যোগেন্দ্ৰনাথ শৰ্মা
| যোগেন্দ্ৰনাথ শৰ্মা | |
|---|---|
| জন্ম | ১৬ জানুৱাৰী, ১৯৫০ চন মেটেকা, শিৱসাগৰ, অসম |
| পেচা | অধ্যাপক, ভূতত্ত্ববিদ, বিজ্ঞান লেখক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| মাতৃশিক্ষায়তন | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| উল্লেখনীয় কৰ্মৰাজি | অসমৰ নদ-নদী (১৯৯৩) আৰু ব্ৰহ্মপুত্ৰ (২੦১৮) |
| পিতৃ-মাতৃ | পিতৃ: প্ৰয়াত গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃ: প্ৰয়াত প্ৰেমদা দেৱী |
যোগেন্দ্ৰনাথ শৰ্মা (ইংৰাজী: Jogendra Nath Sarma, জ.১৯৫০ চনৰ ১৬ জানুৱাৰী) এগৰাকী ভূতত্ত্ববিদ আৰু বিজ্ঞান লেখক৷[1] তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ মূৰব্বীৰ দায়িত্ব পালন কৰাৰ লগতে উক্ত বিভাগৰ কেশৱদেৱ মালব্য আসনৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ অসমৰ নদ-নদীৰ বিজ্ঞানভিত্তিক অধ্যয়নৰ ক্ষেত্ৰখনৰ তেওঁ এক সুপৰিচিত নাম৷[1][2][3] তেওঁ ভালে সংখ্যক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে, তাৰ ভিতৰত অসমৰ নদ-নদী আৰু ব্ৰহ্মপুত্ৰ শীৰ্ষক গ্ৰন্থ দুখন বিশেষ গুৰুত্বপূৰ্ণ৷ তেওঁৰ গ্ৰন্থ অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ, অসম শিশু সাহিত্য ন্যাস, অসম বিজ্ঞান সমিতি আৰু ডিব্ৰুগড় বিশ্ববিদল্যায়ৰ প্ৰকাশন শাখাৰ পৰা প্ৰকাশিত হৈছে৷
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]যোগেন্দ্ৰনাথ শৰ্মাৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৬ জানুৱাৰীত শিৱসাগৰৰ মেটেকাত৷ পিতৃৰ নাম প্ৰয়াত গোপাল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম প্ৰয়াত প্ৰেমদা দেৱী৷
তেওঁ শিৱসাগৰ কলেজৰ পৰা ১৯৭১ চনত পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ প্ৰথম বিভাগৰ প্ৰথম, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ পৰা ১৯৭৪ চনত এম. টেক.ত প্ৰথম বিভাগৰ প্ৰথম আৰু ইণ্ডিয়ান ইষ্টিটিউট অব ৰিমট ছেঞ্চিঙৰ পৰা ১৯৯২ চনত ডিষ্টিংচনসহ পি-আৰ-এছ ডিগ্ৰী লাভ কৰে৷ তেওঁ নদী অধ্যয়নৰ বিষয়ত গৱেষণা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ১৯৮২ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৮৮-৮৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ জন হপ্কিন্স বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেল গৱেষণা কৰাৰ সুবিধা লাভ কৰে৷[1]
১৯৮৮-৮৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ জ্যেষ্ঠ ফুলব্ৰাইট (Fulbright Fellowship, Senior grade) বৃত্তি লাভ৷
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ মেঘালয় চৰকাৰৰ সহকাৰী ভূতত্ত্ববিদৰূপে ১৯৭৫ চনত কৰ্মজীৱন আৰম্ভ কৰে৷ তেওঁ ১৯৭৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ প্ৰবক্তা ৰূপে যোগদান কৰি ২০১৩ চনত একেটা বিভাগৰ মূৰব্বী আৰু শেষত কেশৱদেৱ মালব্য আসনৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে৷
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]মৌলিক গ্ৰন্থ
[সম্পাদনা কৰক]- খাৰুৱা তেলৰ কাহিনী, ১৯৯৩, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী৷
- অসমৰ নদ-নদী, প্ৰথম প্ৰকাশ,১৯৯৩, অসম সাহিত্য সভা, যোৰহাট; দ্বিতীয় পৰিবৰ্ধিত প্ৰকাশ, ২੦১৪, অন্বেষা, গুৱাহাটী৷
- আমেৰিকাৰ ইণ্ডিয়ানসকলৰ সাধুকথা, প্ৰথম খণ্ড, ১৯৯৫, অসম শিশু সাহিত্য ন্যাস, গুৱাহাটী৷
- আমেৰিকাৰ ইণ্ডিয়ানসকলৰ সাধুকথা, দ্বিতীয় খণ্ড, ১৯৯৬, অসম শিশু সাহিত্য ন্যাস, গুৱাহাটী৷
- চলমান ভূপৃষ্ঠ, ১৯৯৭, অসম বিজ্ঞান সমিতি, গুৱাহাটী৷
- Excursion Guide, Department of Ahplied Geology, D.U. and WIHG, Dehradun, ১৯৯৮৷
- ব্ৰহ্মপুত্ৰ, ২০১৮, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ISBN 978-93-84819-13-2৷
- সোণ-ৰূপৰ গছ,২০১৯, অসম বুক হাইভ, গুৱাহাটী৷
- An Account of the Brahmaputra, the Outsized River, Purbanchal Prakash, Guwahati. ২০২২৷
- ৰহস্য আৰু কৌতুহলৰ বিজ্ঞানভিত্তিক কাহিনী, ২০২২, পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী৷
- অসমৰ নদ-নদীৰ বৈশিষ্ট্য, সমস্যা আৰু সম্ভাৱনা, ২০২২, পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী৷
- Rivers of Assam, ২০২৫, Anwesha Publications, Guwahati৷
সম্পাদিত
[সম্পাদনা কৰক]- বিজ্ঞানৰ ইতিহাস, ২০২৪, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ISBN 978-93-84819-25-5৷
বঁটা
[সম্পাদনা কৰক]- অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ বিভাগৰ দ্বাৰা ২০২৩ চনৰ ‘পৰিৱেশ মিত্ৰ’ (Friend of Environment) বঁটা লাভ৷
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 ব্ৰহ্মপুত্ৰ, যোগেন্দ্ৰ নাথ শৰ্মা, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২੦১৮, ISBN 978-93-84819-13-2৷
- ↑ https://scroll.in/article/885439/this-assamese-book-traces-the-origin-evolution-and-present-day-destructiveness-of-the-brahmaputra
- ↑ https://www.sentinelassam.com/north-east-india-news/assam-news/source-of-brahmaputra-is-not-manasarovar-lake-river-expert-highlights-brahmaputras-true-origin