সমললৈ যাওক

যান্ত্ৰিক অনুবাদকৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিনামূলীয়া সেৱাসমূহ

[সম্পাদনা কৰক]

অল ট্ৰেন্সলেচন

[সম্পাদনা কৰক]

অল ট্ৰেন্সলেচন হ'ল দুই শতাধিক ভাষা সমৰ্থিত অনুবাদ সেৱা। ইয়াত ২৬টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাষাবিলাক হ'ল: অসমীয়া, অৱধী, বাংলা, ভোজপুৰী, গুজৰাটী, হিন্দী, কন্নড়, খাচী, ককবৰক, কোঙ্কণী, মৈথিলী, মালয়ালম, মাৰাঠী, মাৰোৱাৰী, মেইতেই, মিজো, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি, সিন্ধী, তামিল, তেলুগু, তুলু আৰু উৰ্দু

কুইল বট (QuillBot) হৈছে এটা বহুভাষিক অনুবাদ সেৱা। ইয়াত অন্তৰ্ভুক্ত ১৪টা ভাৰতীয় ভাষা হ'ল: অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কন্নড়, মালয়ালম, মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, তামিল, তেলুগু আৰু উৰ্দু

গুগল ট্ৰেন্সলেট

[সম্পাদনা কৰক]

গুগল ট্ৰেন্সলেট হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিব পৰা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক অনুবাদ সেৱা, য'ত ২৪৯টা ভাষা উপলব্ধ। এই সেৱা ৱেবপৃষ্ঠাৰ লগতে এপ্লিকেচনতো উপলব্ধ।

গুগল ট্ৰেন্সলেটে ২৬টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাষাবিলাক হ'ল: অসমীয়া, অৱধী, বাংলা, ভোজপুৰী, গুজৰাটী, হিন্দী, কন্নড়, খাচী, ককবৰক, কোঙ্কণী, মৈথিলী, মালয়ালম, মাৰাঠী, মাৰোৱাৰী, মেইতেই, মিজো, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি, সিন্ধী, তামিল, তেলুগু, তুলু আৰু উৰ্দু

ডীপ-এল (DeepL Translator) হ'ল শতাধিক ভাষা সমৰ্থিত যান্ত্ৰিক অনুবাদ সেৱা। ডীপ-এলত স্থানপ্ৰাপ্ত ১৫টা ভাৰতীয় ভাষা হ'ল: অসমীয়া, বাংলা, ভোজপুৰী, গুজৰাটী, হিন্দী, কোঙ্কণী, মৈথিলী, মালয়ালম, মাৰাঠী, নেপালী, পঞ্জাবী, সংস্কৃত, তামিল, তেলুগু আৰু উৰ্দু

নেভাৰ পাপাগ'

[সম্পাদনা কৰক]

নেভাৰ পাপাগ' (Naver Papago) হ'ল দক্ষিণ কোৰিয়াৰ Naver-ৰ AI-ভিত্তিক অনুবাদ সেৱা, য'ত ১৬টা ভাষা উপলব্ধ। যাৰ ভিতৰত হিন্দী হ'ল একমাত্ৰ উপলব্ধ ভাৰতীয় ভাষা।

প'লি ট্ৰেন্সলেটৰ

[সম্পাদনা কৰক]

প'লি ট্ৰেন্সলেটৰ (Polytranslator) অনুবাদ সেৱাত দুই শতাধিক ভাষা উপলব্ধ, ইয়াৰ ভিতৰত আছে ৩১টা ভাৰতীয় ভাষা। উক্ত ভাষাবিলাক হ'ল: অসমীয়া, অৱধী, বাঘেলী, বাংলা, ভোজপুৰী, ছত্তীছগঢ়ী, পূব পঞ্জাবী, গুজৰাটী, হাৰিয়াণৱী, হিন্দী, কন্নড়, কোঙ্কণী, মগহী, মৈথিলী, মালয়ালম, মণিপুৰী, মাৰাঠী, মুণ্ডাৰী, নেপালী, ওড়িয়া, ৰাজস্থানী, ৰংপুৰী, সংস্কৃত, চাঁওতালি, সাৰাইকি, সিন্ধী, তামিল, তেলুগু, উৰ্দু, পশ্চিম পঞ্জাবী আৰু ছিলেটী

মাইক্ৰ'ছফ্ট বিং ট্ৰেন্সলেটৰ

[সম্পাদনা কৰক]

মাইক্ৰ'ছফ্ট বিং ট্ৰেন্সলেটৰ হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিব পৰা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক অনুবাদ সেৱা। এই সেৱা ৱেবপৃষ্ঠাৰ লগতে এপ্লিকেচনতো উপলব্ধ। মাইক্ৰ'ছফ্ট ট্ৰেন্সলেটৰে ১৭৯টা ভাষা আৰু ভাষাৰ প্ৰকাৰ সমৰ্থন কৰে।

মাইক্ৰ'ছফ্ট বিং ট্ৰেন্সলেটৰ অন্তৰ্গত ২৪টা ভাৰতীয় ভাষা হ'ল: অসমীয়া, বাংলা, ভোজপুৰী, বড়ো, ছত্তীছগঢ়ী, ডোগ্ৰী, গুজৰাটী, হিন্দী, কন্নড়, কাশ্মীৰী, কোঙ্কণী, মৈথিলী, মালয়ালম, মাৰাঠী, মাৰোৱাৰী, মেইতেই, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, সিন্ধী, তামিল, তেলুগু আৰু উৰ্দু

ৰিভাৰ্চ'

[সম্পাদনা কৰক]

ৰিভাৰ্চ' ট্ৰেন্সলেট (Reverso Translate) হৈছে এটা বহুভাষিক অনুবাদ আৰু অভিধান সেৱা, যিয়ে ব্যৱহাৰকাৰীসকলক বাক্য অনুবাদৰ লগতে পৰিপ্ৰেক্ষিত আৰু প্ৰয়োগৰ উদাহৰণো প্ৰদান কৰে। হিন্দী হ'ল ইয়াত উপলব্ধ একমাত্ৰ ভাৰতীয় ভাষা।

লিবাৰ ট্ৰেন্সলেট

[সম্পাদনা কৰক]

লিবাৰ ট্ৰেন্সলেট (LibreTranslate) হ’ল এটা মুক্ত উৎস অনুবাদ API আৰু ৱেবছাইট, যিটো ব্যক্তিগত চাৰ্ভাৰত চলাব পৰা যায়। ইয়াৰ অন্তৰ্গত ভাৰতীয় ভাষা দুটা হ'ল: বাংলা আৰু হিন্দী

হাই ট্ৰেন্সলেট

[সম্পাদনা কৰক]

হাই ট্ৰেন্সলেট (Hi Translate)-ত সমৰ্থিত ভাৰতীয় ভাষা ১৩টা হ'ল: বাংলা, গুজৰাটী, হিন্দী, কন্নড়, মালয়ালম, মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাবী, সিন্ধী, তামিল, তেলুগু আৰু উৰ্দু

য়াণ্ডেক্স ট্ৰেন্সলেট

[সম্পাদনা কৰক]

য়াণ্ডেক্স ট্ৰেন্সলেট (Yandex Translate) হ'ল ১১১টা ভাষা সমৰ্থিত বিনামূলীয়া বহুভাষিক যান্ত্ৰিক অনুবাদ সেৱা।

য়াণ্ডেক্স ট্ৰেন্সলেটত অন্তৰ্ভুক্ত ১১টা ভাৰতীয় ভাষা হ'ল: বাংলা, গুজৰাটী, হিন্দী, কন্নড়, মালয়ালম, মাৰাঠী, নেপালী, পঞ্জাবী, তামিল, তেলুগু আৰু উৰ্দু

বিনামূলীয়া ভাৰতীয় সেৱাসমূহ

[সম্পাদনা কৰক]

অনুবাদ ভাষিণী

[সম্পাদনা কৰক]

অনুবাদ ভাষিণী হ'ল ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্মিত ভাষিণী প্লেটফৰ্মৰ অন্তৰ্গত এটা অনুবাদ সেৱা। ইয়াত ৩৬টা ভাষা উপলব্ধ। এই ৱেবছাইটত যিকোনো এটা ভাষাৰ বাক্য আন এটা ভাষালৈ পাঁচ ধৰণে অনুবাদ কৰিব পাৰি।

অনুবাদ ভাষিণীৰ অন্তৰ্গত ভাৰতীয় ভাষাসমূহ হ'ল: অসমীয়া, অৱধী, বাংলা, ভোজপুৰী, বড়ো, ব্ৰজ, ডোগ্ৰী, গোণ্ডী, গুজৰাটী, হিন্দী, হো, কাংগড়ী, কন্নড়, কাশ্মীৰী, খাচী, কোঙ্কণী, মগহী, মৈথিলী, মালয়ালম, মাৰাঠী, মেইতেই, মিজো, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি, সিন্ধী, তামিল, তেলুগু, তুলু আৰু উৰ্দু

আদি বাণী

[সম্পাদনা কৰক]

আদি বাণী হ'ল এটা অনুবাদক এপ্লিকেচন, যিটো গুগল প্লে' ষ্ট'ৰত উপলব্ধ। ইয়াত চাঁওতালি, ভিলি, গোণ্ডী আৰু মুণ্ডাৰী — এই চাৰিটা ভাষাৰ অনুবাদ সেৱা প্ৰদান কৰা হৈছে৷[1] এই চাৰিটা ভাষাৰ ক্ষেত্ৰত এটাৰ পৰা আনটোলৈ অনুবাদ কৰিব পৰা যায়। ইয়াৰ উপৰিও ইংৰাজী আৰু হিন্দীৰ পৰাও এই চাৰিটা ভাষালৈ অনুবাদ কৰিব পৰা যায়।

ইণ্ডিক ট্ৰেন্স টু

[সম্পাদনা কৰক]

ইণ্ডিক ট্ৰেন্স টু (IndicTrans2) হৈছে মুক্ত উৎস ৰূপান্তৰকাৰী-ভিত্তিক বহুভাষিক নিউৰেল মেচিন ট্ৰেন্সলেচন (NMT) মডেল, যিয়ে ভাৰতৰ সকলো ২২টা সূচীবদ্ধ ভাষাৰ মাজত উচ্চ মানৰ অনুবাদ সমৰ্থন কৰে। এই মডেলটোৱে কাশ্মীৰী, মণিপুৰী আৰু সিন্ধী আদিৰ দৰে কম-সম্পদযুক্ত ভাষাসমূহৰ বাবে একাধিক লিপিৰো সমৰ্থন প্ৰদান কৰে।

ভাষাসমূহৰ মাজত শব্দভাণ্ডাৰ ভাগ-বতৰাৰ জৰিয়তে স্থানান্তৰ শিক্ষণৰ সুবিধা ল’বলৈ, য’ত সম্ভৱ হয় তাত লিপি একত্ৰিকৰণ ব্যৱহাৰ কৰা হৈছে। সামগ্ৰিকভাৱে এই মডেলটোৱে পাঁচটা লিপিৰ সমৰ্থন কৰে— পাৰ্ছো-আৰবিক (কাশ্মীৰী, সিন্ধী, উৰ্দু), অল চিকি (চাঁওতালি), মেইতেই (মণিপুৰী), লেটিন (ইংৰাজী) আৰু দেৱনাগৰী (অন্য সকলো ভাষাৰ বাবে ব্যৱহৃত)।

সমৰ্থিত ভাৰতীয় ভাষাসমূহ হ'ল: অসমীয়া, বাংলা, বড়ো, ডোগ্ৰী, ইংৰাজী, গুজৰাটী, হিন্দী, কন্নড়, কাশ্মীৰী, কোংকণী, মৈথিলী, মালয়ালম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, চাঁওতালি, সিন্ধী, তামিল, তেলেগু আৰু উৰ্দু

ভাৰতী (আই ট্ৰেন্সলেট) অনুবাদ সেৱাৰ যোগেদি ইংৰাজী আৰু হিন্দীৰ পৰা ১৫টা ভাৰতীয় ভাষালৈ আৰু ১৫টা ভাৰতীয় ভাষাৰ পৰা ইংৰাজী আৰু হিন্দীলৈ অনুবাদ কৰিব পৰা যায়। ভাৰতীয় ভাষা ১৫টা হ'ল: অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কন্নড়, কাশ্মীৰী, কোংকণী, মালয়ালম, মাৰাঠী, মণিপুৰী, নেপালী, ওড়িয়া, পঞ্জাবী, তামিল আৰু তেলুগু

এআই ভিত্তিক সেৱাসমূহ

[সম্পাদনা কৰক]

AI-ভিত্তিক অনুবাদ সেৱাসমূহ কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) আৰু নিউৰেল নেটৱৰ্ক প্ৰযুক্তিৰ ওপৰত আধাৰিত। এই সেৱাসমূহে প্ৰাসংগিকতা, ব্যাকৰণ আৰু অৰ্থ বুজি অধিক স্বাভাৱিক অনুবাদ প্ৰদান কৰে।

অপেন এআই

[সম্পাদনা কৰক]

অপেন এআই হ'ল বৃহৎ ভাষা মডেলৰ জৰিয়তে বহুভাষিক অনুবাদ আৰু ভাষা প্ৰেচেছিং সেৱা প্ৰদান কৰিব পৰা ব্যৱস্থা।

আই বি এম ৱাটছন

[সম্পাদনা কৰক]

আই বি এম ৱাটছন (IBM Watson) হৈছে প্ৰাকৃতিক ভাষাত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিব পৰা এটা কম্পিউটাৰ ব্যৱস্থা।[2] ইয়াক আই বি এমৰ DeepQA প্ৰকল্পৰ অংশ হিচাপে এটা গৱেষণা দলে বিকশিত কৰিছিল, যাৰ নেতৃত্বত আছিল প্ৰধান অনুসন্ধানকাৰী ডেভিদ ফেৰুচি।[3] আই বি এমৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মুখ্য কাৰ্যবাহী বিষয়া উদ্যোগপতি থমাছ জে ৱাটছনৰ নামেৰে ৱাটছনৰ নামকৰণ কৰা হৈছে।[4][5] IBM ৱাটছনত অন্তৰ্গত ১১টা ভাৰতীয় ভাষা হ'ল: বাংলা, গুজৰাটী, হিন্দী, কন্নড়, মালয়ালম, মাৰাঠী, নেপালী, পঞ্জাবী, তামিল, তেলুগু আৰু উৰ্দু

ক্লড এআই

[সম্পাদনা কৰক]

ক্লড এআই হ'ল Anthropic-ৰ দ্বাৰা বিকশিত, AI-ভিত্তিক ভাষা বুজা আৰু অনুবাদত ব্যৱহৃত সেৱা।

মেটা এআই

[সম্পাদনা কৰক]

মেটা এআই (Meta AI) হৈছে মেটা প্লেটফৰ্মৰ (পূৰ্বতে ফেচবুক) দ্বাৰা বিকশিত কৃত্ৰিম বুদ্ধিমত্তা-ভিত্তিক এটা প্ৰযুক্তি ব্যৱস্থা। মেটা এআইৰ অন্তৰ্গত অনুবাদ সেৱাসমূহ ফেচবুক, ইনষ্টাগ্ৰাম, আৰু হোৱাট্‌ছএপ আদি প্লেটফৰ্মত ব্যৱহৃত হয়, যাৰ জৰিয়তে বিভিন্ন ভাষাৰ পাঠ্য স্বয়ংক্ৰিয়ভাৱে অনুবাদ কৰিব পৰা যায়। এই অনুবাদ ব্যৱস্থাটো মূলতঃ নিউৰেল মেচিন ট্ৰেন্সলেচন (Neural Machine Translation) প্ৰযুক্তিৰ ওপৰত আধাৰিত। মেটা এআইয়ে বিশেষকৈ সামাজিক মাধ্যমত ব্যৱহৃত বহু ভাষাৰ সমৰ্থন প্ৰদান কৰে আৰু ব্যৱহাৰকাৰীসকলক ভিন্ন ভাষাৰ বিষয়বস্তু বুজিবলৈ সহায় কৰে।

এপিআই-ভিত্তিক সেৱা

[সম্পাদনা কৰক]

আমাজন ট্ৰান্সলেট

[সম্পাদনা কৰক]

আমাজন ট্ৰান্সলেট (Amazon Translate) হৈছে Amazon Web Services (AWS)-ৰ দ্বাৰা প্ৰদান কৰা এটা নিউৰেল মেচিন ট্ৰেন্সলেচন সেৱা। ই বহু ভাষা সমৰ্থন কৰে আৰু মূলতঃ এপিআই-ভিত্তিক ব্যৱহাৰৰ বাবে জনপ্ৰিয়।

অনুবাদ ছফ্টৱেৰ

[সম্পাদনা কৰক]

লাইভ ট্ৰান্সলেটৰ

[সম্পাদনা কৰক]

লাইভ ট্ৰান্সলেটৰ হৈছে মাইক্ৰ'ছফ্টৰ দ্বাৰা প্ৰদান কৰা এটা অনুবাদ সেৱা, যিয়ে মেচিন অনুবাদৰ লগতে বাস্তৱ সময়ত শব্দ আৰু পাঠ্য অনুবাদৰ সুবিধা দিয়ে।

অনুবাদ সংস্থাসমূহ

[সম্পাদনা কৰক]

ছিচট্ৰেন

[সম্পাদনা কৰক]

ছিচট্ৰেন (Systran) হ'ল এটা অনুবাদ সংস্থা। এই সংস্থাটোৱে অৰ্ধশতাধিক ভাষাৰ অনুবাদ সেৱা প্ৰদান কৰে। তাৰে ভিতৰত ১৩টা ভাৰতীয় ভাষাক অন্তৰ্ভুক্ত কৰিছে। উক্ত ভাৰতীয় ভাষাসমূহ হ'ল: বাংলা, ইংৰাজী, হিন্দী, গুজৰাটী, কন্নড়, মালয়ালম, মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাবী, তামিল, তেলুগু আৰু উৰ্দু

ভাষান্তৰ

[সম্পাদনা কৰক]

ভাষান্তৰ হ'ল ভাৰতীয় ভাষাসমূহৰ বাবে কাৰ্যকৰী এটা অনুবাদ সংস্থা। এই সংস্থাটোৱে ভাৰতৰ বিভিন্ন প্ৰধান আৰু আঞ্চলিক ভাষাৰ মাজত ভাষান্তৰ সেৱা প্ৰদান কৰে।

ভাষান্তৰৰ অন্তৰ্গত সমৰ্থিত ভাষাসমূহ হ'ল— সংস্কৃত, হিন্দী, গুজৰাটী, মাৰাঠী, বাংলা, চাঁওতালি, মণিপুৰী, অসমীয়া, তেলুগু, তামিল, মালয়ালম, কন্নড়, মেইতেই, কোঙ্কণী, মাৰোৱাৰী, কাশ্মীৰী, উৰ্দু, ডোগ্ৰী, সিন্ধী, পাঞ্জাবী, মৈথিলী, ভোজপুৰী, ওড়িয়া, তুলু আৰু বড়ো

ভাৰতীয় ভাষাৰ সমৰ্থন

[সম্পাদনা কৰক]
Multi-pair translations
ভাষা ভাষা ক'ড গুগল ট্ৰান্সলেট[6] ভাষিণী[7] মাইক্ৰ'ছফ্ট অনুবাদক[8] য়াণ্ডেক্স ট্ৰান্সলেট[9] IBM ৱাটছন[10] DeepL[11]
অসমীয়া as হয় হয় হয় নহয় নহয় হয়
অৱধী awa হয় হয় নহয় নহয় নহয় নহয়
বাংলা bn হয় হয় হয় হয় হয় হয়
ভোজপুৰী bho হয় হয় হয় নহয় নহয় হয়
বড়ো brx নহয় হয় হয় নহয় নহয় নহয়
ব্ৰজ bra নহয় হয় নহয় নহয় নহয় নহয়
ছত্তীছগঢ়ী hne নহয় নহয় হয় নহয় নহয় নহয়
ডোগ্ৰী doi নহয় হয় হয় নহয় নহয় নহয়
গোণ্ডী gon নহয় হয় নহয় নহয় নহয় নহয়
গুজৰাটী gu হয় হয় হয় হয় হয় হয়
হিন্দী hi হয় হয় হয় হয় হয় হয়
হো hoc নহয় হয় নহয় নহয় নহয় নহয়
কাংগড়ী xnr নহয় হয় নহয় নহয় নহয় নহয়
কন্নড় kn হয় হয় হয় হয় হয় নহয়
কাশ্মীৰী ks নহয় হয় হয় নহয় নহয় নহয়
খাচী kha হয় হয় নহয় নহয় নহয় নহয়
ককবৰক trp হয় নহয় নহয় নহয় নহয় নহয়
কোঙ্কণী kok হয় হয় হয় নহয় নহয় হয়
মগহী mag নহয় হয় নহয় নহয় নহয় নহয়
মৈথিলী mai হয় হয় হয় নহয় নহয় হয়
মালয়ালম ml হয় হয় হয় হয় হয় হয়
মাৰাঠী mr হয় হয় হয় হয় হয় হয়
মাৰোৱাৰী mwr হয় নহয় হয় নহয় নহয় নহয়
মেইতেই (মণিপুৰী) mni (script specific: mni-Mtei) হয় হয় হয় নহয় নহয় নহয়
মিজো lus হয় হয় নহয় নহয় নহয় নহয়
নেপালী ne হয় হয় হয় হয় হয় হয়
ওড়িয়া or হয় হয় হয় নহয় নহয় নহয়
পঞ্জাবী pa হয় হয় হয় হয় হয় হয়
সংস্কৃত sa হয় হয় হয় নহয় নহয় হয়
চাঁওতালি sat হয় হয় নহয় নহয় নহয় নহয়
সিন্ধী sd হয় হয় হয় নহয় নহয় নহয়
তামিল ta হয় হয় হয় হয় হয় হয়
তেলুগু te হয় হয় হয় হয় হয় হয়
তুলু tcy হয় হয় নহয় নহয় নহয় নহয়
উৰ্দু ur হয় হয় হয় হয় হয় হয়

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "India launches ‘Adi Vaani’, first AI-powered translator for tribal languages". ddnews.gov.in. https://ddnews.gov.in/en/india-launches-adi-vaani-first-ai-powered-translator-for-tribal-languages/। আহৰণ কৰা হৈছে: 2025-10-27. 
  2. "DeepQA Project: FAQ". IBM. 22 April 2009. http://www.research.ibm.com/deepqa/faq.shtml। আহৰণ কৰা হৈছে: February 11, 2011. 
  3. Ferrucci, David; Levas, Anthony; Bagchi, Sugato; Gondek, David; Mueller, Erik T. (2013-06-01). "Watson: Beyond Jeopardy!". Artificial Intelligence খণ্ড 199: 93–105. doi:10.1016/j.artint.2012.06.009. 
  4. Hale, Mike (February 8, 2011). "Actors and Their Roles for $300, HAL? HAL!". The New York Times. https://www.nytimes.com/2011/02/09/arts/television/09nova.html. 
  5. "The DeepQA Project". IBM Research. 22 April 2009. http://www.research.ibm.com/deepqa/deepqa.shtml। আহৰণ কৰা হৈছে: February 18, 2011. 
  6. "Language support | Cloud Translation" (en ভাষাত). Google Cloud. https://cloud.google.com/translate/docs/languages। আহৰণ কৰা হৈছে: 18 September 2021. 
  7. "Bhashini". bhashini.gov.in. https://bhashini.gov.in/। আহৰণ কৰা হৈছে: 2024-01-03. 
  8. "Language support - Translator - Azure AI services" (en-us ভাষাত). learn.microsoft.com. 7 November 2023. https://learn.microsoft.com/en-us/azure/ai-services/translator/language-support। আহৰণ কৰা হৈছে: 7 November 2023. 
  9. "Supported languages" (en ভাষাত). yandex.com. Archived from the original on 22 March 2022. https://web.archive.org/web/20220322235033/https://yandex.com/support/translate/supported-langs.html। আহৰণ কৰা হৈছে: 18 September 2021. 
  10. "IBM Cloud Docs". cloud.ibm.com. https://cloud.ibm.com/docs/language-translator?topic=language-translator-translation-models। আহৰণ কৰা হৈছে: 18 September 2021. 
  11. "Supported languages" (en ভাষাত). deepl.com. https://www.deepl.com/docs-api/translate-text/supported-languages/। আহৰণ কৰা হৈছে: 26 January 2026.