যৈন হক
| মহম্মদ যৈন উল হক (যৈন হক) | |
|---|---|
| ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
| নাগৰিকত্ব | পাকিস্তান |
| শিক্ষানুষ্ঠান | চাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয় |
| সংস্থা | *এক্সটিংকচন ৰিবেলিয়ন |
| জনা যায় | পৰিৱেশ সক্ৰিয়তা, নাগৰিক অবাধ্যতা, অহিংসা। |
| দাম্পত্যসঙ্গী | ছফিয়া জেন পেপ (বিবাহিত ২০২৩--বৰ্তমান) |
মহম্মদ যৈন উল হক (ইংৰাজী: Mohammad Zain Ul Haq; জন্ম: ১৭ জানুৱাৰী, ২০০১) এজন জলবায়ু পৰিৱৰ্তন কৰ্মী, যিয়ে জলবায়ু সংকটৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত কেইবাটাও অভিযানৰ বাবে কানাডাৰ ভেংকুৱাৰত বিশেষ পৰিচিতি লাভ কৰিছিল।
তেওঁ ছাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ত অনশন অভিযানৰ সফলতাৰে নেতৃত্ব দিছিল যাৰ ফলত বিশ্ববিদ্যালয়খনে জীৱাশ্ম ইন্ধন প্ৰকল্পত কৰা বিনিয়োগ বাতিল কৰিছিল। ব্ৰিটিছ কলম্বিয়াত পুৰণি বৰ্ধিত কাঠ কটা বন্ধ কৰাৰ দাবী জনোৱা এক্সটিংকচন ৰিবেলিয়ন আৰু ছেভ অল্ড গ্ৰ’থ অভিযানৰ মুখপাত্ৰ হিচাপেও তেওঁ পৰিচিত।
২০২২ চনৰ জুন মাহত কানাডা সীমান্ত সেৱা সংস্থাই (চিবিএছএ) তেওঁৰ সক্ৰিয়তাৰ বাবে তেওঁৰ ছাত্ৰ ভিছা বাতিল কৰি কয় যে হক 'ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পথত নাই';[1] আৰু ফলত হকে কানাডাত থকাৰ যোগ্যতা হেৰুৱাই পেলায়।[2][3][4] তাৰ পাছৰপৰাই এছ এফ ইউয়ে এখন পত্ৰ প্ৰকাশ কৰি কয় যে হক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পথত আছিল আৰু ভৱিষ্যতে এছ এফ ইউলৈ ঘূৰি আহি পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ বাবে তেওঁ স্থায়ীভাৱে যোগ্য।
২০২৫ চনৰ জানুৱাৰী মাহত প্ৰাক্তন অভিবাসন মন্ত্ৰী মাৰ্ক মিলাৰৰ হস্তক্ষেপৰ পাছতো যেইনক কানাডাৰপৰা পাকিস্তানলৈ বিতাড়িত কৰা হয়।
জীৱনী
[সম্পাদনা কৰক]হক মূলতঃ পাকিস্তানৰ কৰাচীৰ, য'ত ১২বছৰীয়া যুৱকজনে ২০১৩ চনত পাকিস্তান–আফগানিস্তানৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ধন সংগ্ৰহ কৰি জলবায়ু সক্ৰিয়তা আৰম্ভ কৰিছিল।[5] ২০১৯ চনত তেওঁ কানাডালৈ গুচি যায় আৰু ব্ৰিটিছ কলম্বিয়াৰ চাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান অধ্যয়ন আৰম্ভ কৰে। তেওঁ এক্সটিংকচন ৰিবেলিয়নকে ধৰি কেইবাটাও পৰিৱেশ সংগঠনৰ স্থানীয় শাখাত যোগদান কৰে আৰু পাছলৈ ছেভ অল্ড গ্ৰ'থৰ সহ-প্ৰতিষ্থাপক হয়।[6]
২০২১ চনৰ নৱেম্বৰ মাহত ছাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ে হককে ধৰি ছাত্ৰ-ছাত্ৰীৰ এটা দলে অনশনৰ ভাবুকি দিয়াৰ পাছত জীৱাশ্ম ইন্ধনত বিনিয়োগ নিলগাই ৰখাৰ কথা ঘোষণা কৰে।[7]
জলবায়ু সক্ৰিয়তাৰ সৈতে জড়িত হকক একাধিকবাৰ গ্ৰেপ্তাৰ কৰা হৈছে। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ট্ৰেন্স মাউণ্টেন পাইপলাইনৰ বাবে গছ কটাত বাধা দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়, অপৰাধমূলক আদালতক অৱমাননাৰ বাবে তেওঁক ১৪ দিনৰ কাৰাদণ্ড বিহা হয়।[6] ২০২১ চনৰ অক্টোবৰ মাহত ভেংকুৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মূল পথ অৱৰোধ কৰি বিক্ষোভত অংশগ্ৰহণ কৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।[5] ২০২৩ চনৰ ৬ জুনত হকক "আইনৰ শাসনৰ প্ৰতি অৱজ্ঞা"ৰ বাবে দৃষ্টিগোচৰ কৰা হয় আৰু ব্ৰিটিছ কলম্বিয়াৰ প্ৰাদেশিক আদালতত ৭ দিনৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়, তাৰ পাছত আৰু ৬১ দিনৰ চৰ্তসাপেক্ষ শাস্তিৰ আদেশ আৰু সামূহিক সেৱাৰ আদেশ দিয়া হয়।[8]
জলবায়ু সক্ৰিয়তাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত চিবিএছএই হকক বিতাড়িত কৰিব বিচাৰে, যাৰ ফলত তেওঁ কানাডাৰ ইতিহাসত জলবায়ু কৰ্মীক বিতাড়ন কৰা প্ৰথম গোচৰসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হয়।[5][9] ২০২২ চনৰ জুন মাহত চিবিএছএই তেওঁক গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰি তেওঁৰ ছাত্ৰ ভিছা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে আৰু তেওঁক স্বেচ্ছাই কানাডা এৰি যাবলৈ নিৰ্দেশ দিয়ে।[10] তাৰ পাছত তেওঁৰ ছাত্ৰ ভিছা বাতিল কৰা হয়।[11]
২০২৩ চনত ভেংকুৱাৰৰ এটা কমিউনিটি চেণ্টাৰত যেইন সহযোগী কৰ্মী ছফিয়া জেন পেপৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jan. 20, Karan Saxena; Read, 2025<img Height="15" Width="15" Class="inline-Icon" Alt="clock" Src="https://Thenarwhal ca/Wp-Content/Themes/the-Narwhal/Assets/Icons/Time-Outline svg" Aria-Hidden="true" /> 8 Min (2025-01-20). "Why is climate activist Zain Haq facing deportation — again?" (en ভাষাত). The Narwhal. https://thenarwhal.ca/climate-activist-zain-haq-deportation/। আহৰণ কৰা হৈছে: 2025-06-29.
- ↑ "This Climate Activist Is Going to Prison. And He's Ready to Go Back as Often as It Takes.". Global Citizens. 15 February 2022. https://www.globalcitizen.org/en/content/zain-haq-save-old-growth-protest/। আহৰণ কৰা হৈছে: 31 October 2023.
- ↑ "B.C. climate protester sentenced for mischief, breach" (en ভাষাত). Vancouver Is Awesome. 2023-07-06. https://www.vancouverisawesome.com/highlights/bc-climate-protester-sentenced-for-mischief-breach-7238566। আহৰণ কৰা হৈছে: 2023-12-09.
- ↑ Lane, Patricia (2022-02-07). "Zain Haq willing to go to jail if it helps save the planet" (en ভাষাত). Canada's National Observer. https://www.nationalobserver.com/2022/02/07/news/zain-haq-willing-go-jail-if-it-helps-save-planet। আহৰণ কৰা হৈছে: 2023-12-09.
- ↑ 5.0 5.1 5.2 "He Devoted His Life to the Climate Movement. Now It Could Get Him Deported.". The Nation. 31 October 2023. https://www.thenation.com/article/activism/zain-haq-deportation-canada-climate/। আহৰণ কৰা হৈছে: 31 October 2023.
- ↑ 6.0 6.1 "On the line: These activists risked their freedom to inspire action on the climate crisis.". CBC News. 27 October 2022. https://www.cbc.ca/newsinteractives/features/on-the-line। আহৰণ কৰা হৈছে: 31 October 2023.
- ↑ "Rebel for life: SFU student Zain Haq makes a case that only peaceful civil disobedience can stave off climate breakdown". The Georgia Straight. 15 November 2021. https://www.straight.com/news/rebel-for-life-sfu-student-zain-haq-makes-a-case-that-only-peaceful-civil-disobedience-can। আহৰণ কৰা হৈছে: 31 October 2023.
- ↑ "Judge sends B.C. road blockade protest leader to jail for seven days". North Shore News. 6 July 2023. https://www.nsnews.com/bc-news/judge-sends-bc-road-blockade-protest-leader-to-jail-for-seven-days-7242827/। আহৰণ কৰা হৈছে: 25 October 2025.
- ↑ Web, Peak (January 23, 2023). "SFSS Council protests student facing deportation". The Peak. https://the-peak.ca/2023/01/sfss-council-protests-student-facing-deportation/.
- ↑ "Save Old Growth organizer turns himself in to Canada Border Services Agency". The National Observer. 21 June 2022. https://www.nationalobserver.com/2022/06/21/news/save-old-growth-organizer-zain-haq-canada-border-services-agency-custody। আহৰণ কৰা হৈছে: 31 October 2023.
- ↑ "Extinction Rebellion protester handed 7-day jail sentence, also facing CBSA removal order" (en ভাষাত). British Columbia. 2023-07-13. https://www.ctvnews.ca/vancouver/article/extinction-rebellion-protester-handed-7-day-jail-sentence-also-facing-cbsa-removal-order/। আহৰণ কৰা হৈছে: 2023-12-09.