য়্যেম
য়্যেম পৰিহিত এগৰাকী যুৱতী | |
| প্ৰকাৰ | অন্তৰ্বাস |
|---|---|
| পদাৰ্থ | পাট, কপাহ |
| উৎপত্তিৰ স্থান | ভিয়েটনাম |

য়্যেম (Yếm) বা আও য়্যেম (áo yếm) হৈছে ভিয়েটনামৰ এক পৰম্পৰাগত অন্তৰ্বাস, যি এসময়ত সকলো শ্ৰেণীৰ ভিয়েটনামীয় মহিলাই পৰিধান কৰিছিল। শালীনতা ৰক্ষাৰ বাবে ইয়াক সাধাৰণতে ব্লাউজ বা চাদৰৰ তলত পিন্ধা হৈছিল। ই এবিধ সৰল পোচাক। ইয়াৰ মূল ৰূপটো সাধাৰণতে হীৰা বা বৰ্গাকৃতিৰ এটুকুৰা কাপোৰ, যি মহিলাৰ বুকুৰ ওপৰত মেৰিয়াই ডিঙি আৰু পিঠিত ৰচীৰে বান্ধি ৰখা হয়।
ইতিহাস
[সম্পাদনা কৰক]য়্যেমৰ উৎপত্তি সম্ভৱতঃ চীনৰ 'ডুডৌ' নামৰ পোচাকৰ পৰা হৈছে। ১৯ শতিকাৰ শেষৰ ফালৰ পৰা ২০ শতিকালৈকে ই ঘাইকৈ উত্তৰ ভিয়েটনামৰ মহিলাসকলে পৰিধান কৰিছিল। ভিয়েটনামৰ অন্যান্য সাজ-পাৰৰ দৰে ই কোনো সামাজিক শ্ৰেণীক পৃথক কৰা নাছিল। পথাৰত কাম কৰা কৃষক মহিলাৰ পৰা আৰম্ভ কৰি ৰাজকীয় পৰিয়ালৰ মহিলালৈকে সকলোৱে অন্তৰ্বাস হিচাপে য়্যেম ব্যৱহাৰ কৰিছিল। ই আও টু থান পোচাকৰ এক অবিচ্ছেদ্য অংশ, যাৰ তলত ইয়াক প্ৰায়ে পৰিধান কৰা হয়।
য়্যেমৰ সৈতে পিন্ধা স্কাৰ্টটোক ভাই ডুপ বুলি কোৱা হয়।[1]
ভিয়েটনাম একত্ৰীকৰণৰ পিছত, নগুয়েন ৰাজবংশই সমগ্ৰ দেশতে 'দাং ট্ৰং' সাম্ৰাজ্যৰ পোছাক গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল, য’ত য়্যেম আৰু স্কাৰ্টৰ ঠাইত টুনিক আৰু দীঘল পটলুঙে স্থান লৈছিল।[2] ইয়াৰ ফলত 'হোৱাইট হমং' সকলো প্ৰভাৱিত হৈছিল আৰু তেওঁলোকৰ পৰম্পৰাগত স্কাৰ্টৰ ঠাইত পটলুং আহিছিল। ১৯২০-ৰ দশকত এই শৈলীত ফিটিংছ যোগ কৰি বৰ্তমানৰ বিখ্যাত আও দাই সৃষ্টি কৰা হৈছিল।[3]
নগুয়েন ৰাজবংশৰ শাসনকালত চীনা শৈলীৰ পটলুং আৰু টুনিক বাধ্যতামূলক কৰা হৈছিল। তথাপিও ১৯২০-ৰ দশকলৈকে উত্তৰ ভিয়েটনামৰ কিছুমান বিচ্ছিন্ন গাঁৱত স্কাৰ্ট পিন্ধা হৈছিল। চীনা পোছাকৰ প্ৰভাৱ ল্য ৰাজবংশৰ সময়ৰ পৰাই ভিয়েটনামীয় সাজ-পাৰত পৰিবলৈ আৰম্ভ কৰিছিল। বৰ্তমানৰ আও ডাইৰ পূৰ্বৰ সংস্কৰণটো (আও গু থান) নগুয়েন শাসকসকলে প্ৰৱৰ্তন কৰিছিল।[4]
-
পাঁচ ৰঙৰ য়্যেম পৰিহিত টনকিনৰ মহিলা
-
টনকিনৰ মহিলা
বিভিন্ন প্ৰকাৰ
[সম্পাদনা কৰক]
য়্যেম সকলো শ্ৰেণীৰ মহিলাই পৰিধান কৰিলেও, ইয়াৰ প্ৰস্তুতকৰণত ব্যৱহৃত সামগ্ৰী আৰু ৰংসমূহ ব্যক্তিজনৰ সামাজিক মৰ্যাদা আৰু অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি পৃথক আছিল। সাধাৰণ শ্ৰেণীৰ মহিলাসকলে দৈনন্দিন ব্যৱহাৰৰ বাবে সাধাৰণতে ক’লা আৰু বগা ৰঙৰ য়্যেম পিন্ধিছিল। আনহাতে বিশেষ অনুষ্ঠানত তেওঁলোকে ৰঙা আৰু গুলপীয়াৰ দৰে উজ্জ্বল আৰু উৎসৱমুখী ৰং বাছনি কৰিছিল। প্ৰকৃততে, বহুতো ভিয়েটনামীয় কবিতাত মহিলাসকলৰ সেন্দূৰীয়া বুকু ঢকা কাপোৰৰ (য়্যেম ডাউ) সৌন্দৰ্যৰ বিষয়ে উল্লেখ পোৱা যায়।
য়্যেমৰ তলৰ অংশটো সাধাৰণতে V-আকৃতিৰ আছিল যদিও ডিঙি ঢাকি ৰখা ওপৰৰ অংশটোৰ ডিজাইন পৃথক আছিল। ইয়াৰ দুটা আটাইতকৈ সাধাৰণ শৈলী আছিল ঘূৰণীয়া ডিঙি বা V-আকৃতিৰ ডিঙিৰ ডিজাইন।
কিছুমান য়্যেমৰ ভিতৰত এটা সৰু জেপ থাকে, য’ত মহিলাসকলে প্ৰায়ে অলপ কস্তুৰী বা সুগন্ধি জমা কৰি ৰাখিছিল।
আধুনিক ভিয়েটনামত
[সম্পাদনা কৰক]ভিয়েটনামত পাশ্চাত্যকৰণৰ প্ৰভাৱ পৰাৰ লগে লগে ২০ শতিকাৰ পৰা মহিলাসকলে ক্ৰমান্বয়ে য়্যেমৰ পৰিৱৰ্তে পাশ্চাত্য শৈলীৰ ব্ৰা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
ফেশ্বন ডিজাইনাৰসকলে পৰম্পৰাগত সাজ-পাৰৰ প্ৰতি আগ্ৰহ পুনৰুজ্জীৱিত কৰাৰ লগতে সেইবোৰক নতুন ৰূপ দিয়াৰ নিৰন্তৰ প্ৰচেষ্টাত য়্যেমৰ বহুতো নতুন সংগ্ৰহ সৃষ্টি কৰিছে। এই পোছাকৰ আধুনিক ৰূপটো ঐতিহাসিক পোছাকতকৈ অলপ পৃথক; য’ত সাধাৰণতে পিঠিৰ ফালে সহায়ক পটি থাকে আৰু ইয়াক "য়্যেম"ৰ পৰিৱৰ্তে "আও য়্যেম" বুলি কোৱা হয়। পাশ্চাত্যৰ 'হাল্টাৰনেক'ৰ সৈতে থকা সাদৃশ্যৰ বাবে "আও য়্যেম" যুৱতীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।
বৰ্তমান "আও য়্যেম" বেছিভাগ ক্ষেত্ৰত পৰম্পৰাগত বা ঐতিহাসিক বিষয়বস্তুৰ ওপৰত আধাৰিত শৈল্পিক প্ৰদৰ্শনসমূহত দেখিবলৈ পোৱা যায়।
-
য়্যেম পৰিহিত এগৰাকী নৃত্যশিল্পী
-
য়্যেম পৰিহিত দুগৰাকী নৃত্যশিল্পী
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Elizabeth J. Lewandowski (24 October 2011). The Complete Costume Dictionary. Scarecrow Press. পৃষ্ঠা. 308–. ISBN 978-0-8108-7785-6. https://books.google.com/books?id=gbIsJ2tZJS4C&q=vay+vietnamese+skirt&pg=PA308.
- ↑ Woodside, Alexander (1988). Vietnam and the Chinese Model: A Comparative Study of Vietnamese and Chinese Government in the First Half of the Nineteenth Century. Harvard Univ Asia Center. পৃষ্ঠা. 134. ISBN 978-0-674-93721-5. https://books.google.com/books?id=0LgSI9UQNpwC&pg=PA134.
- ↑ Anthony Reid (2 June 2015). A History of Southeast Asia: Critical Crossroads. John Wiley & Sons. পৃষ্ঠা. 285–. ISBN 978-0-631-17961-0. https://books.google.com/books?id=cETJBgAAQBAJ&q=vietnamese+skirt+trousers+tunics&pg=PA285.
- ↑ "Vietnamese Ao Dai: From Dong Son bronze drum to int'l beauty contests". VietNam Breaking News. Feb 28, 2016. https://www.vietnambreakingnews.com/2016/02/vietnamese-ao-dai-from-dong-son-bronze-drum-to-intl-beauty-contests/। আহৰণ কৰা হৈছে: May 20, 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Yếm সম্পৰ্কীয় মিডিয়া ফাইল আছে। |