য়ুন বো-মি
| য়ুন বো-মি | |
|---|---|
২০২০ চনত য়ুন | |
| জন্ম | ১৩ আগষ্ট, ১৯৯৩ (৩২ বছৰ) ছুৱন, দক্ষিণ কোৰিয়া[1] |
| শিক্ষানুষ্ঠান | কোৰিয়ান আৰ্টছ হাইস্কুল |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১১–বৰ্তমান |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | কে-পপ |
| বাদ্যযন্ত্ৰ | কণ্ঠ |
| লেবেল |
|
| সদস্য হিচাপে | এপিংক |
য়ুন বো-মি (ইংৰাজী: Yoon Bo-mi; কোৰিয়ান: 윤보미; জন্ম: ১৩ আগষ্ট, ১৯৯৩, বোমি নামেৰে জনাজাত) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ এপিংকৰ সদস্য হিচাপে তেওঁ বেছিকৈ পৰিচিত৷ ২০১২ চনৰ টেলিভিছন ধাৰাবাহিক ৰিপ্লাই ১৯৯৭ত কেমিঅ' চৰিত্ৰত অভিনয় কৰি য়ুনে অভিনয়ত আত্মপ্ৰকাশ কৰে, তাৰ পিছত তেওঁ বিভিন্ন টেলিভিছন ধাৰাবাহিক যেনে বিকাজ ডিছ ইজ মাই ফাৰ্ষ্ট লাইফ (২০১৭), প্লিজ ডন'ট ডেট হিম (২০২০)ত অভিনয় কৰে, আৰু কুইন অৱ টিয়াৰ্ছ (২০২৪)ত সহযোগী চৰিত্ৰৰ জৰিয়তে মনোযোগ লাভ কৰে।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৯৩ চনৰ ১৩ আগষ্টত দক্ষিণ কোৰিয়াৰ ছুৱনৰ গ্ৱনচিয়ন জিলাত জন্মগ্ৰহণ কৰা য়ুন বো-মিৰ এগৰাকী ডাঙৰ ভগ্নী আৰু এজন সৰু ভাতৃ আছে।[2] পাঁচ বছৰ বয়সৰ পৰাই তেওঁ টাইকোৱাণ্ডোৰ যুদ্ধ কলাৰ প্ৰশিক্ষণ লাভ কৰিছিল আৰু তৃতীয় ডিগ্ৰীৰ ক'লা বেল্টধাৰী।[3] তেওঁ ইয়ংশ্বিন গাৰ্লছ হাইস্কুল আৰু পিছলৈ কোৰিয়ান আৰ্টছ হাইস্কুলত পঢ়িছিল ; তাৰ পৰা ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কলেজৰ অধিক পঢ়া-শুনা পিছুৱাই দি সংগীত কেৰিয়াৰত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০২৪ চনৰ এপ্ৰিল মাহত ডিস্পেচে ৰিপৰ্ট কৰিছিল যে য়ুনে ২০১৭ চনৰ পৰা ব্লেক আইড পিলচেউংৰ পৰা ৰাডোৰ সৈতে ডেটিং কৰি আহিছে।[5] দুয়োটা সংস্থাই ২০২৪ চনৰ ২৩ এপ্ৰিলত এই খবৰ নিশ্চিত কৰিছিল।[5] ২০২৫ চনৰ ১৮ ডিচেম্বৰত য়ুনে তেওঁলোকৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰে।[6]২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত ব্লেক আইড পিলচেউংৰ য়ুন আৰু ৰাডোৱে দুয়োজনে সংবাদ মাধ্যমক কয় যে "দুয়োজনে ১৬ মে'ত বিবাহপাশত আবদ্ধ হ'ব"।[7]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ko:윤보미 (Apink)" (ko ভাষাত). Cinefox (씨네폭스). https://cinefox.com/actor/view?isb=Y&movieman_seq=36319। আহৰণ কৰা হৈছে: December 31, 2024.
- ↑ "আৰ্কাইভ কপি" (ko ভাষাত). The Star (The Chosun Ilbo). May 12, 2011. Archived from the original on July 17, 2012. https://archive.today/20120717000020/http://thestar.chosun.com/site/data/html_dir/2011/05/12/2011051201572.html.
- ↑ "[INTERVIEW Girl group A PINK – Part 1"]. Ten Asia. May 26, 2011. Archived from the original on December 17, 2017. https://web.archive.org/web/20171217013928/http://en.tenasia.com/archives/7313.
- ↑ Park Young Woong (February 9, 2012). "A pink's Bo Mi and Eun Ji graduate, "We want to go to jjimjilbang"". Star News (Money Today). http://star.mt.co.kr/foreign/starViewEng.html?no=2012020915103517989.
- ↑ 5.0 5.1 Kim, Ju-yeon (April 23, 2024). "Apink's Bomi and songwriter Rado confirmed to be dating". Korea JoongAng Daily. https://koreajoongangdaily.joins.com/news/2024-04-23/entertainment/kpop/Apinks-Bomi-and-songwriter-Rado-confirmed-to-be-dating/2031594.
- ↑ Choi, Hye-jin (December 18, 2025). "[속보 '라도♥' 에이핑크 윤보미, 손편지로 결혼 발표..9년 열애 결실 "함께하기로""] (ko ভাষাত). StarNews. https://m.entertain.naver.com/ranking/article/108/0003393132। আহৰণ কৰা হৈছে: December 18, 2025.
- ↑ 고, 승아 (February 7, 2026). "에이핑크 윤보미♥라도, 5월 16일 결혼식…9년 열애 결실". 뉴스1. https://www.news1.kr/entertain/celebrity-topic/6065476.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত য়ুন বো-মি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- য়ুন বো-মি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
