সমললৈ যাওক

যুগাগ্ৰগামীৰ দস্তাবেজ (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যুগাগ্ৰগামীৰ দস্তাবেজ  
লেখক ড° ভূপেন্দ্ৰ নাথ গোস্বামী
দেশ ভাৰতীয়
ভাষা অসমীয়া
বিষয় সমাজ-সাহিত্য বিষয়ক গ্ৰন্থ
প্ৰকাশক সংস্কৃতি প্ৰকাশন, যোৰহাট -১, অসম
প্ৰকাশ ২০২২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২২৪

যুগাগ্ৰগামীৰ দস্তাবেজ (ইংৰাজী: Jugagrogamir Dostabez) মৰিয়নি মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ভূপেন্দ্ৰ নাথ গোস্বামীৰ দৈনিক জনমভূমি, নতুন পদাতিক আদি কাকত, আলোচনীত ভিন ভিন সময়ত প্ৰকাশিত কুৰিটা প্ৰবন্ধৰ একত্ৰ সঙ্কলন। আগষ্ট, ২০২২ চনত প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ প্ৰকাশক যোৰহাটৰ সংস্কৃতি প্ৰকাশন। 'প্ৰস্তাৱনা/পাতনি'ৰ প্ৰথম অংশতে লেখকে আক্ষেপ প্ৰকাশ কৰিছে এনেদৰে - "গাঁও-চহৰ সমগ্ৰতে এতিয়া ছানি ধৰিছে প্ৰযুক্তিপ্ৰদত্ত বিভিন্ন আমোদ-প্ৰমোদৰ সা-সঁজুলিয়ে। আজৰি সময়ত গ্ৰন্থ অধ্যয়নৰ এটা পৰিক্ৰমা প্ৰত্যক্ষ কৰিছিলোঁ সত্তৰ-আশী দশকৰ কালছোৱাত। কিন্তু আজিৰ ছাত্ৰ-ছাত্ৰীক যদি সোধা হয় বন্ধৰ সময়ত কোনকেইখন গ্ৰন্থ পঢ়িলা বুলি তেনেক্ষেত্ৰত মুষ্টিমেয় দুই-এজনৰ বাহিৰে সৰহ সংখ্যকৰ পৰা নঞৰ্থক উত্তৰহে পোৱা যায়। ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই আনকি জ্ঞানৰ আধাৰ হিচাপে বিবেচিত শিক্ষক শ্ৰেণীৰো গ্ৰন্থ অধ্যয়নৰ বিষয়টো তথৈবচ হৈ পৰিছে।" [1] লেখকৰ কথাখিনি চিন্তনীয়। লেখকে 'প্ৰস্তাৱনা/পাতনি'ৰ আন এঠাইত উল্লেখ কৰিছে এনেদৰে,"বাংলা কথা সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ সাহিত্য সৃষ্টি যে অনুপম অনন্য, সেই কথা বিৰোধহীনভাৱে বংগীয় সাহিত্য মণ্ডলত সৰ্বজনস্বীকৃত। শৰৎ চন্দ্ৰৰ সাহিত্য সৃষ্টিৰ বুনিয়াদ আছিল জীৱন আৰু জগতৰ বাস্তৱতাৰ সৈতে গভীৰ অন্তৰংগতা। এইজন শৰৎ চন্দ্ৰই কৈছিল - "যেতিয়া অন্য কোনো কাম নেথাকে, তেতিয়া কেনেকৈ নাম-যশস্যা অৰ্জন কৰিব পাৰি, টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি এই চিন্তা লৈয়েই বহুতে সাহিত্য ৰচনাত নামি পৰে। কিন্তু যিসকলে এইটো নকৰে বা নাভাবে, যিসকল সঁচা অৰ্থতে প্ৰকৃত সাহিত্যিক সেইসকলে ভাবিবৰ সময় হ'ল - সাহিত্য কোন পথে যোৱা উচিত। ফৰমাছৰ দ্বাৰা সাহিত্য ৰচনা নহয়। বংকিমচন্দ্ৰই প্ৰতিভাৰ বলতে এক নতুন ধাৰা সৃষ্টি কৰি থৈ গ'ল। ৰবীন্দ্ৰ ধাৰা আজিও অব্যাহত। এতিয়া ভাবিছোঁ - কি কৰিম? যিসকলে কয় - "আৰ্ট ফৰ আৰ্ট চে'ক," মই সেইসকলৰ দলত নাই। দেশৰ আৰ্থিক অৱস্থা শোচনীয়, যুৱকসকলো নিবনুৱা, মহিলাসকলৰো দুখ-দুৰ্দশাৰ অন্ত নাই। এই অৱস্থাত লেখাৰ ধাৰাই কোন পথেৰে গতি কৰিব তাক ভাবি চোৱাৰ সময় সমুপস্থিত।" [1] 'প্ৰস্তাৱনা/পাতনি'ৰ পৰা তুলি দিয়া এই দীঘলীয়া উদ্ধৃতিয়ে কিতাপখনৰ ভিতৰ চ'ৰাৰ কিছু আভাস দিয়ে।

বিষয়সূচী

[সম্পাদনা কৰক]
  1. "মোৰ ৰাজদণ্ড নাই, মোৰ হাতত কলম আছে" - ভল্টেয়াৰ
  2. মই নিজিৰাওঁ - ৰোমা ৰলা
  3. মানৱ মননৰ অপূৰ্ব ভাস্কৰ ডষ্টৱেভস্কি
  4. বায়ৰণ বন্ধ কৰ, গ্যেটেক স্মৰণ কৰা
  5. সংগ্ৰামী শিল্পী ব্ৰেখট, ব্ৰেখটৰ নাটক আৰু এপিক থিয়েটাৰ
  6. বিশ্ববন্দীত কথাশিল্পী মেক্সিম গৰ্কী আৰু গৰ্কীৰ অনৱদ্য সৃষ্টি 'মা'
  7. বাৰট্ৰাণ্ড ৰাছেল : ঘাট-মাউৰা ল'ৰা হ'লগৈ বিশ্ববিশ্ৰুত দাৰ্শনিক
  8. সাম্যবাদী বাৰ্ণাড শ্বৰ জীৱন দৰ্শন
  9. ইঞ্জিনিয়াৰিং চৌহদৰ পৰা চলচ্চিত্ৰ নিৰ্মাণ পৰি‍ক্ষেত্ৰলৈ‍ আইজেনষ্টাইন
  10. পাবলো নেৰুদা : তেমুকোৰ পৰা আশ্চৰ্যময় চহৰ ষ্টকহ'ম অভিমুখে‍
  11. ক্ৰিষ্টোফাৰ কডৱেলৰ দৃষ্টিত সমাজ আৰু সংস্কৃতি‍
  12. নিপীডি়ত জনতাৰ প্ৰতিবাদী কণ্ঠ 'নিগ্ৰো ভাই আমাৰ পল ৰবচন'
  13. মুন্সী প্ৰেমচান্দ : শৈশৱৰ চূড়ান্ত উদণ্ড ল'ৰাটো হ'লগৈ অবিস্মৰণীয় সংগ্ৰামী সাহিত্যিক সত্তা
  14. জ্যোতিপ্ৰসাদৰ বহুমাত্ৰিক কাব্যকৰ্মত সমাজবোধ
  15. সংগ্ৰামী শিল্পী সাধক বিষ্ণুপ্ৰসাদ ৰাভা
  16. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম আৰু দৰ্শনৰ পটভূমি‍
  17. ড° ভূপেন হাজৰিকা বিমৃশ্যকাৰী যুগন্ধৰৰ যুগজয়ী কীৰ্তি‍
  18. সংগ্ৰামী গুৱাটেমালাৰ মুক্তিযুদ্ধৰ সাহসী সৈনিক ৰিগোবাৰ্তা মেচুঁ
  19. 'মাডাম কোৱাত' - ভিয়েটনামৰ মুক্তি সংগ্ৰামৰ ৰণাংগনত সংগ্ৰামী নাৰীৰ বিস্ময়কৰ কাহিনী
  20. নোবেল পুৰস্কাৰ বিজয়ী কবি চালভাতোৰ কোৱাচিমোদো

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 গোস্বামী, ড° ভূপেন্দ্ৰ নাথ (২০২২). যুগাগ্ৰগামীৰ দস্তাবেজ. সংস্কৃতি প্ৰকাশন, যোৰহাট ১, অসম. পৃষ্ঠা. প্ৰস্তাৱনা/পাতনি.