সমললৈ যাওক

য়ান নিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
য়ান নিং

নিয়েং য়ান (২০২৪)
স্থানীয় নাম 颜宁
জন্ম ২১ নৱেম্বৰ, ১৯৭৭ (৪৮ বছৰ)
চীনৰ ছানডঙ প্ৰদেশৰ জাংকিউ
অন্য নাম নিয়েং য়ান
শিক্ষা ছিংহুয়া বিশ্ববিদ্যালয় (বি এছ)
প্ৰিন্সটন বিশ্ববিদ্যালয় (পি এইচ ডি)
পেচা গাঁথনিগত জীৱবিজ্ঞানী, অধ্যাপিকা
নিয়োগকৰ্তা ছিংহুয়া বিশ্ববিদ্যালয়
প্ৰিন্সটন বিশ্ববিদ্যালয়
জনা যায় মেমব্ৰেন প্ৰটিনৰ গাঁথনিগত গৱেষণা
ৱেবছাইট
https://life.tsinghua.edu.cn/info/1033/4384.htm


য়ান নিং (চীনা: 颜宁; জন্ম ২১ নৱেম্বৰ ১৯৭৭; নিয়েং য়ান বুলিও জনা যায়) এগৰাকী চীনা গাঁথনিগত জীৱবিজ্ঞানী।[1][2] ২০২২ চনৰ ডিচেম্বৰৰ পৰা তেওঁ ছিংহুয়া বিশ্ববিদ্যালয়ত জীৱন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৭ চনৰ পৰা ২০২২ চনলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যাপিকা আৰু ২০০৭ চনৰ পৰা ২০১৭ চনলৈকে ছিংহুয়া বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

য়ান নিংৰ জন্ম ১৯৭৭ চনত চীনৰ ছানডঙ প্ৰদেশৰ জিনান চহৰৰ জাংকিউ জিলাত হৈছিল।[3]

২০০০ চনত তেওঁ ছিংহুয়া বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান আৰু জীৱপ্ৰযুক্তি বিভাগৰ পৰা বিজ্ঞানত স্নাতক (বি এছ) ডিগ্ৰী লাভ কৰে।[4]

তাৰ পিছত তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ২০০৪ চনত আণৱিক জীৱবিজ্ঞানত ডক্টৰেট (পি এইচ ডি) ডিগ্ৰী লাভ কৰে। তেওঁৰ ডক্টৰেট উপদেষ্টা আছিল শ্বি য়িগং।[5]

২০০৪ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত পোষ্টডক্টৰেট গৱেষক হিচাপে কাম কৰে।[4]

প্ৰগ্ৰেমড কোষ মৃত্যুৰ গাঁথনিগত আৰু যান্ত্ৰিক অধ্যয়নৰ ওপৰত কৰা তেওঁৰ গৱেষণাৰ বাবে তেওঁ Science/AAAS আৰু GE Healthcare-ৰ যৌথ উদ্যোগত প্ৰদান কৰা উত্তৰ আমেৰিকাৰ ইয়ং চাইন্টিষ্ট বঁটাৰ আঞ্চলিক বিজয়ী হৈছিল। তেওঁ ইন্ট্ৰামেম্ব্ৰেন প্ৰটিজেজৰ গাঁথনিগত বৈশিষ্ট্যৰ ওপৰত গৱেষণা কৰি পোষ্টডক্টৰেট প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।[6]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৭ চনত য়ান নিংয়ে চিংহুয়া বিশ্ববিদ্যালয়ৰ মেডিচিন আৰু জীৱন বিজ্ঞান বিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ২০১২ চনত তেওঁ চিংহুয়া বিশ্ববিদ্যালয়ত টেন্যুৰ অধ্যাপিকা হিচাপে পদোন্নতি লাভ কৰে।[7][8] তেওঁৰ গৱেষণা মূলতঃ মেমব্ৰেন পৰিবহণ প্ৰটিনৰ গঠন আৰু কাৰ্য্যপ্ৰণালীৰ ওপৰত কেন্দ্ৰিত আছিল,[9] বিশেষকৈ গ্লুক'জ পৰিবহণকাৰী জিএলইউটি১ আৰু ভল্টেজ-নিয়ন্ত্ৰিত ছডিয়াম আৰু কেলচিয়াম চ্যানেলসমূহ।[10]

২০১৭ চনত য়ান নিংয়ে চিংহুয়া বিশ্ববিদ্যালয় এৰি প্ৰিন্সটন বিশ্ববিদ্যালয়ত আণৱিক জীৱবিজ্ঞানৰ শ্বাৰ্লি এম টিলঘমেন অধ্যাপিকা হিচাপে যোগদান কৰে।[11] এই পদক্ষেপে চীনত ব্যাপক মনোযোগ আকৰ্ষণ কৰে আৰু বিজ্ঞান সমাজ আৰু সাধাৰণ জনতাৰ মাজত ৰাষ্ট্ৰীয় স্তৰৰ আলোচনা আৰম্ভ হয়।[12] পিছত য়ান নিংয়ে স্পষ্ট কৰে যে নতুন পৰিৱেশে শৈক্ষিক গৱেষণাত নতুন প্ৰেৰণা আৰু সুযোগ প্ৰদান কৰে।[13]

তেওঁৰ গৱেষণামূলক অৱদানৰ বাবে য়ান নিংয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় সন্মান আৰু বঁটা লাভ কৰিছে। তেওঁ ২০১২ ৰ পৰা ২০১৭ চনলৈ এইচএইচএমআই আন্তঃৰাষ্ট্ৰীয় প্ৰাৰম্ভিক কেৰিয়াৰ বিজ্ঞানী আছিল। তেওঁ ২০১৫ চনৰ প্ৰটিন ছ'চাইটি ইয়ং ইনভেষ্টিগেটৰ বঁটা, বেভাৰলি আৰু ৰেমণ্ড চেকলাৰ আন্তঃৰাষ্ট্ৰীয় বায়'ফিজিক্স বঁটা, ২০১৬ চনৰ আলেকজেণ্ডাৰ এম ক্ৰুইকশেংক বঁটা, ২০১৮ চনৰ এফএঅ'বিএমবি গৱেষণা উৎকৃষ্টতা বঁটা আৰু ২০১৯ চনৰ ৱেইজমেন মহিলা আৰু বিজ্ঞান বঁটা লাভ কৰে।[14][15]

২০১৯ চনত তেওঁ আমেৰিকাৰ নেচনেল একাডেমী অৱ চাইন্সেছৰ বিদেশী সহযোগী হিচাপে নিৰ্বাচিত হয়।[16] ২০২১ চনত তেওঁ অষ্ট্ৰেলিয়াৰ নিউ সাউথ ৱেলছ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপিকা হিচাপে যোগদান কৰে।[17]

২০২২ চনৰ ১ নৱেম্বৰত শ্বেনজেন গ্ল’বেল ইনোভেচন ফ’ৰামত তেওঁ ঘোষণা কৰে যে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা পদত্যাগ কৰি চীনলৈ উভতি যাব।[18] ২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁ শ্বেনজেন মেডিকেল একাডেমী অৱ ৰিচাৰ্চ এণ্ড ট্ৰেন্সলেচনৰ প্ৰতিষ্ঠাপক ডীন হিচাপে নিযুক্ত হয়।[19]

২০২৩ চনৰ ২২ মাৰ্চত তেওঁ শ্বেনজেন বে লেবৰেটৰীৰ পৰিচালক হিচাপে নিযুক্ত হয়।[20] একে বছৰৰ জুলাই মাহত তেওঁ ইউৰোপীয় আণৱিক জীৱবিজ্ঞান সংস্থাৰ বিদেশী সহযোগী হিচাপে নিৰ্বাচিত হয়,[21] আৰু নৱেম্বৰ মাহত চীনা বিজ্ঞান একাডেমীৰ শিক্ষাবিদ হিচাপে নিৰ্বাচিত হয়।[22]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

য়ান লি য়িনুৱেৰ ঘনিষ্ঠ বন্ধু, যাক তেওঁ চিংহুয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোতে ছাত্ৰ হিচাপে লগ পাইছিল।[23]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Returned Chinese scientist Yan Ning denies AI took her job in US" (en ভাষাত). South China Morning Post. 9 December 2022. https://www.scmp.com/news/china/science/article/3202698/chinese-scientist-yan-ning-denies-ai-took-her-job-us-and-forced-her-back-home। আহৰণ কৰা হৈছে: 2023-11-22. 
  2. "Candidate list for new academicians released-Tsinghua University". Tsinghua University. https://www.tsinghua.edu.cn/en/info/1320/12403.htm। আহৰণ কৰা হৈছে: 2023-11-22. 
  3. "Error: no |title= specified when using {{Cite web}}" (zh ভাষাত). https://new.qq.com/omn/20190924/20190924A0PO7N00.html. 
  4. 4.0 4.1 "颜宁 – 清华大学生命科学学院". ছিংহুয়া বিশ্ববিদ্যালয়. Archived from the original on 2023-11-17. https://web.archive.org/web/20231117075603/https://life.tsinghua.edu.cn/info/1033/4384.htm। আহৰণ কৰা হৈছে: ২২ নৱেম্বৰ ২০২৩. 
  5. Yan, Nieng (2005). Biochemical and structural dissection of the regulation of apoptotic pathways in Drosophila and Caenorhabditis elegans (Thesis). 
  6. "Yan Nieng: The Shining Star of Biophysics". Women of China. ৯ অক্টোবৰ ২০১৫. 
  7. "Nieng Yan". Department of Molecular Biology. https://molbio.princeton.edu/speakers/nieng-yan। আহৰণ কৰা হৈছে: 2023-11-22. 
  8. Zhu, Mengqi (14 November 2016). "Yan Nieng: Young Pioneer Who Enjoys the Purity and Eternity of Science". Women of China. http://www.womenofchina.cn/womenofchina/html1/people/everyday/1611/3089-1.htm. 
  9. "Ning Yan". Tsinghua University. Archived from the original on 31 March 2018. https://web.archive.org/web/20180331112900/http://life.tsinghua.edu.cn/english/faculty/parttime/747.html। আহৰণ কৰা হৈছে: 23 February 2026. 
  10. Hayden, Erika Check (2016). "Science stars of China". Nature খণ্ড 534 (7608): 456–461. doi:10.1038/534456a. 
  11. Chen, Stephen (9 May 2017). "Top Chinese researcher's move to US sparks soul-searching in China". South China Morning Post. https://www.scmp.com/news/china/policies-politics/article/2093551/top-chinese-researchers-move-us-sparks-soul-searching. 
  12. Wu, D. D. (19 May 2017). "Why Does a Top Scientist's Move to US Strike a Nerve in China?". The Diplomat. https://thediplomat.com/2017/05/why-does-a-top-scientists-move-to-us-strike-a-nerve-in-china/. 
  13. "Bye bye biologist". Global Times. https://www.pressreader.com/china/global-times/20170517/281517931049555. 
  14. "2019 NAS Election". National Academy of Sciences. 30 April 2019. http://www.nasonline.org/news-and-multimedia/news/2019-nas-election.html. 
  15. "Historic number of women elected to National Academy of Sciences". EurekAlert. Archived from the original on 2019-04-30. https://web.archive.org/web/20190430221053/https://eurekalert.org/pub_releases/2019-04/naos-hno043019.php। আহৰণ কৰা হৈছে: 2026-02-23. 
  16. "New Members". American Academy of Arts and Sciences. https://www.amacad.org/new-members-2021. 
  17. "Dr. Nieng Yan". UNSW Sydney. https://www.unsw.edu.au/staff/nieng-yan. 
  18. "Why scientist's decision to return to China from the US is making waves online". South China Morning Post. 9 November 2022. https://www.scmp.com/comment/letters/article/3198815/why-scientists-decision-return-china-us-making-waves-online. 
  19. "Structural Biologist Nieng Yan Serves as Dean". Pandaily. 12 December 2022. https://pandaily.com/structural-biologist-nieng-yan-serves-as-dean-of-shenzhen-medical-academy-of-research-and-translation/. 
  20. "Yan Nieng was appointed as the Director of Shenzhen Bay Laboratory". Shenzhen Bay Laboratory. Archived from the original on 2023-05-08. https://web.archive.org/web/20230508065624/https://www.szbl.ac.cn/en/infomation/news/3331.html। আহৰণ কৰা হৈছে: 2026-02-23. 
  21. "颜宁当选EMBO外籍会士". China Times. https://www.chinatimes.com/realtimenews/20230706002677-260409. 
  22. "2023年两院院士增选结果揭晓". Tsinghua University. https://www.tsinghua.edu.cn/info/1182/108166.htm. 
  23. "科学家颜宁宣布即将全职回国,李一诺帮比尔·盖茨"花钱",这对清华姐妹花为何如此强大?". Chineseherald. https://www.chineseherald.co.nz/news/socialmedia/yanning-liyinuo/। আহৰণ কৰা হৈছে: 25 November 2023. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]