সমললৈ যাওক

যোগেশ কিশোৰ ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোগেশ কিশোৰ ফুকন

যোগেশ কিশোৰ ফুকন (জন্ম: ১ মাৰ্চ ১৯৫৬) একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰবন্ধ লেখক, সম্পাদক, শিক্ষাবিদ। অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত যোগেশ কিশোৰ ফুকন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এজন লেখত ল'বলগীয়া সাহিত্যিক।[উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

যোগেশ কিশোৰ ফুকনৰ জন্ম হয় ১৯৫৬ চনৰ ১ মাৰ্চ তাৰিখে শিৱসাগৰ জিলাৰ আমগুৰিৰ চাৰিং দেওধাই গাঁৱত। তেওঁৰ পিতৃ নাম ভদ্ৰেশ্বৰ ফুকন আৰু মাতৃৰ নাম লক্ষ্যপ্ৰভা ফুকন। বৰ্তমান তেওঁ আমগুৰি নগৰৰ ৯নং ৱাৰ্ডৰ বাসিন্দা।

যোগেশ কিশোৰ ফুকনে বৰ্তমানেও সাহিত্য চৰ্চাৰ দিশতো অব্যাহত ৰাখিছে। তেওঁ কেইবাটাও সামাজিক আৰু সাহিত্য অনুষ্ঠাৰ সৈতে জড়িত হৈ আছে। তেওঁ অসম সাহিত্য সভা, অসম নাট্য সন্মিলন, আমগুৰি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজীৱন সদস্য। শিৱসাগৰ জিলা কবি সন্মিলন, আমগুৰি কবি সন্মিলন, চন্দ্ৰপ্ৰসাদ শইকীয়া কেন্দ্ৰীয় পুথিভঁৰাল আদিৰ সৈতেও যোগেশ কিশোৰ ফুকন জড়িত হৈ আছে। ২০২৫ চনত শিৱসাগৰ জিলা সাহিত্য সভাই জিলাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। যোগেশ কিশোৰ ফুকনে বৰ্তমানলৈকে বিশখনৰো অধিক গ্ৰন্থ আৰু আলোচনী সম্পাদনা কৰি সফল সম্পাদক হিচাপে পৰিচিতি লাভ কৰিছে।

১৯৭৮ চনত যোগেশ কিশোৰ ফুকনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা স্নাতোকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

যোগেশ কিশোৰ ফুকনে ১৯৭৯ চনত আউনীআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমগুৰিত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। পৰ্যায়ক্ৰমে তেওঁ ১৯৮৪ চনত বিষয় শিক্ষক আৰু ২০০৭ চনত অধ্যক্ষ হিচাপে নিযুক্ত হয়। ২০১৬ চনৰ ৩১মাৰ্চ তাৰিখে কৰ্মজীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে।

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]
  1. মহেঞ্জোদাৰো (নাট্য সংকলন)
  2. সেউজ বুলবুল (গীতৰ পুথি)
  3. প্ৰতিটো দিনেই ক্ৰান্তিকাল (কবিতা পুথি)
  4. সূৰ্য ৰমনধন্য উপত্যকা (কবিতা পুথি)
  5. শিশুৰ চন্দ্ৰপ্ৰসাদ (শিশু পুথি)
  6. গৌৰৱাস্পদ চন্দ্ৰ প্ৰসাদ শইকীয়া (গদ্যপুথি)
  7. অনাবিল উপত্যকা, স্বপ্নিল ভাবনা (গদ্যপুথি)
  8. আৱিৰ অনন্য (গদ্য পুথি)
  9. কুঞ্জ কাননত কণ্ঠপৰী বুলবুল (গীতৰ পুথি)

প্ৰচাৰিত নাটিকা, নাটক আৰু আলেখ্য

[সম্পাদনা কৰক]

যোগেশ কিশোৰ ফুকনৰ খেৰসুতী নাটিকাখন অসমৰ বিভিন্ন নাট্য মঞ্চত প্ৰদৰ্শিত হৈছে। তিলোত্তমা নামৰ গীতি নৃত্য নাটিকাখন ভ্ৰাম্যমাণ থিয়েটাৰ 'হেঙুল'ত মঞ্চায়ন হৈছে। তেওঁ অন্য এখন গীতিনৃত্য নাটিকা অনন্ত ঋতুৰাজ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী যোগে প্ৰচাৰিত হৈছে। শাৰদী প্ৰকৃতিৰ বুকুত নামে আলেখ্য এখন আকাশবাণী যোৰহাট কেন্দ্ৰৰদ্বাৰা প্ৰচাৰিত। একাংকিকা মহেঞ্জোদাৰো বিভিন্ন নাট্য মঞ্চত প্ৰদৰ্শিত হৈ জনসমাদৰ লাভ কৰিছে।

প্ৰাপ্ত সন্মান

[সম্পাদনা কৰক]
  1. প্ৰতিটো দিনেই ক্ৰান্তিকাল' কাব্যগ্ৰন্থৰ বাবে পথাৰ কবি ৰাম গগৈ ৰাজ্যিক বঁটা (১৯৯৮)[উদ্ধৃতিৰ প্ৰয়োজন]
  2. শিৱসাগৰ জিলা কৃতি শিক্ষক বঁটা (২০০৬)
  3. ৰাজ্যিক কৃতি শিক্ষক বঁটা (২০১১)
  4. সমতা সাহিত্য অকাডেমী ৰাষ্ট্ৰীয় বঁটা (২০১৬)
  5. নৰ্থ ইষ্ট ষ্টাৰ বঁটা (২০২১)
  6. ৰুচেংৰী সাংস্কৃতিক বঁটা (২০২১)
  7. ৰামধেনু যুগৰ কবি বীৰেণ বৰগোহাঁই জিলা সাহিত্য বঁটা (২০২৩)
  8. ড° বাণীকান্ত কাকতি বিদ্যায়তনিক ৰাজ্যিক বঁটা (২০২৫)

সামাজিক স্বীকৃতি

[সম্পাদনা কৰক]
  1. সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰদ্বাৰা গীতিকাৰ হিচাপে স্বীকৃতি, (১৯৯৬-৯৭) [Approval DIB24(1) 96-97PV3680]
  2. অসমৰ নিৰ্বাচিত কবি হিচাপে বাংলা আৰু ওড়িয়া ভাষালৈ কবিতা অনুবাদ (১৯৯৬,  ২০০৮,  ২০১০)[উদ্ধৃতিৰ প্ৰয়োজন]
  3. দুবাৰকৈ আন্তৰ্জাতিক সমাৰোহত গৱেষণা পত্ৰ পাঠৰ বাবে আমন্ত্ৰণ। (গৱেষণা পত্ৰৰ বিষয় আছিল " _ভক্তি আন্দোলন আৰু শ্ৰীমন্ত শংকৰদেৱ"  (International conference on Bhakti movement and Shrimanta Shankardeva-2007) আৰু "ৰামায়ণঃ বিশ্বশান্তি আৰু সম্প্ৰীতি" (International Conference on the Ramrayana:The World peace and Harmony-2008))
  4. হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰৰ বাবে নিমন্ত্ৰণ
  5. উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰদ্বাৰা সন্মানীয় ব্যক্তি হিচাপে স্বীকৃতি

তথ্যসূত্ৰ

[সম্পাদনা কৰক]