যোৰহাট (বিধানসভা সমষ্টি)
অৱয়ব
যোৰহাট বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০০ হৈছে যোৰহাট বিধানসভা সমষ্টিৰ ক্ৰমাংক। যোৰহাট যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাৰ টীয়ক, তিতাবৰ, মৰিয়নি, মাজুলী জিলাৰ মাজুলী আৰু শিৱসাগৰ জিলাৰ সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা।
বিধায়কসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | নাম | দল | |
|---|---|---|---|
| ১৯৫২ | দেবেশ্বৰ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | মহিধৰ পেগু | ||
| ১৯৬২ | দুলাল চন্দ্ৰ বৰুৱা | নিৰ্দলীয় | |
| ১৯৬৭ | যোগেন শইকীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | বিজয় কৃষ্ণ সন্দিকৈ | ||
| ১৯৭৮ | দুলাল চন্দ্ৰ বৰুৱা | জনতা পাৰ্টি | |
| ১৯৮৩ | দীননাথ ৰাজখোৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | অভিজিৎ শৰ্মা | নিৰ্দলীয় | |
| ১৯৯১ | হিতেন্দ্ৰ নাথ গোস্বামী | অসম গণ পৰিষদ | |
| ১৯৯৬ | |||
| ২০০১ | |||
| ২০০৬ | ৰাণা গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | |||
| ২০১৬ | হিতেন্দ্ৰ নাথ গোস্বামী | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||