সমললৈ যাওক

যামিনী ৰায় সংগ্ৰহালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যামিনী ৰায় সংগ্ৰহালয় (ইংৰাজী: The Jamini Roy Museum) শিল্পী যামিনী ৰায়ৰ পূৰ্বৰ বাসগৃহত অৱস্থিত এটা পৰিকল্পিত সংগ্ৰহালয়।[1] ২০২৩ চনৰ আৰম্ভণিতে DAG-এ (পূৰ্বতে দিল্লী আৰ্ট গেলেৰী) ৰায়ৰ কলকাতাৰ বালিগঞ্জত অৱস্থিত, ৭৫ বছৰ পুৰণি বাসগৃহ অধিগ্ৰহণ কৰে। যামিনী ৰায়ৰ সৃষ্টিশীল জগতখনৰ দুৱাৰ মুকলি কৰাৰ উদ্দেশ্যে ঘৰটোক আধুনিক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য লোৱা হৈছে।[2]

যামিনী ৰায়ৰ স্মৃতিত মুকলি কৰা ডাকটিকট
যামিনী ৰায়ৰ স্মৃতিত মুকলি কৰা ডাকটিকট

ভাৰতৰ প্ৰথম ব্যক্তিগত মালিকানাধীন একক শিল্পী সংগ্ৰহালয় হিচাপে গণ্য কৰা এই প্ৰকল্পটো [3] DAG-এ ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে।[4] সংগ্ৰহালয়টোত ৰোটেচনেল শ্ব’ আৰু আধুনিক পৰিৱেশ বিৰাজ কৰা এখন কেফে থাকিব। ইয়াৰ উপৰিও ই সমগ্ৰ ভাৰত আৰু বিশ্বৰ শিল্পী আৰু পৰ্যটকৰ বাবে এক মাইলৰ খুটি হিচাপে কাম কৰিব, যিয়ে যামিনী ৰায়ৰ কৰ্ম আৰু উত্তৰাধিকাৰ সংৰক্ষণ কৰাত সহায় কৰিব।[5] এই ধৰণৰ সংগ্ৰহালয়ৰ বিশিষ্ট উদাহৰণসমূহ হ'ল এডভাৰ্ড মাঞ্চে বাস কৰা আৰু কাম কৰা ঠাইত সৃষ্টি কৰা নৰৱেৰ মাঞ্চ সংগ্ৰহালয়, মেক্সিকোৰ ফ্ৰিডা কাহলো সংগ্ৰহালয় আৰু ফ্ৰান্সৰ ফাউণ্ডেশ্যন ক্ল'ড মনেট।[6]

১৯৪৯ চনত যামিনী ৰায়ে বাগবাজাৰত থকা পূৰ্বৰ ঘৰৰ পৰা বালিগঞ্জৰ নতুন বাসগৃহলৈ স্থানান্তৰিত হয়, যিটো তেওঁ আৰু তেওঁৰ পুত্ৰ অমিয়ই মিলি ডিজাইন আৰু পৰিকল্পনা কৰিছিল। ১৯৭২ চনত মৃত্যুৰ আগলৈকে তেওঁ ইয়াত নিজৰ ষ্টুডিঅ'ত থাকি কাম কৰি থাকে।[7] নিজৰ সোণালী সময়খিনিত ঘৰটো সকলো মানুহৰ বাবে মুকলি আছিল আৰু তেতিয়া সেই সময়ৰ বিশিষ্ট ব্যক্তিসকলে শিল্পীজনক লগ পাবলৈ আৰু তেওঁৰ সৈতে মত বিনিময় কৰিবলৈ ইয়ালৈ আহিছিল। ঘৰটোত ৰবীন্দ্ৰনাথ ঠাকুৰ, সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, ৰাজীৱ আৰু সঞ্জয় গান্ধীৰ দৰে দৰ্শনাৰ্থীৰ লগতে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যোতি বসু, বুদ্ধদেৱ ভট্টাচাৰ্য আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট বিশিষ্ট ব্যক্তিসকলে পদাৰ্পন কৰিছিল।[8]

লগতে চাওক

[সম্পাদনা কৰক]
  1. PTI; ThePrint (2023-03-29). "Kolkata house of veteran artist Jamini Roy to be turned into museum: DAG" (en-US ভাষাত). ThePrint. https://theprint.in/india/kolkata-house-of-veteran-artist-jamini-roy-to-be-turned-into-museum-dag/1481772/। আহৰণ কৰা হৈছে: 2023-06-03. 
  2. "Home and the world of Jamini Roy, India’s first private single-artist museum". The New Indian Express. https://www.newindianexpress.com/magazine/2023/apr/16/home-and-the-world-ofjamini-royindias-first-private-single-artist-museum-2565635.html। আহৰণ কৰা হৈছে: 2023-06-03. 
  3. Sarkar, Vaaswat (2023-04-07). "Modernist Master Jamini Roy's House Will Become India's First Private Artist Museum" (en ভাষাত). Homegrown. https://homegrown.co.in/homegrown-explore/modernist-master-jamini-roys-house-will-become-indias-first-private-artist-museum। আহৰণ কৰা হৈছে: 2023-06-03. 
  4. "Kolkata house of veteran artist Jamini Roy to be turned into museum: DAG" (en ভাষাত). The Indian Express. 2023-03-30. https://indianexpress.com/article/lifestyle/art-and-culture/jamini-roy-kolkata-house-museum-dag-8528474/। আহৰণ কৰা হৈছে: 2023-06-03. 
  5. "Inside the DAG x Jamini Roy house" (en-IN ভাষাত). The Hindu. 2023-04-28. ISSN 0971-751X. https://www.thehindu.com/entertainment/art/dag-jamini-roy-house-art-museum-kolkata-ballygunge-place-ashish-anand/article66790067.ece. 
  6. "The house where Jamini Roy lived" (en ভাষাত). Mintlounge. 2023-04-07. https://lifestyle.livemint.com//how-to-lounge/art-culture/the-house-where-jamini-roy-lived-111680838921360.html। আহৰণ কৰা হৈছে: 2023-06-03. 
  7. "A walk through Jamini Roy’s house at Ballygunge Place". www.telegraphindia.com. https://www.telegraphindia.com/my-kolkata/news/a-walk-through-jamini-roys-house-at-ballygunge-place/cid/1929316। আহৰণ কৰা হৈছে: 2023-06-03. 
  8. Dey, Sreyashi (2023-04-10). "Jamini Roy family says 'prayers answered'. His house-museum a window to modern Bengali art" (en-US ভাষাত). ThePrint. https://theprint.in/ground-reports/jamini-roy-family-says-prayers-answered-his-house-museum-a-window-to-modern-bengali-art/1507969/। আহৰণ কৰা হৈছে: 2023-06-03.