৰু তাৰ পিছত ফিৰোজপুৰ কেণ্টনমেণ্টত হাইস্কুলত নামভৰ্তি কৰিছিল। কিয়নো তেওঁলোকৰ পৰিয়ালটো পৰৱৰ্তী সময়ত ফিৰোজপুৰলৈ স্থানান্তৰিত হৈছিল। তদুপৰি নগৰীয়া পৰিৱেশ আৰু স্কুলীয়া শিক্ষা তেওঁৰ ৰুচি অনুসৰি বেছি বুলি বিবেচনা কৰা হৈছিল আৰু মেট্ৰিক পৰীক্ষাত তেওঁ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। যশপাল হাইস্কুলত পঢ়ি থকাৰ সময়তে ১৭ বছৰ বয়সৰপৰাই মহাত্মা গান্ধীৰ কংগ্ৰেছ সংগঠনৰ অনুগামী আছিল। কৃষকসকলৰ মাজত গান্ধীৰ অসহযোগ বাৰ্তাক প্ৰচাৰৰ বাবে তেওঁ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল যদিও তেওঁ উপলব্ধি কৰিছিল যে গান্ধীজীৰ আদৰ্শই যেন তেওঁলোকৰ মাজত ভালদৰে প্ৰভাৱ বিস্তাৰ কৰা নাই। তেনেদৰে ভ্ৰমণ কৰি গান্ধীজীৰ অসহযোগ আন্দোলন প্ৰচাৰ কৰি থকাৰ মাজতেই তেওঁ মেট্ৰিক পৰীক্ষাৰ ফলাফল লাভ কৰিছিল। এই সফলতাই তেওঁক চৰকাৰী কলেজৰ বৃত্তিৰ অধিকাৰী কৰি তুলিছিল। কিন্তু তেওঁ বৃটিছ চৰকাৰৰ সেই বঁটা নাকচ কৰি লাহোৰৰ নেচনেল কলেজত অধ্যয়নৰ কৰিবলৈ লয়। কিয়নো লাহোৰৰ নেচনেল কলেজ আৰ্য সমাজবাদী আৰু কংগ্ৰেছ কৰ্মী লালা লাজপত ৰায়ে সমাজ সেৱাৰ প্ৰসাৰ আৰু ব্ৰিটিছ প্ৰশাসিত মহাবিদ্যালয়ত পাঠদান কৰিব নিবিচৰা ভাৰতীয়সকলক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰিছিল। [2][3][4]

হিন্দুস্তান চছিয়েলিষ্ট ৰিপাব্লিকান এছছিয়েচন

[সম্পাদনা কৰক]

লাহোৰৰ নেচনেল কলেজতেই যশপালে ভগত সিং আৰু সুখদেৱ থাপাৰৰ দৰে লোকক লগ পাইছিল। এইসকলেই পিছলৈ পঞ্জাৱী সশস্ত্ৰ বিপ্লৱ আন্দোলনৰ কেন্দ্ৰবিন্দু নেতা হৈছিল। ইতিহাসবিদ আৰু গাদাৰীসকলৰ সহযোগী জয়চন্দ্ৰ বিদ্যালংকৰৰ তত্ত্বাৱধানত উৎসাহিত হৈ এই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ৰাজনৈতিক তত্ত্ব আৰু ইউৰোপ আৰু ভাৰতৰ অতীতৰ বিপ্লৱীসকলৰ বিষয়ে বহুলভাৱে অধ্যয়ন কৰিছিল। India.[2][5] ১৯২৮ চনত হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচনক হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচন (HSRA) নামেৰে জনাজাত হয়। এই অনুষ্ঠানটোৰ নাম সলনিৰ মূল কাৰণ সম্ভৱতঃ ইয়াৰ এজন বিশিষ্ট ব্যক্তি ভগত সিঙৰ প্ৰভাৱ পৰিছিল। গান্ধীৰ অসহযোগ কৌশলৰ প্ৰভাৱৰ প্ৰতি সিঙৰ মোহভংগৰ কথাৰ সৈতে সহযোগ কৰি যশপালে এই হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচন (HSRA) ত যোগদান কৰে। এইচ এছ আৰ এৰ বাবে তেওঁৰ কাম সাধাৰণতে পৰ্দাৰ আঁৰত আছিল আৰু ভগৎ সিং, ৰাজগুৰু আৰু চন্দ্ৰশেখৰ আজাদৰ দৰে বিপ্লৱৰ কাৰ্য্যত লিপ্ত হোৱা লোকতকৈ তেওঁৰ ৰাজহুৱা ভাবমূৰ্তি কম আছিল। ১৯২৯ চনৰ এপ্ৰিল মাহত যশপালে তেওঁৰে এগৰাকী আত্মীয় (পণ্ডিত শ্যামা)ৰ সৈতে কাংগৰা অঞ্চলত (হামিৰপুৰৰ ৰেলৰ ওচৰৰ গাঁও ছামহুন) কিছু সপ্তাহ আত্মগোপন কৰি লাহোৰত শেহতীয়াকৈ প্ৰতিষ্ঠিত এইচ এছ আৰ এৰ বোমা কাৰখানাত আৰক্ষীৰ অভিযান চলোৱাৰ পাছত পলাতক হৈ পৰে। এইচ আৰ এৰ সদস্যসকলক সংগঠিত নোহোৱালৈকে এইচ এছ আৰ এৰ কাৰ্য্যক আগুৱাই নিব নোৱাৰি বুলি উপলব্ধি কৰি তেওঁ জুন মাহৰ আগতে পুনৰ লাহোৰলৈ আহিছিল। ভগত সিং আৰু সুখদেৱ থাপাৰ দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ হাতত মুক্ত হোৱা কোনো সদস্যৰ যোগাযোগৰ তথ্য নাছিল। যশপালে কাৰাগাৰত অধিবক্তাৰ ৰূপ লৈ তেওঁৰ ওচৰলৈ যোৱাৰ পাছত সুখদেৱ থাপাৰে তেওঁক আন এজন সদস্যৰ সবিশেষ দিবলৈ সক্ষম হৈছিল যদিও ইয়াৰ কিছুসময়ৰ পাছতে এইচ এছ আৰ এৰ আনটো বোমা কাৰখানা, চাহাৰনপুৰত আৰক্ষীৰ অভিযানৰ বাবে সেই তথ্য বাতিল কৰা হয়। দুয়োটা কাৰখানাতে গ্ৰেপ্তাৰ হোৱা একাংশ তথ্যদাতা হৈ পৰিল।

নিজৰ ভৱিষ্যতৰ সম্ভাৱনাক লৈ নিজৰ সন্দেহ থকাৰ পিছতো আৰু অপৰাধজনিত ইতিহাস আৰু জেলত থকাৰ সময়ত ক্ৰমান্বয়ে দুৰ্বল স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখা প্ৰকাশৱতীয়ে তেওঁক বিয়া কৰাবলৈ সংকল্প লৈছিল আৰু প্ৰকাশৱতীৰ জোৰতেই ১৯৩৬ চনৰ ৭ আগষ্টত ৰাইবাৰেলী কেন্দ্ৰীয় কাৰাগাৰত অনুষ্ঠিত হোৱা তেওঁৰ বিবাহ ভাৰতীয় কাৰাগাৰত অনুষ্ঠিত হোৱা প্ৰথমটো বিবাহ। এই বিবাহ হোৱাৰ আগেয়ে এক হুলস্থূলৰ পৰিৱেশ সৃষ্টি কৰিছিল আৰু কাৰাগাৰৰ কঠোৰতাক মানৱ অধিকাৰৰ অযুক্তিকৰ বুলি গণ্য কৰা হৈছিল। পুনৰাবৃত্তি ৰোধ কৰিবলৈ কাৰাগাৰৰ হাতপুথি সংশোধন কৰা হৈছিল।

গ্ৰন্থৰাজি

[সম্পাদনা কৰক]

যশপালে হিন্দী ভাষাত ৫০খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰে বহুতো অন্য ভাষালৈ অনুবাদ কৰা হৈছে। তেওঁৰ প্ৰকাশ হোৱা গ্ৰন্থসমূহৰ ভিতৰত আছে:

উপন্যাস

[সম্পাদনা কৰক]
  • দাদা কমৰেড (১৯৪১)
  • দেশদ্ৰোহী (১৯৪৩)
  • দিব্য (১৯৪৫)
  • পাৰ্টি কমৰেড (১৯৪৬,গীতা হিচাপে পুনৰ ছপা কৰা হৈছে। )[6]
  • মনুষ্য কে ৰূপ (১৯৪৯)
  • ঝুথা চচ (দুটা খণ্ডত, ৱতন ঔৰ দেশ : ১৯৫৮ আৰু দেশ কা ভৱিষ্য :১৯৬০)[7]
  • Barah Ghante (1963)
  • অপ্সৰা কা শাপ (১৯৬৫)
  • মেৰি তেৰি ওছকি বাত (১৯৭৪)
  • Ve Tufani Din
  • কিউ ফচে

অন্যান্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • পিঞ্জৰে কি উৰণ (১৯৩৯)[8]
  • তৰ্ক কা তুফান (১৯৪৩)[9]
  • ফুলৌ কা কূৰ্তা
  • ধৰ্মযুদ্ধ
  • চছ

ভ্ৰমণকাহিনী

[সম্পাদনা কৰক]

যশপালে পূৱ ইউৰোপ ভ্ৰমণৰ ওপৰত দুখন ভ্ৰমণ-কাহিনী লিখিছিল, ৰাহ বীতি (the story of the journey) আৰু দেখা চৌচা চমঝা (Saw Thought Understood)।

টেলিভিছনৰ অভিযোজন

[সম্পাদনা কৰক]

সুনীল বট্টাই যশপালৰ ৰচনাৰ অভিযোজিত দুখন টেলিভিছন ধাৰাবাহিক পৰিচালনা কৰিছে: ১৯৯৫ চনত গুলদাস্তা আৰু ২০০৫ চনত জীৱন কে ৰং

তথ্য উৎস

[সম্পাদনা কৰক]
  1. https://en.wikipedia.org/wiki/Yashpal#CITEREFFriend1977
  2. 2.0 2.1 Friend (1977).
  3. Pakistan Today (2011).
  4. Jones (1989), পৃষ্ঠা. 100.
  5. Elam & Moffat (2016).
  6. Trivedi (2010), পৃষ্ঠা. xiv.
  7. Trivedi (2010), পৃষ্ঠা. xi.
  8. Lal (1992), পৃষ্ঠা. 4047.
  9. Lal (1992), পৃষ্ঠা. 4300–4301.