যোগেশ্বৰী

যোগেশ্বৰী (সংস্কৃত: योगेश्वरी, ৰোমানীকৃত: Yogeshvari বা Jogeshvari[1]) হিন্দু আদি শক্তি দেৱী দুৰ্গাৰ এটা উপনাম,[2] যোগ আৰু ঈশ্বৰী শব্দৰ সংকোচন ঘটি যোগেশ্বৰী শব্দটো সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "যোগৰ দেৱী"। যোগা হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি আনহাতে সংস্কৃত ভাষাত ঈশ্বৰী শব্দই ইশ্বৰৰ সমকক্ষ ঐশ্বৰিক নাৰী দেৱীসকলক বুজায়। ইয়াৰ উপৰিও ই এটা শব্দ যিয়ে শক্তি বা ত্ৰিমূৰ্তিৰ নাৰী শক্তিক অৰ্থাৎ সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীক বুজায়।[3] যোগেশ্বৰীক যোগীসকলে পূজা কৰে। যোগেশ্বৰী দেৱীৰ বৰ্ণনা মৎস্য পুৰাণতো পোৱা যায়।
পূজা
[সম্পাদনা কৰক]গুজৰাট আৰু ৰাজস্থানৰ দৰে পশ্চিম ভাৰতৰ বহু ব্ৰাহ্মণে যোগেশ্বৰীক নিজৰ কুলদেৱী হিচাপে শ্ৰদ্ধা কৰে।
যোগেশ্বৰী মহাৰাষ্ট্ৰৰ বহু চিৎপাৱন ব্ৰাহ্মণ পৰিয়াল আৰু ৯৬টা কুলি মাৰাঠা পৰিয়ালৰো কুলদেৱী। যোগেশ্বৰী আই হৈছে ভগৱান শিৱৰ নাৰী শক্তিৰ স্বৰূপ।
প্ৰতিমা
[সম্পাদনা কৰক]দুষ্টক বধ কৰিবলৈ উদ্যোত যোগেশ্বৰীয়ে হাতত অতি চোকা তৰোৱাল লয় আৰু ৰুদ্ৰাক্ষৰ মালা পিন্ধে। দীঘল জিভা, চোকা দাঁত, ভয়ংকৰ মুখ আৰু ওপৰলৈ ওপৰলৈ তুলি থোৱা চুলি, ডিঙিত নৰকংকাল আৰু হাড়ৰ মালা পিন্ধি অৱস্থাত থকা যোগেশ্বৰী দেৱীক চিত্ৰিত কৰা হৈছে। দেৱীৰ বাওঁহাতত তেজ-মাংসেৰে ভৰা লাওখোলা আৰু সোঁহাতত এডাল যাঠি থাকে। তেওঁৰ তিনিটা চকু থাকে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "श्री अंबेजोगाई भक्त निवास न्यास, पुणे". Archived from the original on 8 September 2019. https://web.archive.org/web/20190908141517/http://ambejogaidevi.com/। আহৰণ কৰা হৈছে: 25 July 2022.
- ↑ www.wisdomlib.org (2021-04-13). "Greatness of Yogeśvarī (Yoga-īśvarī) [Chapter 83"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc626871.html। আহৰণ কৰা হৈছে: 2022-10-02.
- ↑ www.wisdomlib.org (2015-08-29). "Ishvari, Īśvarī: 14 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/ishvari। আহৰণ কৰা হৈছে: 2022-09-07.