য়'ড্‌-বেচেড' প্ৰভাৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

য়'ড্‌-বেচেড' প্ৰভাৱ (Jod-Basedow effect, Jod-Basedow syndromeand বা Jod-Basedow phenomenon) বুলিলে আয়'ডিন বা আয়'ডাইড সেৱনৰ পাছত থাইৰইড আতিশয্য (Hyperthyroidism) হোৱাটোক বুজায়।[1] এনে আয়'ডিন আহাৰৰ পৰিপূৰক নাইবা চিকিৎসা অনুসন্ধানৰ কন্‌ট্ৰাষ্ট মাধ্যম হিচাপে দিয়া হ'ব পাৰে। এই নামটো আয়'ডিনৰ জাৰ্মান প্ৰতিশব্দ "য়ড্‌" (Jod) আৰু এই ঘটনা প্ৰথমে বৰ্ণনা কৰা জাৰ্মান চিকিৎসক কাৰ্ল এডল্ফ ভন বেচেড'ৰ নামৰ পৰা আহিছে।

আয়'ডিনৰ ফলত হোৱা এনে থাইৰইড আতিশয্য সাধাৰণতে এণ্ডেমিক গইটাৰ ৰোগী আয়'ডিন উভৈনদীকৈ থকা ঠাইলৈ গ'লে দেখা যায়। বেছি পৰিমাণৰ আয়'ডিন খালে গ্ৰে'ভ্‌ছৰ ৰোগ, টক্সিক মাল্টিন'ডুলাৰ গইটাৰ, বা থাইৰইড এডিন'মা থকা লোকৰো এনে হোৱাৰ সম্ভাৱনা বেছি। আয়'ডিনযুক্ত কন্‌ট্ৰাষ্ট মাধ্যম বা হৃদৰোগত ব্যৱহৃত এমিঅ'ডেৰন নামৰ ঔষধেও এই পৰিঘটনাৰ সৃষ্টি কৰে। ইয়াৰ কাৰণৰূপে অতিৰিক্ত আয়'ডিন সেৱনৰ ফলত ৰুগীয়া থাইৰইড গ্ৰন্থি পিটুইটেৰী গ্ৰন্থিৰ নিয়ন্ত্ৰণৰ পৰা মুকলি হোৱাক আঙুলিয়াই দিয়া হৈছে। যিকোনো ৰূপত অতিৰিক্ত আয়'ডিন খালেও নিৰোগী থাইৰইড গ্ৰন্থি থকা মানুহৰ এই পৰিঘটনা নহয়।

য়'ড্‌-বেচেড' প্ৰভাৱ ৱুল্ফ্‌ চাকঁফ প্ৰভাৱৰ প্ৰায় ওলোটা য'ত নিৰোগী বা থাইৰইড ৰোগ থকা মানুহে বেছি পৰিমাণ আয়'ডিন সেৱন কৰিলে কিছুদিনৰ বাবে থাইৰইড হৰম'ন অৱদমিত হৈ পৰে। কিন্তু ৱুল্ফ্‌ চাকঁফ প্ৰভাৱৰ নিচিনাকৈ য়'ড্‌-বেচেড' প্ৰভাৱ নিৰোগী লোকৰ ক্ষেত্ৰত দেখা নাযায় (যাৰ থাইৰইড হৰম'নৰ সৃষ্টি আৰু মুকলি পিটুইটেৰী TSH নিঃসৰণে নিয়ন্ত্ৰণ কৰে)।

য়'ড্‌-বেচেড' প্ৰভাৱ আৰু বেচেড' ৰোগ একে নহয়; পাছৰটো গ্ৰে'ভ্‌ছৰ ৰোগৰ সমাৰ্থক ৰূপে কেতিয়াবা ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. El-Shirbiny AM, Stavrou SS, Dnistrian A, Sonenberg M, Larson SM, Divgi CR (November 1997). "Jod-Basedow syndrome following oral iodine and radioiodinated-antibody administration". J. Nucl. Med. খণ্ড 38 (11): 1816–7. PMID 9374363. http://jnm.snmjournals.org/cgi/pmidlookup?view=long&pmid=9374363.