সমললৈ যাওক

যোগেশ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১৮ চনৰ ফেব্ৰুৱাৰীত কলকাতাত যোগেশ দত্ত

যোগেশ দত্ত (জন্ম ১৯৩৫) এগৰাকী ভাৰতীয় মূকাভিনয় (মাইম) শিল্পী।[1] পঞ্চাশ বছৰতকৈ অধিক সময় ধৰি তেওঁ ভাৰতত মূকাভিনয় কলাৰ অগ্ৰদূত হিচাপে পৰিগণিত হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৫ চনত বৰ্তমানৰ বাংলাদেশৰ ফৰিদপুৰ জিলাৰ হাটশিৰুৱাইল নামৰ গাঁৱত জন্মগ্ৰহণ কৰা দত্তই তাতেই নিজৰ শৈশৱৰ প্ৰায় ১১ বছৰ কাটাইছিল। ১৫ আগষ্ট ১৯৪৭ত ভাৰত স্বাধীন হৈছিল; সেই সময়ত ১৫ বছৰীয়া দত্ত আৰু তেওঁৰ পিতা-মাতা আৰু পাঁচজন ভাই-ভনী কলকাতাৰ শিয়ালদাহ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত বাস কৰিছিল। পূৰ্ব পাকিস্তানৰপৰা অহা পৰিয়ালটোৱে অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈছিল।

চলচ্চিত্ৰ শিল্পী চাৰ্লি চেপলিন তেওঁৰ মূল অনুপ্ৰেৰণা হৈছিল। ১৯৫৬ চনত তেওঁ নিজৰ প্ৰথম বাস্তৱ মূকাভিনয় সৃষ্টি কৰিছিল, য'ত এজনী মহিলা এখন দাপোনৰ সন্মুখত সাজি থকা দেখুৱাইছিল। সেই বছৰত বুল্লী (কলকাতাৰ ওচৰত) তেওঁ প্ৰথমবাৰ মঞ্চত এই অভিনয় প্ৰদৰ্শন কৰিছিল। প্ৰথমে এজন কৌতুকাভিনেতা আৰু অভিনেতা হিচাপে আৰম্ভ কৰিলেও, যোগেশ দত্ত সন্দৰামৰ প্ৰাথমিক সদস্য আছিল আৰু পথেৰ পাঁচালি আৰু মৃত্যুৰ চোখেৰ জলত অভিনয় কৰিছিল।[2] (১৯৫৯), যাৰ পৰিচালক আছিল মনোজ মিত্ৰ[3] মূকাভিনয়ৰ ঐতিহ্য বা প্ৰাচীন নাট্যশাস্ত্ৰৰ বিষয়ে তেওঁৰ বিশেষ ধাৰণা নাছিল।[2] ১৯৬০ চনক দত্তই নিজৰ ‘আৰম্ভণি বছৰ’ হিচাপে গণ্য কৰিছিল, কাৰণ সেই বছৰত কলকাতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত কৰা অভিনয়ৰ বাবে দেশজুৰি,পাছত বিশ্বজুৰি প্ৰদৰ্শনৰ নিমন্ত্ৰণ লাভ কৰিলে।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ভাৰতীয় সংস্কৃতিৰ এজন প্ৰতিনিধি হিচাপে দত্তই ইংলেণ্ড, আমেৰিকা, ৰাছিয়া, জাৰ্মানী, ফ্ৰান্স, ৰোমানিয়া, বুলগেৰিয়া, নেদাৰলেণ্ড, আফগানিস্তান, মধ্যপ্ৰাচ্য, কানাডা আদি বহুতো দেশ ভ্ৰমণ কৰিছে। ১৯৬৮ চনত তেওঁ ছ’ফিয়া (বুলগেৰিয়া)ত অনুষ্ঠিত নৱম বিশ্ব যুৱ আৰু ছাত্ৰ মহোৎসৱত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ১৯৭৩ চনত জি. ডি. আৰ.-ত অনুষ্ঠিত দশম বিশ্বমেলাত তেওঁ অভিনয়শিল্পী হিচাপে সন্মান লাভ কৰিছিল।[5] ১৯৮৩ চনত ফিল্মছ ডিভিছনে ১৪টা ভাৰতীয় ভাষাত তেওঁৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল; ইয়াৰ পিছত জাৰ্মানী, ইংলেণ্ড আৰু ফ্ৰান্সেও তেওঁকলৈ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।[4]

যোগেশ মাইম একাডেমি

[সম্পাদনা কৰক]

১৯৭১ চনত তেওঁ পদাবলী নামেৰে এটা দল গঠন কৰিছিল, যি ১৯৭৫ চনত পশ্চিমবঙ্গ চৰকাৰৰ সহায়ত ‘‘যোগেশ মাইম একাডেমি'’’লৈ পৰিৱৰ্তিত হয়। একাডেমিটো সংগীত নাটক অকাডেমি আৰু ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত। ২০০৯ চনত দত্তে মঞ্চৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ইয়াত তেওঁ নতুন শিল্পী তৈয়াৰ কৰি গৈছে। চাৰিবছৰীয়া পাঠ্যক্ৰমটোৰ শিক্ষাৰ্থী ভাৰত, বাংলাদেশ, নেপাল আৰু ছুইজাৰলেণ্ডৰ পৰা আহে। দত্তই প্ৰতিষ্ঠিত ‘‘ছাইলেণ্ট ভিলেজ'’’ — শাৰীৰিকভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন লোকসকলৰ বাবে, য'ত মাইম এটা ঐচ্ছিক উপাৰ্জনৰ পথ হিচাপে উপলব্ধ।[2]

দত্তৰ অন্তিম অভিনয়

[সম্পাদনা কৰক]

দত্তৰ শেষ মঞ্চাভিনয় আছিল তেওঁৰ অতি জনপ্ৰিয় অভিনয় ‘‘The Thief’’—২০০৯ চনত ৰবীন্দ্ৰ সদনত।[2] তেওঁ কৈছিল, “মই বৰ বয়সীয়া হৈ পৰিলোঁ; মঞ্চত মাইম কৰা শাৰীৰিক কষ্ট আৰু ক্ষিপ্ৰ চলাচল এতিয়া মোৰ পক্ষে কঠিন।” শেষ অভিনয়ৰ পিছত দত্তই শুভ্ৰ পোছাক পিন্ধি মঞ্চত পুনৰ আহি তেওঁৰ বিৰা আৰু পোছাক মঞ্চত থৈ দিলে। ‘‘নীৰৱতাৰ কবি’’ হিচাপে তেওঁ এটা শব্দও উচ্চাৰণ কৰা নাছিল। দৰ্শকসকলে পুনৰ অভিনয় বিচাৰিলে; দত্তই আশ্বাস দিলে যে তেওঁ শিক্ষাদান অব্যাহত ৰাখিব আৰু এইদৰে মাইম কলা অব্যাহত থাকিব।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. টাইম্‌ছ অফ ইণ্ডিয়া আহৰণ তাৰিখ: ১২ জানুৱাৰী ২০১১
  2. 2.0 2.1 2.2 2.3 Sarkar, Sebanti (23 August 2009). "Silence takes a bow – Mime artist Jogesh Dutta retires from stage". The Telegraph. প্ৰকাশক India. https://www.telegraphindia.com/1090823/jsp/calcutta/story_11395285.jsp। আহৰণ কৰা হৈছে: 8 November 2017. 
  3. Sarkar, Sebanti (27 December 2009). "Banchharam's day". The Telegraph. প্ৰকাশক India. https://www.telegraphindia.com/1091227/jsp/calcutta/story_11908793.jsp। আহৰণ কৰা হৈছে: 8 November 2017. 
  4. 4.0 4.1 4.2 4.3 Mazumdar, Jaideep (29 August 2009). "The Life and Mime of Jogesh Dutta". Open Magazine. http://www.openthemagazine.com/article/arts/the-life-and-mime-of-jogesh-dutta। আহৰণ কৰা হৈছে: 11 November 2017. 
  5. "About Jogesh Dutta". Jogesh Mime Academy. Archived from the original on 6 January 2018. https://web.archive.org/web/20180106073736/http://www.jogeshmimeacademy.org/jogeshdutta.html। আহৰণ কৰা হৈছে: 11 November 2017. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]