য়েটি
![]() য়েটিৰ কাল্পনিক ছবি | |
সম্পৰ্কীয় জীৱ | |
---|---|
লোকগাথা | ক্ৰিপ্টিড |
অন্য নাম | |
দেশ | |
স্থান | তিব্বত, হিমালয় |
য়েটি (ইংৰাজী: Yeti, /ˈjɛti/)[2] এছিয়াৰ হিমালয় পৰ্বতমালাত বাস কৰে বুলি বিশ্বাস কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক প্ৰাণী। পশ্চিমীয়া জনপ্ৰিয় সংস্কৃতিত এই জীৱটোক সাধাৰণতে ঘৃণনীয় তুষাৰমানৱ বুলি কোৱা হয়। য়েটিৰ অস্তিত্ব প্ৰমাণ কৰাৰ প্ৰয়াসত বহুতো আখ্যানমূলক দৃশ্য, বিতৰ্কিত ভিডিঅ’ ৰেকৰ্ডিং, ছবি, আৰু বৃহৎ ভৰিৰ ছাপৰ প্লাষ্টাৰেৰে তৈয়াৰী সাঁচ আদি সন্দেহজনক তথ্য আগবঢ়োৱা হৈছে। ইয়াৰে কিছুমান জল্পনা-কল্পনা বা প্ৰৱঞ্চনা বুলি জনা যায়।
লোককথাবিদসকলে য়েটিৰ উৎপত্তি শ্বেৰ্পা লোককথা আৰু ভালুক বা য়াক আদি জীৱক ভুলকৈ চিনাক্তকৰণ কৰা আদি বিভিন্ন কাৰকৰ সংমিশ্ৰণৰ বুলি ক’ব বিচাৰে।[3] য়েটিক সাধাৰণতে উত্তৰ আমেৰিকাৰ বিগফুটৰ সৈতে তুলনা কৰা হয়, কাৰণ দুয়োটা জীৱৰে শাৰীৰিক বৰ্ণনা প্ৰায়ে একে।[4]
বিৱৰণ
[সম্পাদনা কৰক]য়েটিক প্ৰায়ে বাদামী, ধূসৰ বা বগা চুলিৰে আবৃত বৃহৎ, দ্বিপদী বান্দৰৰ দৰে জীৱ বুলি বৰ্ণনা কৰা হয় আৰু কেতিয়াবা ইয়াৰ ডাঙৰ, চোকা দাঁত থাকে বুলিও কোৱা হয়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Randi, James (1995). An encyclopedia of claims, frauds, and hoaxes of the occult and supernatural: decidedly sceptical definitions of alternative realities. প্ৰকাশক New York, NY: St. Martin's Griffin. ISBN 978-0-312-15119-5.
- ↑ "Yeti" Archived 9 March 2015 at the Wayback Machine. Random House Webster's Unabridged Dictionary.
- ↑ Pariyar, Kamal (28 January 2020). "Visit Nepal's yeti: How mythical creature divided Himalayan nation". BBC News. https://www.bbc.com/news/world-asia-51192640.
- ↑ "A Guide to Deciphering the Differences Between a Yeti, Sasquatch, Bigfoot and More". Newsweeknewsweek.com. 19 December 2015. https://www.newsweek.com/bigfoot-sasquatch-yeti-legend-myth-403932। আহৰণ কৰা হৈছে: 19 April 2022.
- ↑ Jones, Lucy (30 June 2015). "Earth - Is the Himalayan Yeti a real animal?". BBCbbc.com. http://www.bbc.com/earth/story/20150630-is-there-such-a-thing-as-a-yeti। আহৰণ কৰা হৈছে: 17 March 2021.