য়োমাৰী
য়োমাৰী | |
| অঞ্চল | নেপাল, বিশেষকৈ কাঠমাণ্ডু উপত্যকা |
|---|---|
| পৰিবেশনৰ উষ্ণতা | গৰম |
য়োমাৰী (নেপালী: योमरी, নেৱাৰী: 𑐫𑑀𑐩𑐵𑐬𑐷, 𑐫𑑅𑐩𑐵𑐬𑐷 বুলিও লিখা হয়), নেৱাৰ জনগোষ্ঠীৰ এক পৰম্পৰাগত পিঠা সদৃশ মিঠাই জাতীয় খাদ্য, যিটো সাধাৰণতে শীতকালত প্ৰস্তুত কৰা হয়।[1] য়োমাৰী সিজোৱা চাউলেৰে প্ৰস্তুত কৰা হয়। এই খাদ্যটোত অধিক কেলৰী থকা বাবে শীতৰ ঠাণ্ডা দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।[1][2]
য়োমাৰীয়ে নেৱাৰ সমাজত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াক শীতৰ উৎসৱ য়োমাৰী পুনহিত বিশেষভাৱে প্ৰস্তুত কৰা হয়।[3][4] ইয়াৰ ত্ৰিভুজ আকাৰটোক ষড়োকোণৰ এটা ভাগৰ প্ৰতীক হিচাপে ধৰা হয়, যিটো দেৱী সৰস্বতী আৰু জ্ঞানৰ প্ৰতীক।[5]
য়োমাৰীৰ আকাৰ আৰু প্ৰণালী মৈথিল আৰু থাৰু জনগোষ্ঠীৰ লোকসকলৰ “বাগীয়া” নামৰ ঐতিহ্যবাহী খাদ্যৰ সৈতে সাদৃশ্যপূৰ্ণ।
শব্দৰ উৎপত্তি
[সম্পাদনা কৰক]
মল্ল যুগৰ শিলালিপিসমূহত এই খাদ্যৰ পুৰণি নাম পোৱা যায়। পশুপতিনাথ মন্দিৰৰ ১৪৪০ চনৰ শিলালিপিত ইয়াৰ নাম উল্লেখ কৰা হৈছে ইৰহমাধে (𑐂𑐬𑑂𑐴𑐩𑐢𑐾)। তাৰপাছত ১৭শ শতিকাৰ অন্ত ভাগত ইয়াৰ ৰূপান্তৰ এলমাধে (𑐊𑐮𑐩𑐵𑐢𑐾) হৈছিল।[6] তাৰ পিছত এই নামটো বিকশিত হৈ বৰ্তমানৰ “য়োমাৰী” (𑐫𑑀𑐩𑐵𑐬𑐷) ৰূপত পৰিণত হৈছে।
উৎসৱ
[সম্পাদনা কৰক]য়োমাৰী পুনহি উৎসৱ পূৰ্ণিমাৰ দ্বিতীয় দিনত আৰম্ভ হয়। প্ৰথমতে য়োমাৰী প্ৰস্তুত কৰি ঈশ্বৰক উৎসৰ্গ কৰা হয় আৰু চতুৰ্থ দিনত নেৱাৰ সমাজৰ লোকসকলে ইয়াক দেৱতাৰ আশীৰ্বাদ ৰূপে গ্ৰহণ কৰে।[7]
গেলাৰী
[সম্পাদনা কৰক]-
য়োমাৰী পুনহি উপলক্ষ্যে উৎসৰ্গ কৰা য়োমাৰী
-
য়োমাৰী
-
য়োমাৰীৰ ভিতৰৰ মিঠা উপকৰণ
-
য়োমাৰীৰ ওচৰৰ দৃশ্য
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Bhattarai, Sewa (18 July 2019). "New, improved Yomari". Nepali Times. https://nepalitimes.com/business/new-improved-yomari.
- ↑ Goldstein, D.; Mintz, S.; Krondl, M.; Mason, L. (2015). The Oxford Companion to Sugar and Sweets. Oxford Companions. Oxford University Press. পৃষ্ঠা. 634. ISBN 978-0-19-931339-6. https://books.google.com/books?id=jbi6BwAAQBAJ&pg=PA634। আহৰণ কৰা হৈছে: 5 November 2016.
- ↑ Roufs, T.G.; Roufs, K.S. (2014). Sweet Treats around the World: An Encyclopedia of Food and Culture. ABC-CLIO. পৃষ্ঠা. 237. ISBN 978-1-61069-221-2. https://books.google.com/books?id=M_eCBAAAQBAJ&pg=PA237। আহৰণ কৰা হৈছে: 5 November 2016.
- ↑ Republica. "PHOTOS: Sweet Yomari" (en ভাষাত). My Republica. https://myrepublica.nagariknetwork.com/news/102450/। আহৰণ কৰা হৈছে: 5 January 2021.
- ↑ Basu Pasa (বাসুপাসা) (ne ভাষাত). Kantipur (কান্তিপুৰ).
- ↑ Malla, Kamal P.; Tamot, Kasinath; Kansakar, Tej R. (2000). A Dictionary of Classical Newar. প্ৰকাশক Jamal, Kathmandu: Nepal Bhasa Dictionary Committee. পৃষ্ঠা. 23. ISBN 99933-316-0-0. https://archive.org/details/ADictionaryOfClassicalNewariKamalP.Malla.
- ↑ "Nepal Travel Guide". http://www.nepalhomepage.com/society/festivals/yompun.html। আহৰণ কৰা হৈছে: 1 June 2002.
বহিঃসংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Yomari সম্পৰ্কীয় মিডিয়া ফাইল আছে। |